পৰিৱৰ্তিত ঐতিহ্য ( Changing Traditions) | অধ্যায় ৬ | Lesson 6 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ড° অজিত কুমাৰ দত্ত | High Secondary First Year History Notes 


অধ্যায় ৬

পৰিৱৰ্তিত ঐতিহ্য

অনুশীলনী

১। অতি চমু উত্তৰ দিয়া ঃ


(ক) ভাস্কো দা গামাই কোন খ্ৰীঃত কালিকট বন্দৰত উপস্থিত হৈছিল?

উত্তৰঃ ভাস্কো দা গামাই ১৪৯৮ খ্ৰীঃত কালিকট বন্দৰত উপস্থিত হৈছিল। 


(খ) বৃটেইনৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

উত্তৰঃবৃটেইনৰ কৃষক বিদ্ৰোহ ১৩৮১ খ্ৰীঃত হৈছিল।  


(গ) ইংলণ্ডত টিউদৰ ৰাজবংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ইংলণ্ডত টিউদৰ ৰাজবংশ ১৪৮৫ খ্ৰীঃত প্ৰতিষ্ঠা হৈছিল। 


(ঘ) 'দন কুইক্সট' কোন ভাষাত ৰচিত হৈছিল?

উত্তৰঃ 'দন কুইক্সট স্পেনিছ ভাষাত ৰচিত হৈছিল। 


(ঙ) স্পেনিছ ভাষাত লিখা বিশ্বৰ প্ৰথম উপন্যাস হিচাপে কোনখন উপন্যাসক চিহ্নিত কৰা হয়?

উত্তৰঃ স্পেনিছ ভাষাত লিখা বিশ্বৰ প্ৰথম উপন্য়াস 'দন কুইক্সট' উপন্য়াসক চিহ্নিত কৰা হৈছিল।  


(চ) প্ৰথম কুঁহিয়াৰ খেতি কোনটো দীপপুঞ্জত কৰা হৈছিল?

উত্তৰঃ প্ৰথম কুঁহিয়াৰ খেতি পশ্চিম ভাৰতীয় দীপপুঞ্জত কৰা হৈছিল।


(ছ) ৰোমৰ 'টিথ্' কি?

উত্তৰঃ খেতিয়ক সকলে তেওঁলোকৰ কৃষিভূমিত উৎপন্নৰ হোৱাৰ ১০/১ অংশ বছৰি পৰিশোধ কৰিছিল তাকে 'টিথ্'বোলে। 



(জ) 'কণ্টাৰবাৰী টেল' কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'কন্টাৰবাৰী টেল' ইংলেণ্ডৰ চচাৰে ৰচনা কৰিছিল। 


(ঝ) ফ্ৰান্সত কেতিয়া কেথেদ্ৰেল নিৰ্মাণ হৈছিল?

উত্তৰঃ ফ্ৰান্সত দ্বাদশ শতিকাৰ পৰা কেথেদ্ৰেল নিৰ্মাণ হৈছিল। 


(ঞ) চাৰ্লেমেগ্নেক কোনজন পোপে পবিত্ৰ ৰোমান সম্ৰাট পাতিছিল?

উত্তৰঃ চাৰ্লেমেগ্নেক তৃতীয় লিওই পোপে পবিত্ৰ ৰোমান সম্ৰাট পাতিছিল।  


২। চমুকৈ উত্তৰ দিয়া ঃ


(ক) ফ্ৰান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য বৰ্ণনা কৰা।

উত্তৰঃ ফ্ৰান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য় হ'ল-

(ক) দুৰ্গ আৰু ঘৰৰ লগত সংলগ্ন খাতত শস্য় উৎপাদন কৰা হয়। 

(খ) মঠ বিলাক স্থাপন কৰা হয়।  


(খ) জনসংখ্যাৰ দীৰ্ঘদিনীয়া পৰিৱৰ্তনে কেনেকৈ ইউৰোপৰ অৰ্থনীতি আৰু সমাজক প্ৰভাৱান্বিত কৰিছিল?

উত্তৰঃ জনসংখ্য়া দীৰ্ঘদিনীয়া পৰিৱৰ্তনে ইউৰোপৰ ইতিহাসবিদ সকলে  আঞ্চলিক বুৰঞ্জী আৰু একোখন গাঁৱৰ বিষয়ে লিখিছিল। মধ্য়যুগৰ পৰা মূল্য়ৱান সমল, দ্ৰব্য়, নথিপত্ৰ, আইনি ব্য়ৱস্থাৰ ৰেকৰ্ড, জন্ম, বিবাহ আৰু মত্যুৰ ৰেকৰ্ড আদি এইবোৰ বিষয়ে যথেষ্ট পৰিমাণে সঞ্চিত আছিল 


(গ) নাইট সকল কেনেকৈ এটা পৃথক দল হিচাপে গঢ়ি উঠিছিল? আৰু কেতিয়া তেওঁলোকৰ অৱনতি ঘটে?

উত্তৰঃ নাইট সকল এটা পৃথক দল হিচাপে গঢ়ি উঠিছিল ইয়াৰ কাৰণ নৱম শতিকাৰ পৰা ইউৰোপত স্থানীয় যুদ্ধ সঘনাই হৈছিল। কৃষক-সৈনিক যথেষ্ট কম আছিল। এই অভাৱৰ বাবে নতুন শ্ৰেণীৰ লোক নাইটসকল আৱিৰ্ভাৱ হৈছিল।


(ঘ) মধ্যযুগীয়া মঠ বিলাকৰ কাম কি আছিল?

