অধ্যায় ১২
ঘৰ্ষণ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
A. ১। ঘর্ষণ বলৰ সংজ্ঞা দিয়া।
উত্তৰঃ এখন তলৰ ওপৰেৰে গতি কৰোতে গতিৰ বিপৰীত দিশত তলখনে গতি কৰা বস্তুটোৰ ওপৰত যি বল প্রয়োগ কৰে সেই বলকেই ঘৰ্ষণ বল বোলে।
২। ঘর্ষণ বলে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ ঘৰ্ষণ বল তলত দিয়া কাৰক সমূহৰ ওপৰত নিৰ্ভৰ শীল –
(ক) সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল ৷
(খ) দুখন প্ৰদত্ত পৃষ্ঠৰ বাবে পৃষ্ঠৰ মসৃণতাৰ মাত্ৰাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।
(গ) পৃষ্ঠ দুখন কিমান জোৰেৰে পৰস্পৰ হেঁচা খাই থাকে তাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।
৩। মজিয়াৰ ওপৰেৰে বগৰাই দিয়া মাৰ্বল এটা কিছু দূৰ গৈ ৰৈ যায় কিয় ব্যাখ্যা কৰা ৷
উত্তৰ : মজিয়াৰ ওপৰেৰে বগৰাই দিয়া মাৰ্বল এটা কিছু দূৰ গৈ ৰৈ যায়, কাৰণ মাৰ্বলটোৰ গতিৰ বিপৰীত দিশত মজিয়াখনে আন এক বল দিছে। এই বলেই হ’ল ঘৰ্ষণ বল।
৪। পিছল ঘৰ্ষণ আৰু ঘূৰ্ণি ঘৰ্ষণৰ পাৰ্থক্য কি ? কোন বিধ ঘৰ্ষণৰ মান বেছি ?
উত্তৰ: পিছল ঘৰ্ষণত এটা বস্তু আন এটাৰ ওপৰেৰে পিচলিবলৈ আৰম্ভ কৰে। আনহাতে, ঘূৰ্ণি ঘৰ্ষণত এটা বস্তু আন এটা বস্তুৰ ওপৰেৰে বাগৰি যায়। পিছল ঘৰ্ষণ ঘূৰ্ণি ঘৰ্ষণলৈ ৰূপান্তৰ হয়, কিন্তু ঘূর্ণি ঘর্ষণ পিছল ঘৰ্ষণলৈ ৰূপান্তৰ নহয়।পিছল ঘৰ্ষণৰ মান ঘূৰ্ণি ঘৰ্ষণৰ মানতকৈ বেছি।
৫। দৈনন্দিন জীৱনত ঘৰ্ষণে কৰা তিনিটা সুবিধাৰ কথা উল্লেখ কৰা।
উত্তৰঃ দৈনন্দিন জীৱনত ঘৰ্ষণে কৰা তিনিটা সুবিধা হ’ল
(ক) খোজ কঢ়াত ঘর্ষণ বলে আমাক সহায় কৰে। আমাৰ ভৰি আৰু মজিয়া বা ৰাস্তাৰ মাজত যদি ঘৰ্ষণ নহ’লহেঁতেন খোজ কঢ়াটোৱেই সম্ভৱ নহ’লহেঁতেন ।
(খ) ঘৰ্ষণ নাথাকিলে সুতা, ৰচিৰে কোনো গঠিয়েই মাৰিব পৰা নগ’লহেঁতেন। সুতা আৰু হাতৰ মাজত হোৱা ঘৰ্ষণৰ ফলতহে এইবোৰ গাঁঠি মাৰিব পৰা হয়।
(গ) হাতেৰে বা চামুচেৰে ঘৰ্ষণৰ বাবেহে ভাত খাব পাৰি। ঘৰ্ষণ নাথাকিলে মুঠি মাৰিব খুজিলেই ভাত কেইটা আঙুলিৰ ফাকেৰে পাৰ হৈ গ’লহেঁতেন।
৬। ঘৰ্ষণৰ ফলত হোৱা দুটা অপকাৰৰ বিষয়ে লিখা ।
উত্তৰ: ঘৰ্ষণৰ ফলত হোৱা দুটা অপকাৰ হৈছে –
