ভূমিকম্প - এটা প্ৰাকৃতিক দুৰ্যোগ | Chapter 15 | অধ্যায়  ১৫| Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ভূমিকম্প - এটা প্ৰাকৃতিক দুৰ্যোগ  পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

 Chapter 15

ভূমিকম্প - এটা প্ৰাকৃতিক দুৰ্যোগ


 1. অতি চমুকৈ উত্তৰ দিয়া ।

(i) প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?

উত্তৰঃ ধন-জন, সা-সম্পত্তিৰ ক্ষতিসাধন কৰি মানুহ আৰু পশু-পক্ষীৰ জীৱনলৈ অভাৱনীয় দুৰ্যোগ কঢ়িয়াই অনা প্ৰাকৃতিক ঘটনাকেই প্ৰাকৃতিক দুৰ্যোগ বোলা হয়।

(ii) প্লেট বা ফলক কি ?

উত্তৰঃ ভূমিকম্প সম্পৰ্কে আগবঢ়োৱা তত্ত্ববোৰৰ ভিতৰত 'ফলক বিৱৰ্তন তত্ত্ব'টোৱেই সবাতোকৈ গ্ৰহণযোগ্য় বুলি বিবেচিত হৈছে। এই তত্ত্বমতে পৃথিৱীখনৰ উপৰিভাগ একেখন ভূ-পৃষ্ঠৰে গঠিত নহয়। ই কেইবাটাও অংশত বিভক্ত। প্ৰতিটো অংশকে প্লেট বা ফলক বোলা হয়।

(iii) ফলক একোখন কিমান ডাঠ ?

উত্তৰঃ একোখন ফলক 110 কিমি. বা তাতোকৈও অধিক ডাঠ।

(iv) ভূমিকম্পৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা তত্ত্ববোৰৰ ভিতৰত সবাতোকৈ গ্ৰহণযোগ্য তত্ত্বটো কি ?

উত্তৰঃ ভূমিকম্পৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা তত্ত্ববোৰৰ ভিতৰত সবাতোকৈ গ্ৰহণযোগ্য় তত্ত্বটো হৈছেঃ 'ফলক বিৱৰ্তন তত্ত্ব'।

(v) ভাৰতীয় উপমহাদেশখন অৱস্থিত ফলকখনৰ নাম কি ?

উত্তৰঃ ভাৰতীয় উপমহাদেশখন অৱস্থিত ফলকখনৰ নাম হৈছেঃ ভাৰত-অষ্ট্ৰেলীয় ফলক।

(vi) ভূমিকম্পপ্ৰৱণ বলয় দুটা কি কি ?

উত্তৰঃ ভূমিকম্পপ্ৰৱণ বলয় দুটা হৈছেঃ ১) প্ৰশান্ত পৰিধীয় বলয় আৰু ২। আল্পছ-হিমালয় বলয়। 

(vii) ভূমিকম্পৰ কেন্দ্ৰ আৰু অধিকেন্দ্ৰ কি ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগৰ যি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় তাক নাভি বা কেন্দ্ৰ বোলা হয়। কেন্দ্ৰৰ উলম্ব দিশত থকা ভূপৃষ্ঠৰ ঠাইখিনিক উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বোলা হয়। 

(viii) ভূপৃষ্ঠৰপৰা ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা বঢ়াৰ লগে লগে ভূমিকম্পৰ প্ৰাবল্য কিদৰে সলনি হয়? 

উত্তৰঃ ভূ-পৃষ্ঠৰপৰা কেন্দ্ৰৰ গভীৰতা বঢ়াৰ লগে লগে প্ৰাবল্য় কমি যায়।

(ix) ভূকম্পনবিজ্ঞান কি ?

উত্তৰঃ ভূমিকম্পৰ প্ৰাবল্য় নিৰ্ণয় কৰি অধ্য়য়ন কৰা শাখাক ভূকম্পবিজ্ঞান বোলে।

(x) ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধৰ নাম কি ?

উত্তৰঃ ভূমিকম্পৰ প্ৰাবল্য় জোখা যন্ত্ৰবিধৰ নাম হৈছে ৰিখ্টাৰ স্কেল।

(xi) ভূকম্পনলেখৰ প্ৰধান অংশ তিনিটা কি কি ?

