কৃষি  পদ্ধতিঃ

খ্ৰীষ্ট পূৰ্ব ১০,০০০ চন মানলৈকে মানুহে অঘৰী জীৱন যাপন কৰিছিল। তেওঁলোকে খাদ্য আৰু আশ্ৰয় বিচাৰি দল বান্ধি এঠাই পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। কেঁচা ফল-মূল,শাক-পাচলি আৰু চিকাৰ কৰি পোৱা প্ৰাণীকে আহাৰ হিচাপে গ্ৰহণ কৰিছিল। পাছলৈ, লাহে লাহে তেওঁলোকে মাটি চহাবলৈ ল'লে আৰু ধান, ঘেঁহু আৰু অন্যান্য খাদ্য শস্য উৎপাদন কৰিবলৈ শিকিলে। এনেকৈয়ে কৃষি ব্যৱস্থা গঢ় লৈ উঠিল। 

একে জাতৰ  উদ্ভিদ সৰহকৈ একেঘেঁহুৰেই খেতি কৰা হৈছে বুলি বুজিব লাগিব। তোমালোকে পাই আহিছা যে শস্য বিভিন্ন ধৰণৰ আছে, যেনে-  ধানজাতীয় শস্য, শাক-পাচলি আৰু ফল-মূল। বতৰৰ ভিত্তিত এই শস্য সমূহক শ্ৰেণী বিভাজন কৰিব পাৰি ।

ভাৰতবৰ্ষ এখন বিশাল দেশ। উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ইয়াৰ জলবায়ু      অঞ্চলত ভিন ভিন বেলেগ বেলেগ । জলবায়ু অনুযায়ী দেশৰ বিভিন অঞ্চলত ভিন ভিন শস্য উৎপাদন  হয়। এই ভিন্নতা সত্ত্বেও, বতৰ অনুযায়ী শস্যক দুভাগত ভগাব পাৰি, যেনে- 

    ১। খাৰিফ শস্য- বাৰিষাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। ভাৰতৰ্ষত সাধাৰনতে বাৰিষাকাল জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ থাকে। ধান, মাকৈ, ছয়াবিন, বাদাম, কপাহ আদিবোৰ হ'ল খৰিফ শস্য । 

   ২। ৰবি শস্য- শীকালত  উৎপাদিনত শস্যক ৰবি শস্য বোলে। সাধাৰণতে ৰবি শস্য সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে। ৰবি শস্যৰ উদাহৰণ হ'ল- ঘেঁহু, বুট, মটৰ, সৰিয়হ আৰু তিচি আদি । 

এইবোৰৰ বাহিৰেও গ্ৰীষ্মকালত বিভিন্ন অঞ্চলত  মাহজাতীয় শস্য আৰু শাক-পাচলিৰ খেতি কৰা হয়। 


class 8 Science

type: Krishna bora                        



Post ID :DABP006464