মাটি

     ーঅনুশীলনー      

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(i) তলত দিয়াবোৰৰ ভিতৰত কোন প্ৰকাৰৰ মাটি বিস্তৃত ভাবে পোৱা যায় আৰু অধিক উৎপাদনক্ষম?

(ক) পলসুৱা মাটি

(খ) লেটেৰাইট মাটি

(গ) ক'লা মাটি

(ঘ) হাবি মাটি

উত্তৰঃ (ক) পলসুৱা মাটি।

(ii) কোনবিধক ৰেগুৰ মাটি নামেৰেও জনা যায়

(ক) লৱনাক্ত মাটি

(খ) শুকান মাটি

(গ) ক'লা মাটি

(ঘ) লেটেৰাইট মাটি

উত্তