ষষ্ঠদশ অধ্য়ায়  

অৰণ্য আমাৰ জীৱন ৰেখা

 

    👉Text Book PDF
    👉MCQ Online Exam 
    👉MCQs Answer

অনুশীলনী

১। খালী ঠাই পূৰণ কৰাঃ

(ক) পতংগ, পখিলা, মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ______সহায় কৰে।

উত্তৰঃ বংশ বৃদ্ধিত 


(খ) অৰণ্য হ______আৰু______ৰ বিশুদ্ধীকাৰক।

উত্তৰঃ বায়ু মাটিৰ 


(গ) অৰণ্যৰ______স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।

উত্তৰঃ নিম্ন 


(ঙ) পচা পাত আৰু প্ৰাণীৰ বৃষ্ঠাবোৰে অৰণ্যত______ৰ বৃদ্ধি কৰে।

উত্তৰঃ পোষক দ্ৰব্য় 


২। চমু উত্তৰ দিয়াঃ   

(ক) বিয়োজক কি?

উত্তৰঃ বিয়োজক বোৰ হ' ল কিছুমান অণুজীৱ , যিবোৰে পচা উদ্ভদ বা প্ৰাণীক হিউমাছলৈ পৰিবৰ্তিত কৰে ।


(খ) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ আঠা , ধূণা , মেট , খৈৰ আৰু লা


(গ) চন্দ্ৰতাপসদৃশ গছ (Canopy)ত পোৱা যায়।

উত্তৰঃ গভীৰ অৰণ্য়ত পোৱা যায় ।


(ঘ) উৎপাদক কাক বোলে?

উত্তৰঃ স্বপোষী উদ্ভিদ সমূহে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্রস্তুত কৰে, বাকী সকলো প্ৰাণী এই উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল ৷ সেইবাবে স্বপোষী সেউজীয়া উদ্ভিদক উৎপাদক বোলে।


৩। দীঘলীয়া উত্তৰ প্ৰশ্নঃ

(a) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে।

উত্তৰঃ অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণেৰে সহায় কৰে – অৰণ্যৰ মজিয়াত থকা জন্তুৰ মলৰ দমবোৰ বহুত কীট-পতঙ্গই বাসস্থান হিচাপে ব্যৱহাৰ কৰে । প্ৰাণীৰ বিষ্ঠাৰ পৰা ওলোৱা গুটি ইয়াতে গজালি মেলে আৰু বৃদ্ধি হয়। এইদৰে প্ৰাণীবোৰে উদ্ভিদৰ গুটি বিস্তাৰিত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰোজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ পচা গোবৰে গছ পুলি বাঢ়ি অহাত পোষক হিচাপেও সহায় কৰে। বিভিন্ন প্ৰকাৰৰ উদ্ভিদক আশ্রয় দি অৰণ্যই তৃণভোজী প্রাণীবোৰৰ খাদ্য আৰু আৱাসস্থলৰ সুব্যৱস্থা কৰে। বেছি তৃণভোজী প্রাণী থকা মানে বিভিন্ন মাংসভোজী প্ৰাণীৰ বাবে বেছি খাদ্য পোৱাকে বুজায় । বিভিন্ন প্ৰকাৰৰ প্ৰাণীয়ে অৰণ্যৰ পুনৰুজ্জীৱিত বা পুনৰুদ্ধাৰ কৰাত আৰু বৃদ্ধি হোৱাত সহায় কৰে।


(b) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে লিখা।

উত্তৰঃঅৰণ্যৰ মজিয়াৰ পানীভাগ প্রকৃতিয়ে নিজেই শোষক হিচাপে মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়ে। গোটেই বছৰ জুৰি ভূগৰ্ভৰ জল পৃষ্ঠ অব্যাহত ৰখাত ই সহায় কৰে ৷ অৰণ্যই কেৱল বানপানী নিয়ন্ত্ৰণতে সহায় কৰে, এনে নহয় ই নৈ বা জানত পানীৰ প্রবাহ অব্যাহত ৰখাতো সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানীৰ যোগান পাওঁ। আনহাতে যদি গ’ছ নাথাকিলেহেঁতেন বৰষুণৰ টোপাল পোনে পোনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে-পাশে বানপানীৰ সৃষ্টি হ’লহেঁতেন। অত্যধিক বৰষুণে মাটি নষ্ট কৰিবও পাৰে। গছৰ শিপাই সাধাৰণতে মাটি খামোচ মাৰি ধৰি থাকে, কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বাবে খহনীয়া হ’ব পাৰে।

(c) বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা। অৰণ্যত সিহঁতে কি কৰে?

