জীৱন বিকাশৰ স্তৰ | দ্বিতীয় অধ্যায় | Chapter 2 | Class 11 Education Assam | Class 11 Education Question Answer | HS 1st Year | Stages of development |  

                                                জীৱন বিকাশৰ স্তৰ

।।প্ৰশ্নাৱলী।।

(ক) খালী ঠাই পূৰ কৰা।  

১।                  ৰ পৰা পাঁচ বছৰ বয়সলৈ এই কালচোৱা শৈশৱ কাল বুলি জনা যায়।

উত্তৰঃ জন্ম।

২। আৰ্নেষ্ট জোনচে জীৱন বিকাশক                  টা স্তৰত ভাগ কৰিছিল।

উত্তৰঃ চাৰিটা। 

৩। ৰুচোৰ মতে প্ৰান্তীক কৌশৰ কাল                  বছৰৰ পৰা                  বছৰলৈ বিস্তৃত।

উত্তৰঃ পোন্ধৰ, বিশ ।

৪। ৰুঁচোৰ মতে বাল্যকালৰ সময়সীমা হৈছে                  পৰা                  বছৰলৈ।

উত্তৰঃ পাঁচবছৰৰ পৰা বাৰ বছৰলৈ।

৫। পৰনিৰ্ভৰশীলতা                  কালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ শৈশৱ কালৰ। 

৬। সৰ্বপ্ৰানবাদিতা                  কালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ শৈশৱ।

৭। ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ এই কাল চোৱাক                  কাল বুলি কোৱা হয়।

উত্তৰঃ কৈশোৰ। 

৮। 'Adolescence' শব্দটো                  শব্দটোৰ পৰা উদ্ভৱ হৈছে।

উত্তৰঃ Adolescere শব্দটোৰ পৰা 

৯। কৈশোৰ কাল                  কালৰ পুনৰ আৱিৰ্ভাৱ বুলি কোৱা হয়।

উত্তৰঃ

১০। বিপৰীত লিংগ কামিতা                  কালৰ প্ৰধান লক্ষণ।

উত্তৰঃ কৈশোৰ কালৰ 

১১।                  কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয়। 

উত্তৰঃ কৈশোৰ কালক

১২। আত্মপ্ৰীতিক                  বুলি কোৱা হয়।

উত্তৰঃ

১৩। বাল্যকালত ল'ৰাই                  লগ ভাল পায়।

উত্তৰঃ শিশু। 

১৪। দলানুগত্য                  কালত প্ৰৱল হয়।

উত্তৰঃ মানসিক।

১৫।                  কৈশোৰ কালচোৱাক ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছিল।

উত্তৰঃ  

১৬।                  কাল প্ৰাক প্ৰাথমিক শিক্ষাৰ কাল। 

উত্তৰঃ শৈশৱ কাল।

১৭।                  প্ৰৱণতাৰে বাবে শিশুৱে অলৌকিক কাহীনি শুনিবলৈ পচন্দ কৰে।

উত্তৰঃ

১৮।                  কালত শিশুৰ বিশ্লেষণাত্মক চিন্তন, বিচাৰ কৰণৰ ক্ষমতাৰ বিকাশ আৰম্ভ হয়।

উত্তৰঃ

১৯।                  কালত আবেগিক প্ৰতিক্ৰিয়াৰ সামঞ্জস্যৰ অভাৱ হয়।

উত্তৰঃ

খ। শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ


১। ৰুচোৰ মতে বিকাশৰ স্তৰ হৈছে                  টা।

উত্তৰঃ চাৰিটা।

২। শিশুৰ প্ৰশ্নসোধা প্ৰৱণতাই                  বিকাশত সহায় কৰে।

উত্তৰঃ 

৩। বীৰপূজা                  কালৰ ওটা বৈশিষ্ট্য।

উত্তৰঃ কৈশোৰ 

৪। বিপৰীত লিংগকামিতা -- কালৰ লগত জড়িত নহয়।

উত্তৰঃ

৫। শিশুৱে নিজৰ পতলাটো জীৱন্ত বুলি ভাৱে। ইয়াৰ অন্তৰালত ক্ৰিয়াশীল বৈশিষ্ট্যটো হৈছে                  ।

উত্তৰঃ

৬। এজন ১ বছৰীয়া ল'ৰাই খেলি ভালপাব ------- লগত।

উত্তৰঃ 

৭। শিশুৱে সাধুকথা শুনিবলৈ ভাল পায় কাৰণ হৈছে শিশুৰ                  

উত্তৰঃ 

৮। এজন কিশোৰ জীৱনৰ আদৰ্শ হিচাপে একোজন নায়ক/নায়িকাক গ্ৰহণ কৰে। এই প্ৰৱনতাৰ অন্তৰালত ক্ৰিয়াশীল বৈশিষ্ট্য  হৈছে                  

উত্তৰঃ

৯। কৈশোৰ কাল                  কাল নহয়।

উত্তৰঃ 'ধুমুহা পীড়নৰ '

গ। ভূল নে শুদ্ধ লিখাঃ

১। শৈশৱ কালৰ লগত জড়িত শিক্ষা স্তৰ হৈছে প্ৰাথমিক শিক্ষা।

উত্তৰঃ শুদ্ধ।

২। জন্মৰ পৰা তিনি বছৰৰ ভিতৰত শিশুৰ দৈহিক বিকাশ অতি দ্ৰুত।

উত্তৰঃ শুদ্ধ।

৩। বাল্যকালত শিশুৱে দলত থাকি ভাল পায়।

উত্তৰঃ শুদ্ধ 

৪। কৈশোৰ কাল অপৰাধ প্ৰৱনতাৰ কাল।

উত্তৰঃ শুদ্ধ

৫। আত্মকেন্দ্ৰিকতা বাল্যকালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ ভুল।

৬। মানৱ জীৱনৰ বিকাশ মাতৃগৰ্ভতেই আৰম্ভ হয়।

উত্তৰঃ শুদ্ধ।

৭। বিকাশৰ প্ৰত্যেক স্তৰৰেই নিৰ্ধাৰিত বৈশিষ্ট্য আছে।

উত্তৰঃ শুদ্ধ।

৮। বাল্যকাল সমাজীকৰণৰ কাল।

উত্তৰঃ শুদ্ধ

৯। ক্ৰীড়াপ্ৰৱনতা বাল্যকালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।

উত্তৰঃ ভুল।

১০। শৈশৱ কালক 'প্ৰশ্নসোধাৰ' কাল বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ।

১১। দুঃসাহসিকতাৰ প্ৰৱনতা কৌশৰ কালত প্ৰৱল হয়।

উত্তৰঃ 

১২। যৌন প্ৰৱণতা কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্য।

উত্তৰঃ শুদ্ধ । 

১৩। 'Adolescence' শব্দৰ অৰ্থ  হৈছে 'বিকাশ' হোৱা।

উত্তৰঃ শুদ্ধ।

১৪। সমকামিতা শৈশৱ কালৰ প্ৰধান লক্ষ্যণ।

উত্তৰঃ ভূল

(ঘ) চমুকৈ লিখা (প্ৰতি প্ৰশ্নাৰ বাবে ২ নম্বৰ)ঃ 

১। বীৰপূজা কি? 

উত্তৰঃ বীৰ পূজা হল কৈশোৰ কালত দেখা দিয়া এটা বৈশিষ্ট্য। কিশোৰ- কিশোৰীয়ে ভৱিষ্যত জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক জীৱনৰ আদৰ্শ হিচাপে বাচি লয়। কিশোৰ কিশোৰী সকলে তেনে মনোগ্ৰাহী‌ ব্যক্তিৰ ভাৱ, চিন্তা, ক্ৰিয়া আদি অনুকৰণ কৰিবলৈ ধৰে। নিজৰ প্ৰিয় ব্যক্তি সকলক অনুকৰণ কৰি নিজৰ জীৱনটোক তেনে ৰূপত গঢ় দিব বিচাৰে।

২। সৰ্বপ্ৰানবাদিতা বুলিলে কি বুজা? 

উত্তৰঃ সৰ্বপ্ৰানবাদিতা হল শৈশৱ কালৰ এটা বৈশিষ্ট্য়। শিশুে প্ৰাণীৰ দৰে সকলো নিৰ্জিৱ বস্তুৰে প্ৰাণ থকা বুলি ভাৱে। এই ধাৰণাৰ বাবে শিশুৱে সজীৱতা আৰু নিৰ্জীৱতাৰ মাজত থকা পাৰ্থক্য় বিবেচনা কৰিব নোৱাৰে। সিহঁতে ভাবে নিৰ্জিৱ বস্তুবোৰেও যেনে চলা, ফুৰা, সুখ দুখ আদি অনুভৱ কৰিব পাৰে। শিশুৱে বিশ্বাস কৰে যে সকলো বস্তুৰে প্ৰাণ থাকে। উদাহৰণস্বৰূপে - শিশুৱে যেতিয়া মাটিত পৰি দুখ পাই তেতিয়া কান্দি উঠে। যদি কোনোবাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া মাটিখিনিক প্ৰতিশোধ লোৱা বুলি ভাবি আনন্দ পায়।

৩। আত্মকেন্দ্ৰিকতা কি? 

উত্তৰঃ আত্মকেন্দ্ৰিকতা শৈশৱ কালৰ আন এটা বৈশিষ্ট্য়। নিজৰ সুখ, আনন্দ আদিৰ কথা ভাবিয়েই শিশু ব্য়স্ত হৈ থাকে। 

৪। কৈশোৰকালৰ দুটা সামাজিক সমস্যা উল্লেখ কৰা।

উত্তৰঃ কৈশোৰকালৰ দুটা সামাজিক সমস্য়া হল-

(১) কিশোৰ - কিশোৰীৰ সমস্য়া সম্পৰ্কে সম্য়ক জ্ঞান আহৰণ।

(২) যিবিলাক চাহিদাৰ পৰিপেক্ষিতত এই সমস্য়াসমূহৰ সৃষ্টি হয়, সেই চাহিদা সমূহৰ পৰিতৃপ্তিৰ বাবে ইতিবাচক ব্য়ৱস্থা গ্ৰহণ কৰা।

৫। শিশুৱে কিয় সঘনে প্ৰশ্ন কৰে? 

