প্ৰকৃতিক উদ্ভিদ

     ーঅনুশীলনー     

১। শুদ্ধ উত্তৰটো তলৰবোৰৰ পৰা বাছি উলিওৱাঃ

i) চন্দালউডএটা উদাহৰণঃ

ক) চিৰসেউজীয়া উদ্ভিদ

খ) পৰ্ণপাতি উদ্ভিদ

গ) ব-দ্বিপীয় হাবি

ঘ) কাইটীয়া হাবি

উত্তৰঃ খ) পৰ্ণপাতি উদ্ভিদ।

ii) তলৰবোৰৰ কোনটো ব্যঘ্ৰ প্ৰকল্পৰ উদ্দেশ্য?

ক) বাঘ হত্যা কৰা।

খ) বাঘবোৰকচিৰিয়াখানাত ৰখা।

গ) চোৰাং চিকাৰৰ পৰা ৰক্ষা কৰা।

ঘ) বাঘৰ ওপৰত চিনেমা কৰা।

উত্তৰঃ গ) চোৰাং চিকাৰৰ পৰা ৰক্ষা কৰা।

iii) নন্দাদেবী জৈৱ সংৰক্ষিত অঞ্চল তলৰ কোনখন ৰাজ্যত অৱস্থিত?

ক) বিহাৰ।

খ) উত্তৰ প্ৰদেশ

গ) উত্তৰাঞ্চল

ঘ) উৰিষ্যা

উত্তৰঃ গ) উত্তৰাঞ্চল।

iv) কিমান সংখ্যক জৈৱিক সংৰক্ষিত অঞ্চলক IUCN য়ে স্বীকৃতি দিছে?

ক) এখন

খ) দুখন

গ) তিনিখন

ঘ) চাৰিখন

উত্তৰঃ ঘ) চাৰিখন।

v) ভাৰতবৰ্ষৰ অৰণ্য নীতি অনুসাৰে দেশৰ মুঠ কালিৰ কিমান শতাংশত অৰণ্য থাকিব লাগে?

ক) ৩৩ শতাংশ

খ) ৫৫ শতাংশ

গ) ৪৪ শতাংশ

ঘ) ২২শতাংশ

উত্তৰঃ ক) ৩৩ শতাংশ

২। ৩০ টা শব্দৰ ভিতৰত তলৰবোৰৰ উক্তৰ কৰা।

i) প্ৰাকৃতিক উদ্ভিদ কাক বোলে? কেনেধৰণৰ জলবায়ুত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বাঢ়ি আহে?

উত্তৰঃ যিবোৰ প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা (জলবায়ু, মাটি) লালিত-পালিত হৈ কোনো অঞ্চলত বহুবছৰ জুৰি কোনো হানি-বিঘিনিৰ সন্মুখীন নোহোৱাকৈ নিজকে সুকলমে আৰু পৰিপুষ্টভাৱে বৰ্তাই ৰাখিব পাৰিছে। তাক প্ৰাকৃতিক উদ্ভিদ বোলে।

            যত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চে.মি. ৰ ওপৰত আৰু গড় বাৰ্ষিক উষ্ণতা ২২º চেলছিয়াছৰ ওপৰত থাকে। সেই জলবায়ুত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বাঢ়ি আহে।

ii) সামাজিক বনানিকৰণ বুলিলে কি বুজা?

উত্তৰঃ সামাজিক বনানিকৰণ এক পদ্ধতি যাৰ দ্বাৰা অৰণ্যবোৰ সুৰক্ষা প্ৰদান কৰা হয় আৰু লগতে নতুনকৈ বিভিন্ন আঁচনিৰ সংযোজন ঘটাই বৃক্ষৰোপন ব্যৱস্থা কৰা হয়। যাতে পৰিৱেশ সুস্থ থকাৰ লগতে সামাজিক আৰু গ্ৰাম্য অঞ্চলৰ উন্নতি সাধন হয়।

iii) জৈৱ সংৰক্ষিত অঞ্চল কাক বোলে?

উত্তৰঃ ইউনেস্কোৰ 'মানৱ আৰু জীৱমণ্ডল আঁচনিৰ' অধিনত আন্তৰ্জাতিক হিচাবে কিছুমান অঞ্চলত পৰ্থিব আৰু উপকূলীয় পৰিৱেশ নিকায় হিচাবে অনুপম ৰূপত সুৰক্ষিত কৰা হৈছে। এই অঞ্চলবোৰক জৈৱ সংৰক্ষিত অঞ্চল বোলে। 

iv) অৰণ্য ভূমি ( forest area ) আৰু অৰণ্যৰ আবৰণৰ ( forest cover ) মাজত প্ৰাৰ্থক্য কি?

উত্তৰঃ অৰণ্য় ভূমি আৰু অৰণ্যৰ আবৰণৰ মাজত পাৰ্থক্য হ'ল-

    ১। অৰণ্য ভূমি মানে হ'ল গছ থাকক বা নাথাকক হাবি হিচাবে চিহ্নিত কৰা আৰু তথ্যযুক্ত কৰা মাটিৰ পৰিমাণ আনহাতে অৰণ্য আবৰণ মানে হ'ল হাবিৰে আবৃত হৈ থকা অঞ্চল।

    ২। অৰণ্য ভূমি ৰাজ্যৰ ৰাজহ বিভাগে তথ্যযুক্ত কৰা আনহাতে অৰণ্যৰ আবৰণ ওপৰৰ পৰা তোলা ফাটো আৰু উপগ্ৰহৰ পৰা পোৱা ফটোৰ সহায়ত উলিওৱা।

৩. ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

i) অৰণ্য সংৰক্ষণৰ কাৰণে কি কি ব্যৱস্থা লোৱা হৈছে?