উত্তৰঃ  যাজকসকলে নগৰ আৰু গাঁৱৰ মানুহৰ মাজত বাস কৰা বিপৰীতে কিছুমান দীক্ষাপ্ৰাপ্ত খ্ৰীষ্টানে অকলশৰে বাস কৰিছিল। তেওঁলোক থকা ঠাইক মঠ বোলা হৈছিল। 

   মধ্য়যুগীয়ামঠ বিলাকৰ কাম আছিল 

১) ভিক্ষু এজনে জীৱনৰ বাকীখিনি সময় মঠতে কটোৱা শপত ল'ব লাগিছিল। 

২) প্ৰাৰ্থনা অধ্য়য়ন আৰু পামত কাম কৰা দৰে শাৰীৰিক পৰিশ্ৰমত সময় ব্য়ৱহাৰ কৰা শপত ল'ব লাগিছিল।   


৩। ৰচনাধৰ্মী প্ৰশ্নঃ


(ক) মধ্যযুগীয় ফৰাছী নগৰ এখনৰ এজন বাঢ়ৈৰ জীৱনৰ এটা দিন কল্পনা কৰা আৰু ইয়াৰ বৰ্ণনা দিয়া।

উত্তৰঃ


(খ) ফৰাচী চাৰ্ফ আৰু ৰোমৰ দাসৰ জীৱনৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ ফৰাচী চাৰ্ফ আৰু ৰোমৰ দাসৰ জীৱনৰ পাৰ্থক্য় হ'ল-

    সমাজৰ সংখ্য়াগৰিষ্ঠ সকলৰ ওপৰত বৰ্তি আছিল দুটা শ্ৰেণী আৰু সেই শ্ৰেণী দুটা হ'ল -  (১) মুক্ত কৃষক বা দাস আৰু (২) চাৰ্ফ।

     (১) মুক্ত কৃষক বা দাস সকল- তেওঁলোক আছিল প্ৰভু বা ভূ-স্বামীৰ পৰা খেতিপথাৰ চৰ্ত সাপেক্ষে লোৱা ৰায়ত। তেওঁলোকৰ পুৰুষসকলে বছৰত ৪০ দিন সামৰিক সেৱা কৰি ভূস্বামীক সহায় কৰিব লগা হৈছিল। কৃষক পৰিয়ালে সপ্তাহত তিনি দিন বা তাৰো বেছি দিন ভূ-স্বামীৰ কৃষিভূমিত খেতি কৰিব লগা হৈছিল। সেই খেতি কৰি পোৱা উৎপাদন পোনে পোনে মালিকক দিব লগা হৈছিল। কৃষকসকলে পৰিশ্ৰমিকেৰে মালিকৰ খাল খান্দা, জেওৰা দিয়া পথ, ঘৰ মেৰামতি আৰু বহুতো কামেৰে মালিকক সহায় কৰিব লগা হৈছিল। 

    এই সকলোবোৰ কামত সহায় কৰা উপৰিও তেওঁলোকৰ পত্নী আৰু ল'ৰা-ছোৱালীবোৰে আন কামত সহায় কৰিব লগে। সেই লোকসকলে বস্তু তৈয়াৰ কৰিছিল, আৰু মম বনাইছিল। আঙুৰৰ ৰসেৰে মালিকৰ বাবে মদ তৈয়াৰ কৰিছিল। 

   ২) ফৰাচী চাৰ্ফ সকল- চাৰ্ফসকলে খেতি কৰিছিল আৰু তেওঁলোকে খেতি কৰা মাটি লৰ্ডৰ পৰা পাইছিল। চাৰ্ফ সকলে পোৱা কৃষিভূমিৰ উৎপাদনৰ বেছিভাগ ভূমি মাটি গৰাকীক দিব লগা হৈছিল। তেওঁলোকে প্ৰভু নিজৰ মাটিতো কাম কৰিব লাগে আৰু সেই কামৰ পৰিশ্ৰমিক চাৰ্ফ বিলাকে পোৱা নাছিল। তদুপৰি প্ৰভুৰ বিনা অনুমতিত চাৰ্ফসকল আন ঠাইলৈ যাব পৰা নাছিল। 

    ভূ-স্বামীজনে চাৰ্ফসকলৰ পৰা বহুতো একচেটীয়া সুবিধা দাবী কৰিছিল। তেওঁলোকে মালিকৰ মিলতহে ময়দা আৰু আটা গুৰি কৰিব পাৰিছিল। মালিকৰ ভাটিত হে চাৰ্ফ সকলে ৰুটি সেঁকিবৰ পাৰিছিল আৰু মালিকৰ যন্ত্ৰৰেই চাৰ্ফসকলে বিয়েৰ বা মদ তৈয়াৰ কৰিব পাৰিছিল। চাৰ্ফ সকলে কাক বিয়াৰ কৰাব পাৰিব তাৰ ওপৰতো প্ৰভুৰে ঠিক কৰি দিছিল। এইবোৰ অনুমোদনৰ বাবেও চাৰ্ফ সকলে মালিকক মাচুল দিব লগা হৈছিল।  

       এইবোৰে আছিল ৰোমৰ দাস আৰু ফৰাচী চাৰ্ফৰ মাজৰ প্ৰাথক্য়।


(গ) নতুন সম্ৰাট আৰু অভিজাত শ্ৰেণীৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ নতুন সম্ৰাট আৰু অভিজাত শ্ৰেণীৰ মাজৰ সম্পৰ্ক বিষয়ে তলত আলোচনা কৰা হ'ল-