উত্তৰঃ শৈশৱ  কালত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল  মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন  আহে। আৰু সেই প্ৰশ্ন সমূহৰ উত্তৰ পোৱাৰ বাবে  যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন  কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে।  সেইবাবে  শৈশৱ কালত শিশুৱে সঘনে প্ৰশ্ন সোধা দেখা যায়। শৈশবৰ এই সময়ক  " প্ৰশ্ন সোধাৰ বয়স "  বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হৈ উঠে।

৬। বাল্যকালৰ ভাগ দুটা কি কি?

উত্তৰঃ বাল্যকালৰ ভাগ দুটা হ'ল-(১) প্ৰাথমিক বাল্যকাল।

                                                      (২) প্ৰান্তীয় বাল্যকাল।

৭। কৈশোৰ কালৰ দুটা আবেগিক সমস্যা উল্লেখ কৰা।

উত্তৰঃ কৈশোৰ কালৰ দুটা আবেগিক সমস্যা হ'ল- অপৰাধবোধ আৰু ভয়।

৮। বিপৰীত লিংগকামিতা কি লিখা।

উত্তৰঃ কৈশোৰ কালৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বোলা হয়। কৈশোৰ কালত কিশোৰ-কিশোৰী সকলৰ দৈহিক পৰিৱৰ্তন হৈ দৈহিক ভাৱে পৰিপক্ক হৈ উঠে। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্য়ধাৰী হৈ উঠে। পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন, ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে বাবে কিশোৰ কিশোৰী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। আৰু লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পাবলৈ আৰম্ভ কৰে। বিপৰীত লিংগকামিতা কৈশোৰ কালত হোৱাটো স্বাভাৱি প্ৰক্ৰিয়া।   

৯। বাল্যকালক কিয় 'দলবদ্ধ কৰণৰ' কাল বুলি কোৱা হয়? 

উত্তৰঃ এই সময়ৰ শিশুসকলৰ মাজত দলানুগত্য় প্ৰৱল হয়। ফলত সামাজিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি পৰিলক্ষিত হয়। এই বয়সত শিশুসকলে অকলে খেলাৰ পৰিবৰ্তে সম বয়সীৰ লগত দলবদ্ধভাৱে খেলিবলৈ ভাল পায়। এই বয়সত গঢ় লোৱা বন্ধুত্ব দীৰ্ঘস্থায়ী হয়। দলৰ স্বাৰ্থৰ প্ৰতি তেওঁলোকে সততে সচেতন হৈ থাকে। এই সময়ত শিশুৰ আচৰত নিজ দলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বাল্য়কালত লৰা-ছোৱালীয়ে প্ৰায় প্ৰাপ্ত বয়ষ্কৰ দৰেৰ সামাজিক আচৰণ কৰিবলৈ সক্ষম হয়। পৰিয়ালৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। তাকে 'দলবদ্ধ কৰণৰ কাল' বুলি কোৱা হয়।

১০। কৈশোৰ কালৰ সংজ্ঞা দিয়া।

উত্তৰঃ  কৈশোল কাল হল জীৱনৰ এনে এক স্তৰ যিটো স্তৰত ব্য়ক্তিৰ আচৰণক শিশুসূলভ বুলিও কোৱা নহয়, আৰু পৰিপূৰ্ণ বয়স্কৰ মৰ্যাদাও প্ৰদান কৰা নহয়।

১১। জীৱন বিকাশৰ স্তৰ বুলিলে কি বুজা? 

উত্তৰঃ বিকাশৰ স্তৰ আৰু মানুহৰ জীৱনৰ স্তৰ একে কথা নহয়। জীৱনৰ স্তৰ শৈশৱৰ পৰা বৃদ্ধাৱস্থালৈকে আগুৰি থাকে। আনহাতে বিকাশৰ স্তৰ কেৱল আমাৰ দেহ - মানসিক বিকাশে পূৰ্ণতা লাভ কৰা অৱস্থালৈকে বিবেচিত হয়। 

(ঙ) চমুকৈ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)ঃ

১। মানৱজীৱনৰ বিকাশৰ স্তৰসমূহৰ বিষয়ে লিখা।

উত্তৰঃ মানুহৰ জীৱন বিকাশৰ ধাৰা এক অবিচ্ছিন্ন গতিত অগ্ৰসৰ হয়। প্ৰায় চল্লিশ সপ্তাহ ধৰি এটি জীৱ-কোষ মাতৃ গৰ্ভত স্থিতি লোৱা পিছত মাতৃদেহৰ ৰস আহৰণ কৰি এটি শিশুৰ পৰিণত হয়। শিশুৰ শৰীৰ আৰু মনৰ বিকাশ ঘটে আৰু শিশুৰ নানা ক্ষমতাৰ অভিব্য়ক্তি ঘটে। মনোবিদসকলে ব্য়ক্তিজীৱনৰ বিকাশ অণুশীলন কৰিবৰ বাবে বয়স আৰু বিকাশমূলক বৈশিষ্ট্য়ৰ দিশৰ পৰা ব্য়ক্তিজীৱনক কেইটামান স্তৰত ভাগ কৰিছে। মানৱ-জীৱনৰ বিকাশৰ গতি-প্ৰকৃতি জীৱনৰ বিভিন্ন স্তৰভেদে বিভিন্ন ধাৰাত লক্ষ্য়ভিত্তিত পথত আগুৱাই যায়। সেইবাবেই মানুহৰ বিকাশৰ বিভিন্ন স্তৰ সুনিৰ্দিষ্ট কৰা খুবেই প্ৰয়োজন। সুনিৰ্দিষ্ট স্তৰ বিন্য়াসৰ মাধ্য়মেৰে বিভিন্ন স্তৰৰ বিবিধ বৈশিষ্ট অনুসাৰে উপযুক্ত শিক্ষা প্ৰণালী গ্ৰহণ কৰা সম্ভৱ। মানৱ বিকাশৰ বিভিন্ন স্তৰ সুনিৰ্দিষ্ট থাকিলে এই স্তৰসমূহৰ মাধ্য়মেৰে কি ভাৱে প্ৰত্য়েকৰ দৈহিক, মানসিক, বৌদ্ধিক আৰু সামাজিক বিকাশ ঘটে তাক উদ্দেশ্য়ভিত্তিত পথত পৰ্যবেক্ষণ কৰিব পৰা যায় আৰু প্ৰত্য়কৰ ক্ৰমবিকাশৰ ধাৰা অণুসাৰে শিক্ষাদানৰ বিভিন্ন উপায় সম্পৰ্কে সঠিক পথ নিৰ্দেশ কৰা সম্ভৱ হয়।  

২। শৈশৱকালৰ দৈহিক বিকাশৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ শৈশৱকালৰ দৈহিক বিকাশৰ বৈশিষ্ট্য সমূহ হ'ল-

(১) দ্ৰুত দৈহিক বৰ্ধন।

(২) দৈহিক পৰনিৰ্ভৰশীলতা।

(৩) অংগ সঞ্চালন ক্ষমতাৰ বিকাশ। 

(৪) খেলা-প্ৰৱণতা।

(৫) সংবেদনাত্মক বিকাশ।

(৬) দৈহিক নিয়ন্ত্ৰিণ ক্ষমতা আয়ত্বকৰণ।                  

৩। শৈশৱকালৰ মানসিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ মানসিক বৈশিষ্ট্য়ৰ দিশৰ পৰাও শিশুৰ জন্মৰ পৰা তিনিবছৰলৈ অৰ্থাৎ প্ৰাথমিক শৈশৱ কালত উল্লেখযোগ্য় পৰিবৰ্তন লক্ষ্য় কৰা যায়। এই স্তৰত শিশুৰ আত্ম সচেতনতাৰ বিকাশ হয়। এই সময়ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মানসিক বিকাশ হল ভাষাৰ বিকাশ। জন্ম অৱস্থাত শিশুৰ একমাত্ৰ ভাষা হল কান্দোন। শিশুৰ দৈহিক, বিকাশৰ লগে লগে ভাষাৰ বিকাশ আৰম্ভ হয়। জন্মৰ প্ৰথম বছৰত ভাষাৰ বিকাশত বিশেষ অগ্ৰগতি দেখা নগলেও ৯-১০ মাহ মান বয়সৰ পৰা মনৰ ভাৱ প্ৰকাশৰ বাবে কিছু ভাষাৰ ব্য়ৱহাৰ কৰিবলৈ শিকে। ৩ৰ পৰা ৫বা ৬ বছৰ বয়স অৰ্থাৎ প্ৰান্তীয় শৈশৱ কালত মানসিক বিকাশ দ্ৰুত হয়। পূৰ্বস্তৰত যি ভাষাৰ বিকাশ আৰম্ভ হৈছিল ই দ্ৰুততৰ হয়।

 শৈশৱ কালৰ মানসিক বিকাশৰ কেইটামান বৈশিষ্ট্য় তলত উল্লেখ কৰা হল -

(১) ভাষাৰ বিকাশঃ শৈশৱ কালৰ ভাষাৰ বিকাশে শিশুৰ মানসিক বিকাশত সুদৃঢ় কৰি তোলে।

(২) কৌতুহল প্ৰৱণতাঃ ভাষাৰ বিকাশৰ লগে লগে শিশু কৌতুহল প্ৰৱণ হৈ উঠে। এই কৌতুহল প্ৰৱনতাই শিশুৰ মানসিক বিকাশত সহায় কৰে।

(৩) ধাৰণাৰ বিকাশঃ শৈশৱকালত শিশুৰ প্ৰত্য়ক্ষ অভিজ্ঞতাক কেন্দ্ৰ কৰি ধাৰণাৰ বিকাশ হয়। 

(৪) শিকন ক্ষমতাৰ বিকাশঃ শৈশৱকালত শিশুৰ প্ৰবৃত্তিমূলক আচৰণৰ পৰিৱৰ্তন হয় আৰু শিকন ক্ষমতাৰ বিকাশ হবলৈ ধৰে।

