অধ্যায় ২

কম্পিউটাৰৰ প্ৰকাৰ


অনুশীলনীঃ


১। কৰ্মদক্ষমতাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক কেইটা ভাগত ভাগ কৰা হৈছে ? আৰু কি কি ?

উত্তৰঃ কৰ্মদক্ষতাৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক তিনিটা ভাগত ভাদ কৰা হয়।

সেইকেইটা হ'লঃ

(ক) এনালগ কম্পিউটাৰ (Analog  Computer)

(খ) ডিজিটেল কম্পিউটাৰ (Digital Computer) 

(গ) হাইব্ৰিড কম্পিউটাৰ ( Hybrid Computer) 



২। এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰ দুটা পাৰ্থক্য হ'লঃ

(ক) ডিজিটেল কম্পিউটাৰ বিভিন্ন সংগ্ৰাহক অংগৰ সহায়ত সংখ্যা ,আখৰ আদি গ্ৰহণ তথা গণনা বিশ্লেষণ কৰিব পৰা কম্পিউটাৰ। আনহাতে,

    এনালগ কম্পিউটাৰ বিশেষ কিছুমান বৈজ্ঞানিক বা কাৰিকৰী কামৰ বাবে ব্যৱহৃত কম্পিউটাৰ, যেনে-চাপ, তাপ, বৈদ্যুতিক প্ৰবাহ আদিৰ হিচাপ তথা অধ্যয়নৰ বাবে। 

(খ) ডিজিটেল কম্পিউটাৰ এনালগ কম্পিউটাৰতকৈ অধিক ক্ষিপ্ৰ | আনহাতে এনালগ কম্পিউটাৰ ডিজিটেল কম্পিউটাৰতকৈ অধিক ক্ষিপ্ৰ নহয় |


৩। সংখ্যাদৰ্শনৰ ভিত্তিত পৰিচালিত কম্পিউটাৰ সমূহক কি কম্পিউটাৰ বুলি কোৱা হয় ?

উত্তৰঃ সংখ্যাদৰ্শনৰ ভিত্তিত পৰিচালিত কম্পিউটাৰ সমূহক ডিজিটেল কম্পিউটাৰ  (Digital Computer) বুলি কোৱা হয়।


৪। ছুপাৰ কম্পিউটাৰৰ বিশেষ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ  ছুপাৰ কম্পিউটাৰৰ বিশেষ বৈশিষ্ট্যসমূহ হ'ল-

(ক) আটাইতকৈ শক্তিশালী কম্পিউটাৰ হৈছে ছুপাৰ কম্পিউটাৰ।

(খ) ছুপাৰ কম্পিউটাৰ গণনা শক্তি ইমান বেছি যে ইয়াৰ তুলনা কৰিবলৈ সময়ৰ একক হিচাপে এক ছেকেণ্ডৰ ১০,০০০ কোটি ভাগৰ ১ ভাগ লোৱা হয়।

(গ) ছুপাৰ কম্পিউটাৰ বিলাক সামৰি কালাপৰ বাবে ব্যৱহাৰ কৰা হয়।

(ঘ) ছুপাৰ কম্পিউটাৰ বিলাক মিছাইল ডিজাইন আৰু উৎক্ষেপনৰ কাৰণে ব্যৱহাৰ কৰা হয়।

(ঙ) ছুপাৰ কম্পিউটাৰ বিলাক বতৰ গৱেষণা কামত ব্যৱহাৰ কৰা হয় ।


৫। মাইক্ৰ'কম্পিউটাৰৰ বিশেষ সুবিধাসমূহ কি কি ?

উত্তৰঃ মাইক্ৰ'কম্পিউটাৰৰ বিশেষ সুবিধাসমূহ হ'লঃ

(ক) মাইক্ৰ'কম্পিউটাৰ দাম আন কম্পিউটাৰতকৈ কমঃ

(খ) মাইক্ৰ'কম্পিউটাৰ ব্যক্তিগত কামত দাম কম হোৱা বাবে  ব্যৱহাৰ কৰাত সহজ হয়।

(গ) মাইক্ৰ'কম্পিউটাৰ দোকান, চৰকাৰী কাৰ্যালয়ত, মানুহৰ ঘৰত ব্যৱহাৰ কৰিবলৈ সুবিধা হয়।


৬। নেন’ছেকেণ্ড আৰু পিক’ছেকেণ্ড বুলিলে কি বুজা ? 

উত্তৰঃ নেন'ছেকেণ্ডঃ গতি  নিৰ্দ্ধাৰণ কৰিব বাবে এক ছেকেণ্ডৰ ১০,০০০ লাখ  ভাগৰ এক ভাগক সময়ৰ একক হিচাপে লোৱা  হয়। ইয়াক নেন'ছেকেণ্ড বোলা হয়।

পিক'ছেকেণ্ডঃ গণনা শক্তি ইমান বেছি যে ইয়াৰ তুলনা কৰিবলৈ সময়ৰ একক হিচাপে এক ছেকেণ্ডৰ ১০,০০০ কোটি ভাগৰ ১ ভাগ লোৱা হয়, ইয়াকে পিক' ছেকেণ্ড বোলা হয়।

    নেন'ছেকেণ্ড আৰু পিক'ছেকেণ্ড বুলিলে আমি ওপৰত দিয়া কথা খিনি বুজা যায়।


৭। ভাৰতত থকা ছুপাৰ কম্পিউটাৰ এটাৰ নাম লিখা । 

উত্তৰঃ  ভাৰতৰ থকা ছুপাৰ কম্পিউটাৰ এটাৰ নাম হ'ল ''PARAM'' কম্পিউটাৰ।


৮। মেইনফ্রেম কম্পিউটাৰৰ দুটা উদাহৰণ লিখা ।

উত্তৰঃ  মেইনফ্ৰেম কম্পিউটাৰৰ দুটা উদাহৰণ হ'ল- 

(ক)  UNIVAC 

(খ) 1180 IBM


৯। তথ্য সাধন আৰু সংৰক্ষণৰ ওপৰত ভিত্তি কৰি মাইক্ৰ'কম্পিউটাৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ? 

