অধ্যায় ১৬

পোহৰ 

    👉Text Book PDF
    👉MCQs Answer
    👉MCQ Online Exam


১. অনুশীলনী

 ১। যদি A ঘনতৰ মাধ্যম আৰু B লঘুতৰ মাধ্যম হয়, তেনেহ'লে, পােহৰৰ বেগ—

(ক) দুয়ােটা মাধ্যমত সমান 

(খ) মাধ্যম B তকৈ A ত বেছি।

(গ) মাধ্যম A তকৈ মাধ্যম B ত বেছি। 

উত্তৰঃ মাধ্যম A তকৈ মাধ্য়ম B বেছি।


২। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্রৱেশ কৰিলে পােহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক কি বুলি কোৱা হয়?

উত্তৰঃ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক পোহৰ প্ৰতিফলন বুলি কোৱা হয়।


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

 (ক) পােহৰ ৰশ্মি পানীৰপৰা বায়ুত প্রৱেশ কৰিলে, প্রতিসৰিত ৰশ্মি অভিলম্বৰ – ( কাষ চাপে, আঁতৰি যায় ) 

উত্তৰঃ পোহৰ ৰশ্মি পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিলে, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ আঁতৰি যায়।

(খ) পােহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্রৱেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ – ( আঁতৰি যায়, কাষ চাপে )

উত্তৰঃ পোহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে।


(গ) বায়ুৰপৰা পােহৰ ৰশ্মি পানীত প্রৱেশ কৰিলে ইয়াৰ বেগ – ( বাঢ়ে, কমে , একে থাকে )

উত্তৰঃ বায়ুৰ পৰা পোহৰ ৰশ্মি পানীত প্ৰৱেশ কৰিলে ইয়াৰ বেগ কমে।


 ৪। “ পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰপৰা চালে প্রকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। ” কিয় এনে হয় ৰশ্মি চিত্র আঁকি বুজাই লিখা। 

উত্তৰঃ পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰ পৰা চালে প্রকৃত গভীৰতা তকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে। কিয় এনে হয় তাক বুজিবৰ কাৰণে তলৰ পৰীক্ষাটো কৰা হল।চিত্ৰত দেখুৱাৰ দৰে পাত্ৰ এটাত আধামানলৈকে পানী লোৱা হ’ল। ধৰি লোৱা হ’ল পাত্ৰটোৰ তলিত D বিন্দুত মাছটো থোৱা হ’ল। পাত্ৰটোত পানীৰ প্ৰকৃত গভীৰতা হ’ল OD। এতিয়া D বিন্দুৰ পৰা অহা DA ৰশ্মি পানীৰ তলত আপতিত হোৱাৰ পিছত ঘনতৰ মাধ্যম পানীৰ পৰা লঘুতৰ মাধ্যম বায়ুলৈ যাওঁতে অভিলম্বৰ পৰা আঁতৰি AB বাটেৰে প্ৰতিসাৰিত হয়। সেই দৰে  D বিন্দুৰ পৰা অহা আন এটা আপাতিত ৰশ্মি DE প্ৰতিসৰণৰ পিছত EF বাটেৰে যায়। AB আৰু EF ৰশ্মি অপসাৰী হোৱা বাবে পিছফালে বঢ়াই দিলে D/ বিন্দুৰ পৰা অহা যেন অনুমান হয়। অর্থাৎ OD/  হ’ল D বিন্দুৰ অসৎ প্রতিবিম্ব ৷ এতিয়া, পাত্ৰটোত থকা মাছটোলৈ ওপৰৰ পৰা চাই পঠিয়ালে মাছটো OD/ বিন্দুত থকা যেন লাগে। এই OD/  বিন্দুটো পাত্ৰটোৰ আপাত গভীৰতা।ইয়াৰ পৰা আমি ইয়াকে বুজিলো যে স্বচ্ছ লঘুতৰ মাধ্যমৰ পৰা স্বচ্ছ ঘনতৰ মাধ্যমলৈ চালে ঘনতৰ মাধ্যমৰ গভীৰতা কিছু কমা যেন লাগে ।



৫৷ পােহৰৰ প্রতিসৰণ কাক বােলে?