    ৰোমান সাম্ৰাজ্য় দিনৰ নগৰবোৰ ইয়াৰ পতনৰ পিছত ধ্বংসপ্ৰাপ্ত হৈছিল। কিন্তু একাদশ শতিকাৰ পৰা কৃষিকৰ্ম বৃদ্ধি হোৱাৰ লগে লগে বহুটো লোকে ভৰণ-পোষণ কৰিব পৰা হ'ল। সেই সময়তে নগৰসমূহ গঢ়ি উঠিছিল। নগৰত এটা গীৰ্জা স্থাপন হৈছিল। সেই সময়তে নগৰলৈ যাব পৰাকৈ বাট-পথ নিৰ্মিত হ'ল আৰু সদাগৰে বাটৰ কাষতে দোকান আৰু বাসগৃহ বনালে। ডাঙৰ গীৰ্জাক কেন্দ্ৰ কৰি নগৰ গঢ়ি তুলিছিল। নগৰবিলাকত শাৰীৰিক শ্ৰমৰ সলনি নগৰবাসীয়ে কৰ পৰিশোধ কৰিছিল। সেই ঠাইত হাজিৰা কৰি ধনসংগ্ৰহ কৰিব পাৰিছিল। সামন্তসকলৰ নিয়ন্ত্ৰণৰ পৰাও নগৰবাসী মুক্ত হৈছিল। নগৰৰ বহুতো বাসিন্দাই মুক্ত কৃষক আৰু পলাই অহাৰ চাৰ্ফ আছিল। পিছলৈ সেই ঠাইত বেংক আৰু উকীলৰ প্ৰয়োজন হৈছিল। ডাঙৰ নগৰৰ জনসংখ্য়া প্ৰায় ৩০,০০০ লৈ বৃদ্ধি হৈছিল।

    অভিজাতসকল দ্বিতীয় শ্ৰেণী লোক আছিল। তেওঁলোক সামাজিক ব্য়ৱস্থাত কেন্দ্ৰীয় ভূমিকা আছিল। ইয়াৰ কাৰণ, তেওঁলোকে ভূমি নিয়ন্ত্ৰণ কৰিছিল। বৃহৎ ভূমি অঞ্চলৰ অভিজাতবোৰ ৰজাৰ কৰতলীয়া শাসক আৰু কৃষকবোৰ তেওঁলোকৰ কৰতলীয়া আছিল।অভিজাত সকলে সুবিধাজনক মৰ্য্য়াদা লাভ কৰিছিল। তেওঁ নিজৰ বিচাৰালয় আছিল আৰু তেওঁ মুদ্ৰাও তৈয়াৰ কৰিছিল। তেওঁ ভূমিত বসবাস কৰা সকলো বাসিন্দাৰ অভিজাত আছিল প্ৰভূ। তেওঁ বহুত ভূমিসম্পত্তিৰ গৰাকী আছিল। 

    ১৫ আৰু ১৬ শতিকাত ইউৰোপৰ ৰজা সকলে তেওঁলোকৰ সামৰিক আৰু বিত্তীয় ক্ষমতা লাভ কৰিছিল। তেওঁলোকে প্ৰতিষ্ঠা কৰা নতুন ক্ষমতাশালী ৰাজ্য় গঠন অৰ্থনৈতিক পৰিৱৰ্তন ইউৰোপৰ বাবে তাৎপৰ্যপূৰ্ণ আছিল। ঐতিহাসিক সকলে সেই কাৰণে এই ৰজা সকলক নতুন সম্ৰাট (New monarchs) বুলি কৈছিল। ফ্ৰান্সত ইংলণ্ডত সপ্তম হেনৰী, একাদশ লুই, ইছাবেলা, অষ্ট্ৰিয়াত মেক্সিমিলিয়ান, আৰু স্পেইনত সম্পূৰ্ণকৈ ৰাজতন্ত্ৰ চলিছিল। 

      নতুন সম্ৰাট সকলৰ সফলতা কাৰণ হ'ল দ্বাদশ আৰু এয়োদশ শতিকাত সামাজিক পৰিৱৰ্তন, কৰতলীয়া শাসকৰ সামন্তবাদৰ অৱক্ষয়, ভুৃ-স্বামী আৰু অৰ্থনৈতিক বিকাশৰ মন্থৰ গতিয়ে ৰজাসকলক তেওঁলোকৰ শক্তিশালী সকলো প্ৰজাক নিয়ন্ত্ৰণ কৰাত সুবিধা কৰি দিছিল।  ৰজাই সামন্ত শাসকৰ পৰা যুদ্ধ সময়ত সৈন্য় সংগ্ৰহ বাদ দিছিল আৰু নিজৰ বৃত্তীয়াল, নিয়মীয়া প্ৰশিক্ষণ দি অস্ত্ৰ-শস্ত্ৰৰে সৈন্য়বাহিনী গঠন কৰিছিল। ৰজাৰ বন্দুকৰ আগত অভিজাত শ্ৰেনী প্ৰতিৰোধ দুৰ্ব্বল হৈ পৰিছিল।  

    কৰ বৃদ্ধি কৰি নতুন সম্ৰাট সকলে যথেষ্ট খাজনা সংগ্ৰহ কৰিছিল। তেওঁলোকে বিশাল সৈন্য়বাহিনী গঠন কৰি তাৰ সহায়ত ৰাজ্য় ৰক্ষা কৰিছিল। তেওঁলোকে সীমা বিস্তাৰ কৰিছিল আৰু তেওঁ ক্ষমতাৰ বিৰোধিতা কৰা সকলক দমন কৰিছিল। সেই ক্ষেত্ৰত অভিজাত শ্ৰেণীটোৱে বাধা দিছিল। ইংলেণ্ডত হোৱা এনে বিদ্ৰোহ ১৪৯৭,১৫৩৬, ১৫৪৭, ১৫৪৯, আৰু ১৫৫৩ ত দমন কৰা হ'ল। অভিজাত শ্ৰেণীটোৱে ৱৰ্তী থাকিবৰ বাবে ৰূপ সলাইছিল। তেওঁলোকে এটা কৌশল গ্ৰহণ কৰিছিল। সেইবোৰ কাৰণতে তেওঁলোকে ৰজাৰ সামন্তবাদৰ পৰিৱৰ্তিত ৰূপ বুলি কৈছিল। 

    নতুন ব্য়ৱস্থাটোত ৰজা পীৰামিডসদৃশ শাসন শীৰ্ষত নাছিল। সকলো ৰাজতন্ত্ৰই দুৰ্ব্বলেই হওক বা সবলেই হওক, এই অভিজাত শ্ৰেণীৰ সহযোগিতা বিচাৰিছিল। ৰজাৰ এনে সহযোগিতা লাভৰ উপায় আছিল। ধনৰ বিনিময়তো পৃষ্ঠপোষকতা ল'ব পাৰিছিল। সেই ধনৰ বলেৰে অনা-অভিজাতিক উপাদান হ'ল- বেংকাৰ আৰু সদাগৰ সকলে ৰাজদৰবাৰত স্থান ল'ব পাৰিছিল। তেওঁলোকে ৰজাক ধন ধাৰে দিছিল।   


