অধ্যায় ১৭
চাপ আৰু প্লাৱিতা
👉Text Book PDF
👉MCQs Answer
👉MCQ Online Exam
A. চমু প্রশ্নঃ
১। হেঁচা আৰু চাপৰ মাজত পার্থক্য কি?
উত্তৰঃ- প্ৰয়োগ কৰা উলম্ব বলেই হ’ল হেঁচা । আনহাতে একক ক্ষেত্রফলৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণৰ চাপ বোলে।
২। চাপ কাক বােলে? ই বল আৰু ক্ষেত্রফলৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে?
উত্তৰঃ- কোনো পৃষ্ঠৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলা হয়। গজালটোৰ মূৰটো জোঙা কৰা, কটাৰীৰ চোকা ফালটোৰে শাক-পাচলি কাটিবলৈ ব্যৱহাৰ কৰা আদি। এই উদহৰণবোৰৰ পৰা অনুভৱ কৰিব পাৰিছানে যে যি ক্ষেত্ৰফলৰ ওপতৰ বল হৈছে সিয়েই কামটো সম্পাদন কৰাত বিশেষ ভূমিকা লয়।
৩। ছুৰী বা কটাৰী এখন কিয় ধাৰ দিয়া হয় আৰু গজাল এটাৰ এফালে কিয় জোঙা কৰা হয়?
উত্তৰঃ-ছুৰি বা কটাৰী এখন ধাৰ দিয়া হয় আৰু গজাল এটাৰ এফালে জোঙা কৰা হয়। কাৰণ বলৰ মান একে থকা অৱস্থাত ক্ষেত্রফলৰ পৰিমাণ যিমানেই সৰু হয়। চাপৰ মান সিমানেই ডাঙৰ হয়। গজালৰ জোঙা মূৰটোৰ ক্ষেত্রফল ভোটা মূৰটোতকৈ যথেষ্ট কম ৷ আকৌ চুৰি বা কটাৰী এখনৰ চোকা ফালটো ধাৰ দিয়াৰ ফলত ইয়াৰ ক্ষেত্রফল ভোটা ফালতকৈ যথেষ্ট কম হয় ৷ গতিকে একেটা বলেই অধিক চাপ সৃষ্টি কৰি ভোটা মূৰটোতকৈ গজালৰ জোঙা মূৰটো কাঠত সহজে সুমুৱাই দিব পাৰি। সেইদৰে, ছুৰি বা কটাৰীৰ ধাৰ দিয়া ফালটোত একেটা বলেই প্রয়োগ কৰি অধিক চাপ সৃষ্টি কৰি শাক-পাচলি কাটিবলৈ সহজ হয়।
৪। নৈ বা সাগৰৰ পাৰ বান্ধিলে বান্ধটো ওপৰৰপৰা তললৈ কিয় ডাঠকৈ নিৰ্মাণ কৰা হয়।
উত্তৰঃ- জুলীয়া পদাৰ্থৰ উৰ্দ্ধচাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। গভীৰতা যিমানে বাঢ়ে ৷ চাপো সিমানে বাঢ়ে। গভীৰতাৰ লগে লগে জুলীয়া পদাৰ্থৰ অভ্যন্তৰত চাপ বাঢ়ি যোৱা বাবে নৈ বা সাগৰত বান্ধ বান্ধিলে সাধাৰণতে ওপৰৰ পৰা তললৈ বান্ধটো ডাঠকৈ নিৰ্মাণ কৰা হয়। এনে বান্ধে গভীৰতাৰ লগে লগে বৃদ্ধি হোৱা চাপ, বিশেষকৈ পাৰ্শ্বচাপ প্ৰতিৰোধ কৰিব পাৰে।
৫। বায়ুমণ্ডলীয় চাপ কাক বােলে?