উত্তৰঃ ভূমিক্মপনলেখনৰ প্ৰধান অংশ তিনিটা হৈছে-

(ক) এটা দোলক।

(খ) এটা লিখন সঁজুলি আৰু

(গ) তৰংগ লিপিবদ্ধ কৰিবলৈ এখন কাগজ।

(xii) ৰিখ্টাৰ স্কেল কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ ৰিখ্টাৰ স্কেল মাৰ্কিন ভূতত্ত্ববিদ ছাৰ্লছ ফ্ৰান্সিছ ৰিখ্টাৰে উদ্ভাৱন কৰিছিল। 

(xiii) ভূমিকম্পৰ আগজাননী দিয়াৰ বাবে অৱলম্বন কৰা পদ্ধতি দুটা কি কি ?

উত্তৰঃ ভূমিকম্পৰ আগজাননী দিয়াৰ বাবে অৱলম্বন কৰা পদ্ধতি দুটা হৈছে-

(ক) পাৰিসাংখিক আৰু (খ) ভূভৌতিক।

(ix) জাপানত সঘনে ভূমিকম্প হৈ থাকে কিয় ?

উত্তৰঃ জাপান প্ৰশান্ত পৰিধীয় বলয়ৰ অন্তৰ্গত বাবে ইয়াত সঘনে ভূমিকম্প হৈ থাকে।

(xv) ৰিখ্টাৰ স্কেলত এই পৰ্যন্ত লিপিবদ্ধ হোৱা সৰ্বোচ্চ প্ৰাবল্যৰ ভূমিকম্পটো ক'ত হৈছিল ?

উত্তৰঃ ৰিখ্টাৰ স্কেলত এই পৰ্যন্ত লিপিবদ্ধ হোৱা সৰ্বোচ্চ প্ৰাবল্য়ৰ ভূমিকম্পটো 1960 চনত ছিলিত হৈছিল।

2. ভূপৃষ্ঠ গঠন হোৱা যিকোনো চাৰিখন প্ৰধান ফলকৰ নাম লিখা ।

উত্তৰঃ ভূ-পৃষ্ঠ গঠন হোৱা যিকোনো চাৰিখন প্ৰধান ফলকৰ নাম হৈছেঃ 

(১) আফ্ৰিকীয় ফলক।

(২) ইউৰেছীয় ফলক।

(৩) ভাৰত-অষ্ট্ৰেলীয় ফলক।

(৪) প্ৰশান্তীয় ফলক।

3. ভূমিকম্প উৎপত্তিৰ কাৰণ সম্পৰ্কে থকা ফলক বিৱৰ্তন তত্ত্বটো ব্যাখ্যা কৰা ।

উত্তৰঃ ফলক বিৱৰ্তন তত্ত্বমতে পৃথিৱীখনৰ উপৰিভাগ একেখন পৃষ্ঠৰে গঠিত নহয়। ই কেইবাটাওঅংশত বিভক্ত। প্ৰতিটো অংশকে প্লেট বা ফলক বোলা হয়। একোখন ফলক 110 কিমি. বা তাতোকৈও অধিক ডাঠ। ফলকবোৰৰ ভিতৰত প্ৰধান সাতখন ফলক হ'লঃ

১) আফ্ৰিকীয় ফলক,

২) ইউেছীয় ফলক,

৩) ভাৰত অষ্ট্ৰেলীয় ফলক,

৪) প্ৰশান্তীয় ফলক,

৫) এন্টাৰ্কটীকিয় ফলক,

৬) উত্তৰ-আমেৰেকীয় ফলক আৰু

৭) দক্ষিণ-আমেৰেকীয় ফলক

এই ফলকবোৰৰ উপৰিও 20খনতকৈ অধিক সৰু সৰু ফলক চিহ্নিত কৰা হৈছে। ফলকবোৰ ভূগৰ্ভত থকা গলিত পদাৰ্থৰ ওপৰত ওপঙি আছে। ফলকবোৰ গতিশীল। গতিশীল হ'লেও এইবোৰৰ গতিবেগ যথেষ্ট কম। উদাহৰণ স্বৰূপে, ভাৰতীয় উপমহাদেশখন অৱস্থিত ভাৰত-অষ্ট্ৰেলীয় ফলকখন ইউৰেছীয় ফলকৰ দিশত বছৰি 5 :ছেমি. বেগত গতি কৰি আছে। গতিৰ ফলত ফলকবোৰৰ সীমাত প্ৰবল চাপৰ সৃষ্টি হয়। সঞ্চিত চাপ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকিলে এটা সময়ত ই ভূ-পৃষ্ঠৰ কোনো দুৰ্বল অংশইদি তৰাংগৰূপে নিৰ্গত হয়। নিৰ্গত শক্তিৰ মাত্ৰা অনুপাতে ভূ-পৃষ্ঠত মাজে-সময়ে দুৰ্বল বা প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হয়। এনে জোকাৰণিকে আমি ভূমিকম্প বুলি কওঁ।  এনেদৰে হঠাতে ভূ-পৃষ্ঠৰ একোটা অঞ্চল কঁপি উঠাৰ ফলত অঞ্চলটোত বিস্তৰ ধন-জন, সা-সম্পত্তিৰ ক্ষতি হ'ব পাৰে। ইয়াৰোপৰি আগ্নেয়গিৰিৰ উদ্গিৰণ, ভূমিস্খলন, বৰফাবৃত্ত ওখ পৰ্বতমালাৰপৰা বৃহৎ আকাৰৰ বৰফৰ খণ্ড তললৈ খহিপৰা আদি কাৰণতো ভূমিকম্প হ'ব পাৰে। 