উত্তৰঃ বিয়োজকবোৰ হ’ল অণুজীৱ যিয়ে পচা উদ্ভিদ বা প্রাণীক হিউমাছলৈ পৰিবৰ্তিত কৰে।দুবিধ বিয়োজক হ’ল ভেঁকুৰ আৰু বেক্টেৰিয়া। বিয়োজকবোৰে অৰণ্যত এটা উল্লেখযোগ্য ভূমিকা লয়, ইহঁতে হিউমাছ তৈয়াৰ কৰে আৰু মাটিৰ পৰাই পোষক দ্রব্য উদ্ভিদৰ শিপাৰ দ্বাৰা শোষণ কৰি লয়। তদুপৰি অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্রাণীটো শগুন, কাউৰী, শিয়াল আৰু পোক-পতঙ্গৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি অণুজীৱই বিয়োজন ঘটাই মাটিৰ লগত মিহলি কৰি দিয়ে।


(d) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা।

উত্তৰঃঅৰণ্যত অণুজীৱই এটা উল্লেখযোগ্য ভূমিকা লয় ৷ অণুজীৱ বা ভেঁকুৰ সমূহে তল সৰা পাত, মৃত জীৱ-জন্তু বা উদ্ভিদৰ কলাসমূহ খায় আৰু পচাই পেলায় আৰু গাঢ় ৰঙৰ হিউমাছলৈ পৰিবৰ্তন কৰে। মাটিৰ পৰা এই পোষক দ্রব্য অৰ্থাৎ হিউমাছ উদ্ভিদৰ শিপাৰ দ্বাৰা শোষণ কৰি লয় ৷ তদুপৰি অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্রাণীটো শণ্ডন, কাউৰী, শিয়াল আৰু পোক –পতঙ্গৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি অণুজীৱই বিয়োজন ঘটাই মাটিৰ লগত মিহলি কৰি দিয়ে। এইদৰে পোষক দ্রব্যবোৰে চক্রাকাৰে চলি থাকে। গতিকে, অৰণ্যত সামগ্ৰীৰ কোনো ধৰণৰ অপচয় নহয়।


(e) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা।

উত্তৰঃসেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্রস্তুত কৰে ৷ আমি জানো যে এই প্রক্রিয়াত কার্বন-ডাই-অক্সাইড শোষণ কৰে আৰু অক্সিজেন এৰি দিয়ে ৷ উদ্ভিদবোৰে এইদৰে প্ৰাণীৰ শ্বসনৰ বাবে অক্সিজেন যোগান ধৰি ইহঁতক সহায় কৰে। এইদৰে, অৰণ্যৰ উদ্ভিদসমূহে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা ৰক্ষা কৰে ৷ সেয়েহে অৰণ্যক সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয়।


(f) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম  হ’ল – আঠা, তেল, মচলা, লা, মৌ।

 

(g) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা।

উত্তৰঃ সাধাৰণতে অৰণ্যত পৰিবেশ তন্ত্ৰ স্বপোষী, পৰপোষী আৰু মৃতপোষী আদি জীৱৰ দ্বাৰা গঠিত। আমি জানো যে, স্বপোষী উদ্ভিদসমূহে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে, পৰপোষী অৰ্থাৎ তৃণভোজী বা মাংসভোজী যিয়ে নহওক, সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে, সেইবিলাকক অন্য জীৱই খায় আৰু পৰ্যায় ক্রমে প্ৰক্ৰিয়াটো চলি থাকে। উদাহৰণ স্বৰূপে পতঙ্গই ঘাঁহ খায়, পতঙ্গক আকৌ ভেকুলীয়ে খায়, ভেকুলীক সাপে, সাপক ঈগলে ভক্ষণ কৰে।এইসমূহ উদ্ভিদ বা প্রাণীব বর্জিত বস্তুসমূহ অণুজীৱই পচাই মাটিৰ লগত মিহলি কৰে আৰু তাৰ পৰা উদ্ভিদে খনিজ লৱণসমূহ শিপাৰ দ্বাৰা গছজোপালৈ শোষণ কৰি লয়, ইয়াকে খাদ্য-শৃংখল বোলে।অৰণ্যত বিভিন্ন ধৰণৰ খাদ্য শৃংখল দেখিবলৈ পোৱা যায়। সকলোবোৰ খাদ্য শৃংখলৰ সম্পৰ্ক আছে। যদি এটা খাদ্য শৃংখল ব্যাহত হয় তেনেহ’লে আন খাদ্য শৃংখলৰ ওপৰত প্ৰভাৱ পৰিব। অৰণ্যৰ সকলোবোৰ অংশই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ৷ যদি আমি অৰণ্যৰ পৰা এটা উপাদান, ধৰাহওক গছ আঁতৰাই পেলাওঁ তেন্তে আন উপাদানবোৰৰ ওপৰত প্ৰভাৱ পৰিব। সেইবাবেই অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো অতি প্রয়োজনীয়।



৪। তলৰ উক্তিবোৰ সত্য নে অসত্য লিখাঃ     

(a) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে।

উত্তৰঃসত্য।


(b) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে।

উত্তৰঃ সত্য ৷


(c) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়।

উত্তৰঃঅসত্য।


(d) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্ৰভাৱ পেলায়।

উত্তৰঃসত্য়


(e) অনুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত ক্ৰিয়া কৰি হিউমাছ প্ৰস্তুত কৰে।

উত্তৰঃসত্য।


Type Himanku bora          

Check  by - Mukesh Borah


Post ID : DABP006292