 (৫) অনুকৰণ প্ৰৱণতাঃ শৈশৱ কালৰ আন এটা বৈশিষ্ট্ৰ হল অনুকৰণ প্ৰৱণতা। এই প্ৰৱণতাই শিশুৰ মানসিক বিকাশত সহায় কৰে।

৪। শৈশৱ কালৰ সামাজিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ সামাজিক বিকাশৰ দিশৰ পৰা এই বয়সত শিশুৰ কিছুমান বৈশিষ্ট্য় পৰিলক্ষিত হয়। জন্মাৱস্থাত শিশুসকলৰ মাজত সামাজিক আচৰণ লক্ষ্য় কৰা নাযায়। শৈশৱ কালৰ শেষৰ কাল চোৱাত শিশু সামাজিক বিকাশৰ দিশৰ পৰা পূৰ্বস্তৰতকৈ অধিক পৰিণত হয়। শিশুৰ সামাজিক প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰ বাঢ়িবলৈ ধৰে। এই সময়ত শিশুৰ সমাজ কেৱল পৰিয়ালৰ কেইজন মানৰ মাজতে আবদ্ধ নাথাকে। প্ৰতিবেশী আৰু খেলৰ সঙ্গীসকলৰ লগতো শিশুৰে মিলা-মিছা কৰিবলৈ ধৰে সহযোগিতা ইত্য়াদি সামাজিক বৈশিষ্ট্য় শিশুসকলৰ মাজত দেখা পোৱা যায়। এই স্তৰৰ সামাজিক বিকাশ বিশেষ গুৰুত্বপূৰ্ণ নহয়। এইক্ষেত্ৰত দেখা পোৱা সাধাৰণ বৈশিষ্টসমূহ হৈছে - 

(১) আত্মকেন্দ্ৰক শিশুৰ সামাজিক প্ৰতিক্ৰিয়া আৰম্ভ।

(২) প্ৰথম অৱস্থাত শিশুৰ সামাজিক প্ৰতিক্ৰিয়া পৰিয়াল আৰু সমবয়সৰ শিশুৰ ক্ষেত্ৰটো বিস্তৃত হয়।

(৩) প্ৰান্তীয় শৈশৱত এই  সামাজিক ক্ষেত্ৰৰ প্ৰসাৰ ঘটে আৰু শিশুসকলৰ মাজত সামাজিক বৈশিষ্ট্য়সমূহে দেখা দিবলৈ ধৰে। 

(৪) প্ৰান্তীয় শৈশৱত বন্ধুত্ব আৰু দল গঠনৰ প্ৰৱণতা কিছু বিকাশ প্ৰাপ্ত হয়।

৫। শৈশৱ কালৰ আবেগিক জীৱনৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ শৈশৱ কালত আবেগিক বিশেষ লক্ষণীয়। প্ৰাথমিক আনন্দ আৰু দুখৰ মনোভাৱৰ পৰাই ক্ৰমে খং, ভয়, উল্লাস ভালপোৱা ইত্য়াদি আবেগৰ বিকাশ হবলৈ ধৰে। প্ৰথম অৱস্থাত শিশুৰ আবেগিক প্ৰতিক্ৰিয়া সমূহ মাকৰ ব্য়ক্তিত্বক কেন্দ্ৰ কৰি বিকশিত হয়। শিশুৰ যৌন জীৱনৰ প্ৰাথমিক বিকাশো এই স্তৰতে আৰম্ভ হয়। প্ৰান্তীয় শৈশৱত শিশুৰ স্নেহ, ভালপোৱা ইত্য়াদি পৰিয়ালৰ সীমাৰ বাহিৰত বৃহত্তৰ পৰিবেশলৈ সম্প্ৰসাৰিত হয়। নিজৰ বন্ধু-বান্ধৱ, শিক্ষক-শিক্ষয়িত্ৰী আদিৰ প্ৰতিও ই বিস্তৃত হৈ পৰে। ইয়াৰ উপৰিও আশংকা লজ্জা, ঘৃনা, ঈৰ্ষা ইত্য়াদি মনোভাৱৰ বিকাশ হয়। যৌনজীৱনৰ বিকাশৰ ক্ষেত্ৰত এই প্ৰান্তীয় শৈশৱকালচোৱাত বিশেষ বৈশিষ্ট্য় লক্ষ্য় কৰা যায়। এই বয়সৰ শিশুসকলৰ মাজত দেখা পোৱা লৰাই মাকক ভালপোৱা আৰু ছোৱালীয়ে দেউতাকক ভাল পোৱাৰ প্ৰৱণতা এই যৌন শক্তিৰ স্বাভাৱিক বিকাশৰ বাবেই পৰিলক্ষিত হয়।

শৈশৱৰ আবেগিক জীৱনৰ কেইটামান বৈশিষ্ট তলত উল্লেখ কৰা হল -

(১) নৱজাতকৰ আবেগিক অভিজ্ঞতা সাধাৰণ উত্তেজনামূলক আবেগৰ পৃথকীকৰণ পৰৱৰ্তী পৰ্যায়ত সংঘটিত হয়।

(২) প্ৰথম অৱস্থাত দৈহিক প্ৰয়োজনমুখী আবেগিক প্ৰকাশ হয়। আবেগিক প্ৰকাশত কোনো বৌদ্ধিক প্ৰভাৱ নাথাকে।

(৩) ক্ৰমবিকাশৰ লগে লগে পৰিৱেশৰ লগতো শিশুৰ আবেগ জড়িত হৈ পৰে।

(৪) শৈশৱৰ যৌনতাৰ লগত প্ৰজনন মূলক প্ৰক্ৰিয়াৰ কোনো সম্পৰ্ক নাথাকে।

(৫) শৈশৱকালত বিভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি শিশুৰ বিভিন্ন চেণ্টিমেণ্ট বা মনোগ্ৰন্থিৰ সৃষ্টি হয়। 

৬। শৈশৱ কালৰ বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ শিক্ষাৰ দিশৰ পৰা বিচাৰ কৰিলে শৈশৱ কালক প্ৰাক বিদ্য়ালয়ৰ স্তৰ বুলি কোৱা হয়। শিশু শিক্ষাৰ দিশৰ পৰা বিবেচনা কৰিলে এই কালছোৱা অত্য়ন্ত গুৰুত্বপূৰ্ণ। এই সময়চোৱাত শিশুৱে অৰ্জন কৰা দৈহিক, মানসিক, আবেগিক আৰু সামাজিক বৈশিষ্ট্য়সমূহক পৰৱৰ্তী জীৱনৰ ব্য়ক্তিসত্তাৰ বিকাশৰ ভেটি হিচাপে বিবেচনা কৰিব পৰা যায়। সেয়েহে পৰিয়ালত পিতৃ-মাতৃ বা অন্য়ান্য় সদস্য়সকলে শিশুৰ বিভিন্ন দৈহিক আৰু মানসিক বৈশিষ্ট্য়সমূহ যাতে সুস্থভাৱে বিকাশ হয় তাৰ প্ৰতি সচেতন হব লাগে।

(১) শিশুৰ সুস্থ দৈহিক বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য়ৰ যোগান ধৰা আৰু সুস্বাস্থ্য় ৰক্ষাৰ বাবে শিশুৱে পালন কৰিব লগীয়া নীতি - নিয়মবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন।

(২) মানসিক বিকাশৰ দিশৰ পৰা এই স্তৰত শিশুৰ ভাষাৰ বিকাশ ঘটে। এইক্ষেত্ৰত শিশুৱে যাতে শুদ্ধৰূপত ভাষা শিকে তাৰ প্ৰতি পিতৃ - মাতৃ সচেতন হব লাগে।

(৩) শিশুৰ কল্পনা প্ৰৱণতা যাতে সুনিৰ্দিষ্ট পথত পৰিচালিত হয়, সেই উদ্দেশ্য়ে গল্প, সাধু, খেলপা আদি নিৰ্বাচনৰ ক্ষেত্ৰত পিতা-মাতা বিশেষভাৱে সচেতন হব লাগে।

(৪) গৃহ পৰিৱেশৰ দৰেই বিদ্য়ালয় পৰিৱেশো আন্তৰিকতাপূৰ্ণ হব লাগে।

(৫) গৃহ পৰিৱেশৰ দৰেই বিদ্য়ালয় পৰিবেশতো শুদ্ধ ভাষা শিক্ষাৰ যাৱতীয় ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে।

৭। শৈশৱৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ  শিক্ষাৰ দিশৰ পৰা বিচাৰ কৰিলে শৈশৱ কালক প্ৰাক বিদ্য়ালয়ৰ স্তৰ বুলি কোৱা হয়। শিশু শিক্ষাৰ দিশৰ পৰা বিবেচনা কৰিলে এই কালচোৱা অত্য়ন্ত গুৰুত্বপূৰ্ণ। এই সময়চোৱাত শিশুৱে অৰ্জন কৰা দৈহিক, মানসিক, আবেগিক আৰু সামাজিক বৈশিষ্ট্য়সমূহক পৰৱৰ্তী জীৱনৰ ব্য়ক্তিসত্তাৰ বিকাশৰ ভেটি হিচাপে বিবেচনা কৰিব পৰা যায়। সেয়েহে পৰিয়ালত পিতৃ-মাতৃ বা অন্য়ান্য় সদস্য়সকলে শিশুৰ বিভিন্ন দৈহিক আৰু মানসিক বৈশিষ্ট্য়সমূহ যাতে সুস্থভাৱে বিকাশ হয় তাৰ প্ৰতি সচেতন হব লাগে।

(১) শিশুৰ সুস্থ দৈহিক বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য়ৰ যোগান ধৰা আৰু সুস্বাস্থ্য় ৰক্ষাৰ বাবে শিশুৱে পালন কৰিব লগীয়া নীতি - নিয়মবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন।

(২) শিশুৰ কল্পনা প্ৰৱণতা যাতে সুনিৰ্দিষ্ট পথত পৰিচালিত হয়, সেই উদ্দেশ্য়ে গল্প, সাধু, খেল আদি নিৰ্বাচনৰ ক্ষেত্ৰত পিতা - মাতা বিশেষভাৱে সচেতন হব লাগে।