উত্তৰঃ পোহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আহি আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুয়োটা মাধ্যমৰ সন্ধি তলত পোহৰৰ দিশ সামান্য সলনি হয়। ইয়াকে পোহৰৰ প্ৰতিসৰণ বােলে।


 ৬। বায়ুৰপৰা কাচলৈ আৰু কাচৰপৰা বায়ুলৈ পােহৰ কেনেকৈ প্রতিসৰিত হয় চিত্রসহ ব্যাখ্য কৰা।

উত্তৰঃ আমি জানো যে বায়ুতকৈ কাঁচ ঘন পোহৰৰ মাধ্যম। যদি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ মাজেৰে আহি ঘন মাধ্যমত ( বায়ুৰ পৰা কাঁচ লৈ ) প্ৰৱেশ কৰে, তেনেহ’লে প্রতিসৰিত ৰশ্মি ঘন মাধ্যমত অভিলম্বৰ কাষ চাপি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰসিৰণ কোণ সৰু হয়। ওপৰৰ চিত্ৰত বায়ুৰ পৰা অহা পোহৰ ৰশ্মিৰ কাঁচত হোৱা প্ৰতিসৰণ দেখুওৱা হৈছে। আকৌ যদি পোহৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ ( কাঁচৰ পৰা বায়ুলৈ ) যায়,তেতিয়া পাতল মাধ্যমত প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ ডাঙৰ হয়।



২. অনুশীলনীঃ

১। লেন্স কাক বােলে? প্রধান লেন্স দুবিধৰ নাম কি কি?

উত্তৰঃ দুখন গোলকীয় তৰল বা এখন গোলকীয় আৰু এখন সমতলৰ মাজত আৱদ্ধ প্ৰতিসাৰক মাধ্যমক লেন্ছ বুলি কোৱা হয়। প্ৰধান লেন্ছ দুবিধৰ নাম হ'ল - উত্তল লেন্ছ আৰু অৱতল লেন্ছ।


২। লেন্সৰ আলােককেন্দ্র কাক বােলে ? চিত্র আঁকি দেখুওৱা।

উত্তৰঃ-  আলোক কেন্দ্ৰ- পাতল উত্তল লেন্‌স মধ্যাংশত আৰু মুখ্য অক্ষৰ ওপৰত থকা বিন্দু (০) এটাৰ অভিমুখে অহা ৰশ্মি প্ৰতিসৰণৰ পিছত দিশ পৰিবৰ্তন নকৰাকৈ লেন্‌ছ পাৰ হৈ যায়। এই 'O' বিন্দুটোক লেন্‌হৰ আলোক কেন্দ্ৰ বোলে। তলৰ চিত্ৰত 'O' হ'ল লেন্‌দ্ৰৰ আলোক কেন্দ্র।


৩। উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কিয় কোৱা হয় চিত্র আঁকি দেখুওৱা।

উত্তৰঃ- উত্তল লেন্‌ছত পোহৰৰ ৰশ্মি পৰিলে তাৰ পৰা নিৰ্গত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষ চাপি আহে। সেয়ে উত্তল লেন্‌ছক অভিসাৰী লেন্‌ছ বুলি কোৱা হয়।আনহাতে, অৱতল লেন্‌ছৰ ক্ষেত্ৰত লেন্‌ছৰৰ ওপৰত আপতিত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষৰ পৰা আঁতৰি যায়। সেইবাবে, অৱতল লেন্‌ছক অপসাৰী লেন্‌ছ বুলি কোৱা হয়।