(ঘ) মধ্যযুগীয়া তিনিটা শ্ৰেণীৰ এক সমীক্ষাত্মক আলোচনা আগবঢ়োৱা।

উত্তৰঃ ৰোমান সাম্ৰাজ্য়ৰ পতনৰ পিছত পূৱ আৰু মধ্য ইউৰোপৰ জাৰ্মান জনগোষ্ঠীয়ে  ইটালী, ফ্ৰান্স আৰু স্পেইনৰ বিভিন্ন অংশত বাস কৰিছিল। সামাজিক সংগঠনবোৰ ভূমি নিয়ন্ত্ৰনত ব্য়স্ত আছিল। মধ্য়যুগৰ তিনিটা শ্ৰেণীৰ আছিল আৰু সেই কেইটা হ'ল

 ১) খ্ৰীষ্টান পুৰোহিত,

২) মাটিগিৰী অভিজাত আৰু

৩) কৃষক। 

এই বোৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

     ১) খ্ৰীষ্টান পুৰোহিত ( The Clergy)- ইউৰোপৰ খ্ৰীষ্টান সকলৰ পথপ্ৰদৰ্শক আছিল বিছপ আৰু যাজক সকল। সেই সকল আছিল প্ৰথম বৰ্গৰ অন্তৰ্ভূত। গীৰ্জা নিজৰ আইন কেথেলিত আছিল। তেওঁলোকে শাসকে দিয়া মাটিত ভোগ কৰিছিল। পোপ আছিল ইউৰোপৰ পশ্চিম অঞ্চলৰ গীৰ্জা। তেওঁ ৰোমত বসবাস কৰিছিল। সকলো গাঁৱতে নিজৰ নিজৰ গীৰ্জাৰ আছিল। সেই গীৰ্জাবোৰত প্ৰতিটো দেওবাৰে প্ৰাৰ্থনা কৰা হৈছিল। তাত পুৰোহিতে যীশুৰ বাণী শুনাইছিল। সকলো লোকে যাজক বা পুৰোহিত হব পৰা নাছিল। যি জন পুৰোহিত তেওঁ কেতিয়াও বিয়াৰ কৰাব পৰা নাছিল। বিছপ সকল ধৰ্মীয় অভিজাত আছিল আৰু তেওঁলোকে বৃহ অট্টালিকাত বাস কৰিছিল। খেতিয়ক সকলে বিছপ সকলক কৃষিভূমিৰ উৎপন্ন ১০/১ অংশ বছৰি দিব লাগিছিল।

    যাজকসকলে নগৰ আৰু গাঁৱৰ মানুহৰ মাজত বাস কৰিছিল। তাৰে কিছুমান দীক্ষাপ্ৰাপ্ত খ্ৰীষ্টানে অকলশৰে বসবাস কৰিছিল। তেওঁলোক থকা ঠাইখনৰ নাম আছিল Abbeys বা মঠ (Monasteries) এই শব্দটো গ্ৰীক ভাষাৰ 'mones'- ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল অকলে বসবাস কৰা। চেইন্ট বেনেডিক্টে ডাঙৰকৈ দুটা মঠ প্ৰতিষ্ঠা কৰিছিল। সেই মঠ কেইটা আছিল-

 ১) ইটালীৰ মঠ ৫২৯ খ্ৰীঃত প্ৰতিষ্ঠা কৰিছিল, আৰু 

২) বাৰ্গান্দিৰ ক্লানি (Cluny) ৯১০ খ্ৰীঃত স্থাপিত কৰিছিল।  

    ২) মাটিগিৰী অভিজাত সকল (The nobility)- অভিজাত সকল দ্বিতীয় শ্ৰেণী লোক আছিল। তেওঁলোকৰ সামাজিক ব্য়ৱস্থা কেন্দ্ৰীয় ভূমিকা আছিল। ইয়াৰ কাৰণ, তেওঁলোকে ভূমি নিয়ন্ত্ৰণ কৰিছিল। প্ৰথাৰ বিকাশৰ বাবে সেই ভূমি নিয়ন্ত্ৰণ কৰতলীয়া ( Vassalage)  হৈছিল। অভিজাতবোৰ ৰজাৰ কৰতলীয়া শাসক আছিল আৰু কৃষকবোৰ তেওঁলোকৰ কৰতলীয়া আছিল। এজন সম্ভ্ৰান্তলোকে ৰজাক তেওঁৰ জ্য়েষ্ঠ বা স্বামী বুলি বিবেচনা কৰিছিল। পাৰস্পৰিকভাৱে চুক্তিবদ্ধ আছিল ৰজাৰ আৰু অভিজাতৰ মাজত। 

     অভিজাত সকলে সুবিধাজনক মৰ্য্য়াদা লাভ কৰিছিল। তেওঁলোকে সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰি সৈন্য় মকৰল ( Feudal levies)  কৰিবৰ পাৰিছিল। অভিজাতসকলে মুদ্ৰা তৈয়াৰ কৰিছিল। প্ৰভু আছিল তেওঁৰ ভূমিত বসবাস কৰা সকলো বাসিন্দাৰ অভিজাত। তেওঁ বহুতো মাটিসম্পত্তিৰ গৰাকী আছিল। সেই ভূমিৰবোৰত প্ৰভু ব্য়ক্তিগত খেতি-মাটি, অট্টালিকাৰ, তলতীয়া শাসক কৰ্মচাৰী, চৰণীয়া পথাৰ আৰু খেতিয়ক সকল থকা ঘৰ থাকে। সেই ঘৰ টোক মেনৰ বুলি কোৱা হয়।

