Chapter 2 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Freedom | 


 স্বাধীনতা 

Freedom

 Chapter 2 

প্ৰশ্নাৱলীঃ 

ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Questions):

১) স্বাধীনতা কি ? স্বাধীনতাৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ কোনো নিয়ন্ত্ৰণৰ অধীনত নাথাকি নাগৰিকে নিজ ইচ্ছা অনুযায়ী যিকোনো কাম কৰিব পৰা ক্ষমতাকে স্বাধীনতা বোলে। ইয়াৰ অৰ্থ হৈছে 

    স্বাধীনতা শব্দটো ইংৰাজী লিবাৰ্ট শব্দটো অসমীয়া ৰূপ। লিবাৰ্টি শব্দ লেটিন শব্দ লিবাৰ পৰা আহিছে। লিবাৰ শব্দটিৰ অৰ্থ হ'ল মুক্ত বা স্বাধীন অৱস্থা। 

২) স্ৱাধীনতাৰ সংজ্ঞা দিয়া । স্ৱাধীনতাৰ আদৰ্শসমূহ আলোচনা কৰা । 

উত্তৰঃ স্বাধীনতাৰ এটা সংজ্ঞা হ'ল অধ্য়াপক লাস্কিৰে কৈছিল যে- মানুহৰ ব্য়ক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা। 

    আধুনিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্য়ক্তিত্ব বিকাশৰ বাবে এটা অতি প্ৰয়োজনীয় উপাদান। এই স্বাধীনতা অৰ্জন কৰাৰ বাবে যুগে যুগে মানুহে সংগ্ৰাম কৰি আহিছে। বহু সময়ত মানুহে স্বাধীনতা অৰ্জনৰ বাবে নিজৰ জীৱন পৰ্যন্ত আহূতি দিবলৈ কুন্ঠাবোধ কৰা নাছিল। সমাজেও স্বাধীনতাক গুৰুত্ব দি তেওঁলোকৰ ভৱিষ্য়ত সুৰক্ষিত কৰিব বিচাৰে। 

৩) স্ৱাধীনতা মানে কি বুজা ? ব্যাক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পৰ্ক আছে নে ?

উত্তৰঃ স্বাধীনতা মানে হ'ল আনৰ স্বাধীনতা ওপৰত হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছা মতে কাম কৰিব পৰা অৱস্থাকে স্বাধীনতা বোলে। 

    ব্য়ক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পৰ্কঃ ৰাষ্ট্ৰৰ স্বাধীনতাক জাতীয় স্বাধীনতা বুলিও কোৱা হয়। ৰাষ্ট্ৰ এখন যেতিয়া কোনো বিদেশী শক্তি বা ৰাষ্ট্ৰৰ অধীনত নহয়, তেতিয়াই সেই ৰাষ্ট্ৰই স্বাধীন ৰাষ্ট্ৰ স্বীকৃতি পায়। ৰাষ্ট্ৰই লাভ কৰা এনে স্বাধীনতাকে জাতীয় স্বাধীনতা বুলি কোৱা হয়। আনহাতে ব্য়ক্তিগত স্বাধীনতা হৈছে ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকসকলে ব্য়ক্তিগতভাৱে উপভোগ কৰিব পৰা আছুতীয়া স্বাধীনতা।  

৪) স্বাধীনতাৰ সকৰাত্মক আৰু নকৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি কি ? 

উত্তৰঃ স্বাধীনতাৰ সকৰাত্মক আৰু নকৰাত্মক ধাৰণাৰ মাজৰ পাৰ্থক্য় হৈছে

১। নকৰাত্মক বা নেতিবাচক স্বাধীনতা চূড়ান্ত আৰু অ-নিয়ন্ত্ৰিত। আনহাতে, সকৰাত্মক বা ইতিবাচক স্বাধীনতাক সাৰ্বজনীন আৰু প্ৰকৃত স্বাধীনতা বুলি কোৱা হয়। এই ধৰণৰ স্বাধীনতা বৰ্তমান সভ্য় জগতৰ মানুহৰ সুখ-স্বাচ্ছন্দ্য়ৰ বাবে অপৰিহাৰ্য। 

২। নেতিবাচক স্বাধীনতাই কোনো বাধা আৰোপ কৰা প্ৰকাশ নকৰে। আনহাতে, ইতিবাচক স্বাধীনতাই নিয়ন্ত্ৰবিহীনতাক বুজায। 

৩। নেতিবাচক বা নকৰাত্মক ধাৰণাই ব্য়ক্তিৰ কাৰ্যৰ ওপৰত ৰাষ্ট্ৰৰ সীমিত হস্তক্ষেপ বিচাৰে। আনহাতে, ইতিবাচক বা সকৰাত্মক ধাৰণাই ব্য়ক্তিৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ যুক্তিযুক্ত হস্তক্ষেপক সমৰ্থন কৰে। 

৪। নকৰাত্মক স্বাধীনতাৰ ধাৰণাই ব্য়ক্তিগত কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। কিন্তু স্বাধীনতাৰ সকৰাত্মক ধাৰণাই ব্য়ক্তিৰ সামাজিক দিশৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। 

৫। স্বাধীনতাৰ নেতিবাচক বা নকৰাত্মক ধাৰণা একপক্ষীয় আৰু সেই বাবে এই ধাৰণা সমৰ্থনযোগ্য় নহয়। আনহাতে, স্বতন্ত্ৰতাৰ ইতিবাচক বা সকৰাত্মক ধাৰণাই এটা সাৰ্বজনীন দিশ আছে। 

৫) সামাজিক বাধা-নিষেধ মানে কি ? স্বাধীনতা উপভোগৰ বাবে নিষেধৰ প্ৰয়োজনীয়তা আছে নে ?                

উত্তৰঃ 

৬) সকাৰাত্মক স্বাধীনতাৰ তাৎপৰ্য সম্পৰ্কে এটা টোকা লিখা । 

উত্তৰঃ সকাৰাত্মক বা ইতিবাচক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধাৰ কথা প্ৰকাশ কৰে, যিবোৰে ব্য়ক্তিৰ ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই স্বাধীনতাৰ তত্ত্ব ৰাষ্ট্ৰৰ কল্য়াণকামী তত্ত্বৰ লগত জড়িত। ইতিবাচক স্বাধীনতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতা। অৰ্থাৎ অৰ্থ-সামাজিক আৰু ৰাজনৈতিক চৰ্ত অবিহনে ইতিবাচক বা সকাৰাত্মক স্বাধীনতা উপভোগ কৰিব নোৱাৰি। মানুহে কিছুমান চৰ্তসাপেক্ষে নিজৰ ব্য়ক্তিত্বৰ বিকাশ সাধন কৰিব পাৰি। 

