গতি আৰু সময়

ত্ৰয়োদশ অধ্য়ায়


অনুশীলনী

A. জ্ঞানবৰ্ধক প্ৰশ্ন (Knowledge based Question):

। দ্ৰুতি মানে কি?

উত্তৰঃ প্রতি একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বই হৈছে দ্রুতি।


২। সময় মানে কি?

উত্তৰঃসময় হৈছে ঘড়ীৰ সহায়ত লোৱা জোখ।


৩। সৰল দোলক কি?

উত্তৰঃপাতল আৰু প্ৰসাৰণ হ'ব নোৱাৰা সূতাৰ সহায়ত বিন্দুসম অথচ ভৰযুক্ত এটা বস্তু ওলোমাই দিলে এটা সৰল দোলক পোৱা হয়।


৪। সময় জোখা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ ডিজিটেল ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী, সূর্য ঘড়ী, পানী ঘড়ী, বালি 


৫। দূৰত্ব সময় লেখ বুলিলে কি বুজা?

উত্তৰঃদূৰত্ব-সময় লেখৰ সহায়ত বস্তুৰ গতি চিত্ৰকাৰে প্ৰকাশ কৰিব পাৰি।


C. চমু প্ৰশ্ন (Short answer Question):

1. তলত দিয়া গতিবোৰ কি গতি চিনাক্ত কৰা

(ক) পোন ৰাস্তাৰে গৈ থকা ঘোঁৰাগাড়ী এখনৰ গতি।

উত্তৰঃবেগবান গতি


(খ) শিশু এটিয়ে আনন্দতে ঘূৰি নাচি-বাগি থকা গতি।

উত্তৰঃ ধীৰ গতি।


(গ) দোলনাত চলি থকা শিশু এটিৰ গতি।

উত্তৰঃধীৰ গতি।



(ঘ) বৈদ্যুতিক ঘণ্টাত হাতুৰীৰে মৰা গতি।

উত্তৰঃবেগবান গতি।


2. আমাৰ সময়ৰ জোখৰ আৱশ্যক কিয়?

উত্তৰঃ কিছুমান কার্য নির্দিষ্ট সময়ৰ ব্যৱধানত হয়। সেইবাবে আমাৰ সময়ৰ জোখৰ আৱশ্যক হয়।


3. বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম হ'ল- ডিজিটেল ঘড়ী, ঘড়ী, জেপঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী।


4. কেতিয়া এটা বস্তুৱে গতি কৰা বুজায়?

উত্তৰঃ যদি এটা বস্তুৱে কোনো ঠাইৰ পৰা আন এঠাইলৈ স্থান সলনি কৰে তাকে গতি কৰা বুজায়।


5. সময়ৰ জোখৰ কেইটামান একককৰ নাম লিখা।

উত্তৰঃ সময়ৰ মূল একক হৈছে ছেকেণ্ড। ইয়াৰ চিহ্ন হৈছে ছে (S)। সময়ৰ ডাঙৰ এককবোৰ হ'ল মিনিট (মিন) আৰু ঘণ্টা (ঘ)। ইয়াৰ উপৰিও মাইক্ৰ ছেকেণ্ড (একছেকেণ্ডৰ ১নিযুত ভাগৰ এভাগ) আৰু নেন' ছেকেণ্ড (এক ছেকেণ্ডৰ ১০০ কোটি ভাগৰ এভাগ) থকা ঘড়ীবোৰ বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।


দীঘল প্ৰশ্ন (Long Answer Question):

১। সুষম বেগত গতিশীল বস্তুৰ দূৰত্ব সময়ৰ লে এডাল আঁকা।

উত্তৰঃ



২। সৰল দোলক এটাৰ পৰ্যায় কালৰ জোখ কেনেকৈ লোৱা হয় বৰ্ণনা কৰা।

উত্তৰঃ দোলকৰ পৰ্যায়কাল বহুত কম যাৰ বাবে আমাক ষ্টপ ক্লকৰ প্ৰয়োজন। এটা সম্পূর্ণ দোলনৰ সময় নির্ভুলভাবে উলিওৱাটো সহজ নহয়। গতিকে তলৰ পদ্ধতিটো ব্যৱহাৰ কৰা হ'ল-

