পাঠঃ ১৯
পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ
👉Text Books PDF
👉MCQ online Exam
👉Short Question Answer
👉MCQs Answer
(১) পৃথিৱীৰ আকাৰ কেনেকুৱা? পৃথিৱীৰ আকাৰ কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:- পৃথিৱীৰ আকাৰ গোলাকাৰ যদিও ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুটা কিছু ভিতৰলৈ সোমোৱা। পৃথিৱীৰ আকাৰ ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি।
(২) পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ দাঙি ধৰা।
উত্তৰ:- পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ তলত দাঙি ধৰা হ'ল -
(ক) মহাকাশযানবোৰে পঠোৱা আলোকচিত্ৰবোৰত পৃথিৱীখন গোলাকাৰ দেখা যায়। গতিকে পৃথিৱীৰ আকাৰ গোলাকাৰ।
(খ) চন্দ্ৰ গ্ৰহণৰ সময়ত পৃথিৱীৰ ছাঁটো ঘূৰণীয়া হৈ চন্দ্ৰৰ ওপৰত পৰে। পৃথিৱীখন গোলাকাৰ নোহোৱা হ'লে ছাঁটোও গোলাকাৰ নহ'লহেঁতেন।
(গ) পৃথিৱীৰ সকলো ঠাইত সূৰ্যৰ পোহৰ একে সময়তে নপৰে। গোলাকাৰ নোহোৱা হ'লে সূৰ্যৰ পোহৰ সকলো ঠাইতে একে সময়তে পৰিলেহেঁতেন।
(৩) পৃথিৱীৰ আৱৰ্তন বা আহ্ণিক গতি কাক বোলে? ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন লিখা।
উত্তৰ:- পৃথিৱীখন নিজ মেৰু দণ্ডত পশ্চিমৰ পৰা পূৱলৈ এপাক ঘূৰিবলৈ ২৪ ঘণ্টা সময় লাগে। এইদৰে পৃথিৱীয়ে ২৪ ঘণ্টাত এপাক ঘূৰা গতিটোক পৃথিৱীৰ আহ্নিক গতি বোলে।
ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন হ'ল -
১। পৃথিৱীত আহ্নিক গতিৰ বাবেই দিন-ৰাতি হয়।
২। পৃথিৱীৰ আহ্নিক গতিৰ বাবেই আমি সময় গণনা কৰিব পাৰো।
৩। পৃথিৱীৰ আহ্নিক গতিৰ বাবেই বতাহ আৰু সাগৰীয় সোঁতৰ দিশৰ পৰিৱৰ্তন হয়।
(৪) বাৰ্ষিক গতি কাক বোলে আৰু ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰ:- পৃথিৱীয়ে নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গতিটোক পৃথিৱীৰ পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলে।
ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন হ'ল -
১। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলতেই দিন-ৰাতিৰ চুটি-দীঘল হয়।
২। পৃথিৱীৰ বাৰ্ষিক গতিৰ বাবেই ঋতু পৰিৱৰ্তন।
Mampi Kakati
Post ID : পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ | পাঠ ১৯ | Chapter 19 | Class 4 Social Science Question Answer Shankardev School | সমাজ বিজ্ঞান | চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান | Class 4 Social Science Question and Answer Sankardev School | Shankardev Shishu Vidya Niketan | Class 4 Social Science Free Question Answer Bank Sankardev School | Class4 Social Science Suggestion Sankardev School | Class 4 Social Science Notes and Model |
পাঠঃ ১৯
পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ
অনুশীলনী
(১) পৃথিৱীৰ আকাৰ কেনেকুৱা? পৃথিৱীৰ আকাৰ কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:- পৃথিৱীৰ আকাৰ গোলাকাৰ যদিও ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুটা কিছু ভিতৰলৈ সোমোৱা। পৃথিৱীৰ আকাৰ ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি।
(২) পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ দাঙি ধৰা।
উত্তৰ:- পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ তলত দাঙি ধৰা হ'ল -
(ক) মহাকাশযানবোৰে পঠোৱা আলোকচিত্ৰবোৰত পৃথিৱীখন গোলাকাৰ দেখা যায়। গতিকে পৃথিৱীৰ আকাৰ গোলাকাৰ।
(খ) চন্দ্ৰ গ্ৰহণৰ সময়ত পৃথিৱীৰ ছাঁটো ঘূৰণীয়া হৈ চন্দ্ৰৰ ওপৰত পৰে। পৃথিৱীখন গোলাকাৰ নোহোৱা হ'লে ছাঁটোও গোলাকাৰ নহ'লহেঁতেন।
(গ) পৃথিৱীৰ সকলো ঠাইত সূৰ্যৰ পোহৰ একে সময়তে নপৰে। গোলাকাৰ নোহোৱা হ'লে সূৰ্যৰ পোহৰ সকলো ঠাইতে একে সময়তে পৰিলেহেঁতেন।
(৩) পৃথিৱীৰ আৱৰ্তন বা আহ্ণিক গতি কাক বোলে? ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন লিখা।
উত্তৰ:- পৃথিৱীখন নিজ মেৰু দণ্ডত পশ্চিমৰ পৰা পূৱলৈ এপাক ঘূৰিবলৈ ২৪ ঘণ্টা সময় লাগে। এইদৰে পৃথিৱীয়ে ২৪ ঘণ্টাত এপাক ঘূৰা গতিটোক পৃথিৱীৰ আহ্নিক গতি বোলে।
ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন হ'ল -
১। পৃথিৱীত আহ্নিক গতিৰ বাবেই দিন-ৰাতি হয়।
২। পৃথিৱীৰ আহ্নিক গতিৰ বাবেই আমি সময় গণনা কৰিব পাৰো।
৩। পৃথিৱীৰ আহ্নিক গতিৰ বাবেই বতাহ আৰু সাগৰীয় সোঁতৰ দিশৰ পৰিৱৰ্তন হয়।
(৪) বাৰ্ষিক গতি কাক বোলে আৰু ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰ:- পৃথিৱীয়ে নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গতিটোক পৃথিৱীৰ পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলে।
ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন হ'ল -
১। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলতেই দিন-ৰাতিৰ চুটি-দীঘল হয়।
২। পৃথিৱীৰ বাৰ্ষিক গতিৰ বাবেই ঋতু পৰিৱৰ্তন।
Mampi Kakati
Post ID : DABP006490