(৩) আবেগিক বিকাশৰ ক্ষেত্ৰত অনেক গুৰুত্বপূৰ্ণ বিকাশ এই স্তৰত পৰিলক্ষিত হয়। সেয়েহে শিশুৱে নিজৰ আবেগিক প্ৰতিক্ৰিয়াসমূহ যাতে নিয়ন্ত্ৰিত ৰূপত প্ৰকাশ কৰিবলৈ শিকে তাৰ প্ৰাথমিক শিক্ষা গৃহ পৰিৱেশত প্ৰদান কৰিব লাগে।

(৪) শিশুৰ আনুষ্ঠানিক শিক্ষা প্ৰাথমিক শিক্ষাৰ যোগেদি আৰম্ভ হয়, সেয়ে হলেও শৈশৱ কালতেই  শিশুৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ যোগেদি বিদ্য়ালয় জীৱন আৰম্ভ হয়। নাৰ্চাৰী, কিণ্ডাৰ গাৰ্টেন, মণ্টেশ্বৰী ইত্য়াদি বিভিন্ন প্ৰকাৰৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ দ্বাৰা এই স্তৰত শিশুৰ শিক্ষাৰ ব্য়ৱস্থা কৰা হয়।

(৫) শিশুৰ সামাজিক বিকাশ যাতে আদৰ্শস্থানীয় হয় তাৰ প্ৰতি পৰিয়ালৰ লোকসকল সচেষ্ট হব লাগে। সেওঁলোকে নিজৰ আচৰণৰ দ্বাৰা অনুকৰণ প্ৰিয় শিশুক প্ৰভাৱিত কৰিবলৈ সাজু কৰিব লাগে।

৮। কৈশোৰ কালৰ দুটা গুৰুত্বপূৰ্ণ চাহিদাৰ বিষয়ে লিখা।

উত্তৰঃ কৈশোৰ কালৰ দুটা গুৰুত্বপূৰ্ণ চাহিদা হলঃ 

(১) যৌন চাহিদা সমস্য়াঃ কৌশৰৰ বিভিন্ন নতুন নতুন চাহিদাৰ মাজত সকলোতকৈ গুৰুত্বপূৰ্ণ চাহিদা হল যৌন চাহিদা। যৌন শক্তিৰ ক্ষেত্ৰত এই সময়ত বিপৰীত যৌন চেতনা দেখা যায়। এই স্বাভাৱিক চাহিদাৰ ফলত তেওঁলোকে বিপৰীত লিঙ্গৰ সঙ্গীৰ লগত মিলা-মিছা কৰিবলৈ বিচাৰে।

(২) স্বাধীনতা চাহিদা সমস্য়াঃ কৌশোৰৰ আন এক চাহিদা হৈছে স্বাধীনতাৰ চাহিদা। কৌশৰ কালত দৈহিক আৰু মানসিক বিকাশ পৰিণত হোৱাৰ ফলত কিশোৰ-কিশোৰীৰ মাজত স্বাধীনভাৱে কাম কৰিব বিচাৰে। স্বাধীনভাৱে মতামত প্ৰকাশ কৰিবলৈ বিচাৰে।

৯। বাল্যকালৰ দৈহিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ দৈহিক বিকাশৰ দিশৰ পৰা এই স্তৰৰ বৈশিষ্ট্য়ৰ লগত পূৰ্ববৰ্তী স্তৰৰ বিশেষ কোনো পাৰ্থক্য় দেখা নাযায়। এই স্তৰত বিকাশৰ হাৰো আগৰ তুলনাত কিছু মন্থৰ হয়। আগৰ স্তৰতকৈ এই স্তৰত উচ্চতা গঢ়ে ২ ইঞ্চিমান বাঢ়ে আৰু ওজন গঢ়ে ৬/৭ পাউণ্ডমান বাঢ়ে। কিন্তু সাধাৰণভাৱে এই স্তৰৰ ওজন আৰু উচ্চতাৰ দিশৰ পৰা লৰা-ছোৱালীতকৈ কিছু আগবঢ়া। এই সময়ত শিশুৱে নিজৰ স্বাস্থ্য়ৰ যত্নৰ লব পাৰে। দেহৰ সুক্ষ্ম পেশীসমূহো এই স্তৰত পৰিপূৰ্ণভাৱে বিকাশ হয়।   

১০। বাল্যকালৰ সামাজিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ এই সময়ৰ শিশুৰ সামাজিক বিকাশে পৰৱৰ্তী জীৱনৰ বিকাশত প্ৰভাৱান্বিত কৰে। এই সময়ত শিশুৰ আত্মকেন্দ্ৰিকতাৰ ভাৱ দুৰ হয় আৰু শিশুৱে পৰিপূৰ্ণভাৱে সমাজ জীৱনত অংশগ্ৰহণ কৰিবলৈ শিকে। শিশুসকলে দলবদ্ধবাৱে খেলা ধূলা কৰিবলৈ ভাল পায়। নিজৰ দলৰ নিয়ম কানুন আৰু দলীয় নেতাৰ নিৰ্দেশ মানি চলাৰ প্ৰৱণতা এওঁলোকৰ মাজত দেখা যায়। কিন্তু এই সময়ত গঠন হোৱা দলসমূহ খুব বেছি দিন স্থায়ী নহয়। অৰ্থাৎ শিশু খুব বেছি দিন কোনো বিশেষ দলৰ সভ্য় হৈ নাথাকে। এই স্তৰত শিশুৰ নৈতিক মূল্য়বোধৰো বিকাশ হয়। এই সময়ত শিশুৱে উপদেশমূলক কাহিনী শুনি ভাল পায় আৰু ইয়াৰ দ্বাৰা প্ৰভাবিতও হয় নিজৰ আচৰণক নীতিবোধৰ পৰিপেক্ষিতত নিয়ন্ত্ৰিণ কৰাৰ প্ৰচেষ্টাও এওঁলোকৰ মাজত পৰিলক্ষিত হয়।

১১। কৈশোৰৰ দুঃসাহসিক অভিযানৰ চাহিদা।

উত্তৰঃ সমাজত নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে এই বয়সৰ ল'ৰা-ছোৱালীৰ মাজত দুঃসাহসিক কামৰ প্ৰতি আকৰ্ষণ দেখা যায়। এই প্ৰৱণতাৰ বশৱৰ্তী হৈ তেওঁলোকে এনে কাম কৰে যি তেওঁলোকক বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্থ কৰিব পাৰে। আত্মপ্ৰকাশৰ তাগিদাত কৰা এই দুঃসাহসিক অভিযানৰ যথাযথ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। 

১২। কৈশোৰৰ সামাজিক চাহিদা। 

উত্তৰঃ সমাজ জীৱনৰ চাহিদা কৌশোৰৰ আন এক বৈশিষ্ট্য। এই চাহিদাৰ ফলত তেওঁলোকৰ মনত বৃহত্তৰ সমাজ জীৱনৰ প্ৰতি এক অনুৰাগৰ সৃষ্টি হয়। কিন্তু কৈশোৰৰ এই সামাজিক চাহিদাৰ ক্ষেত্ৰত সমাজে সাধাৰণতে আস্থা ৰখা দেখা নাযায়। ফলত সমাজৰ প্ৰতি  তেওঁলোকৰ এক বিৰূপ মনোভাৱৰ সৃষ্টি হয়। সমাজৰ স্বীকৃতিৰ অভাৱত তেওঁলোকে বিকল্প পন্থাৰে ইয়াৰ পৰিতৃপ্তি কৰিব বিচাৰে ফলত বিভিন্ন অসামাজিক আচৰণত লিপ্ত হোৱাও দেখা যায়।                   

১৩। জীৱন বিকাশৰ স্তৰ আৰু শিক্ষাস্তৰ।

উত্তৰঃ মানুহৰ জীৱন বিকাশৰ ধাৰা এক অবিচ্ছিন্ন গতিত অগ্ৰসৰ হয়। প্ৰায় চল্লিশ সপ্তাহ ধৰি এটি জীৱ-কোষ মাতৃ গৰ্ভত স্থিতি লোৱাৰ পিছত মাতৃদেহৰ ৰস আহৰণ কৰি এটি শিশু পৰিণত হয়। সদ্য়োজাত শিশু এটি অসহায় জীৱ। লাহে লাহে শিশুৰ শৰীৰ আৰু মনৰ বিকাশ ঘটে আৰু শিশুৰ নানা ক্ষমতাৰ অভিব্য়ক্তি ঘটে। দেহ আৰু মনৰ এই স্বাভাৱিক সুস্থ বিকাশ ঢাপে ঢাপে কিদৰে সংঘটিত হয়, ই  মনোবিজ্ঞানৰ এক পৰ্যবেক্ষণৰ বিষয়। মনোবিদসকলে ব্য়ক্তিজীৱনৰ বিকাশ অনুশীলন কৰিবৰ বাবে বয়স আৰু বিকাশমূলক বৈশিষ্ট্য়ৰ দিশৰ পৰা ব্য়ক্তিজীৱনক কেইটামান স্তৰত ভাগ কৰিছে। মানৱ-জীৱনৰ বিকাশৰ গতি-প্ৰকৃতি জীৱনৰ বিভিন্ন স্তৰভেদে বিভিন্ন ধাৰাত লক্ষ্য়ভিত্তিক পথত আগুৱাই যায়। সেইবাবেই মানুহৰ বিকাশৰ বিভিন্ন স্তৰ সুনিৰ্দিষ্ট কৰা খুবেই প্ৰয়োজন। সুনিৰ্দিষ্ট স্তৰ বিন্য়াসৰ মাধ্য়মেৰে বিভিন্ন স্তৰৰ বিবিধ বৈশিষ্ট অনুসাৰে উপযুক্ত শিক্ষা প্ৰণালী গ্ৰহণ কৰা সম্ভৱ। অৰ্থাৎ শিক্ষাৰ্থীক বিকাশৰ স্তৰ অনুযায়ী উপযুক্ত শিক্ষাৰে শিক্ষিত আৰু বিকশিত কৰি তোলাৰ সকলো ব্য়ৱস্থা অৱলম্বন কৰাৰ স্বাৰ্থত শিক্ষাৰ্থীৰ বিকাশৰ সুনিৰ্দিষ্ট স্তৰ বিন্য়াস খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও মানৱ বিকাশৰ বিভিন্ন স্তৰ সুনিৰ্দিষ্ট থাকিলে এই স্তৰসমূহৰ মাধ্য়মেৰে কি ভাৱে প্ৰত্য়েকৰ দৈহিক, মানসিক, বৌদ্ধিক আৰু সামাজিক বিকাশ ঘটে তাক উদ্দেশ্য়ভিত্তিক পথত পৰ্যবেক্ষণ কৰিব পৰা যায় আৰু প্ৰত্য়েকৰ ক্ৰমবিকাশৰ ধাৰা অনুসাৰে শিক্ষাদানৰ বিভিন্ন উপায় সম্পৰ্কে সঠিক পথ নিৰ্দেশ কৰা সম্ভৱ হয়।     