    অৰ্থনৈতিক আৰু ৰাজনৈতিক চৰ্ত অবিহনে ব্য়ক্তিস্বাধীনতা উপভোগ কৰিব নোৱাৰি। বিশ্বৰ কোনো ব্য়ক্তি এশ শতাংশই শুদ্ধ নহয়। ইতিবাচক স্বাধীনতা মূল ভিত্তি হ'ল আইন। আইন ব্য়ক্তিস্বাধীনতা বিৰোধী নহয়। সমাজৰ শান্তি, প্ৰগতি আৰু সভ্য় জীৱন-যাপনৰ বাবে ইতিবাচক স্বাধীনতা প্ৰয়োজন। জন ষ্টুৱাৰ্ট মিলে প্ৰথম অৱস্থাত নেতিবাচক স্বাধীনতা সমৰ্থন কৰিছিল যদিও পিছলৈ দুৰ্বলতাৰ বাবে তেওঁ এই ধাৰণাক বাদ দি নতুন আৰ্থ-সামাজিক পৰিস্থিতিৰ পৰিপেক্ষিত ইতিবাচক স্বাধীনতাৰ সপক্ষে মত পোষণ কৰিছিল।   

৭) স্বাধীনতা কি ? স্বাধীনতাৰ  সুৰক্ষাৰ বাবে থকা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা । 

উত্তৰঃ 

৮) স্বাধীনতাৰ সংজ্ঞা লিখি ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা । 

উত্তৰঃ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক চিন্তাবিদে স্বাধীনতাৰ সংজ্ঞা আগবঢ়াইছে। অধ্য়াপক লাস্কিয়ে কৈছিল যে-"মানুহৰ ব্য়ক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা"। অধ্য়াপক গ্ৰীণ -ৰ মতে " মানুহে নিজৰ মনুষ্য়ত্বৰ পূৰ্ণ বিকাশৰ কাৰণে নিয়ন্ত্ৰণৰ ভিতৰত থাকি লাভ কৰা ক্ষমতাকে স্বাধীনতা বোলে"। 

    ওপৰৰ আলোচনাৰ পৰা জানিব পাৰি যে প্ৰত্য়েকৰ স্বাধীনতাৰ ৰক্ষা বাবে সকলোৱে স্বাধীনতাৰ ওপৰত প্ৰয়োজনীয় ন্য়ায়সংগত বাধা আৰোপ কৰা উচিত। তেতিয়াই সকলোৱে স্বাধীনতাক উপলদ্ধি কৰিব পাৰি।  

৯) নাগৰিকৰ স্বাধীনতা ৰক্ষনা - বেক্ষণত ৰাষ্ট্ৰৰ ভূমিকা কি ?

উত্তৰঃ নাগৰিকসকলৰ ব্য়ক্তিত্বৰ প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ। সেই সুযোগ-সুবিধাক নাগৰিক স্বাধীনতা বুলি কোৱা হয়। ৰাষ্ট্ৰৰ পৰা নাগৰিকে এই স্বাধীনতা পায়। এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণা-বেক্ষণ দিয়ে। ধৰ্মীয় অধিকাৰ, জীৱনৰ অধিকাৰ, মতপ্ৰকাশৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদি। ভাৰতবৰ্ষৰ সংবিধানত এনে কিছুমান স্বাধীনতা সন্নিবিষ্ট কৰা হয়। 

১০) মত প্ৰকাশৰ স্বাধীনতা কি ? তোমাৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি কি ? উদাহৰণ দিয়া ।                      

উত্তৰঃ মত প্ৰকাশ অৰ্থাৎ বাক্-স্বাধীনতা হৈছে স্বকীয় মত প্ৰকাশ স্বাধীনতা। এজন মানুহে সকলো বিষয়তে নিজৰ মতামত স্বাধীনভাৱে প্ৰকাশ কৰিব পৰাকে বাক্ বা মত প্ৰকাশৰ স্বাধীনতা বুলি কোৱা হয়। 

    বাক্-স্বাধীনতা পৌৰ অধিকাৰ আৰু আনফালে ৰাজনৈতিক অধিকাৰ হিচাপে বিবেচিত হ'ব পাৰে। মানুহৰ এই স্বাধীনতা নাথাকিলে কোনো ৰাষ্ট্ৰই সফল গণতন্ত্ৰ হ'ব নোৱাৰে। মানুহৰ স্বাধীনভাৱে কথা কোৱা অধিকাৰ যদি নাথাকে তেনেহ'লে তেওঁলোকৰ ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশ কেতিয়াও নহয়। সকলোৰ মানুহৰে নিজৰ ভাব সম্পূৰ্ণভাৱে প্ৰকাশ কৰাৰ অধিকাৰ থকা উচিত। কোনো গণতান্ত্ৰিক চৰকাৰৰ শক্তি আৰু স্থায়িত্ব ঘাইকৈ নিৰ্ভৰ কৰে জনমতৰ সমৰ্থনৰ ওপৰত। নাগৰিকৰ মত প্ৰকাশ বিশেষ দিশত জনমত গঠনৰ বাবে দায়ী। বক্তৃতাৰ সহায়ত জনমতৰ ওপৰত প্ভাৱ বিস্তাৰ কৰা হয়। যিসকল ব্য়ক্তিয়ে অসত্য় বা ভ্ৰান্ত ধাৰণাক সমৰ্থন কৰে সেইসকল ব্য়ক্তিৰো মত প্ৰকাশ স্বাধীনতা আছে। মত প্ৰকাশৰ সমৰ্থনত মিলে চাৰিটা যুক্তি দাঙি ধৰিছিল আৰু সেই যুক্তি কেইটা হৈছে-

১। কোনো ধাৰণা বা মতামত অসত্য় হ'ব নোৱাৰে। বহু সময়ত অসত্য় বুলি বিবেচিত ধাৰণাৰ মাজতো সত্য় লুকাই থাকে। 

২। সত্য় নিজে নিজে প্ৰকাশ নহয়। বিৰোদ আৰু বিতৰ্কৰ মাজেৰে প্ৰকৃত সত্য় উদঘাটন হয়।

৩। বিৰোধ আৰু বিতৰ্কৰ মাধ্য়মত উপনীত হোৱা মতামত বিশ্বাসযোগ্য় বুলি নিশ্চিত কৰিব পাৰি।  

৪। কোনো এটা সময়ত আন এখন সমাজে মিচা বুলি বিবেচনাৰ কৰা কোনো মতামত পৰৱৰ্তী সময়ত সঁচা বুলি পৰিগণিত হ'ব পাৰে। 

১১) মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ মহাত্মা গান্ধীৰ অন্য়তম এটা ধাৰণা হৈছে স্বৰাজ বা স্বাধীনতা। এই শব্দটোৱে ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। "স্ব" আৰু "ৰাজ" এই শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ধাৰণা। "স্ব" মানে হ'ল নিজা আৰু "ৰাজ" শব্দৰ অৰ্থ হ'ল শাসন। স্বৰাজ মানে হ'ল নিজে নিজক শাসন কৰা। 

