অধ্যায় ৫
কয়লা আৰু পেট্ৰ'লিয়াম
👉Text Book PDF
👉MCQ Online Exam
👉MCQs Answer
অনুশীলনীঃ
(১) জীৱাশ্ম ইন্ধন মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ-কয়লা, প্ৰেট্ৰ'লিয়াম আৰু প্ৰকৃতিক গেছ হ'ল নিঃশেষীয় প্ৰাকৃতিক সম্পদৰ উদাহৰণ। এই তিনিওবিধ প্ৰাকৃতিক সম্পদ মৃত জীৱৰ অৱশেষৰপৰা উৎপন্ন হৈছে ,সেই বাবে ইহঁতক জীৱাশ্ম ইন্ধন বোলা হয়।
(২) অংগাৰীকৰণ মানে কি?
উত্তৰঃ- কয়লাৰ মূল উপাদান যিহেতু কাৰ্বন, সেয়েহে মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলে।
(৩) ৰাস্তা পকী কৰোঁতে আজিকালি আলকতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰীবিধৰ নাম কি?
উত্তৰঃ- ৰাস্তা পকী কৰোঁতে আজিকালি আলকতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰীবিধৰ নাম হ'ল-বিটুমেন।
(৪) পেট্রল আৰু পেৰাফিন মমৰ ব্যৱহাৰ লিখা।
উত্তৰঃ-পেট্ৰল মটৰৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন আৰু কোনো বস্তু শুকানকৈ ধুবলৈ প্ৰয়োজন হোৱা দ্ৰাৱক হিচাপে ব্য়ৱহাৰ কৰা হয়।
পেৰাফিন মম মমবাতি, মলম, ভেছলিনআদি প্ৰস্তুত কৰোঁতে ব্য়ৱহাৰ কৰা হয়।
(৫) মৃত গছ - গছনিৰপৰা কয়লা কিদৰে সৃষ্টি হৈছিল বর্ণনা কৰা।
উত্তৰঃ-প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য় অৰণ্য় আছিল। বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্য় সমূহ মাটিৰ তলত পোত খাই গৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক পৰিমানৰ মাটি জমা হৈ গৈ থকাৰ ফলত এইবোৰ সংকুচিত হৈ যায়।গভীৰৰ পৰা গভীৰলৈ প্ৰৱেশ কৰাৰ ফলত মাটিত তলৰ এই অৰণ্য়বোৰ অধিক উষ্ণতাৰ সংস্পৰ্শলৈ আহে।এইদৰে উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত গছ-গছনি বা উদ্ভিদসমূহ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয়। মৃত গছ-গছনিৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱা বাবে ইয়াক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়।
(৬) পেট্র'লিয়ামৰ শােধন মানে কি?
উত্তৰঃ-পেট্ৰ'লিয়াম এবিধ অতি গাঢ় তৈলাক্ত পদাৰ্থ। ইয়াৰ গোন্ধ বেয়া। ই পেট্ৰ'লিয়াম গেছ, প্ৰেট্ৰ'ল, ডিজেল,লুব্ৰিকেটিং তেল বা পিচ্ছিলক তেল, খনিজ মম আদি বিভিন্ন উপাদানৰ মিশ্ৰণ। প্ৰেট্ৰ'লিয়ামৰ এই উপাদানসমূহক বা অংশসমূহক পৃথকীকৰণ কৰা প্ৰক্ৰিয়াটোক শোধন বুলি কোৱা হয়।
(৭) খালী ঠাই পূৰ কৰাঃ
(ক) কোনাে বস্তু পিছল কৰিবলৈ তেল ব্যৱহাৰ কৰা হয়।
উত্তৰঃ পিচ্ছিলক তেল (লুব্ৰিকেটিং অইল)
(খ) কয়লাৰ প্রধান উপাদান হৈছে ।
উত্তৰঃ কাৰ্বন
(গ) আলকতৰা প্রায় বিধ পদার্থৰ এটি মিশ্রণ।
উত্তৰঃ২০০ বিধ।
(ঘ) ৰপৰা ভেছলিন প্রস্তুত কৰা হয়।
উত্তৰঃ পেৰাফিন মমৰ পৰা।
(৮) তলৰ উক্তিসমূহৰ শুদ্ধ / অশুদ্ধ চিহ্নিত কৰা।
(ক) ক’ক হ’ল কার্বনৰ এটা অশুদ্ধ ৰূপ।
উত্তৰঃ অশুদ্ধ।
(খ) নেফথালিন পেট্রলিয়ামৰপৰা প্ৰস্তুত কৰা হয়।
উত্তৰঃ শুদ্ধ।
(গ) কোনাে বস্তু শুকানকৈ ধুবলৈ প্রয়ােজন হােৱা দ্ৰাৱক হিচাপে পেট্রল ব্যৱহাৰ হয়।
উত্তৰঃ শুদ্ধ।
(ঘ) সূৰ্যৰ ৰশ্মি নিঃশেষীয় প্রাকৃতিক সম্পদ।
উত্তৰঃ শুদ্ধ।
(৯) কি কি কাৰণত ইন্ধন হিচাপে প্রাকৃতিক গেছৰ বিশেষ গুৰুত্ব আছে?
উত্তৰঃ-প্ৰাকৃতিক গেছ এবিধ গুৰুত্বপূৰ্ণ ইন্ধন।কেইবাটাও কাৰণত এই ইন্ধনৰ বিশেষ গুৰুত্ব আছে- (১) প্ৰাকৃতিক গেছ তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন, (২) নলীৰ মাজেৰে অতি সহজতে প্ৰকৃতিক গেছ পৰিবহন কৰিব পাৰি, (৩) ইয়াৰ দহনৰদ্বাৰা অতি উচ্চশক্তি লাভ কৰিব পাৰি, (৪) প্ৰাকৃতিক গেছ দহনত কোনো ছাই উৎপন্ন নহয়,সেয়েহে ইয়াৰদ্বাৰা বায়ু প্ৰদূষণ নহয় বুলিয়েই ক'ব পাৰি।
(১০) সংকুচিত প্রাকৃতিক গেছ মানে কি?
উত্তৰঃ-প্ৰাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত অৱস্থালৈ লৈ যাব পাৰি। এনে প্ৰাকৃতিক গেছক সংকুচিত প্রাকৃতিক গেছ বোলে।
Type- Nayan Jyoti Bordoloi
Check by - Mukesh Borah
Post ID : DABP006137