চ। ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)ঃ

১। জীৱন বিকাশৰ স্তৰ বুলিলে কি বুজা? বয়সসীমাসহ বিভিন্ন মনোবিদে কৰা জীৱনৰ স্তৰ বিভাজনসমূহ উল্লেখ কৰা।

উত্তৰঃ মানুহৰ জীৱন বিকাশৰ ধাৰা এক অবিচ্ছিন্ন গতিত অগ্ৰসৰ হয়। মানৱ জীৱনৰ বিকাশৰ গতি-প্ৰকৃতি জীৱনৰ বিভিন্ন স্তৰভেদে বিভিন্ন ধাৰাত লক্ষ্য়ভিত্তিক পথত আগুৱাই যায়। সেইবাবেই মানুহৰ বিকাশৰ বিভিন্ন স্তৰ সুনিৰ্দিষ্ট কৰা খুবেই প্ৰয়োজন। জীৱন বিকাশৰ স্তৰ বিন্য়াসৰ ক্ষেচত্ৰত মনোবিদসকলৰ মাজত মত পাৰ্থক্য় পৰিলক্ষিত হয়। তাকে জীৱন বিকাশৰ স্তৰ বুলি কোৱা হয়। 

    বয়সসীমাসহ বিভিন্ন মনোবিদে কৰা জীৱনৰ স্তৰ বিভাজনসমূহ তলত উল্লেখ কৰা হল -

(ক) ৰুচোৰ স্তৰবিন্য়াসঃ শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা হিচাপে ৰুচোৱে শিশুশিক্ষাৰক্ষেত্ৰত বিভিন্ন বয়সভিত্তিক বিকাশৰ ধাৰা আৰু শিক্ষাৰ স্তৰবিন্য়াসৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। জীৱন বিকাশক চাৰিটাস্তৰত ভাগ কৰি ৰুচোৱে শিশু শিক্ষাৰ স্তৰ বিন্য়স্ত বিকাশ প্ৰক্ৰিয়াক সুস্পষ্ট কৰি তুলিছিল। তেওঁৰ ইমিল নামৰ গ্ৰন্থত বিকাশৰ স্তৰ সমূহ তলত দিয়া ধৰণেৰে উল্লেখ কৰিছিল -

    (১) শৈশৱ কাল - জন্মৰ পৰা পাঁচবছৰলৈ

    (২) বাল্য়কাল - পাঁচবছৰৰ পৰা বাৰ বছৰলৈ

    (৩) আগতীয়া কৈশোৰ কাল - বাৰৰ পৰা পোন্ধৰ বছৰলৈ

    (৪) শেহতীয়া কৈশোৰ কাল - পোন্ধৰ বছৰৰ পৰা বিশ বছৰলৈ

(খ) আৰ্নেষ্ট জোনচৰ স্তৰবিন্য়াসঃ বিখ্য়াত শিক্ষাবিদ আৰ্নেষ্ট জোচে ৰুচোৰ দৰেই জীৱন বিকাশৰ ধাৰাক তলত দিয়া ধৰণেৰে বিভাজিত কৰিছিল -

    (১) শৈশৱ - পাঁচ বছৰ পৰ্যন্ত

    (২) বাল্য়কাল - বাৰ বছৰ পৰ্যন্ত

    (৩) যৌৱনাগমন বা কৈশোৰ - ওঠৰ বছৰ পৰ্যন্ত

    (৪) প্ৰাপ্ত বয়স - ওঠৰ বছৰৰ পৰা পৰৱৰ্তী কাল

(গ) ৰাইবানৰ স্তৰবিন্য়াসঃ শিক্ষাবিজ্ঞানী ৰাইবানে মানৱ বিকাশৰ ধাৰাৰ স্তৰসমূহৰ এক সূক্ষ্ম বিৱৰণ দাঙি ধৰি এক পৃথক সীমাৰ ৰেখাৰ উল্লেখ কৰিছিল। তেওঁৰ মতে বিকাশৰ স্তৰসমূহ হৈছে -

    (১) শৈশৱ কাল - জন্মৰ পৰা ৩ বছৰ পৰ্য্য়ন্ত

    (২) আগতীয়া কন্য়াকাল - ৩ বছৰৰ পৰা ৭ বছৰলৈ

    (৩) শেহতীয়া বাল্য়কাল - ৭ বছৰৰ পৰা ১১/১২ বছৰলৈ

    (৪) আগতীয়া কৈশোৰ - ১১/১২ ৰ পৰা ১৪ বছৰলৈ 

    (৫) শেহতীয়া কৈশোৰ - ১৪ বছৰৰ পৰা ১৮ বছৰলৈ 

মুঠতে জীৱন বিকাশৰ শ্ৰেণীবিভাগৰ ক্ষেত্ৰত বিভিন্ন চিন্তাবিদসকলৰ মাজত অনেক মতভেদ দেখা যায়। কিন্তু যিকোনো শ্ৰেণীবিভাগ বিবেচনা কৰিবলৈ যাওঁতে ব্য়ক্তিজীৱনৰ বিকাশৰ অবিচ্ছন্নতাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে।  

২। শৈশৱৰ বিভিন্ন বিকাশমূলক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ শৈশৱৰ বিভিন্ন বিকাশমূলক বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হলঃ

(১) শিশুৰ সুস্থ দৈহিক বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য়ৰ যোগান ধৰা আৰু সুস্বাস্থ্য় ৰক্ষাৰ বাবে শিশুৱে পালন কৰিব লগীয়া নীতি-নিয়মবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। 

(২) মানসিক বিকাশৰ দিশৰ পৰা এই স্তৰত শিশুৰ ভাষাৰ বিকাশ ঘটে। 

(৩) শিশুৰ কল্পনা প্ৰৱণতা যাতে সুনিৰ্দি,ট পথত পৰিচালিত হয়, সেই উদ্দেশ্য়ে গল্প, সাধু, খেলপা আদি নিৰ্বাচনৰ ক্ষেত্ৰত পিতা-মাতা বিশেষভাৱে সচেতন হব লাগে।

(৪) পৰনিৰ্ভৰশীল শিশুসকল যাতে আত্ম নিৰ্ভৰশীল হৈ উঠে তাৰ প্ৰতি লক্ষ্য় ৰাখি যাৱতীয় ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে। শিশুৱে যাতে নিজৰ কাম নিজে কৰিব পাৰে তাৰ ব্য়ৱস্থা কৰিব লাগে। 

(৫) গৃহ পৰিৱেশৰ দৰেই বিদ্য়ালয় পৰিবেশো আন্তৰিকতাপূৰ্ণ হব লাগে।

৩। শৈশৱ কালত শিশুৰ বিকাশমূলক প্ৰক্ৰিয়াৰ ওপৰত পৰিয়াল আৰু বিদ্যালয়ৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 

৪। প্ৰাৰম্ভিক বাল্যকালৰ বিকাশমূলক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৫। প্ৰান্তীয় বাল্যকালৰ বিকাশগত বৈশিষ্ট্য সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ প্ৰান্তীয় বাল্য়কালৰ বিকাশগত বৈশিষ্ট্য় সম্পৰ্কে তলত আলোচনা কৰা হয়-

(ক) দৈহিক বিকাশঃ দৈহিক বিকাশৰ দিশৰ পৰা এই স্তৰৰ বৈশিষ্ট্য়ৰ লগত পূৰ্ববৰ্তী স্তৰৰ বিশেষ কোনো পাৰ্থক্য় দেখা নাযায়। এই স্তৰত বিকাশৰ হাৰো আগৰ তুলনাত কিছু মন্থৰ হয়। আগৰ স্তৰতকৈ এই স্তৰত ২ ইঞ্চিমান বাঢ়ে আৰু ওজন গঢ়ে ৬/৭ পাইণ্ডমান বাঢ়ে। কিন্তু সাধাৰণভাৱে এই স্তৰৰ ওজন আৰু উচ্চতাৰ দিশৰ পৰা লৰা-ছোৱালীতকৈ কিছু আগবঢ়া।

(খ) মানসিক বৈশিষ্ট্য়ঃ এই বয়সত শিশুৰ মানসিক বিকাশ বিশেষ তাৎপৰ্যপূৰ্ণ। এই সময়ত শিশুৰ আগ্ৰহৰ বস্তুৰ পৰিধি অনেক বৃদ্ধি পায়। এই বয়সত শিশুৱে বিভিন্ন ঘটনাৰ কাৰ্য-কৰণৰ সম্পৰ্ক নিৰ্ণয় কৰাৰ ক্ষমতা অৰ্জন কৰে। ফলত বিভিন্ন বিষয় সম্পৰ্কে বিচাৰ কৰাৰ ক্ষমতাও লাভ কৰে। ভাষাৰ বিকাশৰ ক্ষেত্ৰত এই বয়সত লৰা-ছোৱালীয়ে পূৰ্ণতা লাভ কৰে। মানসিক ধাৰণাৰ দিশৰ পৰা এই স্তৰত শিশুসকল অপৰিপক্ক হৈ থাকে।