এক মিটাৰ দীঘল সূতা এডাল সুদৃঢ় আলম এটাৰ পৰা ওলোমাই ৰখা হ'ল।ওচৰত থকা বিজুলী পাংখা বন্ধ কৰি থোৱা হ'ল। দোলকৰ পিণ্ডটো ঠিক মাজভাগত স্থিৰ কৰি ৰখা হ'ল আৰু মজিয়াত পিণ্ডটোৰ ঠিক তলতে চিন এটা দিয়া হ'ল।তাৰ পিচত পিণ্ডটো সাম্য অৱস্থাৰ পৰা অলপ আঁতৰাই নি চোৱা হ'ল যাতে পিণ্ডটো এৰি দিলেও সুলকি নপৰে। তাৰপিছত পিণ্ডটো লাহেকৈ এৰি দিয়া হ'ল। চলি থকা সময়ত পিণ্ডটো পুনৰ ঠেলি দিব নালাগে।পিণ্ডটো সীমান্ত অৱস্থাৰ পৰা সাম্য অবস্থালৈ গতি কৰোতে Stop Watch টো আৰম্ভ কৰি শূন্যৰ পৰা গণনা কৰা হ'ল। পিণ্ডটো পুনৰ সাম্য অৱস্থান অতিক্রম কৰি পুনৰ আগৰ দিশেৰে সীমান্ত অৱস্থান পাওঁতে। গণনা কৰা হ'ল।এনে ধৰণে 20 টা দোলন শেষ হোৱাত Stop Watch টো বন্ধ কৰা হ'ল। ৭120 টা দোলন সম্পূর্ণ হওঁতে লগা সময় Stop Watch ৰ পৰা লোৱা হ'ল। ৮। তাৰ পিছত পৰ্যবেক্ষণ তালিকাত সন্নিৱিষ্ট কৰা হ'ল।তাৰ পিছত 20 টা দোলন সম্পূর্ণ কৰোঁতে লগা সময়ৰে ভাগ কৰা হ'ল আৰু ইয়াৰ পৰাই আমি পর্যায় কাল পাওঁ।


৩। লেখ কি? তুমি এডাল লেখ কেনেকৈ অংকন কৰিবা।

উত্তৰঃলেখ হ'ল পাৰিসাংখ্যিক ৰৈখিক চিত্র।লেখ অংকন কৰিবলৈ তলত দিয়া নিয়মসমূহ মানিব লগা হয়।মিলিমিটাৰৰ সৰু বৰ্গক্ষেত্ৰৰ কাগজৰ সাধাৰণতে লেখৰ বাবে ব্যৱহাৰ কৰা হয়। লেখ আঁকিবলৈ তলত দিয়া ধৰণে কৰিব পাৰি।

এখন লেখ কাকতৰ বাওঁফালে লম্বভাবে কটাকটি কৰাকৈ x আৰু y অক্ষ দুডাল আঁকি ল'ব লাগে। x-অক্ষত-স্বতন্ত্র মানবোৰ আৰু y অক্ষত Dependent মানবোৰ বহুওৱাব লাগে।ডাঙৰ আৰু সৰু মানবোৰৰ পৰা এটা একক এনেভারে ল'ব লাগে যাতেমানবোৰ লেখ কাকতত সংস্থাপন কৰিব পৰা যায়। তাৰ পিচত লেখ কাকতত মানবোৰ (x, y) হিচাপে সংস্থাপন কৰিব লাগে। তাৰ পিছত লেখ কাকতৰ মানবোৰ এডাল মসৃণ লেখেৰে সংযোগ কৰিব লাগে। তাৰ পিছত লেখ ডালৰ নামকৰণ কৰিব লাগে।


৪। দুটা ৰেল ষ্টেনৰ মাজৰ দূৰত্ব 200কিঃমিঃ এখন ৰেল গাড়ীয়ে 8 ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিলে, ৰেলগাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা।