    গান্ধীৰ মতে স্বৰাজ হ'ল সত্য়ৰ এটা অংশ। ভাৰতৰ স্বাধীনতা আন্দোলনত স্বৰাজে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। দেশৰ স্বাধীনতা আন্দোলনত স্বৰাজে এটা সাংবিধানিক আৰু ৰাজনৈতিক দাবী হিচাপে স্বীকৃতি লাভ কৰিছিল। স্বৰাজৰ হকে ভাৰতীয় সকলো শ্ৰেণীৰ মানুহে আন্দোলনত যোগদান কৰিছিল। স্বৰাজৰ দুটা দিশ আছে। ইয়াৰ প্ৰথম দিশটো হ'ল সামাজিক ক্ষেত্ৰত স্বৰাজ স্ব-নিৰ্ভৰশীলতাক বুজায়। দ্বিতীয়তে ৰাজনৈতিক স্তৰত ইয়াৰ লক্ষ্য় হ'ল স্বৰাজ বা স্বাধীনতা। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে স্বাধীনতাৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ লৈছিল। গান্ধীজীয়ে কৈছিল যে "মানুহে নিজক নিজে শাসন কৰিব শিকাটোৱে হ'ল স্বৰাজ। মানুহক সকলো ধৰণৰ অ-মানৱীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা মুক্ত কৰা। 

১২) স্বাধীনতা উপভোগৰ ক্ষেত্ৰত থকা সীমাবন্ধতাৰ উসসমূহ  ব্যাখ্যা কৰা । 

উত্তৰঃ 

১৩) উদাৰতাবাদ মানে কি বুজা ? উদাৰতাবাদৰ বিকাশ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ উদাৰতাবাদ মানে হ'ল যি আদৰ্শই ব্য়ক্তিক বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্ৰচলিত সমাজ ব্য়ৱস্থাৰ সংস্কাৰৰ ওপৰত প্ৰাধান্য় দিয়ে, তাকে উদাৰতাবাদ বুলি কোৱা হয়। 

    উদাৰতাবাদ বিকাশঃ উদাৰতাবাদ এটা পুৰণি ধাৰণা উদাৰতাবাদৰ জন্ম গ্ৰীচ দেশত হৈছিল। পিছত এই ধাৰণাৰ বিকাশ আন দেশলৈ সম্প্ৰসাৰণ হয়। উদাৰতাবাদ বিকাশৰ ঐতিহাসিক ঘটনা আৰু ধাৰণাই বৰঙণি যোগাইছে সেইসমূহৰ হ'ল ১। ষোল শতিকাৰ ধৰ্ম সংস্কাৰ আন্দোলন। ২। শিল্প বিপ্লৱ। ৩। আমেৰিকাৰ বিপ্লৱ (১৭৭৬) আৰু ৪। ফৰাচী বিপ্লৱ (১৭৮৯)। 

 ১৪) আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহৰ বিৱৰণ দিয়া । 

উত্তৰঃ ইতিবাচক উদাৰতাবাদক আধুনিক বা নতুন উদাৰতাবাদ বুলি কোৱা হয়। আধুনিক উদাৰতাবাদ সনাতন উদাৰতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা এক প্ৰতিবাদ আন্দোলন। আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহ হৈছে-

১। প্ৰাকৃতিক অধিকাৰঃ আধুনিক উদাৰতাবাদে ব্য়ক্তিৰ প্ৰাকৃতিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰখ্য়াত চিন্তাবিদ জন ল'কে সম্পত্তি, জীৱন-ধাৰণ, ব্য়ক্তিগত স্বাধীনতাক মানুহৰ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক অধিকাৰ বুলি মতপোষণ কৰে।

২। ধৰ্ম নিৰপেক্ষতাঃ ধৰ্ম নিৰপেক্ষতা ইয়াৰ আন এটা বৈশিষ্ট্য়। ই ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে। 

৩। স্বাধীন ব্য়ক্তিঃ উদাৰতাবাদৰ মতে প্ৰতিজন ব্য়ক্তিয়ে স্বাধীনভাৱে জন্মগ্ৰহণ কৰে। গতিকে তেওঁলোকে স্বাধীনভাৱে জীৱন-নিৰ্বাহ কৰিব পাৰে। 

৪। ৰাষ্ট্ৰৰ সীমিত কাৰ্যঃ আধুনিক উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্যৱলী সীমিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

৫। সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্বঃ আধুনিক উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিছে।

৬। জনমত প্ৰতিফলনঃ উদাৰতাবাদে সংসদীয় চৰকাৰক অধিক শক্তিশালী কৰাৰ মত পোষণ কৰে। 

৭। মানৱ বিকাশঃ আধুনিক উদাৰতাবাদে মানৱ জাতিৰ সামগ্ৰীক উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে। ই পুৰণি পৰম্পৰাৰ বিলোপ সাধন কৰি নতুন সমাজ প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে। 

৮। সামাজিক পৰিৱৰ্তনঃ আধুনিক উদাৰতাবাদে সমাজৰ পৰিৱৰ্তন বৈপ্লৱিক হোৱাৰ পোষকতা নকৰে। 

৯। একনায়কত্ববাদ বিৰোধীঃ এই উদাৰতাবাদে কোনো ক্ষেত্ৰতে একনায়কত্ববাদী চৰকাৰক সমৰ্থন কৰে।

১০। ৰাষ্ট্ৰৰ সীমিত ক্ষমতাঃ আন্তৰ্জাতিক ক্ষেত্ৰত ই ৰাষ্ট্ৰৰ সীমিত ক্ষমতাৰ পোষকতা কৰে।  

১৫) নকাৰাত্মক ( নেতিবাচক ) আৰু সকাৰাত্মক ( ইতিবাচক) স্বাধীনতাৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ নকাৰাত্মক স্বাধীনতা আৰু সকাৰাত্মক স্বাধীনতা ধাৰণা সম্পৰ্কে তলত আলোচনাৰ কৰা হ'ল

নকাৰাত্মক স্বাধীনতাঃ এচাম চিন্তাবিদৰ মতে নেতিবাচক বা নকাৰাত্মক স্বতন্ত্ৰতাই স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্য়-বাধকতাক আৰোপ নকৰে। ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশৰ কাৰণে আৰু নিজৰ কাম-কাজবিলাক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কিছুমান স্বতন্ত্ৰতাৰ প্ৰয়োজন। নেতিবাচক স্বাধীনতা মূলমন্ত্ৰ হ'ল প্ৰত্য়েক ব্য়ক্তিয়ে নিজৰ স্বাৰ্থ ভালদৰে বুজা। নেতিবাচক স্বতন্ত্ৰতাৰ এই ধাৰণাই অ-হস্তক্ষেপ নীতিৰ পৃষ্ঠপোষকতা কৰে। 

    স্বাধীনতাৰ নেতিবাচক ধাৰণা গ্ৰহণযোগ্য় নহয়। স্বতন্ত্ৰতাৰ এনে ধাৰণা সমাজত প্ৰযোজ্য় হ'ব নোৱাৰে। এই ধাৰণাই ব্য়ক্তি আৰু সমাজৰ মাজত সম্পৰ্কৰ আভাস দিয়াত ব্য়ৰ্থ হৈছে। মানুহ সামাজিক প্ৰাণী সেয়ে মানুহে সমাজত শান্তিপ্ৰিয়ভাৱে বসবাস কৰাৰ কাৰণে কিছুমান নীতি-নিয়ম মানি চলিব লাগিব। 

সকাৰাত্মক স্বাধীনতাঃ সকাৰাত্মক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধা কথা প্ৰকাশ কৰে, যিবোৰ ব্য়ক্তিৰ ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰ্থ-সামাজিক আৰু ৰাজনৈতিক চৰ্ত অবিহনে সকাৰাত্মক স্বাধীনতা উপভোক কৰিব নোৱাৰি। 