 ৪। উত্তল অথবা অৱতল লেন্সৰ (ক) ভজকেন্দ্র, (খ) মুখ্য অক্ষ, (গ) ফ’কাছ (ঘ) ফ’কাছ দৈর্ঘ্য কাক বােলে চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ-  (ক) ভাজকেন্দ্ৰ : কোনো লেন্‌ছৰ পৃষ্ঠ দুখন যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ কেন্দ্ৰ দুটাক লেন্‌ছখনৰ ভাজঁকেন্দ্ৰ বুলি কোৱা হয়।



(খ) মুখ্যঅক্ষঃ উত্তল বা অবতল লেন্‌ছৰ গোলকীয় তল দুখনৰ ভাজ কেন্দ্ৰ দুটা সংযোগ কৰা ৰেখা ডালক মুখ্য অক্ষ বা প্রধান অক্ষ বোলে। তলৰ চিত্ৰ C1C2 হ’ল মুখ্য অক্ষ ৷ মুখ্য অক্ষ লেন্‌ছৰ মধ্যবিন্দুৰ মাজেৰে যায় ৷ 


(গ) ফ’কাছ বিন্দু -ফ’কাছ মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা পোহৰৰ ৰশ্মি প্রতিসৰণৰ পিছত উত্তল লেন্‌ছৰ ক্ষেত্ৰত F বিন্দুত লগ লাগে আৰু অৱতল লেন্‌ছৰ ক্ষেত্ৰত F/ বিন্দুত লগ লাগে যেন লাগে। F বা F/  বিন্দুক এনে লেন্‌ছৰ ফ’কাছ বিন্দু  বোলে।


(ঘ) ফ’কাছ দৈর্ঘ্য : আলোক কেন্দ্ৰ (O) আৰু ফ’কাছ বিন্দু (F) ৰ মাজৰ দূৰত্বক ফ’কাছ দৈৰ্ঘ্য বোলে ৷


 ৬। উত্তল লেন্স এখনৰ সন্মুখত লক্ষ্যবস্তু এটা 

(ক) অসীম দূৰত্ব আৰু ভাজকেন্দ্ৰৰ মাজত, 

(খ) ভাজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত,

(গ) ফ’কাছ বিন্দুত,

ক)অসীম দূৰত্ব আৰু ভাজ কেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান: লক্ষ্য বস্তু অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত হ’লে প্রতিবিম্ব ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা, আকাৰত লক্ষ্য বস্তুতকৈ সৰু আৰু ই লেন্‌ছৰ পিছফালে গঠিত হ’ব।


(খ) ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত প্রতিবিম্বৰ অৱস্থান : লক্ষ্য বস্তু ভাজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত হলে প্রতিবিম্ব ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা আৰু আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ হ’ব।

(গ) ফ’কাছ বিন্দুত প্রতিবিম্বৰ অৱস্থান :  লক্ষ্য বস্তু ফ’কাছ বিন্দুত হলে লেন্‌ছৰ পৰা প্রতিসৰিত হোৱা ৰশ্মিবোৰ পৰস্পৰ সমান্তৰাল হয়। আমি জানো যে, সমান্তৰাল ৰশ্মি সসীমৰ কোনো বিন্দুত লগ নালাগে ৷ গতিকে সসীমৰ কোনো বিন্দুত প্রতিবিম্ব গঠিত হ’ব নোৱাৰে। কিন্তু সমান্তৰাল ৰশ্মিবোৰ অসীমৰ কোনো বিন্দুত লগ লাগে বুলি ধৰি লোৱা হয়। গতিকে, এইক্ষেত্ৰত প্রতিবিম্ব অসীমত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা আৰু ইয়াৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ অসীম গুণ।