উত্তৰঃ- পৃথিৱীৰ চাৰিওফালে প্ৰায় ১০০০ কি : মি : দূৰত্বলৈ আগুৰি থকা বাষ্পীয় আৱৰণটোক বায়ুমণ্ডল বোলা হয়। এই বায়ুয়ে প্ৰয়োগ কৰা চাপকে বায়ুমণ্ডলীয় চাপ বোলা হয়।
৬। উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলীয় চাপ কিয় কমি যায় কাৰণ দশাই বুজাই লিখা ।
উত্তৰঃ- বায়ুমণ্ডলৰ বায়ুৰ চাপ আৰু ঘনত্ব পৃথিৱী পৃষ্ঠত আটাইতকৈ বেছি। যিমানে ওপৰলৈ যোৱা যায় সিমানে বায়ুৰ চাপ আৰু ঘনত্ব কমি যায়। অর্থাৎ বায়ুৰ ঘনত্ব কমাৰ বাবে বায়ুমণ্ডলীয় চাপো কমি যায়।
৭। ষ্ট্র নলিকাৰে আমি কেনেদৰে চৰবত খাব পাৰোঁ।
উত্তৰঃ- ষ্ট্ৰ নলিকাই আমি ডাব নাৰিকলৰ ভিতৰত পৰা ডাবৰ পানী খাবলৈ বা বটলৰ পৰা চৰবত খাবলৈ ব্যৱহাৰ কৰোঁ।
৮। আর্কিমিডিছৰ সূত্ৰটো লিখা।
উত্তৰঃ- আৰ্কিমিডিছৰ সূত্ৰটো বা নীতিটো হ'ল- কোনো বস্তু কোনো তৰল পদাৰ্থত আংশিকভাবে বা সম্পূৰ্ণৰূপে ডুবালে ইয়াৰ ওজন কমা যেন বা ই ওজন হেৰুৱা যেন লাগে, এই কমা বা হেৰুৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান।
৯। বৰফ পানীত ওপঙে কিয়?
উত্তৰঃ- উষ্ণতাৰ লগত পানীৰ আয়তন এক বিশেষ সম্বন্ধ আছে। সাধাৰণ উষ্ণতাত থকা অলপ পানীৰ উষ্ণতা লাহে লাহে কমাই ,অনা হয় ইয়াৰ আয়তনো কমি আহে। 4° ছেলছিয়াছ উষ্ণতাত এই আয়তন কমি আহিব। 0° ছেলছিয়াছ উষ্ণতাত পানীখিনি গোটমাৰি বৰফ হ'ব। এই উষ্ণতাত বৰফৰ আয়তন পানীত আয়তনলৈ সামান্য বেছি। সেই কাৰণে বৰফ এটুকুৰা পানীত সম্পূৰ্ণ নিমজ্জিত কৰি যি পৰিমাণৰ পানী অপসাৰিত কৰিব তাৰ ওজন বৰফৰ ওজনতকৈ কিছু বেছি হ'ব। গতিকে বৰফ টুকুৰাই সম্পূৰ্ণৰূপে ইয়াৰ ওজন হেৰুৱাব আৰু পানীত ওপঙি থাকিব।
১০। ওপঙনৰ চৰ্তকেইটা লিখা।
উত্তৰঃ- ওপঙৰ চৰ্তকেইটা হ'ল-
নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনতকৈ কম হয়, বস্তুটো আংশিকভাবে নিমজ্জিত অৱস্থাত তৰল পদাৰ্থত ওপঙি থাকিব।
নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ সমান হয়, বস্তুটো সম্পূৰ্ণৰূপে নিমজ্জিত অৱস্থাত পদাৰ্থটোৰ মাজত যিকোনো অৱস্থাত স্থিৰ হৈ থাকিব।
নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনতকৈ বেছি হয়, বস্তুটো তৰল পদাৰ্থত ডূব যাব।
B. কাৰণ দর্শোৱা -
ক ) লাে এডােখৰ পানীত ডুব যায় কিন্তু লােৰে নির্মিত প্রকাণ্ড জাহাজ এখন পানীত ওপঙি থাকে কিয়?
উত্তৰঃ- লো এডোখৰ পানীত ডুব যায় কাৰণ লো ডোখৰ অপসাৰিত কৰা পানী (তৰল পদাৰ্থ) ৰ ওজন কম বা অপসাৰিত কৰা পানীতকৈ লো ডোখৰৰ ওজন বেছি ফলত লো ডোখৰ পানীত ডুব যায়।আনহাতে লোৰে নিৰ্মিত প্রকাণ্ড জাহাজ এখন পানীত ওপঙি থাকে, কাৰণ জাহাজ খনৰ ওজন অপসাৰিত কৰা পানীৰ (তৰল পদার্থ) ওজনতকৈ কম হয়।
খ) ডুবাৰু জাহাজ এখনে পানীত কেনেদৰে ওপঙি থাকিব পাৰে আৰু ডুব মাৰিবও পাৰে?
উত্তৰঃ- ডুবাৰু জাহাজ এখনে পানীত উৰ্দ্ধমুখী হেঁচাৰ বাবে ওপঙি থাকিব পাৰে । আনহাতে নিম্নমুখী চাপৰ বাবে ডুবাৰু জাহাজখন পানীত ডুব মাৰিবও পাৰে।
গ ) উডজান ( Hydrogen ) বাষ্প ভৰােৱা বেলুন এটা কিয় ওপৰলৈ উৰি যায়?