4. কোনবোৰ অঞ্চলত ভূমিকম্প হোৱাৰ সম্ভাৱনা বেছি? ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহক কি কি বলয়ত ভাগ কৰা হৈছে ?

উত্তৰঃ যিবোৰ অঞঅচল শিলাস্তৰ দুৰ্বল, সেইবোৰ অঞ্চলত ভূমিকম্প হোৱা সম্ভাৱনা বেছি। ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহক দুটা ভাগত ভাগ কৰা হৈছে-

(১) প্ৰশান্ত পৰিধীয় বলয় আৰু (২) আল্পছ হিমালয় বলয়।

5. সৰল ভূকম্পনলেখৰ গঠন আৰু কাৰ্যনীতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।

উত্তৰঃ তলত সৰল ভূকম্পলেখনৰ গঠন আৰু কাৰ্যনীতি চিত্ৰৰ সহায়ত ব্য়াখ্যা কৰা হ'ল-


ভূকম্পলেখনৰ তিনিটা প্ৰধান অংশ থাকেঃ

(ক) এটা দোলক

(খ) এটা লিখন সঁজুলি আৰু

(গ) তৰংগ লিপিবদ্ধ কৰিবলৈ এখন কাগজ। কাগজখন ঘূৰি থকা চুঙা এটাৰ লগত সংলগ্ন কৰা থাকে। 

চুঙাটো ঘূৰাৰ লগে লগে কাগজখনো ঘূৰিবলৈ লয়। ভূমিকম্প আহিলে পৃথিৱীৰ উপৰিভাগৰ কম্পনদোলকটোলৈ বিয়পে আৰু দোলকটো সেই অনুসাৰে দুলিবলৈ ধৰে। লিখন সঁজুলিটোৱে কাগজখনত দোলনৰ লেখ আঁকে। এই লেখ অধ্য়য়নৰ জৰিয়তে হৈ যোৱা ভূমিকম্পটোৰ বিষয়ে সবিশেষ জানিব পাৰি। ভূমিকম্পৰ প্ৰাবল্য় জোখা হয় ৰিখটাৰ স্কেলত।



6. ভূমিকম্পৰ আগজাননী দিবলৈ নিৰীক্ষণ কৰা চাৰিটা ভূভৌতিক পৰিৱৰ্তন উল্লেখ কৰা ।

উত্তৰঃ ভূমিকম্পৰ আঘজাননী দিবলৈ নিৰীক্ষণ কৰা চাৰিটা ভূভৌতিক পৰিৱৰ্তন উল্লেখ কৰা হ'ল-