(ঘ) ফ’কাছ আৰু আলোককেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান :  লক্ষ্য বস্তু ফ’কাছ আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে, লেন্‌ছৰ ওপৰত আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত পৰস্পৰৰ পৰা আঁতৰি যায় ৷ গতিকে ইহঁত আগফালে কোনো বিন্দুত লগ লাগিব নোৱাৰে। কিন্তু এই অপসাৰিত ৰশ্মিবোৰ পিছফালে বঢ়াই দিলে এটা বিন্দুত লগ লগা যেন লাগে। এই বিন্দুটোৱেই হ’ল লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব। এই ক্ষেত্ৰত লেন্‌ছৰ পৰা প্ৰতিসাৰিত হোৱা ৰশ্মি অপসাৰী হয় ।এই প্রতিবিম্ব অসৎ, থিয়, আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ আৰু লেন্‌ছৰ যিফালে লক্ষ্য বস্তু থাকে সেই ফালে গঠিত হয়।


৫। এখন লেন্স উত্তল নে অৱতল কেনেকৈ চিনি উলিয়াবা।

উত্তৰঃ- হাতৰ আঙুলিৰ স্পৰ্শৰ দ্বাৰা লেন্‌ছখন উত্তল নে অৱতল তাক জানিব পৰা যায়। উত্তল লেন্‌ছৰ মাজভাগ ডাঠ আৰু কাষৰ ফালে ক্ৰমে পাতল হয়।

আনহাতে অৱতল লেন্‌ছৰ মাজৰ ভাগ পাতল আৰু কাষৰ ফালে ক্রমান্বয়ে ডাঠ হয়।


৭। অৱতল লেন্স এখনৰ সমুখত থকা থিয় লক্ষ্যবস্তু এটা প্রতিবিম্বৰ অৱস্থান, প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ-

চিত্ৰত দেখুওৱাৰ দৰে অৱতল লেন্‌ছৰ সন্মুখত মুখ্য অক্ষৰ ওপৰত PQ লম্বভাৱে থকা এটা লক্ষ্য বস্তু। লক্ষ্বস্তু PQ ৰ P বিন্দুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা PM ৰশ্মি লেন্‌ছত আপতিত হৈ MN পথেৰে অপসাৰিত হৈছে । এই অপসাৰিত ৰশ্মি পিছফালে বঢ়াই দিলে ফ’কাছ F বিন্দুৰ পৰা অহা যেন লাগে।আনটো ৰশ্মি PO লেন্‌ছৰ আলোক কেন্দ্ৰৰ মাজেৰে দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। দুয়োটা ৰশ্মিয়ে  P/  বিন্দুত কটা কটি কৰা যেন লাগে। গতিকে P/  হ’ল P ৰ প্ৰতিবিম্ব। এতিয়া মুখ্য অক্ষৰ ওপৰত টনা P/Q/ লম্ব হ’ল PQ ৰ প্রতিবিম্ব ৷ এই প্রতিবিম্ব অসৎ, পোন ( থিয় ), সংকুচিত আৰু লক্ষ্যবস্তুৰ যিফালে আছে সেই ফালে আলোককেন্দ্ৰ আৰু ফ’কাছৰ মাজত গঠিত হয়।



 ৮। খালী ঠাই পূৰণ কৰা 

 (ক) দুখন              তলেৰে আৱৰা                 মাধ্যমক               লেন্স বােলে।

উত্তৰঃ উত্তল বা অৱতল, প্ৰতিসাৰক, উত্তল বা অৱতল। 

(খ) উত্তল লেন্সক                 লেন্স আৰু অৱতল লেন্সক                   লেন্স বুলি কোৱা হয়। 

উত্তৰঃ অভিসাৰী,অপসাৰী। 

(গ) উত্তল লেন্সৰ মাজৰ ভাগ                আৰু অৱতল লেন্সৰ মাজৰ ভাগ                  হয় ।

উত্তৰঃ ডাঠ, পাতল।

(ঘ) প্রতিখন লেন্সৰ                নাভি থাকে । 

উত্তৰঃ ফ'কাছ বিন্দু।

(ঙ) অৱতল লেন্সত সদায়                 প্রতিবিম্ব গঠিত হয়। 

উত্তৰঃ অসৎ।

(চ) লেন্সৰ                     মাজেৰে পাৰ হৈ যােৱা ৰশ্মিৰ দিশ সলনি নহয়।

উত্তৰঃ আলোক কেন্দ্ৰ।


৯। এটা শব্দত উত্তৰ দিয়া। 

(ক) লেন্সত এনে এটা বিন্দু আছে যাৰ মাজেৰে পােহৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি? 