যান-বাহনৰ চকাৰ ওপৰত ৰাস্তাই দিয়া ঘৰ্ষণ বলে অতিক্ৰম কৰিবলৈ শক্তিৰ খৰচ কৰিব লগা হয়। এই শক্তি আমাৰ অপচয় হয় ।
যান বাহন অথবা যন্ত্রপাতিৰ যিবোৰ অংশই অনবৰত ঘঁহনি খাই গতি কৰি থাকে সেইবোৰ অংশ ঘৰ্ষণৰ কাৰণে ক্ষয় গৈ নষ্ট হয়।
৭। ব্ৰেকৰ ব্যৱহাৰ কেনেকৈ ঘৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰ: চাইকেল, মটগাড়ী আদিৰ ব্ৰেক প্ৰণালীত ব্ৰেক পেড ব্যৱহাৰ কৰি ঘৰ্ষণ বৃদ্ধি কৰা হয়। চাইকেল চলাই থাকোতে ৰখাব লগা হ’লে ব্ৰেক লিভাৰত হেঁচা দিলে, তেতিয়া ব্ৰেক পেডৰ ঘৰ্ষণৰ বাবে চকাৰ গতি বাধা গ্রস্ত কৰে। ফলত চকাৰ গতি বন্ধ হয়।
৮। যান বাহনৰ চকা ব্যৱহাৰ কৰাৰ পৰা কি কি সুবিধা পোৱা যায়।
উত্তৰঃ যান বাহনৰ চকা ব্যৱহাৰ কৰাৰ বাবে চকা আৰু ৰাস্তাৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয়। সেই বাবে যান বাহনৰ চলা চল সম্ভৱ হৈছে। নাথাকিলে কোনো যান বাহনেই চলিব নোৱাৰিলেহেঁতেন।
৯। মজিয়াত তেল পৰিলে তাৰ ওপৰেদি কিয় খোজ কাঢ়িব নোৱাৰি ?
উত্তৰ: মজিয়াত তেল পৰিলে ভৰি আৰু মজিয়াৰ মাজত ঘৰ্ষণ কমি যায়। সেইবাবে মজিয়াত তেল পৰিলে তাৰ ওপৰেদি খোজ কাঢ়িব নোৱাৰি।
১০। লুব্রিকেটিং বা পিছলকাৰী তেলৰ কাম কি ?
উত্তৰঃ লুব্রিকেটিং বা পিছলকাৰী তেলৰ কাম হ’ল সঁজুলি সমূহৰ ঘৰ্ষণ কমাবলৈ চেষ্টা কৰা আৰু কাৰ্যদক্ষতা বঢ়োৱা।
B. খালী ঠাই পূৰ কৰা
(ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ —– ঘৰ্ষণে বাধা দিয়ে।
উত্তৰ : আপেক্ষিক গতিত ।
(খ) ঘর্ষণে —– উৎপন্ন কৰে।
উত্তৰ : তাপ ।
(গ) কেৰম ব’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালৈ ঘর্ষণ —–।
উত্তৰ : কমে ।
(ঘ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰণৰ মান —–।
উত্তৰ : কম ।
C. (i) তলৰ বিভিন্ন ঘৰ্ষণৰ মান বোৰ অধঃক্ৰমত সজাবলৈ কোৱা হ’ল। কোনটো শুদ্ধ নিৰ্ণয় কৰা।
(ক) ঘূর্ণি, স্থিতি, পিছল (খ) ঘূর্ণি, পিছল, স্থিতি
(গ) স্থিতি, পিছল, ঘূর্ণ (ঘ) পিছল, স্থিতি, ঘূর্ণি
উত্তৰ: (গ) স্থিতি, পিছল, ঘূর্ণি।
D. ব্যাখ্যা কৰা –
(ক) বঠা মাৰিলে কিয় নাও চলে ?
(খ) আমি খোজকঢ়া কিয় সম্ভৱ হয় ?
(গ) ৰকেট মহাকাশলৈ নিক্ষেপ কৰা কিয় সম্ভৱ হয় ? জেট বিমান কিয় চলাব পাৰে ?