উত্তৰঃ- হাইড্ৰজেন গেছ বায়ুতকৈ পাতল। সেইবাবে, হাইড্রজেন ভৰোৱা বেলুনটোৱে উৰ্দ্ধমুখী হেঁচা বা প্লাৱিতাৰ প্ৰভাৱত ওপৰলৈ উৰি যায় ৷
C. খালী ঠাই পূৰ কৰাঃ
ক) চাপ, বল আৰু দুয়ােটাৰে ওপৰত নিৰ্ভৰ কৰে।
উত্তৰঃ ক্ষেত্ৰফল।
খ) চাপৰ S.I. একক হল ।
উত্তৰঃ পাস্কেল।
গ) চাপ কৰিবৰ বাবে পকীঘৰৰ ভূমিভাগ বহল কৰা হয়।
উত্তৰঃ কম।
ঘ) হেঁচাৰ প্ৰভাৱকে বােলে।
উত্তৰঃ চাপ।
ঙ) জুলীয়া পদাৰ্থৰ চাপক ভাগত ভগাব পাৰি।
উত্তৰঃ ৩
D. উত্তৰ দিয়া
ক) হেঁচাৰ প্ৰভাৱক কি ভৌতিক ৰাশিৰদ্বাৰা প্ৰকাশ কৰা হয়।
উত্তৰঃ- হেঁচাৰ প্ৰভাৱক চাপৰ ভৌতিক ৰাশিৰ দ্বাৰা প্ৰকাশ কৰা হয়।
খ) চাপৰ এছ . আই একক কি?
উত্তৰঃ- চাপৰ এছ. আই একক হ'ল পাস্কেল।
গ) একক ক্ষেত্রফলৰ ওপৰত ক্রিয়া কৰা হেঁচাক কি বােলে?
উত্তৰঃ- একক ক্ষেত্ৰফলত ওপতৰ ক্ৰিয়া কৰা হেঁচাক চাপ বোলে।
ঘ) জুলীয়া পদার্থ আৰু বাষ্পীয় পদার্থক একেলগে কি পদার্থ বােলে?
উত্তৰঃ- জুলীয়া পদাৰ্থ আৰু বাষ্পীয় পদাৰ্থক একেলগে তৰল পদাৰ্থ বোলে।
ঙ) জুলীয়া পদাৰ্থৰ চাপক কি কি তিনি ভাগত ভগাব পাৰি?
উত্তৰঃ- জুলীয়া পদাৰ্থৰ চাপক নিম্নচাপ, পাৰ্শ্বচাপ আৰু উৰ্দ্ধচাপ এই তিনি ভাগত ভগাব পাৰি।
চ) তৰল পদাৰ্থৰ মাজেৰে চাপৰ সঞ্চালনৰ পাস্কেলৰ সূত্ৰটো লিখা।
উত্তৰঃ-তৰল পদাৰ্থৰ মাজেৰে চাপৰ সঞ্চালনৰ পাস্কেলৰ সূত্ৰটো হ'ল- আবদ্ধ জুলীয়া পদাৰ্থৰ কোনো অংশত চাপ প্ৰয়োগ কৰিলে সেই চাপ সমানভাৱে জুলীয়া পদাৰ্থটোৰ মাজেৰে সকলো দিশতে সঞ্চালিত হয়, আৰু সেই চাপে ইয়াৰ আধাৰৰ সকলো পিনৰ বেৰৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰে।
E. দীঘল প্রশ্ন ( Long Answer )
ক) “ জুলীয়া পদাৰ্থৰ ভিতৰত যিকোনাে দিশতে চাপ সকলাে বিন্দুতে সমান ” - এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।
উত্তৰঃ- জুলীয়া পদাৰ্থৰ ভিতৰত যিকোনো দিশতে চাপ সকলো বিন্দুত সমান এইটো এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা হ’ল –ইয়াৰ বাবে ৰবৰৰ বল এটালৈ বেজীৰে ফুটা কৰি বলটোত পানী সুমুৱাই লোৱা হ’ল। বলটোৰ ফুটাটো আঙুলিৰে চেপি ধৰি ফুটাটো পানীত জুবুৰিয়াই ধৰি চেপাটো এৰি দিয়াত বলটোত কিছু পানী সোমায়, এইদৰে কেইবাৰমান কৰাৰ পিছত বলটো পানীৰে প্ৰায় পূর্ণ হয় ৷ তাৰ পিছত ডাঙৰ ফুটাটো আঙুলিৰে বন্ধ কৰি এটা বেজীৰে বলটোৰ চাৰিওফালে কেবাটাও বিন্ধা কৰা হ’ল। ফুটাটো বন্ধ ৰাখি বলটো আঙুলিৰে জোৰেৰে চেপি দিয়া হ’ল। আঙুলিৰ চাপ বলটোৰ উৰ্দ্ধ আৰু নিম্ন দিশত প্ৰয়োগ হয়। বিন্ধবোৰেৰে পানীসকলো দিশত ওলাই আহে। গতিকে পানীৰ চাপ বিন্ধাবোৰৰ ওপৰত যিকোনো দিশতে সকলো বিন্দুতে সমান।
খ) ভূপৃষ্ঠৰ ওপৰত বায়ুমণ্ডলীয় চাপ কাক বােলে? শােষক এটা মসৃণ পৃষ্ঠত হেঁচা মাৰি । ধৰিলে পৃষ্ঠখনত লাগি ধৰে কিয়?