উত্তৰঃ-  লেন্ছত এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰ দিশ পৰিনৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম হ'ল আলােক বিন্দু।


(খ) উত্তল লেন্সৰ ফ’কাছ বিন্দুত অৱস্থিত বস্তু এটা প্রতিবিম্ব ক’ত গঠিত হয়?

উত্তৰঃ- উত্তল লেন্ছৰ ফ'কাছ বিন্দুত অৱস্থিত বস্তু এটা প্ৰতিবিম্ব অসীম আৰু ভাজকেন্দ্ৰ মাজত গঠিত হয়।


(গ) উত্তল লেন্সৰ ক্ষেত্ৰত, লক্ষ্যবস্তুৰ সমান আকৃতিৰ প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ক’ত ৰাখিব লাগিব?

উত্তৰঃ উত্তল লেন্ছৰ ক্ষেত্ৰত, লক্ষ্যবস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ভাজকেন্দ্ৰত ৰাখিব লাগিব।


(ঘ) লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্রতিবিম্ব পাবলৈ উত্তল লেন্সৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব?

উত্তৰঃ- লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্ছৰ ভাজকেন্দ্ৰ আৰু ফ'কাছ বিন্দুৰ মাজত ৰাখিব লাগিব।


(ঙ) লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্রতিবিম্ব পাবলৈ কি লেন্স ব্যৱহাৰ কৰিবা?

উত্তৰঃ- লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ অৱতল লেন্ছ ব্যৱহাৰ কৰিবা । 


 ১০। সত্য নে অসত্য কোৱাঃ

(ক) উত্তল লেন্সে অসৎ প্রতিবিম্ব গঠন কৰিব পাৰে। 

উত্তৰঃ অসত্য। 

(খ) অৱতল লেন্সে সৎ প্রতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ অসত্য।

(গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্রতিবিম্ব নাভিত গঠিত হয়।

উত্তৰঃ সত্য।

(ঘ) উত্তল লেন্সক অপসাৰী লেন্স বােলা হয়। 

উত্তৰঃ অসত্য।

(ঙ) প্রতিখন লেন্সৰ দুয়ােফালে দুটা ফ’কাছ বিন্দু থাকে।

উত্তৰঃ অসত্য।


৩. অনুশীলনীঃ

 ১। খালী ঠাই পূৰণ কৰা 

 ক ) হালধীয়া বস্তুৱে                    ৰঙৰ পােহৰ প্রতিফলিত কৰে ।

উত্তৰঃ হালধীয়া।

 খ ) কলা বস্তুৱে তাৰ ওপৰত পৰা সকলাে ৰঙৰ পােহৰ                  কৰে। 

উত্তৰঃ শোষণ।

গ ) বগা বস্তুৱে তাৰ ওপৰত পৰা সকলাে ৰঙৰ পােহৰ                 কৰে।

উত্তৰঃ প্ৰতিফলিত।

 ঘ ) প্রিজমৰদ্বাৰা সূৰ্যৰ বগা পােহৰক                  ৰঙলৈ বিশ্লেষণ কৰাকে               বােলা হয়। 

উত্তৰঃ সাতটা   , বিক্ষেপন 

ঙ) নীলা ৰঙৰ কাচ এখনে ইয়াৰ মাজেৰে কেৱল  ---------- ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে।

উত্তৰঃ নীলা।


২। হালধীয়া ফুল এপাহ সূৰ্যৰ পােহৰত কিয় হালধীয়া দেখি বুজাই লিখা। 

উত্তৰঃ- হালধীয়া ফুল এপাহে সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙৰ ছটা ৰং শোষণ কৰে আৰু কেৱল মাত্ৰ পোহৰৰ হালধীয়া ৰংটোহে প্রতিফলিত কৰে। সেইবাবে হালধীয়া ফুল এপাহ সূৰ্য্যৰ পোহৰত হালধীয়া দেখা পোৱা যায়।