উত্তৰ : (ক) নাৱৰীয়াই পানীক যিটো দিশত হেঁচে নাওখন তাৰ বিপৰীত দিশত যায়। বঠাই পানী যিটো দিশত হেঁচে পানীয়ে বঠা আৰু নাওখনক তাৰ বিপৰীত দিশত হেঁচে। হেঁচা আৰু প্ৰতি হেঁচাৰ বাবে নাও চলাব পাৰি ।
(খ) খোজকাঢ়োতে আমি পৃথিৱীক পিছলৈ ঠেলি দিওঁ। এয়া ক্রিয়া। পৃথিৱীয়ে আমাক সমান বলেৰে আগলৈ ঠেলি দিয়ে। এইটো প্রতিক্রিয়া। এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বাবে আমি খোজ কঢ়া সম্ভৱ হয়।
(গ) ক্রিয়া প্রতি ক্ৰিয়াৰ বাবে ৰকেট ওপৰলৈ উঠে। ৰকেটৰ ইঞ্জিনে প্রচণ্ড বেগেৰে গেছ খিনি তললৈ উলিয়াই দিয়াটো ক্রিয়া। গেছ খিনিয়েও পৰলৈ ৰকেটটোক ঠেলি দিয়াটো প্রতিক্রিয়া।বায়ুহীন অৱস্থাত ৰকেটখনে বায়ুৰ বাধা নাপায় বাবে বেছি সুকলমে যাব পাৰে ৷ জেটবিমানো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বাবে চলাব পাৰে। জেট বিমানৰ ইঞ্জিনে প্রচণ্ড বেগেৰে গেছ খিনি তললৈ উলিয়াই দিয়ে আৰু জেট বিমানখনক এই গেছ খিনিয়ে প্রতিক্রিয়া হিচাপে ওপৰলৈ ঠেলি দিয়ে আৰু জেট বিমানখন এই ক্রিয়া আৰু তাৰ প্ৰতিক্ৰিয়াৰ ফলত উৰিব পাৰে ৷
E. (ক) দুর্ঘটনা বশতঃমাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খোজকঢ়াটো সহজ হ’বনে কঠি নহ’ব ? কাৰণ দর্শোৱা।
উত্তৰ : ইয়াৰ বাবে মজিয়াখনত খোজকঢ়াটো কঠিন হ’ব। কাৰণ, সকলো পৃষ্ঠৰ বাবে ঘর্ষণ বল একে নহয়। পৃষ্ঠতলৰ মসৃণতাৰ ওপৰত ই নিৰ্ভৰশীল হয়। সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হয়। যেতিয়া মাৰ্বলৰ মজিয়াত চাবোন পানী পেলোৱা হয়, মজিয়াখন পিছল হৈ পৰে। ইয়াৰ ওপৰেদি যেতিয়া খোজকঢ়া আৰম্ভ কৰা হয় তেতিয়া ভৰিৰ পৃষ্ঠৰ স্পৰ্শবিন্দুসমুহে মজিয়াৰ স্পৰ্শ বিন্দুসমুহৰ লগত সংলগ্ন হ’বলৈ পর্যাপ্ত সময় নাপায়। সেয়েহে চাবোন পানী পৰা মাৰ্বলৰ মজিয়াত খোজ কঢ়াটো কঠিন হৈ পৰে।
(খ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘর্ষণ কিয় কম ? ব্যাখ্যা কৰা।
উত্তৰ : স্থিতাৱস্থাত থকা বস্তু এটাই গতি আৰম্ভ কৰাৰ মুহূৰ্তত ঘৰ্ষণ অতিক্রম কৰিবলৈ প্ৰয়োজন হোৱা বলেই স্থিতি ঘৰ্ষণৰ জোখ। আনহাতে, এটা বস্তুক সমদ্ৰুতিত গতিত কৰাই থাকিবলৈ বস্তু এটাক প্রয়োজন হোৱা বলেই পিছল ঘৰ্ষণৰ জোখ। যেতিয়া, এটা গধুৰ বাকচ স্থিৰ অৱস্থাৰ পৰা গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ পৃষ্ঠৰ স্পৰ্শ বিন্দুসমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমুহৰ লগত সংলগ্ন কিছু পৰিমাণে কম হয় ৷ এইবাবে স্থিতিশীল বস্তু এটাতকৈ গতি কৰি থকা বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ সহজ ৷