    সকাৰাত্মক বা ইতিবাচক স্বাধীনতাৰ ধাৰণা মতে ৰাষ্ট্ৰই এনে পৰিৱেশ সৃষ্টি কৰিব লাগে য'ত সকলো মানুহে সমান স্বাধীনতা ভোগ কৰিব পাৰে। অৰ্থনৈতিক আৰু ৰাজনৈতিক চৰ্ত অবিহনে ব্য়ক্তিস্বাধীনতা উপভোগ কৰিব নোৱাৰি। 

১৬) স্বাধীনতা কি ? তোমাৰ মতে স্বাধীনতা ৰক্ষাৰ আটাইতকৈ উত্তম উপায়টো কি ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ আনৰ স্বাধীনতা ওপৰত হস্তক্ষেপ নকৰাকৈ নিজৰ ইচ্ছা মতে কাম কৰিব পৰা অৱস্থাকে স্বাধীনতা বোলে। 

    স্বাধীনতা ৰক্ষাৰ আটাইতকৈ উত্তম উপায়টো হৈছে সংবিধান। সংবিধান হৈছে প্ৰত্য়েক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৌলিক আইন। চৰকাৰ, ব্য়ক্তি আৰু সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে সংবিধানৰ নীতি-নিয়ম মানি চলিব লাগে। ব্য়ক্তি স্বাধীনতাৰ ওপৰত চৰকাৰী হস্তক্ষেপৰ প্ৰতিষেধক ৰূপ সংবিধানে কাম কৰে। 

১৭) সমাজত বাস কৰা ব্যাক্তিয়ে কোনো বাধা নোহোৱা জীৱন - যাপন কৰিব পাৰেনে ? যদি নোৱাৰে কিয় ?

উত্তৰ

  চমু উত্তৰৰ প্ৰশ্ন ( Short answer question ) 

১) স্বাধীনতাৰ আদৰ্শ সম্পৰ্কে এটি টোকা লিখা । 

উত্তৰঃ আধুনিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্য়ক্তি বিকাশৰ বাবে স্বাধীনতা এটা অতি প্ৰয়োজনীয় উপাদান। এই স্বাধীনতা অৰ্জন কৰাৰ বাবে যুগে যুগে মানুহে সংগ্ৰাম কৰি আহিছে। ব্য়ক্তিৰ লগতে সমাজেও স্বাধীনতাৰ গুৰুত্ব দি তেওঁলোকৰ ভৱিষ্য়ত সুৰক্ষিত কৰিব বিচাৰে। স্বাধীনতা হকে সংগ্ৰাম কৰা কুৰি শতিকাৰ দুজন মহান সংগ্ৰামী ব্য়ক্তিৰ হৈছে দক্ষিণ আফ্ৰিকাৰ নেলচন মেণ্ডেলা আৰু আনজন হৈছে ভাৰতৰ মহামানৱ মহাত্মা গান্ধী। 

    ভাৰতত মাহামানৱ মহাত্মা গান্ধীয়ে অহিংসাৰ আদৰ্শৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্য়ক্তিক স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ অনুপ্ৰেৰণা যোগাইছিল। তেনে এগৰাকী ব্য়ক্তি হৈছে আঙ ছান ছ্য়ু কী (Aung san suu kyi)  

২) স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লখ কৰা । 

উত্তৰঃ স্বাধীনতা ৰক্ষাৰ দুটা উপায় হৈছে-

 ১। আইনৰ শাসনঃ আইন শাসনৰ জৰিয়তে স্বাধীনতাক ৰক্ষা কৰিব পাৰি। 

২। ৰাজনৈতিক দলঃ সুসংগঠিত ৰাজনৈতিক দল ব্য়ক্তিস্বাধীনতা ৰক্ষাৰ আন এটা উপায়। মৌলিক অধিকাৰ লিপিবদ্ধ নথকা সত্বেও ব্য়ক্তিস্বাধীনতাৰ সংৰক্ষণৰ অন্য়তম কাৰণ হ'ল সুস্থ-সবল দল ব্য়ৱস্থা। 

৩) সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ ধাৰণা ১৯২৯ চনৰ ১৯ অক্টোবৰ তাৰিখে লাহোৰত অনুষ্ঠিত ছাত্ৰ সন্মিলনত সভাপতিৰ ভাষণত স্বাধীনতা উপলব্ধি কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতাসমূহ দূৰ কৰাৰ বাবে সুভাষ চন্দ্ৰ বসুয়ে নিজৰ মতামত ব্য়ক্ত কৰিছিল। 

    "যদি আমি এক আদৰ্শৰ বিপ্লৱ আনিব বিচাৰো তেনেহ'লে আমি প্ৰথমে আমাৰ জীৱন উদ্দীপিত কৰিব পৰা আদৰ্শ দাঙি ধৰিব পাৰে। সেই আদৰ্শকে স্বাধীনতা বুলি কোৱা হয়। স্বাধীনতা এনে এটা শব্দৰ যাৰ বিভিন্ন অৰ্থ আছে। আমাৰ দেশত স্বাধীনতা ধাৰণাই এক বিৱৰ্তনৰ মাজেদি গতি কৰিছে। ব্য়ক্তি আৰু সমাজৰ স্বতন্ত্ৰতা, ধনী আৰু দুখীয়াৰ স্বতন্ত্ৰতা, ব্য়ক্তি আৰু শ্ৰেণীৰ স্বতন্ত্ৰতা। স্বাধীনতাই কোনো ৰাজনৈতিক দাসত্বৰ পৰা মুক্ত হোৱাকে নুবুজায়, ই জাতি ব্য়ৱস্থাত বাধা-নিষেধ, সম্পদৰ সমবিতৰণ, জাতি ব্য়ৱস্থাত বাধা-নিষেধ, সামাজিক অসমতা আৰু ধৰ্মীয় অ-সহিষ্ণুতাৰ ধ্বংস সাধন কৰাকে বুজায়।   

 ৪) মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা সম্পৰ্কে লিখা । 

উত্তৰঃ  মহাত্মা গান্ধীৰ অন্য়তম এটা ধাৰণা হৈছে স্বৰাজ বা স্বাধীনতা। এই শব্দটোৱে ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। "স্ব" আৰু "ৰাজ" এই শব্দ দুটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ধাৰণা। "স্ব" মানে হ'ল নিজা আৰু "ৰাজ" শব্দৰ অৰ্থ হ'ল শাসন। স্বৰাজ মানে হ'ল নিজে নিজক শাসন কৰা। 

    গান্ধীৰ মতে স্বৰাজ হ'ল সত্য়ৰ এটা অংশ। ভাৰতৰ স্বাধীনতা আন্দোলনত স্বৰাজে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। দেশৰ স্বাধীনতা আন্দোলনত স্বৰাজে এটা সাংবিধানিক আৰু ৰাজনৈতিক দাবী হিচাপে স্বীকৃতি লাভ কৰিছিল। স্বৰাজৰ হকে ভাৰতীয় সকলো শ্ৰেণীৰ মানুহে আন্দোলনত যোগদান কৰিছিল। স্বৰাজৰ দুটা দিশ আছে। ইয়াৰ প্ৰথম দিশটো হ'ল সামাজিক ক্ষেত্ৰত স্বৰাজ স্ব-নিৰ্ভৰশীলতাক বুজায়। দ্বিতীয়তে ৰাজনৈতিক স্তৰত ইয়াৰ লক্ষ্য় হ'ল স্বৰাজ বা স্বাধীনতা। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে স্বাধীনতাৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ লৈছিল। গান্ধীজীয়ে কৈছিল যে "মানুহে নিজক নিজে শাসন কৰিব শিকাটোৱে হ'ল স্বৰাজ। মানুহক সকলো ধৰণৰ অ-মানৱীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা মুক্ত কৰা। 