৩। তুমি পিন্ধি থকা বগা চোলাটো সূর্যৰ পােহৰত কিয় বগা দেখি বুজাই লিখা। 

উত্তৰঃ- বগা বস্তু এটা সূৰ্য্যৰ পোহৰত বগা দেখা যায়। আমি জানো যে সূৰ্যৰ বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। বগা বস্তু এটাই সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙেই প্রতিফলিত কৰে, কোনো ৰঙ শোষণ নকৰে। সেই কাৰণে পিন্ধি থকা বগা চোলাটো সূৰ্য্যৰ পোহৰত বগা দেখা পোৱা যায়।


৪। “ জাৰকালি কলা কাপােৰ পৰিধান কৰা ভাল । ” ইয়াৰ কাৰণ কি?

উত্তৰঃ-ক'লা বস্তুৱে সূৰ্য্যৰ বগা পোহৰৰ সাতোটা রঙেই শোষণ কৰি লয়, পোহৰৰ কোনো অংশ প্রতিফলিত নকৰে। সেই কাৰণে জাৰকালি কলা কাপোৰ পৰিধান কৰা ভাল, যিহেতু কলা কাপোৰখনে সূৰ্য্যৰ বগা পোহৰৰ সাতোটা ৰঙেই শুহি লয়, পোহৰৰ কোনো অংশ প্রতিফলিত নকৰে আৰু সূৰ্য্যৰ তাপ ভাগ শুহিলয় কিন্তু সেই তাপ ভাগ প্রতিফলিত নকৰে। ফলস্বৰূপে দেহাৰ ভিতৰত গৰম লাগি থাকে।


 ৫। “ গ্রীষ্মৰ দিনত বগা পােছাক পৰিধান কৰা ভাল । ” ইয়াৰ কাৰণ কি? 

উত্তৰঃ- গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল, কাৰণ বগা বস্তু এটাইসূৰ্যৰ বগা পোহৰৰ সাতোতা ৰঙেই প্রতিফলিত কৰে, কোনো ৰং, শোষণ নকৰে।ইয়াৰ ফলত, সূৰ্য্যৰ ৰশ্মিৰ সাতোটা ৰঙেই প্রতিফলিত হৈ বাহিৰলৈ গুচি যায় আৰুকোনো ৰশ্মি শোষণ নকৰে। সেইকাৰণে বগা কাপোৰ পিন্ধিলে গৰম কম লাগে।


৬। “ গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাচ এখনৰ মাজেৰে চালে কলা দেখা যায় । ” ইয়াৰ কাৰণ কি বুজাই লিখা।

উত্তৰঃ- কাৰণ ৰঙা কাঁচখনে কেৱল ৰঙা ৰংহে পাৰ হৈ যাবলৈ দিয়ে, আন ৰংবোৰ শুহি লয়। গতিকে গছৰ সেউজীয়া পাত এখিলাৰ পৰা ৰঙা কাঁচ পাৰ হৈ কোনো পোহৰেই আমাৰ চকুত নপৰে। গতিকে পাতখিলা ক'লা দেখা যায়।



৪. অনুশীলনীঃ

 ১. অণুবীক্ষণ যন্ত্র কাক বােলে? যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্র আঁকি কার্যপ্রণালী বর্ণনা কৰা।

উত্তৰঃ- ওচৰৰে সৰু বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক অণুবীক্ষণ যন্ত্ৰ বোলে।

