অধ্য়ায় ১৩
শব্দ
👉Text Book PDF
👉MCQ Online Exam
👉MCQs Answer
অনুশীলনীঃ
১। কম্পনে শব্দৰ সৃষ্টি কৰে । এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ- কম্পমান বস্তুৰ দ্বাৰা শব্দৰ সৃষ্টি হয়। ইয়াৰ উদাহৰণ হ’ল – সুৰশলাকা এডাল লোৱা হ’ল। শলাকাৰ বাহুত আঘাত কৰি বেণ্ড এডাল ধৰা হ’ল। এতিয়া, কাণৰ ওচৰত ধৰাত শব্দ শুনা পোৱা গ’ল। ইয়েই প্রমাণ কৰে যে কম্পনে শব্দ সৃষ্টি কৰে।
২। অতিশব্দ আৰু অৱশ্রাব্য শব্দ কি কি?
উত্তৰঃ- 20,000 হার্টজতকৈ বেছি কম্পনাংকৰ শব্দ হ’ল অতিশব্দ আৰু বিশ হার্টজতকৈ কম কম্পনাংকৰ শব্দবোৰ হ’ল অশ্রাব্য বা অৱশব্দ ৷
৩। এক হার্টজ কাক বােলে?
উত্তৰঃ- কম্পনাংকৰ একক হ'ল হাৰ্টজ। এক ছেকেণ্ডত এবাৰ কঁপিলে কম্পনাংক 1 হাৰ্টজ। ইয়াকে এক হাৰ্টজ বোলে।
৪। মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।
উত্তৰঃ- পৰিৱেশত অত্যাধিক বা অবাঞ্চনীয় শব্দৰ উপস্থিতিক শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ কিছুমান উৎসৰ এখন তালিকা প্ৰস্তুত কৰা।
শব্দ প্ৰদূষণৰ মুখ্য কাৰণসমূহ হ'ল যান-বাহনৰ শব্দ, ফটকাৰ শব্দকে ধৰি সকলো প্ৰকাৰৰ বিস্ফোৰণ, কল-কাৰখানাৰ যন্ত্ৰপাতি, লাউডস্পিকাৰ আদি। আমাৰ চাৰিওফালে হোৱা অত্যাধিক কোলাহলে নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি তোমালোকে জানানে ? টোপনি নোহোৱা, উচ্চ ৰক্তচাপ, উৎকন্ঠা, আৰু বহুতো স্বাস্থ্য বিসংগতি কাৰণ শব্দ প্ৰদূষণ। উচ্চ স্বৰৰ শব্দ অবিৰত ভাবে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ীৰূপত শ্ৰবণ বিসংগতি হ'ব পাৰে।
৫। বিজুলী পােহৰ দেখাৰ অলপ পিছতহে ঢেকেনিৰ শব্দ শুনা যায় কিয়?
উত্তৰঃ- শব্দৰ বেগতকৈ পোহৰৰ বেগ বেছি বাবে বিজুলী পোহৰ দেখাৰ অলপ পিছতহে ঢেৰেকণিৰ শব্দ শুনা যায়।
৬। শব্দ ভালদৰে প্রতিফলিত কৰিব পৰা দুবিধ পদাৰ্থৰ আৰু শব্দ ভালদৰে প্রতিফলন দুবিধ পদাৰ্থৰ নাম লিখা।
উত্তৰঃ- শব্দ ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থ হ’ল – ধাতুৰ পাত আৰু প্লাইউড। শব্দ ভালদৰে প্ৰতিফলন নকৰা দুবিধ পদাৰ্থৰ নাম হ’ল – কাপোৰ আৰু থাৰ্মক’ল।
৭। ডাঙৰ প্রেক্ষাগৃহত শব্দৰ প্রতিফলন হলে কি অসুবিধা হ’ব?
উত্তৰঃ- ডাঙৰ প্ৰেক্ষা গৃহত উৎসৰ পৰা পোনে পোনে অহা ফলত শব্দৰ প্রতিফলনে প্রতিধ্বনিৰ সৃষ্টি কৰিব আৰু ভালদৰে শুনিবলৈ অসুবিধা হ’ব।
৮। ডাঙৰ প্রেক্ষাগৃহত শব্দৰ প্রতিফলন দূৰ কৰিবলৈ কি ব্যৱস্থা কৰা হয়?