   ৩)মুক্ত আৰু পৰাধীন কৃষক- (Peasants, free and unfree) খেতিয়ক সকল দুই ধৰণৰ- মুক্ত কৃষক আৰু চাৰ্ফ।

    মুক্ত কৃষকসকল আছিল ভূ-স্বামীৰ পৰা খেতিপথাৰ চৰ্ত কাৰণে লোৱা ৰায়ত। কৃষক পৰিয়ালে সপ্তাহৰ নিৰ্দ্দিষ্ট দিনত প্ৰভু মাটিত খেতি কৰিব লাগিছিল। সেই খেতি কৰি পোৱা উৎপাদন মালিকক দিব লাগিছিল। পুৰুষসকলে বছৰত ৪০ দিন ভূ-স্বামীক সহায় কৰিব লাগে। তাৰ উপৰিও খেতিয়ক সকলে বিনা কাৰণতে মালিকক খৰি গোটাই, জেওৰা দি, খাল খান্দি,ঘৰ বনোৱা আৰু অন্য়ান্য় কামত সহায় কৰিছিল। খেতিয়ক সকলে খেতি কৰা উপৰিও তেওঁলোকৰ পত্নী আৰু লৰা-ছোৱালীবিলাকে কাম কৰি দিব লগা হৈছিল। যেনে- মম বনোৱাৰ, বস্তু তৈয়াৰ কৰা আৰু ৰছি গুঠা। তেওঁ লোকে আঙুৰ চেপি মদ তৈয়াৰ কৰি মালিকক দিব লগা হৈছিল। যাজক আৰু অভিজাত শ্ৰেণী লোকসকলে ৰজাৰ কাৰণে এইবোৰ কৰিব লগা নাছিল। 

    চাৰ্ফসকলে খেতি কৰা মাটি লৰ্ডৰ পৰা পাইছিল। তেওঁলোকে তাতে খেতি কৰিছিল। তেওঁলোকে খেতি কৰি পোৱাৰ উৎপাদনৰ বেছি অংশৰ ভূ-স্বামীক দিব লগা হৈছিল। প্ৰভু বিনা অনুমতিত চাৰ্ফ সকল আন ঠাইলৈ যাব পৰা নাছিল। তেওঁলোকে মালিকৰ মিলতে আটা আৰু ময়দা গুৰি কৰিব লগা হৈছিল। 


(ঙ) গীৰ্জানগৰ বুলিলে কি বুজা? কেথেদ্ৰেলবোৰৰ নিৰ্ণান কৌশল ব্যাখ্যা কৰা।

উত্তৰঃ গীৰ্জা মানে হ'ল মঠ। প্ৰায়বোৰ গাঁৱৰে নিজা গীৰ্জা আছিল। ইয়াত প্ৰতি দেওবাৰে সামূহিক প্ৰাৰ্থনা কৰা হৈছিল।

 কেথেদ্ৰেলবোৰ নিৰ্মাণৰ কৌশলৰ বিষয়ে আলোচনা কৰা হ'ল-

    দ্বাদশ শতিকাৰ পৰা কেথেদ্ৰেল নামৰ ডাঙৰ গীৰ্জাবোৰ ফ্ৰান্সত গঢ়ি উঠিছিল। এইবোৰ খ্ৰীষ্টান মঠবিলাকৰ সম্পত্তি আছিল। কেথেদ্ৰেলবোৰ নিৰ্মাণ কৰা বাবে কিছুমান ব্য়ক্তিয়ে আৰ্থিক আৰু শাৰীৰিক সাহায্য় আগবঢ়াইছিল। কেথেদ্ৰেলবোৰ নিৰ্মাণ কৰি তুলিবলৈ বহু বছৰ লাগিছিল। সেই কেথেদ্ৰেল বিলাক পাথৰে নিৰ্মাণ কৰিছিল। কেথেদ্ৰেলবোৰ নিৰ্মাণ কৰি থাকোঁতে চাৰিওফালে জনসংখ্য়া বসতি বাঢ়ি গৈছিল। কেথেদ্ৰেলবোৰ সম্পূৰ্ণ নিৰ্মাণ কৰি লোৱাৰ পিছত সেইবোৰক কেন্দ্ৰ কৰি এখন সৰু নগৰ সৃষ্টি হৈছিল। 

    কেথেদ্ৰেলবোৰ নিৰ্মাণ কৌশল এনে ধৰণৰ আছিল যে- হলৰ ভিতৰত থকা মানুহে পুৰোহিত মাত স্পষ্টকৈ শুনা পাইছিল। কেথেদ্ৰেলত ভিক্ষুসকলে প্ৰাৰ্থনা কৰিছিল ভিক্ষু সকলৰ মাত শুনিবলৈ অতি শুৱলা আছিল। বহু দূৰৰ পৰা শুনা পাইছিল সুৰধ্বনি সৃষ্টি কৰা ঘন্টা শব্দ আৰু প্ৰাৰ্থনা কাৰণে জনোৱা আহ্বান। খিড়িকীৰ কাৰণে ৰঙীন দাগকটা চিচা লগাইছিল। দিনত সূৰ্যৰ পোহৰে কেথেদ্ৰেলবোৰ ভিতৰটো উজ্ৱলায় তুলিছিল আৰু ৰাতি মমৰ পোহৰে। মমৰ পোহৰ কেথেদ্ৰেলৰ বাহিৰত থকা লোকসকলে দেখা পাইছিল।  