১) ভূমিৰ বিকৃতি (যেনে, মাটিত ফাট মেলা),

২) কোনো অংশ বহি যোৱা,

৩. পূৰ্বকম্পন

৪.মৃদুকম্পন 

7. ভূমিকম্পৰ ফলত হব পৰা ক্ষয়- ক্ষতিৰ ওপৰত এটা চমুটোকা প্ৰস্তুত কৰা ।

উত্তৰঃ ভূমিকম্পৰ ফলত বিভিন্ন ধৰণৰ ক্ষয়-ক্ষতি হ'ব পাৰে। মানুহ আৰু পশু-পক্ষী মৃত্য়ু মুখত পৰে বা আহত হয়। ঘৰ-দুৱাৰ, দলং, উৰণীয়া সেঁতু আদি ভাগে; পাহাৰৰ মাটি খহি (ভূমিস্খলন হৈ), গছ-গছনি উভালি পৰি বাট-পথ বন্ধ হৈ পৰে, বিজুলীৰ যোগান ব্যাহত হয়, জুই লাগে আৰু সা-সম্পত্তি নষ্ট হয়। নদ-নদীৰ তলি উঠি আহি বানপানীৰ সৃষ্টি হ'ব পাৰে, নদ-নদীৰ গতিপথ সলনি হ'ব পাৰে। মাটিৰ ফাট মেলি সেই ফাটেদি ভূগৰ্ভৰপৰা বালি আৰু পানী ওলাই আহি বাট-পথ, পথাৰ-সমাৰ নষ্ট কৰিব পাৰে। সাগৰত প্ৰকাণ্ড ঢৌৰ সৃষ্টি হ'ব পাৰে। ঘৰ-দুৱাৰ, সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। হাজাৰ-হাজাৰ মানুহক মৃত্য়ুখন পেলাব পাৰে।

8. ভূমিকম্পৰ অৰ্থনৈতিক গুৰুত্ব ব্যাখ্যা কৰা ।

উত্তৰঃ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা তৰংগ অধ্য়য়ন কৰি পৃথিৱীৰ অন্তৰ্ভাগত থকা শিলৰ গঠনৰ বিষয়ে জানিব পাৰি। শিলৰ মাজত আবদ্ধ হৈ থকা পেট্ৰ'লিয়ামৰ সন্ধানো পাব পাৰি। ভূকম্পবিজ্ঞানৰ অধ্য়য়নে ভূমিকম্প প্ৰতিৰোধী ঘৰ-নিৰ্মাণ, নদ-নদীত বান্ধ নিৰ্মাণ কৰা কাৰ্য বৰ্তমান সম্ভৱ কৰি তুলিছে।

9. ভূমিকম্পৰ ফলত হ'ব পৰা ক্ষয়- ক্ষতিৰ পৰিমাণ কমাবলৈ চাৰিটা উপায় উল্লেখ কৰা ।

উত্তৰঃ ভূমিকম্পৰ ফলত হ'ব পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ কমাবলৈ চাৰিটা উপায় হ'ল-

১। নিৰাপদ নিৰ্মাণ পদ্ধতি প্ৰয়োগ কৰিব লাগে।

২। স্কুল-কলেজ, চিকিৎসালয়, হোটেল, চিনেমা হ'ল আদি ভূমিকম্প প্ৰতিৰোধী হোৱা উচিত।

৩। সম্ভৱ হ'লে দুৰ্বল আৰু আওপূৰণি ঘৰবোৰ ভাঙি পেলাব লাগে। সম্ভৱ নহ'লে সেইবোৰ শক্তিশালী কৰিব লাগে।

৪। অসামৰিক প্ৰতিৰক্ষা সংগঠন বা অন্য় কোনো নিৰ্ভৰযোগ্য় স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰা ূমিকম্প সম্পৰ্কীয় প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব লাগে।

10. ভূমিকম্পৰ আগজাননীত ভিত্তিত লবলগীয়া  সাৱধানতাসমূহ কি কি ?

উত্তৰঃ চৰকাৰীভাৱে ভূমিকম্পসম্পৰ্কীয় আগতীয়া জাননি জাৰি কৰিলে কিছুমান ব্যৱস্থা হাতত লোৱা উচিত। 

১। আতংকিত নহৈ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাহস গোটাব লাগে।

২। গধুৰ বস্তু, যেনে, আলমাৰী, কিতাপৰ ৰেক, ফ্ৰিজ আদি বেৰত বা খুঁটাত মজবুতকৈ বান্ধি ৰাখিব লাগে। চিলিং বা চাঙত গধুৰ বস্তু থাকিলে নমাই থ'ব লাগে।

৩। খোৱা-বস্তু, পানী, কাপোৰ, টৰ্চলাইট বা কেণ্ডেল, জুইশলা বাহ, অত্য়াৱশ্য়কীয় দৰৱ-পাতি ৰেডিঅ', ৰছী, প্ৰাথমিক সাহায্যৰ বাবে প্ৰয়োজনীয় ঔষধ আদি মজুত ৰাখিব লাগে।

৪। দাহ্য আৰু বিস্ফোৰক পদাৰ্থ নিৰাপদ দূৰত্বত ৰাখিব লাগে।

৫। গেছ, হিটাৰ, পানীৰ টেপ আদি বন্ধ কৰি ৰাখিব লাগে।

৬। বিপদৰ সময়ত কি কি কৰিব লাগিব, পৰিয়ালৰ সকলোকে সেই সম্পৰ্কে আগতীয়া শিক্ষা দি ল'ব লাগে।