(গ) আবেগিক বিকাশঃ আবেগিক দিশৰ পৰা এই কালছোৱাক চিন্তা ভাৱনা মুক্ত কাল বুলি বিবেচনা কৰিব পাৰি। এই সময়ত আনন্দদায়ক বিভিন্ন আবেগিক অনুভূতিৰ অত্য়াধিক প্ৰকাশ দেখা যায়। এই বয়সৰ শিশুসকল চিন্তা ভাৱনা মুক্ত আৰু এওঁলোকৰ আনন্দ উৎসাহ অত্য়ন্ত বেছি। শিশু সুলভ ভয়ৰ পৰিবৰ্তে এই স্তৰত যথাযথ প্ৰত্য়ক্ষ ঘটনাৰ পৰিপ্ৰেক্ষিতত ভয়ৰ ভাৱে দেখা দিয়ে। 

(ঘ) মানসিক বিকাশঃ এই সময়ত শিশুসকলৰ মাজত দলানুগত্য় প্ৰৱল হয়। ফলত সামাজিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি পৰিলক্ষিত হয়। এই বয়সত শিশুসকলে অকলে খেলাৰ পৰিবৰ্তে কম বয়সীৰ লগত দলবদ্ধভাৱে খেলিবলৈ ভাল পায়। এই বয়সত গঢ় লোৱা বন্ধুত্ব দীৰ্ঘস্থায়ী হয়। শিশুসকলে কেতিয়াবা অতি উচ্চ নৈতিক মান সম্পন্ন কাৰ্য কৰে আৰু কেতিয়াবা এনেকুৱা কাম কৰে যি নৈতিক মূল্য়বোধৰ বিচাৰত অতি নিম্ন।  

৬। বাল্যকালৰ বিকাশত পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ বাল্য়কালত প্ৰাথমিক শিক্ষা আৰম্ভ হয়। শিক্ষাগত দিশৰ পৰা জীৱন বিকাশৰ এই স্তৰ বিশেষ গুৰুত্বপূৰ্ণ।  এই স্তৰৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকল বিশেষ সতৰ্ক হোৱা দৰকাৰ। কাৰণ শিশুক প্ৰাথমিক স্তৰত যথাযথ শিক্ষা দিয়াত ব্য়ৰ্থ হলে পৰৱৰ্তী শিক্ষা ব্য়ৱস্থাক সুনিয়ন্ত্ৰিত কৰিব পৰা নাযায়। এইক্ষেত্ৰত শিক্ষকে লব লগা ব্য়ৱস্থা সমূহ হৈছে -

(১) প্ৰথমে এই বয়সত শিশুৰ দৈহিক বিকাশ প্ৰায় পৰিপূৰ্ণ হয়। এই সময়ত শিশুসকলৰ দৈহিক সক্ৰিয়তা পৰিলক্ষিত। তেওঁলোকো সকলো সময়তে কিবা এটা কৰি থাকিবলৈ বিচাৰে। গতিকে বিদ্য়ালয়ৰ কাম কাজত বিভিন্ন দৈহিক ক্ৰিয়া অন্তৰ্ভূক্ত হব লাগে। এই সময়ত শিশুক স্বাস্থ্য় ৰক্ষা সম্পৰ্কে সাধাৰণ ধাৰণা প্ৰদান কৰিব লাগে আৰু সু - স্বাস্থ্য়ভ্য়াস গঠন কৰিব লাগে।

(২) দ্বিতীয়তে, শিশুৰ মানসিক বিকাশৰ দিশত শিক্ষকে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে। এই সময়ত লৰা - ছোৱালীৰ অনুৰাগৰ ক্ষেত্ৰ অনেক বিস্তৃত হয়। সেয়েহে শিক্ষাৰ্থীৰ অনুৰাগৰ বিষয় বস্তুৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ বিষয়বস্তু নিৰ্বাচন কৰিব লাগে। এই বয়সত শিক্ষাৰ্থীৰ অনুৰাগ অনুযায়ী শিক্ষা প্ৰদানৰ সুবিধা নাথাকিলে শিক্ষাৰ উদ্দেশ্য় সফল হব নোৱাৰে।

(৩) তৃতীয়তে, এই স্তৰত আবেগিক আৰু সামাজিক বৈশিষ্ট্য় সমূহ যথাযথভাৱে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে আৰু শিক্ষাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব লাগে। ভয়, খং আদি আবেগ সমূহ ক্ৰমশঃ অভিজ্ঞতাৰ মাধ্য়মেৰে সংযথ কৰিব লাগে। কোনো বস্তুৰ প্ৰতি যাতে অযথা ভয়ৰ সৃষ্টি নহয় তাৰ প্ৰতি শিক্ষকেলক্ষ্য় ৰাখিব লাগে। বিদ্য়ালয়ৰ পৰিবেশত শিশুৱে অনেক ক্ষেত্ৰত আবেগিক নিৰাপত্তাৰ অভাৱবোধ কৰে। ইয়াৰ ফলত নানা সমস্য়াই দেখা দিব পাৰে।

    এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকল সচেতন হব লাগে। এই ক্ষেত্ৰত শিক্ষকৰ ব্য়ক্তিত্বৰ এক উল্লেখনীয় ভূমিকা আছে। তেওঁ শিক্ষাৰ্থীৰ লগত এক সুমধূৰ সম্পৰ্ক গঢ়ি তুলি বিদ্য়ালয় পৰিৱেশক  আনন্দময় কৰি তুলিব লাগে। এই সময়ত শিক্ষাৰ্থীৰ আচৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতোশিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই বয়সত শিক্ষাৰ্থীসকলৰ মাজত দল গঠনৰ প্ৰৱণতা লক্ষ্য় কৰা যায়। বিদ্য়ালয়ত বিভিন্ন সহপাঠ্য়ক্ৰমিক কাৰ্য্য়াৱলীসমূহ দলগত ভাৱে পৰিচালিত কৰি শিক্ষকে দলগত আচৰণক গঠনাত্মক ৰূপ দিব পাৰে। সৰ্বশেষত, এই বয়সৰ শিক্ষাৰ্থীসকলেশিক্ষকক জীৱনৰ আদৰ্শ হিচাবে গ্ৰহণ কৰে।

৭। কৈশোৰ কাল বুলিলে কি বুজা? কৈশোৰ কালৰ বিকাশগত বৈশিষ্ট্য সমূহৰ বিষয়ে লিখা।

উত্তৰঃ সাধাৰণতে ১২ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ এই কালছোৱাক কৈশোৰ কাল বুলি কোৱা হয়।

                                কৈশোৰ কালৰ বিকাশগত বৈশিষ্ট্য সমূহৰ বিষয়ে তলত দিয়া হ'ল-

(ক) দৈহিক বিকাশঃ যৌৱন কালত দ্ৰুত আৰু আকস্মিক দৈহিক পৰিৱৰ্তন হল এটা বিশেষ লক্ষণ। লৰা - ছোৱালীৰ দৈৰ্ঘ্য়, ওজন আৰু শাৰীৰিক শক্তি বৃদ্ধি পায়। শৰীৰৰ ভিতৰত পেশী, মাংসপেশী, হাড়, মস্তিষ্ক আৰু অন্য়ান্য় অংগ - প্ৰত্য়ংগই পূৰ্ণতা লাভ কৰে।

(খ) মানসিক বিকাশঃ এই সময়ত লাভ কৰা মানসিক পৰিপক্কতাই চিন্তা - ভাবনা, যুক্তি - তৰ্ক, কল্পনা, মনোযোগ দিয়া, স্মৰণ কৰা আৰু বুজি পোৱা আদি সামৰ্থ্য় বৃদ্ধি কৰে।

(গ) দলীয় ভাবৰ বিকাশঃ এই সময়ত সংগ প্ৰকৃতি প্ৰবল হোৱাৰ বাবে দলত থকা আৰু সামাজিক স্বীকৃতি লাভ কৰাৰ ইচ্ছা যুৱক - যৱতীৰ অতি প্ৰৱণ হয়। সামাজিক কাম কৰাৰ ধাউতি, আনক সহায় কৰাৰ মনোভাব আৰু কাৰোবাৰ কাৰণে স্বাৰ্থ ত্য়াগ কৰাৰ প্ৰবৃত্তি অতি প্ৰৱল হয়। 

(ঘ) যৌন চেতনাঃ যৌন প্ৰবৃত্তিৰ পূৰ্ণ বিকাশে যুৱক - যুৱতীৰ শৰীৰৰ ভিতৰৰ অংগত পৰিবৰ্তন কৰে। এই সময়ত লৰাই ছোৱালীৰ প্ৰতি আৰু ছোৱালীয়ে লৰাৰ প্ৰতি আকৰ্ষিত হয়। বিপৰীত লিংগৰ প্ৰতি হোৱা এই আকৰ্ষণক সহজভাৱে লৈ যৌন শিক্ষা দিয়াৰ ব্য়ৱস্থা কৰিব লাগে।

(ঙ) আবেগিক বিকাশঃ এই সময়ত ব্য়ক্তি অতিশয় আবেগপূৰ্ণ হয়। অলপ বেয়াকৈ কথা কলে বা দুখ দিলে মনত অতিশয় দুখ পায়। মনটো অতিশয় ৰোমাণ্টিক হোৱাৰ বাবে এওঁলোকে দিবানিদ্ৰাৰ মাজেৰে বহুতো কথা কল্পনা কৰে।

(চ) সমাজ সচেতনতাঃ এই সময়ত কিশোৰ - কিশোৰীবিলাকৰ সামাজিক দায়িত্ববোধ আৰু সমাজ সচেতনতাৰ ভাব প্ৰৱল হৈ উঠে।

(ছ) নৈতিকতা বোধঃ যৌৱন কালত নৈতিক দিশৰ বিকাশ হোৱা দেখা যায়। ন্য়ায় - অন্য়ায়, সত্য় - অসত্য়, পাপ - পুৰ্ণ বিচাৰ কৰিব পৰা হয়।

(জ) আত্মসচেতনতাঃ যৌৱন কালত লৰা - ছোৱালী সাধাৰণতে আত্মসচেতন হৈ পৰা দেখা যায়। নিজৰ দেহৰ শাৰীৰিক আৰু মানসিক কামক লৈ অতিশয় সচেতন হোৱা দেখা যায় আৰু আত্ম - অধ্য়য়নৰ প্ৰতি ধাউতি বাঢ়ে।