৫) উদাৰতাবাদে কি বুজায় লিখা । 

উত্তৰঃ যি আদৰ্শই ব্য়ক্তিক বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্ৰচলিত সমাজ ব্য়ৱস্থাৰ সংস্কাৰৰ ওপৰত প্ৰাধান্য় দিয়ে, ইয়াকে উদাৰতাবাদ বুলি কোৱা হয়। 

৬) আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ আধুনিক উদাৰতাবাদৰএটা বৈশিষ্ট্য় হৈছে- আধুনিক উদাৰতাবাদে ব্য়ক্তিৰ প্ৰাকৃতিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 

৭) উদাৰতাবাদৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা ।

উত্তৰঃ উদাৰতাবাদৰ অন্য়তম ৰাষ্ট্ৰদৰ্শন হিচাপে মূল্য় আছে। ৰাজনীতি বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ অৱদানক কোনো লোকে নুই কৰিব নোৱাৰে। উদাৰতাবাদৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ'ল-

১। ৰাষ্ট্ৰচিন্তাৰ ক্ষেত্ৰত এ এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে।

২। প্ৰচলিত বিশ্বাস আৰু কৰ্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদে হ'ল প্ৰথম প্ৰতিক্ৰিয়া। 

৩। সাম্য়, স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দৰ্শনত প্ৰথম উচ্চাৰিত হয়। 

৪। মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমৰ্থন কৰে। 

৫। সমাজ আৰু সভ্য়তাৰ নতুন মূল্য়ায়নত উদাৰনৈতিক দৰ্শনৰ গুৰুত্ব উল্লেখযোগ্য়। আইন, গণতন্ত্ৰ, সাৰ্বভৌমত্ব, অধিকাৰ, আনুগত্য় আৰু কৰ্তব্য় আদি ধাৰণাবিলাকৰ পৰিৱৰ্তনশীল পটভূমিত নতুন মূল্য়ায়নৰ মাজতে ইয়াৰ কৃতিত্ব প্ৰকাশ পাইছে। 

৮) উদাৰতাবাদৰ যিকোনো চাৰিটা ক্ৰটি উল্লেখ কৰা। 

উত্তৰঃ উদাৰতাবাদৰ চাৰিটা ক্ৰটি হৈছে-

১। ৰক্ষণশীলঃ উদাৰতাবাদক প্ৰতিক্ৰিয়াশীল ধাৰণা বুলি অভিহিত কৰা হৈছে। এই মতবাদে সমাজৰ আমূল পৰিৱৰ্তন সাধনৰ পৰিৱৰ্তে স্থিতাৱস্থা বাহাল ৰখাৰ ওপৰত গুৰুত্ব দিছে।

২। শ্ৰেণী বৈষম্য়ঃ উদাৰতাবাদ যদিও কৰ্তৃত্ববাদৰ বিৰোধী কিন্তু বাস্তৱ ক্ষেত্ৰত ই অবাধ স্বাধীনতাৰ নীতিক সমৰ্থন কৰি শ্ৰেণী বৈষম্য়ৰ বিকাশত সহায় কৰিছে। 

৩। ব্য়ক্তিবাদী দৰ্শনঃ উদাৰতাবাদ প্ৰকৃত অৰ্থত এটা ব্য়ক্তিবাদী ধাৰণা।

৪। পুঁজিপতিৰ দৰ্শনঃ উদাৰতাবাদক সমালোচকসকলে পুঁজিপতিৰ দৰ্শন বুলি অভিহিত কৰিছিল। ই কেৱল পুঁজিপতিসকলৰ স্বাৰ্থ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ে। 

৯) স্বাধীনতাৰ শ্ৰেণীবিভাগ কৰা ।

উত্তৰঃ স্বাধীনতাৰ শ্ৰেণীবিভাগ তলত দিয়া ধৰণে ভাগ কৰিব পাৰিঃ

১। প্ৰাকৃতিক স্বাধীনতা, ২। নাগৰিক স্বাধীনতা, ৩। ৰাজনৈতিক স্বাধীনতা, ৪। অৰ্থনৈতিক স্বাধীনতা আৰু ৫। ৰাষ্ট্ৰীয় স্বাধীনতা। 

১০) প্ৰাকৃতিক স্বাধীনতা মানে কি বুজা ?

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল তাকে প্ৰাকৃতিক স্বাধীনতা বুলি কোৱা হয়। প্ৰাকৃতিক অৱস্থাত কোনো সাধাৰণ কৰ্তৃপক্ষ নাছিল, সেই বাবে মানুহে নিজৰ নিজৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিছিল। 

১১) নাগৰিক স্বাধীনতা বুলিলে কি বুজা ? চমুকৈ আলোচনা কৰা ।

উত্তৰঃ নাগৰিকসকলৰ ব্য়ক্তিত্বৰ প্ৰকাশ আৰু প্ৰতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ। এই সুযোগ-সুবিধাবোৰক নাগৰিক স্বাধীনতা বুলি কোৱা হয়। ৰাষ্ট্ৰ পৰা নাগৰিকে এই স্বাধীনতা পায়। জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, মতপ্ৰকাশৰ অধিকাৰ, স্বাধীনভাৱে ভ্ৰমণ কৰাৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ আদিক নাগৰিক অধিকাৰ ব্য়াখ্য়া দিয়া হয়। নাগৰিক অধিকাৰ গণতান্ত্ৰিক সংবিধানৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য়।  

১২) স্বাধীনতা ৰক্ষাৰ চাৰিটা উপায় উল্লেখ কৰা । 

উত্তৰঃ স্বাধীনতা ৰক্ষাৰ চাৰিটা উপায় হ'ল 

১। সংবিধানঃ নাগৰিক স্বাধীনতা সংৰক্ষণৰ প্ৰথম আৰু প্ৰধান উপায় হ'ল সংবিধান। প্ৰত্য়েক গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধান হ'ল মৌলিক আইন। চৰকাৰ, ব্য়ক্তি আৰু সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে সংবিধানৰ নীতি-নিয়ম মানি চলিবলৈ বাধ্য় হৈছিল। 

২। সংবিধানত মৌলিক অধিকাৰক অন্তৰ্ভূক্তকৰণঃ সংবিধানত মৌলিক অধিকাৰক সন্নিবিষ্ট কৰি নাগৰিকসকলৰ স্বাধীনতাক ৰক্ষা কৰিব পাৰি। সংবিধানত মৌলিক অধিকাৰ ব্য়ৱস্থা থাকিলে সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা সহজ নহয়। 