উত্তৰঃ জীৱন ঐৰু পৰিৱেশৰ লগত হাবি বা অৰণ্যৰ এটা এৰাব নোৱাৰা সম্বন্ধ আছে। হাবিবোৰ আমাৰ সমাজ-অৰ্থনীতিত বহুত ধৰণৰ মুখ্য বা গৌণ সুবিদা প্ৰদান কৰে। গতিকে হাবি সংৰক্ষণ কৰাটো এটা অতি প্ৰয়োজনীয় কাম। বিশেষকৈ আমি মানুহ বৰ্তি থকা আৰু অৰ্থনৈতিক উন্নতি লাভ কৰিবৰ বাবে আমি অৰণ্য সংৰক্ষণ কৰা উচিত।

        অৰণ্য সংৰক্ষণৰ কাৰণে হাতত লোৱা ব্যৱস্থা সমূহ হ'ল-

    (ক) মুঠ মাটি কালিৰ ৩৩ শতাংশত হাবিৰ সৃষ্টি কৰা।

    (খ) পৰিবেশিক সুস্থিৰতা ৰক্ষা কৰা যিবোৰ অঞ্চলত পৰিবেশৰ সমতা বিঘ্নিত হৈছে।

    (গ) দেশৰ প্ৰাকৃতিক পৰম্পৰা ৰক্ষা কৰা, জৈৱ-বিচিত্ৰতা আৰু জেনেতিক পুল ৰক্ষা কৰা।

    (ঘ) মাটিৰ খহনীয়া ৰোধ, মৰুভূমি বৰ্দ্ধন ৰোধ, বানপানী ৰোধ আৰু খৰাং ৰোধ কৰা আদি।

  (ঙ) সামাজিক বনানিকৰণৰ সহায়ত হাবিৰ আবৰণৰ বৃদ্ধি কৰা আৰু নষ্ট হোৱা ভূমিত নতুনকৈ হাবিৰ সৃষ্টি কৰা।

   (চ) হাবিৰ উৎপাদন বৃদ্ধি কৰা কাঠ, খৰি, ঘাঁহ, খাদ্য আদিৰ। এইবোৰে যাতে গাঁওবাসীক সহায় কৰিব পাৰে আৰু কাঠৰ সলনি অন্য বস্তু ব্যৱহাৰৰ কাৰণে উৎসাহিত কৰিব পাৰে।

  (ছ) জন আন্দোলন গঢ়ি তোলা বিশেষকৈ তিৰোতা সকলৰ মাজত গছ ৰোৱা কাৰ্য্যক উৎসাহিত কৰি, লগতে গছ কটা বন্ধ কৰি যাতে হাবিয়নি ঠাই কমি নেযায়।

ii) হাবি আৰু বনৰীয়াজন্তুৰ সংৰক্ষণৰ কাৰণে, মানুহৰ অংশগ্ৰহণে কেনেধৰণৰ সহায় কৰিব পাৰে বা কাৰ্য্যকাৰী হব পাৰে?

উত্তৰঃ জীৱন আৰু পৰিৱেশৰ লগত হাবিৰ এটা এৰাব নোৱাৰা সম্বন্ধ আছে। হাবিবোৰে আমাৰ সমাজ-অৰ্থনীতিত বহুত ধৰণৰ মুখ্য বা গৌণ সুবিধা প্ৰদান কৰে। গতিকে হাবি সংৰক্ষণ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাম, মানুহ বৰ্তি থকাৰ কাৰণে আৰু অৰ্থনৈতিক উন্নতি লাভ কৰাৰ কাৰণে। 

            হাবি আৰু বনৰীয়া জন্তুৰ সংৰক্ষণৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা দেখা পোৱা যায়। সামাজিক বনানিকৰণ ব্যৱস্থাৰ দ্বাৰা হাবিৰ ৰক্ষণ আৰু সুপৰিচালন আৰু লগতে পৰি থকা অসাৰুৱা মাটিত বৃক্ষৰোপন যাতে ইয়াৰ দ্বাৰা পৰিৱেশ, সমাজ আৰু গ্ৰাম্য় উন্নতিত সহায় হ'ব পাৰে। গ্ৰাম্য বনানিকৰণৰ জৰিয়তে বনাজ কৃষি আৰু জনগোষ্ঠীয় হাবিৰ বৃদ্ধি কৰা হৈছে। এই বিভিন্ন বনানিকৰণ জৰিয়তে দেশৰ হাবি বা অৰণ্য আৰু বনৰীয়া জীৱ-জন্তু সংৰক্ষণত যথেষ্ট কাৰ্যকাৰী হৈছে।

            বৰ্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত হাবিবোৰ ধ্বংস হ'বলৈ ধৰিছে। হাবিবোৰ ধ্বংস কৰি তাত বসবাস কৰিবলৈ ধৰিছে। যাৰ ফলত হাবিত থকা বিভিন্ন ধৰণৰ জীৱ-জন্তু মৃত্যু মুখত পৰিবলগীয়া হৈছে বা বিলুপ্ত হ'বলৈ ধৰিছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰাসাম্য বিনষ্ট হৈছে আৰু মানুহৰ বসতিত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে পৰিৱেশ সুস্থি অৱস্থালৈ ঘূৰাই আনিবলৈ সকলোৱে যত্ন পৰ হ'ব লাগে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)











Answer by- Punya Hazarika.

Type: Pinki Kakati.




Post ID : DABP006495