ক্ষুদ্রাকায় বস্তু এটাক যথেষ্ট বর্ধিত ৰূপত চাবলৈ হ'লে যৌগিক অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰা হয়। দুই বা ততোধিক লেন্‌ ব্যৱহাৰ কৰি যৌগিক অণুবীক্ষণ যন্ত্র নিৰ্মাণ কৰা হয়। ইয়াত এখন লেন্‌ বর্ধিত কৰা প্ৰতিবিম্বক আন এখন লেছে পুনৰ বর্ধিত কৰে। অৰ্থাৎ ইয়াত প্রথম লেখনে উৎপন্ন কৰা প্ৰতিবিম্বটো দ্বিতীয়খন লেন্‌দ্ৰৰ বাবে লক্ষ্য বস্তু হয়।


 ২. দূৰবীণ কাক বােলে? দূৰবীণৰ গঠন প্রণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা।

উত্তৰঃ- দূৰৈৰ বস্তু এটাক ওচৰতে চাব পৰা আলোক যন্ত্ৰক দূৰবীণ বা দূৰবীক্ষণ যন্ত্ৰ বোলে। 


৩. মানুহৰ চকুৰ পৰিষ্কাৰ চিত্র অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা।

উত্তৰঃ-  


 


৪. খালী ঠাই পূৰণ কৰাঃ

ক) অণুবীক্ষণৰ সহায়ত                 বস্তু এটাক                   চাব পৰা যায়।

উত্তৰঃ সৰু, ডাঙৰকৈ।

খ) দূৰবীণৰ সহায়ত                 বস্তু এটাক                   চাব পৰা যায়।

উত্তৰঃ দূৰৰ, ওচৰত।

গ) অণুবীক্ষণ কিম্বা দূৰবীক্ষণ যন্ত্রত লক্ষ্য বস্তুৰ পিনে থকা লেন্সখনক                    আৰু চকুৰ পিনে থকা লেন্সখনক                বােলে।

উত্তৰঃ অভিলক্ষ, অভিনেত্ৰ।  

ঘ) আমাৰ চকুৰ লেন্সখন               প্ৰকৃতিৰ আৰু ই              তৈয়াৰী।

উত্তৰঃ উত্তল, প্ৰটিনেৰে। 

ঙ ) চকুৰ পদাখনৰ নাম                   । 

উত্তৰঃ ৰেটিনা।

চ)                 হল চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণ।

উত্তৰঃ কৰ্ণিয়া।

ছ) চকুত প্রৱেশ কৰা পােহৰৰ পৰিমাণ                  নিয়ন্ত্রণ কৰে।

উত্তৰঃ আইৰিছ।

জ ) নিকট দৃষ্টিসম্পন্ন মানুহে                    বস্তু ভালকৈ দেখা পায়, --------- কিন্তু মনিব নােৱাৰে।

উত্তৰঃ ওচৰৰ, দূৰৰ।

ঝ ) সুদূৰ দৃষ্টিসম্পন্ন মানুহে                  বস্তু ভালদৰে দেখা পায়, কিন্তু            বস্তু ভালদৰে মনিব নােৱাৰে।

উত্তৰঃ দূৰৰ, ওচৰৰ।

ঞ) নিকট দৃষ্টি বিকাৰ                      লেন্সৰ চছমাৰ সহায়েৰে আৰু সুদূৰ দৃষ্টিৰ বিকাৰ                লেন্স চছমাৰ সহায়েৰে নােহােৱা কৰিব পাৰি। 

উত্তৰঃ অৱতল।

ট) আমাৰ চকুৰ                  নাম ৰেটিনা।

উত্তৰঃ পৰ্দাখনৰ। 


৫। চমু উত্তৰ দিয়াঃ

ক) আমাৰ চকুত থকা লেন্সখন কি প্রকৃতিৰ?

উত্তৰঃ- আমাৰ চকুত থকা লেন্ছখন উত্তল প্ৰকৃতিৰ।


খ) আমি চকুৰে দেখা বস্তুৰ প্রতিবিম্ব ক’ত গঠিত হয়। 

উত্তৰঃ- আমি চকুৰে দেখা বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত গঠিত হয়।


গ) চকুৰ সমুখ ভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কি? 

