কী-বোৰ্ড আৰু কী সমূহ । অধ্যায় ৫ । Chapter 5 | Class 6 Computer Corse Question And Answer Sankardev School | Class 6 Computer Corse Solution Sankardev School | Class 6 Computer Corse Suggestion Sankardev School | Class 6 Computer Corse Free Question And Answer Sankardev School | ষষ্ঠ মান শ্ৰেণীৰ কম্পিউটাৰ শিক্ষাৰ সহায়িকা । ভাৰতী কম্পিউটাৰ  শিক্ষা ষষ্ঠ মান শ্ৰেণীৰ কী-বোৰ্ড আৰু কী সমূহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ৫


কী-বোৰ্ড আৰু কী সমূহ


অনুশীলনীঃ


১। কী-বোৰ্ড গ্ৰাহক সঁজুলি (Input Device) নে ফলাফল সঁজুলি (Output Device) ?

উত্তৰঃ কী-বোৰ্ড গ্ৰাহক সঁজুলি (Input Device)।


২। কী-বোৰ্ড সাধাৰণতে কেই প্ৰকাৰৰ থাকিব পাৰে আৰু কি কি ? 

উত্তৰঃ কী-বোৰ্ড সাধাৰণতে দুই প্ৰকাৰক থাকিব। সেইকেইটা হ'ল 

(ক) সৰ্বসাধাৰণৰ বাবে নিৰ্মিত আৰু ব্যৱহাৰযোগ্য কী-বোৰ্ড (General Keyboard)।  

(খ) প্ৰযোজন অনুসৰি বিশেষভাৱে নিৰ্মিত কী-বোৰ্ড (Multimedia Keyboard)। 


৩। কী-বাের্ডত আখৰ লিখিবৰ বাবে ব্যৱহাৰ হােৱা কী বােৰক কি ‘কী’ (key) বােলে ? 

উত্তৰঃ কী-বোৰ্ডত আখৰ লিখিবৰ বাবে ব্যৱহাৰ হোৱা তকী বোৰক চিহ্নৰ কী বোলে।


৪। 'স্পেচিয়েল কী'ৰ দুটা উদাহৰণ লিখা ?

উত্তৰঃ 'স্পেচিয়েল কী'ৰ দুটা উদাহৰণ হ'লঃ Enter Key, Shift Key .


৫। ‘ফাংকশ্বন কী’ৰ কাম কি ? 

উত্তৰঃ 'ফাংকশ্বন কী'ৰ কাম হ'লঃ 'ফাংকশ্বন কী সমূহে একপ্ৰকাৰৰ কামাণ্ডৰ দৰে কাম কৰে। কম্পিউটাৰৰ কিছুমান কাম সংক্ষেপতে এই কীৰ জৰিয়তে সম্পন্ন কৰিব পাৰে। এই কী সমূহ হ'ল F1,F2,F3......


৬। F1, F2 আদি কি কী (key) বুলি জনা যায় ? 

উত্তৰঃ  F1, F2, আদি ফাংকশ্বন  কী (Key) বুলি জনা যায়।


৭। কোনটো 'কী’য়ে এডাল ৰবৰৰ দৰে কাম কৰে ? 

উত্তৰঃ Backspace key  'কী' য়ে এদাল ৰবৰৰ দৰে কাম কৰে।


৮। সহায়ক কী এটাৰ উদাহৰণ দিয়া । 

উত্তৰঃ All (Alternate) key সহায়ক কী এটাৰ উদাহৰণ। 


৯। সোঁফালৰ আখৰ মচিবৰ বাবে কি কী (key) ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ সোঁফালৰ আখৰ মচিবৰ বাবে DEL (delete)  কী (Key)  ব্যৱহাৰ কৰা হয়।


১০। বৰফলাৰ আখৰ লিখা কামত কোনটো কী (key) ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ বৰফলাৰ আখৰ লিখা কামত Caps Lock কী (Key) ব্যৱহাৰ কৰা হয়।


১১। 'Arrow key' কেইটা আৰু কি কি বহলাই লিখা ? 

উত্তৰঃ 


১২। কোনটো কীৰ জৰিয়তে কম্পিউটাৰে তথ্য সংগ্রহ কৰে ?

উত্তৰঃ Ins(Insert) কীৰ জৰিয়তে কম্পিউটাৰে তথ্য সংগ্ৰহ কৰে।


১৩। আটাইতকৈ দীঘল ‘কী'ৰ নামটো কি ? 

উত্তৰঃ আটাইতকৈ দীঘল 'কী'ৰ নাম Space Bar .


১৪। পূর্বৰ কোনাে কামাণ্ড নাকচ (cancel) কৰিবলৈ কোনটো কী ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ পূৰ্বৰ কোনো কামাণ্ড নাকচ (Cancel)  কৰিবলৈ Esc (Escape)  কী ব্যৱহাৰ কৰা হয়।


১৫। সমান ব্যৱধানত তথ্য যােগাবলৈ কোনটো কী ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ সমান ব্যৱধানত তথ্য যোগাবলৈ Tab Key ব্যৱহাৰ কৰা হয়।


১৬। চমুকৈ লিখা ? 

    DEL Key, Shift Key, Alt Key. 

উত্তৰঃ DEL Key: DEL Key সম্পূৰ্ণ নাম delete Key. এই কীটোৱে এডাল ৰবৰৰ দৰে কাম কৰে। কাৰ্চাৰক সোঁফালৰ আখৰ মচিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। অৱ্যশে এই কীটো কামাণ্ডৰ দৰেও ব্যৱহাৰ কৰা হয়। কী-বোৰ্ডত মুঠতে দুটা  DEL Key পোৱা যায়। ইয়াক কী-বোৰ্ডত চিহ্নৰে বুজোৱা হয়।

Shift Key: কী-বোৰ্ডত থকা কীসমূহৰ ওপৰৰ শাৰীৰ চিহ্নসমূহ আনিবলৈ এই চিফট কী (Shift Key)ৰ লগত আনুষংগিক কীটো টিপিব লাগে। ইয়াক সহায়ক কী বুলি জনা যায়। কী-বোৰ্ডত ইয়াক Shift চিহ্নৰে বুজোৱা হয়। কী-বৰ্ডত সৰ্বমুঠ দুটা Shift Key পোৱা যায়।

All Key: চফটৱেৰভেদে ইয়াৰ কাম বেলেগ বেলেগ। ই সহায়ক কী বুলি জনা যায়। ইয়াক আনুষংগিক কীক সৈতে টিপিলে ইয়াৰ ফলটো পোৱা যায়। কী-বোৰ্ডত মুঠতে দুটা All Key আছে। কী-বোৰ্ডত ইয়াক All Key চিহ্নৰে বুজোৱা হয়।


Apurba Kakati



Post ID : DABP005820