৩। আইনৰ শাসনৰ জৰিয়তেঃ আইনৰ শাসনৰ জৰিয়তে নাগৰিক স্বাধীনতাক ৰক্ষা কৰিব পাৰি। লিখিত সংবিধান থকা দেশতহে মৌলিক অধিকাৰৰ ব্য়ৱস্থা কৰিব পাৰি। 

৪। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ জৰিয়তেঃ ফৰাচী ৰাজনীতি-বিজ্ঞান মন্টেছকিউ-ৰ মতে "ক্ষমতাৰ পৃথকীকৰণ নীতিক প্ৰয়োগ কৰিও স্বাধীনতাক ৰক্ষা কৰিব পাৰি।"

১৩)সকাৰাত্মক স্বাধীনতাই কি বুজায় । 

উত্তৰঃ সকাৰাত্মক স্বাধীনতা বা ইতিবাচক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধাৰ কথা প্ৰকাশ কৰে। এই স্বাধীনতা তত্ত্ব ৰাষ্ট্ৰৰ কল্য়াণকামীতত্ত্বৰ লগত জড়িত। সকাৰাত্মক স্বাধীনতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতাক বুজায়। 

 ১৪) নকাৰাত্মক স্বাধীনতাৰ ধাৰণা সম্পৰ্কে ব্যাখ্যা কৰা । 

উত্তৰঃ নেতিবাচক বা নকাৰাত্মক স্বাধীনতাৰ মূলমন্ত্ৰ হৈছে প্ৰত্য়েক ব্য়ক্তিয়ে নিজৰ স্বাৰ্থ ভালদৰে বুজি পায়। সেই বাবে ৰাষ্ট্ৰই তেওঁক কাৰ্যৰ নিৰ্দেশনা উদ্দেশ্য়ত বাধা দিয়াতো অনুচিত। এই ধাৰণাৰ পৃষ্ঠপোষসকলৰ মতে ৰাষ্ট্ৰই জনসাধাৰণৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ ওপৰত হস্তক্ষেপ কৰাটো উচিত নহয়। স্বাধীনতাৰ নেতিবাচক বা সকাৰাত্মক ধাৰণাই সপ্তদশ আৰু অষ্টাদশ শতিকাত এক ঐতিহাসিক ভূমিকা পালন কৰিছিল। এই ধাৰণাৰ পৃষ্ঠপোষকসকলৰ মতে ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশৰ লগতে সামাজিক কল্য়াণৰ কাৰণেও ব্য়ক্তিৰ কামত ৰাষ্ট্ৰ আৰু সমাজৰ হস্তক্ষেপ হ'ব নালাগে। 

    স্বাধীনতা সকাৰাত্মক ধাৰণা গ্ৰহণযোগ্য় নহয়। স্বতন্ত্ৰতাৰ এনে ধাৰণাৰ মাজত প্ৰয়োজ্য় হ'ব নোৱাৰে। অৰ্থনৈতিক সুবিধা লাভ কৰাটোৱেই সমাজৰ উদ্দেশ্য় হ'ব নোৱাৰে।

১৫) মত প্ৰকাশৰ স্বাধীনতা সম্পৰ্কত জন ষ্টুৱাৰ্ট মিলৰ ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ মত প্ৰকাশৰ স্বাধীনতা সম্পৰ্কে জন ষ্টুৱাৰ্ট মিলে সমৰ্থনত কৈছিল যে "যিসকল ব্য়ক্তিয়ে অসত্য় ধাৰণাক সমৰ্থন কৰে সেই সকল ব্য়ক্তিৰো মত প্ৰকাশৰ স্বাধীনতা আছে"।  

১৬) গণতন্ত্ৰত বাক্ - স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰ 

 ১৭) সীমাবদ্ধতাৰ দুটা উস উল্লেখ কৰা । 

উত্তৰঃ সীমাবদ্ধতাৰ দুটা উৎস হৈছে- ১। বাহ্য়িক নিয়ন্ত্ৰণ আৰু ২। স্বেচ্ছাচাৰী শাসন। 

 ১৮) নকাৰাত্মক আৰু সকাৰাত্মক স্বাধীনতাৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।  

উত্তৰঃ নকাৰাত্মক আৰু সকাৰাত্মক স্বাধীনতাৰ মাজত চাৰিটা পাৰ্থক্য় হৈছে-

    ১। নেতিবাচক বা নকাৰাত্মক স্বাধীনতা চুড়ান্ত আৰু অ-নিয়ন্ত্ৰিত।আনহাতে, ইতিবাচক বা সকাৰাত্মক স্বাধীনতাক সাৰ্বজনীন আৰু প্ৰকৃত স্বাধীনতা বুলি কোৱা হয়। এই ধৰণৰ স্বাধীনতা বৰ্তমান সভ্য় জগতৰ মানুহৰ সুখ-স্বাচ্ছন্দ্য়ৰ বাবে অপৰিহাৰ্য। 

২। নকাৰাত্মক স্বাধীনতাই কোনো বাধা আৰোপ কৰা প্ৰকাশ নকৰে। সমাজত বসবাস কৰা প্ৰতিজন ব্য়ক্তিয়েই নিজৰ ইচ্ছামতে ব্য়ক্তিগত স্বাধীনতা ভোগ কৰা অধিকাৰী হ'ব লাগে। আনহাতে, সকাৰাত্মক স্বতন্ত্ৰতাৰ প্ৰধান বৈশিষ্ট্য় হ'ল নিয়ন্ত্ৰণ। 

৩। নকাৰাত্মক স্বাধীনতাৰ ধাৰণাই ব্য়ক্তিগত কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। কিন্তু স্বাধীনতাৰ ইতিবাচক ধাৰণাই ব্য়ক্তিৰ সামাজিক দিশৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰে। 

৪। স্বাধীনতা নেতিবাচক ধাৰণা একপক্ষীয় আৰু সেই কাৰণে এই ধাৰণা সমৰ্থযোগ্য় নহয়। আনহাতে, স্বতন্ত্ৰতাৰ সকাৰাত্মক ধাৰণাৰ এটা সাৰ্বজনীন দিশ আছে। 

১৯) স্বৰাজ সম্পৰ্কে গান্ধীজীৰ মতামত কি ?

উত্তৰঃ গান্ধীৰ মতে স্বৰাজ হ'ল সত্য়ৰ এটা অংশ। এই ধাৰণাৰ জৰিয়তে গান্ধীজীয়ে স্বৰাজক এটা নৈতিক ৰূপ দিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত স্বৰাজে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। ভাৰতীয় সকলো শ্ৰেণীৰ মানুহে স্বৰাজৰ হকে আন্দোলনত যোগদান কৰিছিল। 

    স্বৰাজৰ দুটা দিশ আছে। প্ৰথমে সামাজিক ক্ষেত্ৰত স্বৰাজে স্ব-নিৰ্ভৰশীলতাক বুজায় আৰু দ্বিতীয়তে ৰাজনৈতিক স্তৰত ইয়াৰ লক্ষ্য় হ'ল "স্ব" শাসন অৰ্থাৎ স্বৰাজ বা স্বাধীনতা। জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৱে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিল। মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্য়াত "হিন্দু স্বৰাজ" ত বিষয়ে আলোচনাৰ আগবঢ়াইছে। তেওঁ কৈছিল যে "মানুহে নিজক নিজে শাসন কৰিবলৈ শিকাটোৱে হৈছে স্বৰাজ। মানুহক সকলো ধৰণৰ অ-মানৱীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা মুক্ত কৰা, দায়বদ্ধতা, ব্য়ক্তিৰ আত্মসন্মান আৰু আত্মউপলব্ধি গঢ়ি তুলিব পৰাই হৈছে স্বৰাজৰ মূল মন্ত্ৰ। 

২০) '' চিৰন্তন সতৰ্কতা স্বাধীনতাৰ মূল ''- মন্তব্য দিয়া । 

উত্তৰ 

২১) অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বতন্ত্ৰতা কেনেদৰে পৰস্পৰ সম্পৰ্কযুক্ত ?