উত্তৰঃ- ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন দূৰ কৰিবলৈ প্ৰেক্ষা গৃহৰ বেৰ, চাল আদিত শব্দ শোষক কৰিব পৰা পদাৰ্থৰ আৱৰণ দিয়া থাকে। এনে আৱৰণে বেৰ আৰু চালৰ পৰা শব্দৰ প্ৰতিফলন হ্ৰাস কৰে।
B. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
ক ) শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে –
(i) একমাত্র গেছ
(ii) গােটা পদার্থ মাত্র
(iii) একমাত্র জুলীয়া পদার্থ
(iv) গােটা , জুলীয়া আৰু গেছীয় পদার্থ ।
উত্তৰঃ (iv) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ।
খ) পানীত শব্দৰ বেগ –
(i) 1200 মিঃ / ছেঃ
(ii) 1300 মিঃ / ছেঃ
(iii) 1400 মিঃ / ছেঃ
(iv) 1450 মিঃ / ছেঃ
উত্তৰঃ (iii)1400 মি : ছে:
গ) মানুহৰ শ্ৰাব্য কম্পাংকৰ পৰিসৰ-
(i) 20-2000 হার্টজ
(ii) 200-200,000 হার্টজ
(iii) 20-20,000 হার্টজ
(iv) 20-200,000 হার্টজ
উত্তৰঃ (iii) 20-20,000 হাৰ্টজ।
ঘ) কাৰ মাত কম কম্পনাংকৰ হ'ব -
(i) কেঁচুৱা ছােৱালী
(ii) কেঁচুৱা ল'ৰা
(iii) পুৰুষ
(iv) মহিলা
উত্তৰঃ (i) কেঁচুৱা ছোৱালী।
C. শুদ্ধ - অশুদ্ধ নির্ণয় কৰা -
(ক) বাদুলিয়ে সৃষ্টি কৰা শব্দ মানুহে শুনে।
উত্তৰঃ অশুদ্ধ।
(খ) চন্দ্রপৃষ্ঠতাে দুজন মানুহে কথা পাতিব পাৰিব।
উত্তৰঃ অশুদ্ধ।
(গ) সকলাে বস্তুৱে কম - বেছি পৰিমাণে শব্দ প্রতিফলিত কৰে।
উত্তৰঃ শুদ্ধ।
(ঘ) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নােৱাৰে।
উত্তৰঃ শুদ্ধ।
(ঙ) শব্দ প্ৰদূষণে শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে।
উত্তৰঃ শুদ্ধ।
D. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা
(i) কম্পাংকৰ একক হৈছে ।
উত্তৰঃ হাৰ্টজ।
(ii) শব্দৰ বেগতকৈ বেগ বেছি ।
উত্তৰঃ পোহৰ।
(ii) বাদুলিয়ে উচ্চ অতি শব্দ নির্গত কৰে ।
উত্তৰঃ কম্পনাংক।
(iv) আমি ৰে শব্দ শুনাে।
উত্তৰঃ কাণেৰে।
(v) গৰম বায়ুত শব্দৰ বেগ ।
উত্তৰঃ বেছি।
E. ( i ) জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰিত হােৱাৰ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ- জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰিত হয় যে তলৰ পৰীক্ষাটোৰদ্বাৰা বৰ্ণনা কৰা হ’ল –
1.প্ৰথমে এটা বাল্টি পৰিষ্কাৰ পানীৰে পূৰ কৰা হ’ল।
2.এখন হাতত সৰু টিলিঙা ঘন্টা এটালৈ পানীৰ মাজত টিলিঙাটো এনেদৰে জোকাৰি দিয়া হ’ল যাতে টিলিঙাটো বাল্টিৰ গাত লগা নাছিল।
3. তাৰ পিছত কাণ এখন পানীৰ পৃষ্ঠত কাণত পানী নোসোমোৱাকৈ ৰখা হ’ল। টিলিঙাটোৰ শব্দ শুনিবলৈ পোৱা গ’ল ।
(ii) মাধ্যম নহ'লে শব্দ সঞ্চাৰিত হ'ব নােৱাৰে । তাকে প্রতিপন্ন কৰিবলৈ এটা পৰীক্ষা বর্ণনা।
উত্তৰঃ- শব্দ সঞ্চাৰিত হ’বলৈ মাধ্যমৰ প্ৰয়োজন। তাকে প্রতিপন্ন কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা হ’ল।এটা টেবুল ঘড়ী কাঁচৰ পাত্ৰৰ ভিতৰত ৰখা হ’ল। ঘড়ীটো বাজি থাকিলে বাহিৰৰ পৰা শব্দ শুনা যায়। কাঁচৰ পাত্ৰৰ ভিতৰৰ পৰা বায়ুখিনি পাম্পৰ সহায়ত উলিয়াই অনাত শব্দ ক্ষীণ হ’ল। পাত্ৰটোৰ ভিতৰত বায়ুশূন্য অৱস্থাৰ সৃষ্টি কৰাত শব্দ বাহিৰলৈ ওলাই আহিব নোৱাৰা হ’ল। ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণ হ’ল যে প্ৰকৃততে শব্দ সঞ্চাৰণৰ বাবে মাধ্যমৰ প্রয়োজন। বায়ুশূন্য অৱস্থাৰ মাজেৰে শব্দ সঞ্চাৰণ হ’ব নোৱাৰে।
(iii) সাগৰত ভাহি থকা জাহাজ এখনৰপৰা পানীৰ তললৈ পঠিওৱা এটা শব্দ ২ ছেকেণ্ড পিছত জাহাজলৈ প্রতিফলিত হৈ আহিল । সেই ঠাইত সাগৰৰ গভীৰতা কিমান?
উত্তৰঃ-
আমি জানো যে,
পানীত শব্দৰ ব্লেগ 1400 মি./ছে. শব্দই অতিক্রম কৰা দূৰত্ব
= জাহাজৰ পৰা সাগৰ তলিৰ দূৰত্ব + সাগৰ তলিৰ পৰা জাহাজৰ দূৰত্ব
= 2 × জাহাজৰ পৰা সাগৰ তলিৰ দূৰত্ব
= শব্দৰ বেগ × সময়
= 1400 মি. / ছে. × 2 ছে.
= 2800 মি.
সেই ঠাইৰ সাগৰৰ গভীৰতা = 2800 / 2 মিটাৰ
= 1400 মিটাৰ।
(iv) 1/15 ছেকেণ্ড ব্যৱধানত দুটা শব্দ কাণত পৰিলেহে মানুহে শব্দ দুটাৰ পাৰ্থক্য ধৰিব পাৰে । প্রতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত সর্বনিম্ন দূৰত্ব কিমান হ'ব লাগিব?
উত্তৰঃ
Type- Nayan jyoti Bordoloi
Author: Himashree Bora.
Check by - Mukesh Borah
Post ID : DABP006174