অধ্যায় ৬
দহন আৰু শিখা
👉Text Book PDF
👉MCQs Answer
👉MCQ Online Exam
১। দহন কাক বোলে? দাহ্য পৰ্দাথ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্ৰয়োজন?
উত্তৰঃ- যি ৰাসায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন তাকে দহন বুলি কোৱা হয়।
দাহ্য় পৰ্দাথ এটা দহন হবলৈ বায়ুত অক্সিজনৰ প্ৰয়োজন। দাহ্য় পদাৰ্থ এটা দহন হ'বলৈ নিম্নতম উষ্ণতাৰ প্ৰয়োজন ,এই উষ্ণতাক প্ৰজ্বলন উষ্ণতা বোলে।
২। জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচ এটাৰে ঢাকি ধৰিলে কি ঘটে?
উত্তৰঃ- জ্বলি থকা মম এডালৰ ওপৰত কাচৰ চিমনি এটা ৰাখি কিছুমান কাঠৰ টুকুৰা এনেভাৱে স্থাপন কৰা যাতে চিমনিৰ ভিতৰলৈ বায়ু সোমাব পাৰে। এতিয়া কাঠৰ টুকুৰাবোৰ আতৰাই চিমনিটো টেবুলৰ ওপৰত ৰাখি শিখোটো পৰ্যবেক্ষণ কৰা। এতিয়া চিমনিৰ ওপৰত এখন কাচৰ প্লেট ৰাখি শিখাটো পৰ্যবেক্ষণ কৰা। তিনিটা পৰিস্থিতিত শিখাৰ পৰিবৰ্ত্তন পৰ্যবেক্ষণ কৰা।
৩। প্ৰজ্বলন উষ্ণতা কি? এই উষ্ণতাৰ লগত দহনৰ সম্বদ্ধ কি?
উত্তৰঃ- যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য পদাৰ্থ এটাৰ দহন হয়, সেই উষ্ণতাকে দাহ্য পদাৰ্থটোৰ প্ৰজ্বলন উষ্ণতা বােলে।
দহনৰ সহায়কৰ উপস্থিতিত দাহ্য় পদাৰ্থ এটাই নিৰ্দিষ্ট উষ্ণতা লাভ কৰিলেহে তাৰ দহন ঘটে।প্ৰজ্বলন বিন্দুৰ তলৰ উষ্ণতাত দাহ্য় পদাৰ্থ ৰ দহন নঘটে।
৪। শিখা কি? ই কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ- কোনো দাহ্য গেছ বা বায়ু জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰৰ সৃষ্টি হয় তাক শিখা বোলে।
গেছীয় অৱস্থাত থকা পদাৰ্থৰ ফলত শিখাৰ সৃষ্টি হয়।যেনেঃ তেলৰ চাকি তেল বাষ্পীভূত হয়, তাৰ বাষ্প দাহিত হৈ শিখা উৎপন্ন হয়।
৫। মমবাতি শিখাপৰা আমি কিয় পোহৰ পাওঁ?
উত্তৰঃ- কোনো দাহ্য গেছ বা বায়ু জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰৰ সৃষ্টি হয় তাকে শিখা বোলা হয়। শিখাৰ অদাহ্য অৱস্থাত কাৰ্বন থাকে। কাৰ্বন পৰমাণু শিখাৰ উত্তাপত জ্বলি পোহৰ বিলায়। সেয়ে মমবাতিৰ শিখা উজ্জ্বল আৰু ই পোহৰ উৎপন্ন কৰে। এইদৰে মমবাতিৰ শিখাৰ পৰা আমি পোহৰ পাওঁ।
৬. খালী ঠাই পূৰ কৰাঃ
(ক) জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা হয়।
উত্তৰঃ পানী।
(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ।
উত্তৰঃ কেৰাচিন।
(গ) বৰুষুণে শস্য বিল্ডিং আৰু মাটিৰ অনিষ্ট কৰে।
উত্তৰঃ এছিড।
(ঘ) দহন প্ৰক্ৰিয়াত আৰু সৃষ্টি হয়।
উত্তৰঃ তাপ আৰু পোহৰ।
৭. যান-বাহনত চি. এন. জিৰ ব্যৱহাৰে নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা।
উত্তৰঃ- যান – বাহণত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে । পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয় । কিন্তু চি. এন. জি. দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয় । কাৰণ চি. এন. জি. অতি পৰিষ্কাৰ ইন্ধন ।
৮. মমবাতি শিখা এটা চিত্ৰ আঁকি চিহ্নিত কৰা।
উত্তৰঃ-
৯. ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি?
উত্তৰঃ- ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম হ'ল কিল'জুল প্ৰতি কেজি বা কিল'গ্ৰাম।
১০. কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ- জুই নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বন-ডাই-অক্সাইড হৈছে উত্তম নিৰ্বাপক। কাৰ্বন-ডাই-অক্সাইড বায়ুতকৈ গধুৰ হোৱা বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰি ইন্ধন আৰু অক্সিজেনৰ সংস্পৰ্শৰ পৰা বিছিন্ন কৰে। ফলত জুই নিয়ন্ত্ৰণ হয়।
১১. সোণ আৰু ৰূপ গলাবলৈ সোণাৰিয়ে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে?
উত্তৰঃ- সোণ আৰু ৰূপ গলাবলৈ সোণাৰিয়ে শিখাৰ দীপ্তিহীন মণ্ডল ব্য়ৱহাৰ কৰে।
১২. মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে? ব্যাখ্যা কৰা।
উত্তৰঃ- মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি । এই প্ৰক্ৰিয়া এক ৰাসায়নিক বিক্ৰিয়া মাথোন । ইয়াত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন নহয় । দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয় । সেয়ে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি ।
১৩. কাৰণ দৰ্শোৱাঃ
(ক) বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্রণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।
উত্তৰঃ- বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্য়ৱহাৰ কৰা নহয়। কাৰণ বৈদ্য়ুতিক আহিলাত লগা বস্তুত পানী ঢালিলে, পানীয়ে বিদ্য়ুত পৰিবহন কৰি জুইত পানী ঢালিবলৈ চেষ্টা কৰোঁতাজনৰ অপকাৰহে কৰিব পাৰে।
(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল পি জি অধিক ভাল।
উত্তৰঃ- ঘৰুৱা ব্য়ৱহাৰৰ বাবে কাঠতকৈ এল পি জি ভাল কাৰণ কাঠ কয়লা নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে। এই সূক্ষ্ম কণাবোৰ বিপদজনক প্ৰদূষক আৰু ই এজমাৰ নিচিনা শ্বাস-প্ৰশ্বাসৰ বেমাৰ সৃষ্টি কৰে।
১৪. অগ্নি নির্বাপক যন্ত্র এটাৰ আৰ্হি বনােৱা। বেকিং ছ’ডা পূর্ণ সৰু থাল এখনত এডাল চুটি মমবাতি আৰু এডাল সামান্য ওখ মমবাতি থিয়কৈ ৰাখা। এটা ডাঙৰ বাটিৰ তলত থালখন ৰাখা। দুয়ােডাল মম জ্বলােৱা। এতিয়া বেকিংছডা থকা থালখনত ভিনেগাৰ ঢালা । সাৱধান হবা যাতে মমবাতিৰ ওপৰত ভিনেগাৰ নালাগে। ফেন উঠা বিক্রিয়াটো পর্যবেক্ষণ কৰা । মমবাতি দুডালৰ কি ঘটিল। কিয়? কি ক্ৰমত?
Type- Nayan Jyoti Bordoloi
Author: Himashree Bora.
Check by -Mukesh borah
Post ID : DABP006146