উত্তৰ

২২) স্বাধীনতাত বাধা প্ৰদান কৰা অৱশ্যক বুলি তুমি ভাবানে ? তিনিটা কাৰণ দিয়া । 

উত্তৰ 

২৩) নেতিবাচক স্বতন্ত্ৰতা সম্পৰ্কে তিনিটা যুক্তি দিয়া। 

উত্তৰ

 ২৪) ইন্টাৰনেটৰ যুগত মত প্ৰকাশৰ স্বাধীনতা সম্বন্ধে চমু টোকা লিখা।

উত্তৰঃ ইন্টাৰনেটৰ যুগত মত প্ৰকাশ স্বাধীনতাঃ বৰ্তমান তথ্য়প্ৰযুক্তিৰ যুগ। মত প্ৰকাশৰ মাধ্য়ম হিচাপে ছ'চিয়েল মিডিয়াৰ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ইন্টাৰনেট, ফেচবুক, ৱাট্ছএপ আৰু টুইটাৰ এইসমূহৰ মাধ্য়মেৰে মানুহে নিজৰ মতামত প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াই সামাজিক আন্দোলনসমূহ গঢ়ি উঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ২০০০ চনত প্ৰণীত তথ্য় প্ৰযুক্তি আইন ২০০৮ চনত সংশোধন ঘটাই এটা নতুন অনুচ্ছেদ সংযোজন কৰা হয়। অনুচ্ছেদৰ সুযোগ লৈ আৰক্ষীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজনৈতিক মতামত প্ৰকাশ কৰা বহুতৰ বিৰুদ্ধে হাৰাশাস্তি কৰি আহিছে। ইয়াৰ কাৰণে বহুতো লোকক গ্ৰেপ্তাৰ কৰিছিল। ২০১৫ চনত উত্তৰ প্ৰদেশৰ একাদশ শ্ৰেণীৰ ১৯ বছৰীয়া এগৰাকী ছাত্ৰীয়ে উত্তৰ প্ৰদেশৰ এগৰাকী মন্ত্ৰী আজাম খান সম্পৰ্কত দিয়া মন্তব্য়ৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।   

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short Answer Questions ) 

১) স্বাধীনতাক মানৱজাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে যুক্তি দৰ্শাইছিল। 

উত্তৰঃ

২)  স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা । 

উত্তৰঃ স্বাধীনতা ৰক্ষাৰ দুটা উপায় হৈছেঃ ১। ৰাজনৈতিক দল আৰু ২। চিৰ-সজাগতা। 

৩) অৰ্থনৈতিক স্বাধীনতাই কি বুজায় ?

উত্তৰঃ অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱা স্বাধীনতাকে অৰ্থনৈতিক স্বাধীনতা বুলি কোৱা হয়। ই অৰ্থনৈতিক ক্ষেত্ৰত মানুহক স্বাৱলম্বী হোৱাটোৱে বুজায়। 

৪) স্বাধীনতাৰ দুটা আদৰ্শ উল্লেখ কৰা । 

উত্তৰঃ স্বাধীনতাৰ দুটা আদৰ্শ হৈছে-

১। জাতীয় আন্দোলনৰ কেন্দ্ৰবিন্দু। 

২। 

৫) নেতিবাচক স্বাধীনতা বুলিলে কি বুজা ?

উত্তৰঃ ব্য়ক্তি স্বাধীনতাৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ নকৰি ব্য়ক্তিক নিজ ইচ্ছা অনুসৰি কাম কৰাৰ সুবিধা দিয়ে। ব্য়ক্তিয়ে নিজৰ কাম-কাজবোৰ সুচাৰুৰূপে পৰিচালনা কৰাকে নেতিবাচক বা নকাৰাত্মক স্বাধীনতা বুলি কোৱা হয়। 

৭) সকাৰাত্মক স্বাধীনতা বুলিলে কি বুজা ?

উত্তৰঃ যিবোৰ ব্য়ক্তিৰ ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ইয়াকে সকাৰাত্মক বা ইতিবাচক স্বাধীনতাৰ বোলে। 

৮) স্বাধীনতাৰ সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা লিখা । 

উত্তৰঃ 

৯) স্বেচ্ছাচাৰী শাসনে কিদৰে ব্যাক্তি স্বাধীনতাত হস্তক্ষেপ কৰে ? 

উত্তৰঃ

১০) মত প্ৰকাশত স্বাধীনতাৰ সমৰ্থত দুটা যুক্তি দিয়া । 

উত্তৰঃ মত প্ৰকাশত স্বাধীনতা সমৰ্থনত দুটা যুক্তি হৈছে-

১। কোনো ধাৰণা বা মতামত অসত্য় হ'ব নোৱাৰে।

২। সত্য় নিজে নিজে প্ৰকাশ নহয়। সত্য় উদঘাটন হয় বিৰোধ আৰু বিতৰ্কৰ মাজেৰে। 

 ১১) আইন শাসন বুলিলে কি বুজা ?

উত্তৰঃ আইন শাসনৰ জৰিয়তে নাগৰিক স্বাধীনতাক ৰক্ষা কৰিব পাৰি। লিখিত সংবিধান নাথাকিলে মৌলিক অধিকাৰক সন্নিবিষ্ট কৰিব পৰা নাযায়।  

১৩) স্বাধীনতাৰ প্ৰকাৰত্মক ( ইতিবাদক) ধাৰণা । 

উত্তৰঃ 

 ১৪) স্বাধীনতাৰ একাকত্মক নেচিবাচক ধাৰণা ।

উত্তৰঃ 

১৫) স্বাধীনতাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

 ১৬) প্ৰাকৃতিক স্বাধীনতা কি ?