(গ) তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা।
উত্তৰ : তৰল পদাৰ্থৰ মাজেৰে গতি কৰা বস্তুৱে সিহঁতৰ ওপৰত ক্রিয়াশীল ঘৰ্ষণক পৰাভূত কৰিব পাৰিব লাগিব। সেই কাৰণে বস্তুবোৰক বিশেষ আকৃতি প্রদান কৰা হয় ৷ চৰাই আৰু মাছে অনবৰতে তৰল পদাৰ্থৰ মাজেৰে যাব লগা হয়। ঘৰ্ষণ অতিক্ৰম কৰোতে হোৱা শক্তি ক্ষয় কমোৱাৰ বাবে সিহঁতৰ শৰীৰৰ আকৃতি সমুচিত ৰূপলৈ বিৱৰ্তিত হৈছে । সেইদৰে উৰাজাহাজৰ আকৃতিও চৰাইৰ আকৃতিৰ লগত সাদৃশ্য ৰাখি নিৰ্মাণ কৰা হয়।
(ঘ) হঠাৎ ঘৰ্ষণ অদৃশ্য হ’ল বুলি কল্পনা কৰা। জীৱন শৈলীত কি পৰিবৰ্তন ঘটিব। এনে পাঁচটা অৱস্থা লিখা।
উত্তৰ : হঠাৎ ঘৰ্ষণ অদৃশ্য হ’লে আমাৰ জীৱন শৈলীত হ’বলগীয়া পৰিবৰ্তন পাঁচটা হ’ল –
(i) আমি মজিয়া বা ৰাস্তাত খোজ কঢ়াটো অসম্ভৱ হ’ব।
(ii) কোনো যান-বাহন চলিব নোৱাৰিব।
(iii) আমি কলম অথবা পেঞ্চিলেৰে লিখিব নোৱাৰিম।
(iv) সুতা বা ৰচিৰে কোনো গাঁঠিয়েই মাৰিব নোৱাৰিম। সকলো গাঁঠিয়ে ই নিজে নিজে খোল খাই যাব।
(v) হাতেৰে বা চামুচেৰে ভাত খাব নোৱাৰিম। মুঠি মাৰিব খুজিলেও ভাতবোৰ আঙুলিৰ ফাকেৰে পাৰ হৈ যাব।
(ঙ) তোমাৰ পছন্দৰ খেল বিধৃত ঘর্ষণে কি ভূমিকা পালন কৰে ? যাঁত ঘৰ্ষণে সহায় কৰিছে নহয় বাধা দিছে।
উত্তৰঃ মোৰ প্ৰিয় খেল জিমনাষ্টিকত, জিমনাষ্টসকলে ভালকৈ খোপনি ৰাখিবৰ বাবে ঘৰ্ষণ বৃদ্ধি কৰিবলৈ দুয়োখন হাততে খহটা কিছুমান গুড়ি পদার্থ ব্যৱহাৰ কৰে। এই খেলবিধত ঘর্ষণে সহায় কৰে।
(চ) খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।
উত্তৰ: খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰাৰ কাৰণ হ’ল জোতাৰ তলিয়ে খেল পথাৰত খোপনি ৰাখিব পাৰে। খেলুৱৈ জনে খেলিবৰ সময়ত দৌৰোঁতে বা খৰকৈ খোজকাঢ়োঁতে যাতে পিচল নেখায় আৰু নিৰাপদে খেলিব পাৰে তাৰ বাবে জোতাত গজাল ব্যৱহাৰ কৰে। ইয়াৰ ফলত ঘৰ্ষণ বৃদ্ধি হয় আৰু ভালকৈ খোপনি পুতিব পাৰে ৷
(ছ) স্থিতিশীল বস্তু এটাতকৈ গতি কৰি থকা বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ সহজ কিয় ব্যাখ্যা কৰা।
উত্তৰ: যেতিয়া বস্তু এটা স্থিতিশীল অৱস্থাত থাকে, ইয়াক গতি দিবলৈ হ’লে স্থিতি ঘৰ্ষণে ক্ৰিয়া কৰে ৷ যেতিয়া বস্তুটোৱে আন এটা বস্তুৰ ওপৰত পিচলিবলৈ আৰম্ভ কৰে তেতিয়া পিচল ঘৰ্ষণে ক্রিয়া কৰে। বস্তুটোৱে গতি কৰিবলৈ আৰম্ভ কৰোঁতে ইয়াৰ পৃষ্ঠৰ স্পৰ্শবিন্দু সমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ লগত সংলগ্ন হ’বলৈ পর্যাপ্ত সময় নাপায়। সেইবাবে ঘৰ্ষণ কমে আৰু স্থিতিশীল বস্তু এটাতকৈ গতি কৰি থকা বস্তু এটাৰ গতি বৰ্তাই ৰাখিবলৈ সহজ।
Author: Himashree Bora.
Check by - Mukesh Borah
Post ID : DABP006172