(ঝ) দুঃসাহসিকতাঃ বয়ঃসন্ধিৰ কালছোৱাত লৰা - ছোৱালীবোৰৰ দুঃসাহসিক কামৰ প্ৰতি প্ৰৱল আগ্ৰহ পৰিলক্ষিত হয়। এনে ক্ষেত্ৰত কেতিয়াবা অভিভাৱকৰ আৰু শিক্ষকৰ অবাধ্য় হোৱাও দেখা যায়।

(ঞ) সংকটপূৰ্ণঃ যৌৱনক 'জীৱন বসন্ত' হিচাপে অভিহিত কৰিলেও শাৰীৰিকভাৱে পোৱা অফুৰন্ত শক্তি, মানসিক বিকাশ, ভাব - প্ৰৱণতা, সামাজিক স্বীকৃতি লাভ, যৌন - জীৱনৰ বিকাশে যুৱক - যুৱতীৰ মনত বহুত সমস্য়াৰ সৃষ্টি কৰে। অভিভাৱকেও আগৰ দৰে শাসন কৰিব বিচৰাৰ ফলত ইহঁতৰ মনত বিদ্ৰোহী মনোভাব জাগৃত হৈ উঠে। সিহঁতৰ শক্তি, কাম আৰু ইচ্ছাক অভিভাৱকে ভালদৰে বুজি বন্ধুভাৱে ব্য়ৱহাৰ নকৰাৰ ফলত যুৱক - যুৱতীক লৈ বহুতো সমস্য়াৰ সৃষ্টি হয়। লৰা - ছোৱালী উভয়ৰে কাৰণে এই কালছোৱা এটি বিশেষ গুৰুত্বপূৰ্ণ কাল। বহুতে সেইবাবেই ইয়াক ধুমুহা আৰু সংকটৰ্পূণ কাল বুলি অভিহিত কৰিছে। এজন মনোবৈজ্ঞানিকৰ মতে - বয়ঃসন্ধিৰ মনৰ বহুমুখী বিকাশৰ বাবে যৌৱন কাল মানৱ জীৱনৰ এটি জটিল কাল ষ্টেনলি হলে বয়ঃসন্ধিক নৱজন্ম বুলি কৈছিল।    

৮। কৈশোৰ কালৰ চাহিদাসমূহ কি কি? এই চাহিদাসমূহ পুৰণৰ ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ কৈশোৰ কালৰ চাহিদাসমূহ হৈছে-

(১) যৌন চাহিদাৰ সমস্য়া

(২) স্বাধীনতাৰ চাহিদাৰ সমস্য়া

(৩) সামাজিক চাহিদাৰ সমস্য়া

(৪) নিৰাপত্তাৰ চাহিদাৰ সমস্য়া

(৫) আত্ম প্ৰকাশৰ চাহিদাৰ সমস্য়া

(৬) জ্ঞানৰ চাহিদাৰ সমস্য়া

(৭) দুঃসাহসিকতাৰ চাহিদাৰ সমস্য়া

(৮) নৈতিক চাহিদাৰ সমস্য়া

(৯) জীৱনদৰ্শনমূলক চাহিদাৰ সমস্য়া

(১০) আত্মস্বীকৃতি আৰু মৰ্যদাৰ দাহিদা।

    শিক্ষাৰ ব্য়ৱস্থা গ্ৰহণ কৰি শিক্ষকে কিশোৰ - কিশোৰী সকলৰ জীৱন বিকাশত সহায়তা কৰিব পাৰে। কৈশোৰৰ শিক্ষাৰ মূল কথা হল সহানুভূতি। এই সহানুভূতিৰ অভাৱ আৰু চাহিদাৰ অৱদমনৰ ফলত এই বয়সত নানা প্ৰকাৰৰ অপঙ্গঁতিয়ে দেখা দিব পাৰে। গতিকে এই সময়ত সম্পূৰ্ণ শিক্ষা ব্য়ৱস্থাক শিক্ষাৰ্থীৰ চাহিদা ভিত্তিক কৰি পৰিচালিত কৰিব লাগে। মুঠতে বিভিন্ন চাহিদাৰ পৰিতৃপ্তিৰ যাৱতীয় ব্য়ৱস্থা গ্ৰহণ কৰি শিক্ষকে কৈশোৰ কালৰ বিভিন্ন সমস্য়াসমূহ সমাধানৰ বাবে যত্নপৰ হব লাগে। পৰিবৰ্তিত পটভূমিত সামাজিক মূল্য়বোধৰ পৰিবৰ্তন, দেশভেদে সাংস্কৃতিক ঐতিহ্য়ৰ ভিন্নতা, সংগৰ প্ৰভাৱ, যৌন স্বাধীনতা, স্বনিৰ্ভৰশীলতা আদিৰ প্ৰতি লক্ষ্য় ৰাখি শিক্ষক আৰু অভিভাৱকসকলে কৈশোৰসকলৰ প্ৰতি এক ইতিবাচক দৃষ্টিভঙ্গী গ্ৰহণ কৰিব লাগে। সমাজৰ প্ৰতিযোগিতাপূৰ্ণ জীৱন আৰু নতুন চাহিদাপূৰণৰ প্ৰতিকূলতাৰ পৰিপেক্ষিতত কিশোৰ-কিশোৰীসকলে যথাযোগ্য় সহৃদয়তাৰে সহানুভূতিশীল মনোভাব গ্ৰহণ কৰিব লাগে। কোনো চাহিদাৰ অপূৰ্ণতাৰ বা অবাঞ্চিত পৰিতৃপ্তিৰ ফলত সৃষ্টি হোৱা জটিলতাসমূহৰ সম্পৰ্কে তেওঁলোক সদায় সচেতন হব লাগে। 

৯। কৈশোৰ কালক কিয় ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয়? কাৰণ দৰ্শোৱা।

উত্তৰঃ কৈশোৰ কালৰ মানসিক আলোড়নক খুউ অতিৰঞ্জিত ৰূপত বৰ্ণনা কৰা উচিত নহয়। আধুনিক মনোবিদসকলে কৈশোৰ কালৰ বিভিন্ন সমস্য়াসমূহ বাস্তৱ দৃষ্টিভঙ্গীৰে বিচাৰ কৰে। তেওঁলোকৰ মতে কৈশোৰ কালৰ সমস্য়াসমূহ সৃষ্টি হয় পাৰিবেশীক প্ৰতিকূলতাৰ ফলত। প্ৰকৃততে কৈশোৰ কাল 'ধুমুহা পীড়নৰ কাল' নহয়। ইয়াৰ ধ্বংসাত্মক দিশ নাই। সম্ভাৱনা সমূহক সঠিক পথত পৰিচালিত কৰিব পাৰিলে তেওঁলোকৰ দৈহিক আৰু মানসিক ক্ষমতাৰ সদ্বব্য়ৱহাৰ কৰি তেওঁলোকৰ অন্তৰ্হিত শক্তিৰ অপচয় হোৱা সম্ভাৱনা নাথাকে। এই দিশৰ পৰা বিবেচনা কৰি কৈশোৰ কালক আক্ষৰিক অৰ্থত 'ধুমুহা পীড়নৰ কাল' বুলি কব পৰা নাযায়। ইয়াৰ পৰিবৰ্তে এই কালছোৱাক এটি 'সূৰ্যোদয় আৰু বৃষ্টিপাত' ৰ কাল বুলি কব পৰা যায়। অৰ্থাৎ কৈশোৰ সাৰ্বিকভাৱে পীড়নৰ কাল নহয়। যদিও কোনো কোনোৰ ক্ষেত্ৰত এই কাল ধুমুহা আৰু পীড়নৰ কাল হৈ পৰে, তাৰ বাবে কৈশোৰ কালৰ পৰিবৰ্তনসমূহ দায়ী নহয়, তাৰ বাবে দায়ী গৃদ, সমাজ বা বিদ্য়ালয়ৰ পৰিবেশহে। মুঠতে কৈশোৰ কালত দেখা দিয়া সমস্য়াসমূহ ধুমুহা দৰেই অস্থায়ী আৰু সাময়িক। 

১০। কৈশোৰ কাল কাক বোলে? এই সময়ছোৱাৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ কৈশোৰ কালৰ অৰ্থ হৈছে 'to grow to maturity' অৰ্থাৎ বয়ঃপ্ৰাপ্তি কাললৈকে বিকাশ কৰা। মনোবৈজ্ঞানিকসকলৰ মতে কৈশোৰ কাল ১২ বা ১৩ বছৰ বয়সৰ পৰা আৰম্ভ হয়। লৰাতকৈ ছোৱালীৰ কৈশোৰ কাল প্ৰাপ্তি আগতীয়া। কৈশোৰ কালত লৰা-ছোৱালীয়ে যৌৱন অৱস্থা লাভ কৰে আৰু বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়। এই কালছোৱাত তেওঁলোকে প্ৰজননিক ক্ষমতা লাভ কৰি উঠে। এই স্তৰৰ লৰা-ছোৱালী উভয়কে টিন এজাৰচ বুলি কোৱা হয়।

এই সময়ছোৱাৰ বিভিন্ন সমস্য়া আৰু ইয়াৰ সমাধানৰ সম্পৰ্কে তলত আলোচনা কৰা হল-

প্ৰথমতে, এই সমস্য়াসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উপাদান হৈছে তেওঁলোকৰ বিভিন্ন সমস্য়াৰাজি সম্পৰ্কে সচেতনতা। দ্বিতীয়তে, কিশোৰ-কিশোৰীৰ সমস্য়াৰ সম্পৰ্কে সম্য়ক জ্ঞান আহৰণ। তৃতীয়তে, যিবিলাক চাহিদাৰ পৰিপেক্ষিতত এই সমস্য়াসমূহৰ সৃষ্টি হয়, সেই চাহিদা সমূহৰ পৰিতৃপ্তিৰ বাবে ইতিবাচক ব্য়ৱস্থা গ্ৰহণ কৰা। চতুৰ্থতে, সমস্য়াসমূহৰ সমাধানৰ উপায় চিহ্নিত কৰা। পঞ্চমতে, সমাধানৰ উপায়সমূহৰ বাস্তবায়নৰ স্বাৰ্থত সমস্য়া সমাধানৰ উপযুক্ত পদ্ধতি অৱলম্বন কৰা। গৃহ পৰিবেশত অভিভাৱক আৰু বিদ্য়ালয়ত শিক্ষক-শিক্ষয়িত্ৰীয়ে এই ব্য়ৱস্থাসমূহ গ্ৰহণ কৰি কৈশোৰৰ সমস্য়া সমাধানৰ যত্ন কৰিব লাগে।