উত্তৰঃ-  চকুৰ সমুখ ভাগৰ থকা স্বচ্ছ আৱৰণখনৰ নাম হ'ল- কৰ্ণিয়া।


ঘ) লেন্স আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলী সদৃশ পদার্থবিধৰ নাম কি?

উত্তৰঃ-  লেন্ছ আৰু ৰেটিনাৰ মাজত ঠাইখিনিত জেলী সদৃশ পদাৰ্থ বিধৰ নাম হ'ল- ভিট্ৰিমাছ হিউমাছ।


ঙ) লেন্সৰ সমুখত থকা পনীয়া পদার্থবিধৰ নাম কি ? 

উত্তৰঃ- লেন্ছৰ সমুখত থকা পনীয়া পদাৰ্থবিধৰ নাম হ'ল- একুৱাছ হিউমাছ


চ) চকুৰ মণিটো কলা দেখা যায় কিয়? 

উত্তৰঃ- চকুৰ মণিত পৰা সকলো পোহৰ চকুত ভিতৰলৈ সোমাই যায়,ইয়াৰ কোনো অংশ প্ৰতিফলিত নহয়। সেইবাবে চকুৰ মণিটো ক'লা দেখা যায়। 


ছ) চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম লিখা? 

উত্তৰঃ-  চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম হ'ল- ৰ'ড আৰু ক'ন।


জ) আইৰিছ ( Iris ) ৰ মাজত ক’লা ৰঙৰ ছিদ্র এটা আছে । ইয়াৰ নাম কি? 

উত্তৰঃ- আইৰিছ ( Iris) ৰ মাজৰ ক'লা ৰঙৰ ছিদ্ৰ এটা আছে। ইয়াৰ নাম হ'ল- চকুৰ মণি।  


৬। দৃষ্টিদোষ কাক বােলে? দুবিধ প্রধান দৃষ্টিদোষৰ নাম লিখা? 

উত্তৰঃ- বয়সৰ কাৰণে বা স্বাস্থ্যজনিত বিভিন্ন কাৰণত চকুৰ ওচৰত বা আতঁৰত থকা বস্তুৰ স্পষ্ট আৰু অবিকৃত প্ৰতিবিম্ব ৰেটিনাত সৃষ্টি নহবও পাৰে। এনে সমস্যাক দৃষ্টি দোষ বুলি কোৱা হয়। 

দুবিধ প্ৰধান দৃষ্টিদোষৰ নাম হ'ল (১) নিকট দৃষ্টি আৰু (২) সুদূৰ দৃষ্টি। 


৭। নিকট দৃষ্টি কাক বােলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্র আঁকি বুজাই লিখা। 

উত্তৰঃ- যিবোৰ মানুহে ওচৰৰ বস্তু ভালকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু মনিব নোৱাৰে তাকে নিকট দৃষ্টি বোলা হয়।

নিৰাময়ৰ উপায়: এনে দোষ আঁতৰাবলৈ অৰ্থাৎ চকুৰ লেন্‌দ্ৰৰ অভিসাৰী ক্ষমতা কমাবৰ বাবে উপযুক্ত পাৱাৰৰ অৱতল বা অপসাৰী লেন্‌দ্ৰৰ চমা ব্যৱহাৰ কৰিব লাগিব।



৮। সুদূৰ দৃষ্টি কাক বােলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্রসহ বর্ণনা কৰা।

উত্তৰঃ- যিবোৰ মানুহে দূৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ মনিব নোৱাৰে তাকে সুদূৰ দৃষ্টি বোলা হয়। 

নিৰাময়ৰ উপায়: উপযুক্ত ফ'কাছ দূৰত্বৰ উত্তল লেন্‌ছ (চমা) ব্যৱহাৰ কৰি প্রতিবিম্ব ৰেটিনাত গঠন কৰিব পাৰি।



Author : Himashree Bora.

Check by - Mukesh Borah 



Post ID : DABP006192