উত্তৰঃ তথ্য সাধন আৰু সংৰক্ষণৰ ওপৰত ভিত্তি কৰি মাইক্ৰ'কম্পিউটাৰক তিনিটা ভাগত ভাগ কৰা হৈছে ।

সেইকেইটা হল-

(ক) PC বা Personal Computer,

(খ) PC-XT বা PC Extended Memory, 

(গ) PC-AT বা Advanced Technology ।


১০। মিনি কম্পিউটাৰৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ মিনি কম্পিউটাৰৰ দুটা উদাহৰণ হ'ল- PDP 11/42, VAX II।


১১। এনালগ কম্পিউটাৰক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰা হয় । 

উত্তৰঃ এনালগ কম্পিউটাৰক বিশেষকৈ চাপ, তাপ, গণনা, জোখ  লোৱা কামত  ব্যৱহাৰ কৰা হয়।


১২। চমুটোকা লিখাঃ  

(ক) মিনি কম্পিউটাৰ। 

উত্তৰঃ মাইক্ৰ'কম্পিউটাৰতকৈ বেছি দামী আৰু বেছি জটিল কাম কৰিব পৰা মজলীয়া আকাৰৰ কম্পিউটাৰটোৱেই হ'ল মিনি কম্পিউটাৰ (Mini Computer)। ব্যৱসায়িক উৎপাদন কেন্দ্ৰবোৰক সাধাৰণতে এনেধৰণৰ কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। PDP11/42, VAX II হ'ল মিনি কম্পিউটাৰৰ উদাহৰণ ।


(খ) ছুপাৰ কম্পিউটাৰ।

উত্তৰঃ  বৰ্তমান যুগত আটাইতকৈ শক্তিশালী কম্পিউটাৰ হ'ল ছুপাৰ কম্পিউটাৰ (Super Computer)। ইয়াৰ গণনা শক্তি ইমান বেছি যে ইয়াৰ তুলনা কৰিবলৈ সময়ৰ একক হিচাপে এক ছেকেণ্ডৰ ১০,০০০ কোটি ভাগৰ ১ ভাগ লোৱা হয় | ইয়াকে পিক' ছেকেণ্ড (Pico Second)  বোলা হয়। ক্ৰে গৱেষণা ইনক'ৰুকেশ্বন (Cray Research Incorporation) ৰ দ্বাৰা আৱিষ্কৃত CRAY-2 এনেধৰণৰ কম্পিউটাৰ। ছুপাৰ কম্পিউটাৰ বিলাক মিছাইল ডিজাইন আৰু উৎক্ষেপনৰ কাৰণে ব্যৱহাৰ কৰা হয়। ছুপাৰ কম্পিউটাৰ বিলাক বতৰ গৱেষণা কামত ব্যৱহাৰ কৰা হয়। CRAY, PARAM-1000, XMP-24  আদি ছুপাৰ কম্পিউটাৰৰ উদাহৰণ।




(গ) এনালগ কম্পিউটাৰ। 

উত্তৰঃ এনালগ কম্পিউটাৰ (Analog Computer): বিশেষ কিছুমান বৈজ্ঞানিক বা কাৰিকৰী কামৰ বাবে ব্যৱহৃত কম্পিউটাৰ, যেনেঃ চাপ, তাপ, বৈদ্যুতিক প্ৰবাহ আদিৰ হিচাপ তথা অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হয়। এই কম্পিউটাৰবোৰে প্ৰণালীবদ্ধ তথ্য গ্ৰহণ কৰি অবিছিন্ন তথ্য উৎপন্ন কৰিব পাৰে। এই শ্ৰেণীৰ কম্পিউটাৰত গণনা কৰাতকৈ জোখ লোৱা কামত বেছি ব্যৱহাৰ কৰা হয়।


(ঘ) মেইনফ্রেম কম্পিউটাৰ।

উত্তৰঃ এই শ্ৰেণীৰ কম্পিউটাৰ ছুপাৰ কম্পিউটাৰৰ দৰেই শক্তিশালী, কিন্তু গণনা আৰু বিশ্লেষণ কৰাৰ ক্ষমতা ছুপাৰ কম্পিংউটাৰতকৈ কম। ইয়াৰ গতি নিৰ্দ্ধাৰণ কৰিবৰ বাবে এক ছেকেণ্ডৰ ১০,০০ জ লাখ ভাগৰ এক ভাগক সময়ৰ একক হিচাপে লোৱা হয়। ইয়াক নেন'ছেকেণ্ড বোলা হয়। এইবিধ কম্পিউটাৰৰ বিশেষত্ব হ'ল এটা কম্পিউটাৰকে একে সময়তে দুই বা ততোধিক ব্যৱহাৰ কৰোঁতাই একেলগে কাম কৰিব পাৰে। IBM 3000 Series, UNIVAC,  1180 IBM আদি মেইনফ্ৰেম কম্পিউটাৰৰ উদাহৰণ।



Apurba Kakati


Post ID : DABP005817