৪। চমু টোকা লিখাঃ


ক) সামন্তবাদ 

উত্তৰঃ সামন্তবাদ - নৱম আৰু একাদশ শতিকাৰলৈ পশ্চিম ইউৰোপৰ গ্ৰামাঞ্চলত বিশেষ কিছুমান পৰিৱৰ্তন হৈছিল। নৱম শতিকাৰ আৰম্ভণিতে পশ্চিম আৰু মধ্য় ইউৰোপৰ চাৰ্লেমেগনেৰ সাম্ৰাজ্য় অতি সোনকালে ধ্বংস হৈছিল যদিও ইয়াত নগৰীয়া কেন্দ্ৰ অৰু বাণিজ্য়িক বিস্তাৰ বৰ্তি আছিল। এই সকলোবোৰ পৰিৱৰ্তনৰ আভ্য়ন্তৰীণ ফলাফল আছিল সামন্তবাদ। ইয়াৰ ব্য়ৱস্থাত ঘৰ আৰু দুৰ্গ লগত সংলগ্ন খাতত শস্য় উৎপাদন কৰা হয়। সামন্তবাদৰ সময়তে মঠ বোৰ স্থাপন কৰা হৈছিল। ধৰ্মত আস্থা থকা মানুহবোৰে কেথলিক গীৰ্জাৰ শিক্ষাৰ মতে ভগৱানক সেৱাৰ কৰিব পাৰিছিল। 

    সামন্তবাদৰ পৰিচয়ঃ ঐতিহাসিকসকলে সামন্তবাদ শব্দটো পঞ্চম আৰু ১৫ শতিকাৰ মধ্য়যুগৰ ইউৰোপৰ বুৰঞ্জীৰ মাজৰ সময়ছোৱাত ব্য়ৱহাৰ কৰিছিল। জাৰ্মান শব্দ 'feud' ইয়াৰ অৰ্থ 'এটুকুৰা ভূমি' ৰ পৰা 'feudal'হৈছে। সামন্তবাদক অৰ্থনৈতিক অৰ্থত কৃষি উৎপাদনক বুজাইছে। সামন্ত প্ৰভু (Lord) আৰু কৃষকৰ ওপৰত নিৰ্ভৰশীল এই উৎপাদনবোৰ। কৃষকে নিজৰ আৰু প্ৰভু মাটিত খেতি কৰিছিল। প্ৰভু সকলৰ ন্য়ায়িক নিয়ন্ত্ৰণো কৃষকৰ ওপৰত আছিল। 

   সামন্তবাদৰ উৎস ৰোমান সাম্ৰাজ্য় আৰু ফৰাছী সম্ৰাট (৭৪২-৮১৪) চাৰ্লেমেগনেৰ দিনত হৈছিল। সামন্তবাদ সকলৰ চানেকিৰে গীৰ্জাঘৰেও উৎসৱ আৰু কিছুমান ৰীতি-নীতি পালন কৰিছিল। 


খ) ফ্ৰান্সৰ প্ৰাচীন ইতিহাস

উত্তৰঃ ফ্ৰান্সৰ প্ৰাচীন ইতিহাসঃ জাৰ্মানীৰ ফ্ৰেংক জনগোষ্ঠীয়ে নিজৰ নামেৰে দেশখনৰ নাম ফ্ৰান্স ৰাখিছিল। ষষ্ঠ শতিকাৰ পৰা সেই অঞ্চলটোৰ ফৰাছী ৰজাই শাসন কৰা এখন ৰাজ্য় আছিল। ফ্ৰান্স সকল গীৰ্জাৰ লগত ওচৰৰ সম্পৰ্ক আছিল। ফৰাছী ৰজা চাৰ্লেমেগ্নেক পবিত্ৰ ৰোমান সম্ৰাট উপাধি দিয়াৰ কাৰণে সেই সম্পৰ্ক অধিক মজবুত হৈছিল। ৪৮১ খ্ৰীঃত ক্লভিচ ফ্ৰেংক বিলাকৰ ৰজা হয়। 

    ফ্ৰান্সৰ ৰজা এই কৰতলীয়া সূত্ৰে প্ৰজাৰ লগত জড়িত আছিল। বৃহৎ ভূমি অভিজাতবোৰ ৰজাৰ কৰতলীয়া শাসক আৰু কৃষকবোৰ তেওঁলোকৰ কৰতলীয়া আছিল। 


গ) মেনৰ বা জমিদাৰী

উত্তৰঃ মেনৰ বা জমিদাৰী

    ভূমিত বসতি কৰা সকলো বাসিন্দাৰ অভিজাতজন আছিল প্ৰভু। প্ৰভু বহুটো ভূমিৰ সম্পত্তি গৰাকী আছিল। সেই ভূমিত তেওঁ ব্য়ক্তিগতৰ খেতি-মাটি, অট্টালিকা, চৰণীয়া পথাৰ, কৃষকৰ বাসগৃহৰ আৰু খেতিপথাৰ থাকে। তেওঁৰ ঘৰখনক মেনৰ বুলি কোৱা হয়। তেওঁ ব্য়ক্তিগতৰ খেতিৰ মাটিত খেতিয়ক সকলে খেতি কৰিছিল। 

    এজন প্ৰভূৰ নিজা মেনৰ ঘৰ আছিল। তেওঁ কৃষক থকা গাঁওবোৰ নিয়ন্ত্ৰণ কৰিছিল। তাৰে কিছুমান প্ৰভুৱে শ শ খন গাওঁ নিজৰ দখলত ৰাখিছিল। ১০/১২টা পৰিয়াল আছিল এখন সৰু মেনৰ জমিদাৰীত আৰু ডাঙৰ জমিদাৰীত ৫০/৬০ টা পৰিয়াল থাকিব পাৰিছিল। সদায় ব্য়ৱহাৰ কৰা সকলো বোৰ বস্তু ইয়াত পোৱা গৈছিল। কমাৰ আৰু বাঢ়ৈয়ে তেওঁৰ হাতিয়াৰ বা আচ্বাব্ যোগাৰ দিছিল। পাথৰ-মিস্ত্ৰীয়ে অভিজাত জনৰ ঘৰ নিৰ্মাণ কৰিছিল।