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল তাকে প্ৰাকৃতিক স্বাধীনতা বুলি কোৱা হয়। 

 ১৭) বাধাৰ দুটা উৎস উল্লেখ কৰা । 

উত্তৰঃ বাধাৰ দুটা উৎস হৈছে-

১। বাহ্য়িক নিয়ন্ত্ৰণ আৰু স্বেচ্ছাচাৰী শাসন ।
২। কোনো চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে ব্য়ক্তিৰে স্বাধীনতা উপভোগত প্ৰয়োজনীয় বাধা আৰোপ কৰিব পাৰে। 

১৮) নেলচন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ নেলচন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম হৈছে- "লং ৱাক টু ফ্ৰীডম"। 

 বস্তুনিষ্ঠ প্ৰশ্নানলী ( Objective type questions )

১) স্বাধীনতা ৰক্ষাৰ এটা উপায় উল্লেখ কৰা  

উত্তৰঃ স্বাধীনতা ৰক্ষাৰ এটা উপায় হৈছে সংবিধান।
 
২) সমতা আৰু স্বাধীনতা পৰস্পৰ পৰিপূৰক ( হয় নে নহয় লিখা  

উত্তৰঃ 

৩) চিৰন্তন সতৰ্কতাই স্বাধীনতাৰ  মূল ( শুদ্ধ নে অশুদ্ধ  লিখা) 
উত্তৰ 

৪) স্বাধীনতাৰ এটা আদৰ্শ উল্লেখ কৰা  । 

উত্তৰঃ স্বাধীনতাৰ এটা আদৰ্শ হৈছে জাতীয় আন্দোলনৰ কেন্দ্ৰবিন্দু। 

৫) স্বাধীনতা এটা দিশ হল নকৰাত্মক আনটো কি ?

উত্তৰঃ স্বাধীনতা এটা দিশ হ'ল নকৰাত্মক আৰু আনটো দিশ হৈছে সকাৰাত্মক। 

 ৬) স্বৰাজৰ ধাৰণৰ লগত জড়িত ব্যক্তিজনৰ নাম লিখা ?
উত্তৰ

৭) স্বৰাজ শব্দৰ অৰ্থ লিখা । 

উত্তৰঃ "স্ব" মানে হ'ল নিজা আৰু "ৰাজ" মানে হৈছে শাসন। অৰ্থাৎ স্বৰাজ শব্দ অৰ্থ হৈছে নিজে নিজক শাসন কৰা। 

৮) স্বাধীনতা উপভোগত থকা এটা বাধা লিখা ।                        
উত্তৰ

৯) উদাৰতাবাদীসকলে স্বাধীনতাক সমৰ্থন কৰেনে ( হয় বা নহয় লিখা)

উত্তৰঃ কৰে।  

১০) সমাজবাদীসকলৰ এটা উদ্দেশ্য উল্লেখ কৰা । 
উত্তৰ 

১১) এটা বাক্যত স্বাধীনতাৰ সংজ্ঞা লিখা । 

উত্তৰঃ অধ্য়াপক চিলিয়ে কৈছিল- "স্বাধীনতা হ'ল সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণাৰ। 

১২) ''মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা ।'' - কোনে কৈছিল ?

উত্তৰঃ অধ্য়াপক লাস্কিয়ে কৈছিল যে "মানুহৰ ব্য়ক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা।" 

১৩) 'Liber' কোন ভাষাৰ শব্দ ?

উত্তৰঃ 'Liber' লেটিন ভাষা শব্দ।  

১৪) ব্যক্তিগত স্বাধীনতা বুলিলে কি বুজা ?

উত্তৰঃ ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকসকলে ব্য়ক্তিগতভাৱে উপভোগ কৰিব পৰা আছুতীয়া স্বাধীনতাকে ব্য়ক্তিগতৰ স্বাধীনতা বুলি কোৱা হয়। মানুহৰ ব্য়ক্তিগত স্বাধীনতা অন্য় লোকৰ স্বাধীনতা ওপৰত হস্তক্ষেপ নকৰালৈকেহে উপভোগ কৰা অধিকাৰ আছে। 

১৫) নেলছন মেণ্ডেলাৰ কৰ ব্যক্তি ?

উত্তৰঃ নেলছন ম্ণ্ডেলাৰ দক্ষিণ আফ্ৰিকাৰ ব্য়ক্তিৰ আছিল। 

১৬) ''লং ৱাক টু ফ্ৰীডম'' নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ "লং ৱাক টু ফ্ৰীডম" নামৰ গ্ৰন্থখনৰ লিখক হৈছে নেলচন মেণ্ডেলাৰ। 

১৭) নেলছন মেণ্ডেলাক কিমান বছৰ কাল কাৰাবন্ধী কৰি ৰখা হৈছিল? 

উত্তৰঃ নেলছন মেণ্ডেলাক ২৮ বছৰ কাল কাৰাবন্দী কৰি ৰখা হৈছিল। 

১৮) আংছান ছ্যু কী কৰ ব্যক্তি  ?

উত্তৰঃ আংছান ছ্য়ু কী ভাৰতৰ ব্য়ক্তি আছিল। 

 ১৯) আংছনা ছ্যু কীয়ে স্বাধীনতা সম্প্কে লিখা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ আংছন্য় ছ্য়ু কীয়ে স্বাধীনতা সম্পৰ্কে লিখা গন্থখনৰ নাম হৈছে "ফ্ৰিডম অৱ ফিয়াৰ"। 

২০) ''স্বৰাজ আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব ।'' - কোনে 
কৈছিল ?

উত্তৰঃ  বাল গংগাধৰ তিলকে কৈছিল- "স্বৰাজ আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব"।  

২১) গান্ধীজীয়ে স্বৰাজ সম্পৰ্কে লিখা গ্ৰন্থখনৰ  নাম কি ?

উত্তৰঃ গান্ধীজীয়ে স্বৰাজ সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম হৈছে "হিন্দু স্বৰাজ"। 

২২) উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থকৰ নাম লিখা ।

উত্তৰঃ উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থকৰ নাম হৈছে জন ল'ক। 

২৩) কোনটো মতবাদৰ মতে ৰাষ্ট্ৰ এটা 'প্ৰয়োজনীয় অ- কল্যাণকৰ অনুষ্ঠান' ?

উত্তৰ 

২৪) "On liberty" নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ "On Liberty" নামৰ গ্ৰন্থখনৰ লিখক হৈছে জন ষ্টুৱাৰ্ট মিল। 
 
২৫) ভাৰতৰ সংবিধানৰ কোনতো অনুচ্ছেদত বাক্ - স্বাধীনতাৰ উল্লেখ আছে । 
উত্তৰ

২৬। অৰ্থনৈতিক স্বাধীনতা মানে -

(ক) নিৰক্ষৰতাৰ পৰা স্বাধীনতা            (খ) অভাৱযুক্ত স্বাধীনতা            
(গ)  সমাজৰ পৰা মুক্ত                         (ঘ) ধৰ্মৰ পৰা মুক্ত ।     
                   
 উত্তৰঃ 

২৭। স্বাৰজ মানে হল - 
 
(ক) নিজৰ শাসন                              (খ) ৰজাৰ শাসন 

(গ) চৰকাৰৰ শাসন                          ( ওপৰৰ আটাইকেইটা )

২৮। জে. এচ মিলে লিখা কিতাপখনৰ নাম - 

(ক) ডাচ কেপিটেল                             (খ) অন লিবাটী 

(গ) পলিটিকচ্                                     (ঘ)  ৰিপাব্লিক  

২৯। সকাৰত্মক স্বাধীনতা মানে - 

(ক) যিকোনো কাম কৰাৰ স্বাধীনতা           (খ) বাধাযুক্ত স্বাধীনতা 

(গ) বাধাযুক্ত                                               (ঘ) ইয়াৰে এটাও নহয় 

Type : Bipasha kakati


Post ID : DABP006367