উত্তৰঃ আমি জানো যে, 

দ্রুতি =  দূৰত্ব/সময়

ইয়াত, 

দূৰত্ব = 200 কিঃমিঃ 

সময়= ৪ ঘণ্টা

.: দ্রুতি = 200/8

= 25 কিঃমিঃ/ঘণ্টাদূৰত্ব



৫। এখন গাড়ীয়ে অডমিটাৰৰ (Odometer) পাঠ 8-00 AM বজাত 50550.0 km পোৱা গল।যদি গাড়ীখনৰ অডমিটাৰটোৱে 8-50 AM বজাত 50610.0 km দেখুৱাই গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব। গাড়ীখনৰ সেই সময় দ্ৰুতি কিঃমিঃ-1 প্ৰকাশ কৰা। লগতে দ্ৰুতি মিঃছে-1ত নিৰ্ণয় কৰা।




৬। ৰীতাই তাইৰ ঘৰৰ পৰা স্কুললৈ চাইকেলেৰে যৈওঁতে 20 মিনিট লয়। যদি চাইকেলখনৰ দ্ৰুতি 2 মি.ছে.-1 হয় তাইৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব নিৰ্ণয় কৰা।




৭। তলত দিয়া ক্ষেত্ৰত দূৰত্ব সময়ৰ লেখৰ আকৃতি দেখুওৱা

(i) এখন সুষম দ্ৰতিত গৈ থকা গাড়ী এখন।

উত্তৰঃ (i) সুষম দ্রুতিত গৈ থকা গাড়ী এখনৰ দূৰত্ব সময়ৰ লেখ হ'ব পাৰে- ধৰা হ'ল,

মাপাংক সময় = 1 মিনিট = X অক্ষ দূৰত্ব = 1 কিঃমিঃ = Y অক্ষ

দূৰত্ব সময়ৰ লেখ হ'ব



(ii) ৰাস্তাৰ দাঁতিত ৰৈ থকা গাড়ী এখন।

উত্তৰঃii) ৰাষ্টাৰ দাঁতিত ৰৈ থকা গাড়ী এখনে যিহেতু কোনো দূৰত্ব অতিক্ৰম নকৰে, গতিকে ইয়াৰ দ্রুতি আৰু সময় শূন্য। অর্থাৎ ইয়াত দূৰত্ব সময়ৰ লেখৰ অংকন 0 হ'ব।


৮। তলৰ চিত্ৰত A আৰু B দুখন যানৰ দূৰত্ব সময় লেখ আঁকি দেখুওৱা হৈছে। কোনখন যানৰ বেগ বেছি?

উত্তৰঃ


৯। সজাই লিখা—

A

B

1. দ্ৰুতি

1. পিতলৰ বল

2. সৰল দোলক  

2. সময়ৰ জোখ

3. ঘড়ী

3. মি ছেঃ-1

4. দূৰত্ব সময় লেখ

4. দোলক

 

5. দ্ৰুতি

উত্তৰঃ

 

১০। কোনো গতিশীল বস্তুৰ সুষম দ্ৰুতি 10মিঃ/ ছেঃ দূৰত্ব আৰু সময়ৰ তালিকা এখন বনোৱা। আৰু তালিকা অনুসৰি ইয়াৰ লেখচিত্ৰ আঁকা

উত্তৰঃ


১১। অসম দ্ৰুতিৰে গতি কৰা কোনো বস্তুৰ দূৰত্ব সময়ৰ এখন তালিকা তলত দিয়া হৈছে। ইয়াৰ লেখচিত্ৰ আঁকা।

সময় ছেকেণ্ড

0

1

2

3

4

দূৰত্ব (মিটাৰ)

0

3

7

12

18

 উত্তৰঃ


১২। A. তলৰ কোনটো সত্য


B. দ্ৰুতিৰ একক

(i) কিঃমিঃ/মিনিট (ii) মিটাৰ/মিনিট

(iii) কিঃমিঃ/ঘণ্টা (iv) মিটাৰ/ছেকেণ্ড

উত্তৰঃ




Check by - Mukesh Borah

Type Himanku bora


Post ID : DABP006289