১১। কৈশোৰ কালৰ বিশেষ চাহিদাসমূহ কি কি? এই চাহিদাসমূহ পুৰণত শিক্ষাৰ্থীক কেনেদৰে সহায় কৰিব পাৰি।

উত্তৰঃ কৈশোৰ কালত বিশেষ চাহিদাসমূহ তলত উল্লেখ কৰা হল -

(১) যৌন চাহিদাৰ সমস্য়াঃ কৈশোৰৰ বিভিন্ন নতুন নতুন চাহিদাৰ মাজত সকলোতকৈ গুৰুত্বপূৰ্ণ চাহিদাহল যৌন চাহিদা। যৌন শক্তিৰ ক্ষেত্ৰত এই সময়ত বিপৰীত যৌন চেতনা দেখা যায়। এই স্বাভাৱিক চাহিদাৰ ফলত তেওঁলোকে বিপৰীত লিংগৰ সঙ্গীৰ লগত মিলা-মিছা কৰিবলৈ বিচাৰে।

(২) স্বাধীনতাৰ চাহিদাৰ সমস্য়াঃ কৈশোৰৰ আন এক  চাহিদা হৈছে স্বাধীনতাৰ চাহিদা। কৈশোৰ কালত দৈহিক আৰু মানসিক বিকাশ পৰিণত হোৱাৰ ফলত কিশোৰ - কিশোৰীৰ মাজত স্বাধীনভাৱে কাম কৰাৰ ইচ্ছা লক্ষ্য় কৰাযায়। সমাজৰ দায়িত্বশীল ব্য়ক্তি হিচাবে তেওঁলোকেনিজে স্বাধীনভাৱে কাম কৰিব বিচাৰে।  স্বাধীনভাৱে মতামত প্ৰকাশ কৰিবলৈ বিচাৰে।

(৩) সামাজিক চাহিদাৰ সমস্য়াঃ সমাজজীৱনৰ চাহিদা কৈশোৰৰ আন এক বৈশিষ্ট্য়। এই চাহিদাৰ ফলত তেওঁলোকৰ মনত বৃহত্তৰ সমাজ জীৱনৰ প্ৰতিএক অনুৰাগৰ সৃষ্টিহয়। কিন্তু কৈশোৰৰ এই সামাজিক চাহিদাৰ ক্ষেত্ৰত সমাজে সাধাৰণতে আস্থা ৰখা দেখা  নাযায়। ফলত  সমাজৰ প্ৰতি তেওঁলোকৰ এক বিৰূপ মনোভাৱৰ সৃষ্টি হয়। সমাজৰ স্বীকৃতিৰ অভাৱত তেওঁলোকে বিকল্প পন্থাৰে ইয়াৰ পৰিতৃপ্তি কৰিব বিচাৰে।

(৪) নিৰাপত্তাৰ চাহিদাৰ সমস্য়াঃ স্বাধীনতাৰ চাহিদাৰ লগতে আন এক বিপৰীতমুখীচাহিদাই এই বয়সত ক্ৰিয়া কৰা দেখা যায়। ইয়াক নিৰাপত্তাৰ চাহিদা বুলি কোৱা হয়। কৈশোৰ - কিশোৰীসকলৰ মাজত এই সময়ছোৱাত অনেক আকাংক্ষাই দেখা দিয়ে। সেয়েহে তেওঁলোকৰ মনত পিতা - মাতাৰ দ্বাৰা পৰিত্য়ক্ত হোৱাৰ এক আকাংক্ষাও দেখা যায়। স্বাধীনতাৰ চাহিদাৰ লগতে অৰ্থনৈতিক , মানসিক আদি দিশত এক নিৰাপত্তাৰ চাহিদা এই কালত লক্ষ্য়  কৰা যায়। এই নিৰাপত্তাহীনতাৰ বাবেই অনেক সময়ত শিশুৰ মনত অযথা ভয় আৰু ভীৰুতাৰ সৃষ্টি হব পাৰে।

(৫) আত্ম প্ৰকাশৰ চাহিদাৰ সমস্য়াঃ কৈশোৰ কালত আত্ম প্ৰকাশৰ তাগিদা প্ৰৱল ভাৱে দেখা যায়। কিশোৰ - কিশোৰীসকলে লিখা-পঢ়া, খেলা-ধূলা, ছবি অঁকা, গান - নাচ, অভিনয় ইত্য়াদি নানা  ধৰণৰ কাৰ্যৰ যোগেদি নিজক আনৰ সন্মুখত প্ৰতিষ্ঠা কৰিব বিচাৰে। সমাজ বা গৃহ পৰিবেশৰ অত্য়াধিক নিয়ন্ত্ৰণৰ ফলত এওঁলোকে নিজকে প্ৰকাশ কৰিব নোৱাৰে। ফলত বিভিন্ন মানসিক সংঘাটৰ সৃষ্টি হব পাৰে।

(৬) জ্ঞানৰ চাহিদাৰ সমস্য়াঃ কৈশোৰ কালত মানসিক বিকাশ পৰিপূৰ্ণ হোৱাৰ ফলত লৰা - ছোৱালীৰ কৌতুহলৰ গভীৰতা বৃদ্ধি পায়। বিভিন্ন বস্তুক সূক্ষ্মভাৱে জনাৰ এক প্ৰৱল আকাংক্ষা  জাগ্ৰত হয়। বিভিন্ন বিষয়বস্তুক বিশ্লেষণ  কৰি নতুন তথ্য়ৰ সংগ্ৰহ কৰাৰ চাহিদা এই বয়সৰ লৰা - ছোৱালীৰ মাজত দেখা যায়। আত্ম সক্ৰিয়তাৰ পৰ্যবেক্ষণ কৰি বিভিন্ন বিষয়ৰ জ্ঞান লাভৰ এক তাগিদা তেওঁলোকে অনুভৱ কৰে। ইয়াকে কৈশোৰ জ্ঞানৰ চাহিদা বুলি কোৱা হয়।

(৭) দুঃসাহসিকতাৰ চাহিদাৰ সমস্য়াঃ সমাজত নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে এই বয়সৰ লৰা - ছোৱালীৰ মাজত দুঃসাহসিক কামৰ প্ৰতি আকৰ্ষণ দেখা যায়। এই প্ৰৱণতাৰ বশৱৰ্তী হৈ তেওঁলোকে এনে কাম কৰেযি তেওঁলোকক বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্থ কৰিব পাৰে। আত্মপ্ৰকাশৰ তাগিদাত কৰা এই দুঃসাহসিক অভিযানৰ যথাযথ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন।

(৮) নৈতিক চাহিদাৰ সমস্য়াঃ কৈশোৰ কালত লৰা - ছোৱালীসকলৰ মাজত নীতিবোধ  জাগ্ৰত হয়। তেওঁলোকে নিজৰ কাম-কাজ অথবা সমাজৰ কাম - কাজসমূহ এই নীতিবোধৰ পৰিপেক্ষিতবিচাৰ কৰি চাবলৈ ধৰে। আনকি সমাজৰপ্ৰচলিত বিভিন্ন ৰীতি - নীতি সমূহৰ যথাৰ্থতা সম্পৰ্কে তেওঁলোক সন্নিহান হৈ উঠে। কৈশোৰৰ এই চাহিদাক নীতিবোধৰ চাহিদা বুলি কোৱা হয়।

(৯) জীৱনদৰ্শনমূলক চাহিদাৰ সমস্য়াঃ নীতিবোধৰ বিকাশৰ ফলত এই কালচোৱাত কিশোৰ - কিশোৰীসকলৰ মাজতজীৱন দৰ্শনৰ চাহিদৰ সৃষ্টি হয়। জীৱন সম্পৰ্কে নানান প্ৰকাৰৰ জিজ্ঞাসা তেওঁলোকৰ মনত সৃষ্টি হয়। এই সময়ত অহংসত্তাৰ বিকাশ হয়। এই সময়চোৱাত গঠন হোৱা জীৱন দৰ্শনৰ পৰিপেক্ষিতত এইসময়ত কিশোৰ - কিশোৰীসকলে নানান সমস্য়াৰ সন্মুখীন হব লগা হয়। এনে কিছুমান চাহিদা আছে, যিবিলাক তেওঁলোকে গ্ৰহণ কৰা জীৱন দৰ্শনৰ সম্পূৰ্ণ পৰিপন্থী। এনে ক্ষেত্ৰত তেওঁলোকৰ সংঘাত অনিবাৰ্য্য় হৈ পৰে। কাৰণ তেওঁলোকে এই ক্ষেত্ৰতকোনটো গ্ৰহণ কৰিব কোমটো গ্ৰহণ নকৰিব এনেকুৱা এটা অৱস্থাৰ  সন্মুখীন হয়।

(১০) আত্মস্বীকৃতি আৰু মৰ্যদাৰ চাহিদাঃ এই সময়চোৱাৰ আন এক চাহিদা হৈছে সমাজত স্বীকৃতি আৰু মৰ্যদা লাভ কৰা। সমাজতযথাযোগ্য় সমাদাৰ নাপালে স্বাভাৱিকতেই অনেক ক্ষেত্ৰত কিশোৰ - কিশোৰীসকল বিদ্ৰোহীহৈ উঠে। সেইদৰেই কোনো কোনো ক্ষেত্ৰত বিভিন্ন কল্পিত আৰু অকল্পিত পৰাজয়ৰ গ্লানিৰ কথা চিন্তা কৰি তেওঁলোক হীনমন্য়তাত ভোগে।    


Type Himanku Bora..

Answer By : Boby Bora



Post ID : DABP006352