    মেনৰবোৰ সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হ'ব পৰা নাছিল। ইয়াৰ কাৰণ পাথৰ, লোণ আৰু ধাতুৰ দ্ৰব্য় বাহিৰৰ পৰা আনিব লগা হৈছিল। যিবোৰ অভিজাতে বিলাসী জীৱন যাপন কৰিব খুজিছিল। তেওঁলোকক অলংকাৰ আৰু বাদ্য়যন্ত্ৰৰ প্ৰয়োজন হৈছিল। তেওঁলোকে সেইবোৰ আন ঠাই পৰা আনিব লগা হৈছিল।  


ঘ) নাইট 

উত্তৰঃ নৱম শতিকাৰ পৰা ইউৰোপত স্থানীয় যুদ্ধ সঘনাই হৈছিল। সেই ঠাইত অবৃত্তিধাৰী কৃষক-সৈনিক বেছি নাছিল। তাত প্ৰয়োজন আছিল উন্নত মানৰ অধিক অশ্বাৰোহীৰ। সেই অভাৱবোৰ পূৰাবৰ বাবে এক নতুন শ্ৰেণী লোক নাইটসকল আৱিৰ্ভাৱ হ'ল। তেওঁলোক প্ৰভুসকল ৰজা লগত জড়িত আছিল। নাইটজনক লৰ্ড বিলাকে এটুকুৰা মাটি দিয়ে; সেই মাটি বা ভূমিৰ নাম 'fief' আছিল। এখন ফিফে ১০০০-ৰ পৰা ২০০০ লৈকে  বা আৰু অধিক পৰিমাণে একোটি অঞ্চল সামৰি লৈছিল।  সেই নাইটৰ পৰিয়ালৰ ভিতৰত গীৰ্জা আৰু তেওঁ তলতীয়া কৰ্মচাৰীৰ বাসস্থান আঙুৰ আৰু এটা জলযন্ত্ৰ (Water mill) ৰস চেপি মদ তৈয়াৰ কৰা কাৰখানা আছিল। 

    ফ্ৰান্সত দ্বাদশ শতিকাৰ পৰা চাৰণ (Minstrel) সকলে ঐতিহাসিক ঘটনা নাইটৰ বিষয়ে মেনৰে মেনৰে গান গাই ফুৰিছিল। সেই যুগটোত শিক্ষিত মানুহ আৰু পঢ়াশুনা অভাৱ আছিল। মেনৰত ডাঙৰ একোটা কোঠা আছিল। সেই ঠাইতে মেনৰ মানুহবোৰে খাদ্য় খাইছিল। সেই হলঘৰৰ লগত একোটা বেলকনি আছিল। চাৰণসকলে সেই বেলকনিত গান গাই অভিজাতসকলে আহাৰ খাওঁতে তেওঁলোকক আমোদ দিছিল।        

 

ঙ) ভিক্ষু

উত্তৰঃ ভিক্ষুঃ গীৰ্জাৰ বাহিৰেও নৈষ্টিক খ্ৰীষ্টান সকলৰ বেলেগ অনুষ্ঠান আছিল। গাঁও আৰু নগৰ মানুহৰ মাজত যাজকসকলে বসবাস কৰা বিপৰীতে কিছুমান দীক্ষাপ্ৰাপ্ত খ্ৰীষ্টানে অকলে বাস কৰিছিল। তেওঁলোক থকা ঠাইখনৰ নাম Abbeys বা মঠ বোলা হয়। চেইন্ট বেনেডিক্টে দুটা ডাঙৰ মঠ প্ৰতিষ্ঠা কৰিছিল। সেই মঠ কেইটা আছিল-

 (ক) ইটালীৰ মঠ ৫২৯ -ত প্ৰতিষ্ঠা কৰিছিল। 

(খ) বাৰ্গান্দিৰ ক্লানি মঠ ৯১০-ত স্থাপন কৰা হৈছিল।

    ভিক্ষু এজনে জীৱনৰ বাকীবোৰ সময় মঠতে থাকিম বুলি শপত ল'ব লগা হৈছিল। প্ৰাৰ্থনা কৰা আৰু শাৰীৰিক পৰিশ্ৰম কৰাত সময় ব্য়ৱহাৰ কৰাও তেওঁ শপত ল'ব লাগিছিল। পুৰুষ আৰু মহিলা বাবে মঠ বেলেগ আছিল। ১০/২০ জন পুৰুষ আৰু মহিলাই এটা সম্প্ৰদায় পৰা মঠবোৰ ডাঙৰ আৰু বাৰীমাটিৰ লগতে কলেজ, স্কুল আৰু চিকিৎসালয় সৈতে শ শ জন লোক আন এটা সম্প্ৰদায়লৈ ৰূপান্তৰিত হৈছিল। এয়োদশ শতিকাৰ পৰা ভিক্ষু কিছুমান দলে (Friars) একেটা মঠতে আবদ্ধ থকা নাছিল। তেওঁলোকে ভিক্ষা মাগি মানুহৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেই দলবোৰে ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল।  

    ৭৩ টা নিয়মৰ অধ্য়ায় এখন পাণ্ডুলিপি আছিল বেনেডিক্টাইন মঠত। সেই নিয়মবোৰ ভিক্ষু সকলে মানি চলিব লগা হৈছিল। সেই নিয়ম সমূহ আছিল-

 (১) ষষ্ঠ অধ্য়ায়ঃ ভিক্ষু সকলক কথা কোৱা অনুমতি কাৎচিত হে দিব লাগে।

 (২) সপ্তম অধ্য়ায়ঃ মানবীয়তা মানে আনুগত্য়শীলতা।

(৩) ৩৩ অধ্য়ায়ঃ কোনো ভিক্ষুয়ে সম্পত্তি গৰাকী হ'ব নালাগে।

(৪) ৪৭ অধ্য়ায়ঃ এলেহুৱা জীৱনে হল আত্মাৰ শত্ৰু, সেই কাৰণে ভিক্ষু বা ভিক্ষুণী সকলে কেতিয়াবা পবিত্ৰ-গ্ৰন্ঠ আৰু শাৰীৰিক পৰিশ্ৰম অধ্য়ায়ন কৰিব লাগে। 