৭। বিশুদ্ধ পানী আৰু পৰিষ্কাৰ খাদ্য়ৰ ব্যৱস্থা কৰি থ'ব লাগে যাতে এইবোৰ ব্যৱহাৰ কৰি ভূমিকম্পৰ পিছত হ'ব পৰা মহামাৰী ৰোধ কৰিব পৰা যায়।

৮। জৰুৰী সেৱা প্ৰতিষ্ঠানৰ ফ'ন নম্বৰ সংগ্ৰহ কৰি থ'ব লাগে।

৯। পূৰণি আৰু দুৰ্বল গাঁথনিৰ ঘৰবোৰ খালী কৰিব লাগে।


11. ভূমিকম্প হৈ থকা সময়ত আৰু হৈ যোৱাৰ পিছত লবলগীয়া সাৱধানতাসমূহ কি কি ?                       

উত্তৰঃ ভূমিকম্প হৈ থকাৰ সময়ত ল'বলগীয়া সাৱধানতাঃ

১। ধৈৰ্য্য ধৰি সাহস গোটাব লাগে।

২। ঘৰৰ ভিতৰত থাকিলে মজবুট ডেক্স-বেঞ্চ, বিছনা, টেবুল আদিৰ তলত আশ্ৰয় ল'ব লাগে। থিয় হৈ থাকিব নালাগে

৩। নিৰাপদ বুলি নিশ্চিত নোহোৱালৈকে অযথা বাহিৰলৈ দৌৰিব নালাগে।

৪। ভূমিকম্প হৈ থকা সময়ত ঘৰৰ বাহিৰত থাকিলে বাহিৰতেই থাকিব লাগে। যদি গাড়ীত গৈ থকা সময়ত ভূমিকম্প আহে বিল্ডিং বা গছ-গছনিৰপৰা আঁতৰত নিৰাপদ স্থানত গাড়ী ৰাখিব লাগে।

৫। ইটা, প্লাষ্টাৰ, ছিলিং বা অন্য় কিবা বস্তু খহি পৰিব পাৰে নেকি তাক লক্ষ্য় কৰি সাৱধান হ'ব লাগে।

৬। দাহ্য় গেছ বা বস্তুৰ অনুপস্থিতি নিশ্চিত নোহোৱালৈকে জুইশলা, কাঠি, গেছ ষ্ট'ভ. মমবাটি আদি জ্বলাব নালাগে।

৭। লিফ্ট ব্যৱহাৰ কৰিব নালাগে।

ভূমিকম্প হৈ যোৱাৰ পিছত ল'বলগীয়া সাৱধানতাঃ

১। ভূমিকম্পই সৃষ্টি কৰা ধ্বংসস্তুপৰ মাজত আবদ্ধ ব্যক্তিয়ে ধৈৰ্য ধৰি শান্তভাৱে থাকিব লাগে। পাৰিলে শব্দ কৰিব লাগে যাতে ভূমিকম্প সাহায্যকাৰী দলে ততালিকে জীৱিত ব্যক্তি থকাৰ উমান পায়। 

২। নিজে আহত নহ'লে নিজৰ পৰিয়ালৰ বা ওচৰ-চুবুৰীয়াৰ ব্যক্তিক পাৰ্যমানে সহায়ৰ হাত আঘবঢ়াব লাগে।

৩। গেছ ষ্ট'ভ, পানীৰ টেপ, বৈদ্য়ুতিক চুইছ আদি বন্ধ কৰি ৰাখিব লাগে যেতিয়ালৈকে এইবোৰ ব্যৱহাৰ কৰাটো নিৰাপদ বুলি জনা নাজায়।          

৪। জুইৰপৰা হোৱা ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ অগ্নি-নিৰ্বাপক যন্ত্ৰক্ষ ব্যৱহাৰ কৰিব লাগে।

৫। ৰেডিঅ' বা অন্য় কোনো মাধ্য়মযোগে চৰকাৰীভাৱে প্ৰচাৰ কৰা ঘোষণা মন দি শুনিব লাগে।

৬। নিজে হালি থকা গছ-গছনি, বেৰ আদিৰপৰা আঁতৰাই ৰাখিব লাগে।                

Author: Chinmay Kakati



Post ID : DABP006452