উত্তৰঃ-পৃথিৱীৰ চাৰিও ফালে প্রায় 1000 কি.মি. দূৰত্বলৈ আগুৰি থকা বাষ্পীয় আৱৰণটোক বায়ুমণ্ডল বোলা হয়। এই বায়ুয়ে প্রয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ বোলে ৷শোষক এটা মসৃণ পৃষ্ঠত হেঁচা মাৰি ধৰিলে পৃষ্ঠখনত লাগি ধৰে, কাৰণ শোষকবোৰ সৰু ৰবৰৰ বাটি এটাৰ দৰে দেখি। যেতিয়া শোষকটো হেঁচা মাৰি ধৰা হয়, তেতিয়া ইয়াৰ বাতি আৰু পৃষ্ঠৰ মাজৰ অধিকাংশ বায়ু ওলাই যায়। শোষকটো পৃষ্ঠত লিপিত খাই ধৰে কাৰণে ইয়াক বহিঃপৃষ্ঠত বায়ুমণ্ডলীয় চাপে ক্রিয়া কৰে। শোষকটো এৰুৱাবলৈ হ’লে বায়ুমণ্ডলীয় চাপক পৰাভূত কৰিব পৰাকৈ বল প্রয়োগ কৰিব লাগিব।
গ) আর্কিমিডিছৰ সূত্ৰটো লিখি এটা পৰীক্ষাৰদ্বাৰা প্রমাণ কৰা।
উত্তৰঃ- আৰ্কিমিডিছৰ সূত্ৰটো হ'ল- কােনো বস্তু কোনো তৰল পদাৰ্থত আংশিকভাৱে বা সম্পূৰ্ণৰূপে ডুবালে ইয়াৰ ওজন কমা যেন বা ওজন হেৰুৱা যেন লাগে, এই কমা বা হেৰুৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান।
\ঘ) গভীৰতা বঢ়াৰ লগে লগে তৰল পদাৰ্থৰ পার্শ্বচাপ বাঢ়ে, এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।
উত্তৰঃ- পানী থোৱা প্লাষ্টিকৰ বটল এটা লোৱা বটলটোৰ ওপৰৰ পৰা কিছু তৰল পৰা আৰম্ভ কৰি প্ৰায় তলিৰ ওচৰলৈকে একে উলম্ব ৰেখাত পৰাকৈ তিনিটা সৰু সমান ফুটা কৰা। ফুটাবোৰ এতিয়া চেলোটোপেৰে বন্ধ কৰি বটলটোৰ মুখলৈ পানী ভৰোৱা। বটলটোৰ সোপাটো খুলি ৰাখা। এতিয়া বটলটো মেজৰ ওপৰত ৰাখি চেলোটেপডাল আঁতৰাই ফুটা কেইটা মুকলি কৰা। ফুটা কেইটাৰ পানী ওলাই মেজত পৰিব।পানী সমান দূৰত্বত পাৰিছেনে ? পৰীক্ষাটোৰ পৰা কি বুজিল ? পৰীক্ষাটোৰ পৰা ইয়াকে বুজিলো যে গভীৰতা বঢ়াৰ লগে লগে পাৰ্শ্বচাপ বাঢ়ে।
Type- Nayan Jyoti Bordoloi
Author: Himashree Bora
Check by - Mukesh Borah
Post ID : DABP006193