(৫) ৪৮ অধ্য়ায়ঃ মঠবোৰ পানী, বাগিছা, মিল, আৰু কাৰখানা দৰে সকলো বোৰ প্ৰয়োজনীয় সুবিধা মঠৰ চাৰিসীমাৰ ভিতৰতে পাব পাৰে


) গীৰ্জানগৰ

উত্তৰঃ গীৰ্জানগৰঃ দ্বাদশ শতিকাৰ পৰা কেথেদ্ৰেল নামৰ ডাঙৰ গীৰ্জাবোৰ ফ্ৰান্সত নিৰ্মাণ হৈছিল। গীৰ্জা ঘৰলৈ চহকী সদাগৰসকলে উপাৰ্জন কৰা ধনৰ একোটা অংশ ধৰ্মৰ নামত দান কৰিছিল। এই কেথেদ্ৰেলবোৰ খ্ৰীষ্টান মঠ বিলাকৰ সম্পত্তি আছিল। কেথেদ্ৰেল বোৰ নিৰ্মাণ কৰিব কাৰণে কিছুমান লোকে আৰ্থিক আৰু শাৰীৰিক সাহায্য় আগবঢ়াইছিল। সেই কেথেদ্ৰেলবোৰ পাথৰে নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰোতে বহুবছৰ লাগিছিল। সেইবোৰ নিৰ্মাণ কৰোত চাৰিও ফালে মানুহে বাস কৰিছিল। সেইবোৰ নিৰ্মাণ কৰি লোৱা পিছত কেথেদ্ৰেলবোৰক কেন্দ্ৰ কৰি এখন সৰু নগৰ গঢ়ি উঠিছিল। 

    তীৰ্থ ভ্ৰমণ খ্ৰীষ্টান ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কাৰ্য্য়সূচী আছিল। কেথেদ্ৰেলবোৰ নিৰ্মাণ এনে ধৰণৰ আছিল,পুৰুষ সকলৰ মাত কেথেদ্ৰেলৰ ভিতৰত থকা মানুহে স্পষ্টকৈ শুনিবলৈ পাইছিল। ভিক্ষুসকলৰ প্ৰাৰ্থনা শুনিবলৈ অতি শুৱলা আছিল। সুৰধ্বনি সৃষ্টি কৰা ঘন্টা শব্দ আৰু প্ৰাৰ্থনা বহু দূৰৈৰ পৰা শুনা পাইছিল। সেই কেথেদ্ৰেলবোৰত খিড়িকীৰ কাৰণে ৰঙীন দাগকটা (Stained) চিচা লগাইছিল। 

    কেথেদ্ৰেলৰ ভিতৰতো দিনত সূৰ্যৰ পোহৰ উজ্জ্বলায় তুলিছিল আৰু ৰাতি পোহৰৰ কাৰণে মম ব্য়ৱহাৰ কৰিছিল। মমৰ পোহৰ বাহিৰত থকা লোকসকলে দেখা পাইছিল।    


Type: Nayan Moni Deka  


Post ID : DABP006460


Important Question Answers 


১) কিমান চনত ভাস্কো-ডা-গামা কালিকট বন্দৰত উপস্থিত হৈছিল ।

উত্তৰঃ ১৪৯৮ চনত ভাস্কো-ডা-গামা কালিকট বন্দৰত উপুস্থিত হৈছিল । 


২) কিমান চনত মাৰ্টিন লুথাৰে কেথলিক ধৰ্ম প্ৰচাৰ কৰিছিল ।

উত্তৰঃ ১৫২১ চনত মাৰ্টিন লুথাৰে কেথলিক ধৰ্ম প্ৰচাৰ কৰিছিল । 


৩) কিমান চনত ইংলেণ্ডত টিউডৰ ৰাজবংশ প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ ১৪৮৫ চনত ইংলেণ্ডত টিউডৰ ৰাজবংশ প্ৰতিষ্ঠা কৰা হৈছিল । 


৪) কিমান চনত ভাৰতবৰ্ষত বিজয় নগৰ প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ ১৩৩৬ চনত ভাৰতবৰ্ষত বিজয় নগৰ প্ৰতিষ্ঠা কৰা হৈছিল । 


৫) প্ৰথম ছপাশাল কত প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  পমেছাচুচেটত প্ৰথম ছপাশাল প্ৰতিষ্ঠা কৰা হৈছিল ।


৬) চেইন্ট বেনেডিক্টে প্ৰতিষ্ঠা কৰা এটা বিখ্যাত মঠৰ নাম লিখা ।

উত্তৰঃ  চেইন্ট বেনেডিক্টে প্ৰতিষ্ঠা কৰা এটা বিখ্যাত মঠৰ নাম হল বাৰ্গান্দিৰ ক্লানি মঠ । 


৭)  ফৰাছী বিপ্লৱ কেতিয়া হৈছিল ।

উত্তৰঃ ১৭৮৯ খ্ৰীঃত ফৰাচী বিপ্লৱ হৈছিল । 


৮) ইংলেণ্ডৰ কৃষক বিদ্ৰোহ কিমান চনত হৈছিল ।

উত্তৰঃ  ১৩৮১ চনত ইংলেণ্ডৰ কৃষক বিদ্ৰোহ হৈছিল ।


৯) কিমান চনত আৰু কাৰ কাৰ মাজত এশবছৰীয়া যুদ্ধ হৈছিল ।

উত্তৰঃ  ১৩৩৮ চনত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত এশবছৰীয়া যুদ্ধ হৈছিল । 


১০) কিমান খ্ৰীঃপূঃত পোপ তৃতীয় লিওই চাৰ্লেমেগ্নেক পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট পাতে । 

উত্তৰঃ  ৮০০ খ্ৰীঃপূঃত পোপ তৃতীয় লিওই চাৰ্লেমেগ্নেক পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট পাতে । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer type  Ali rani Kakati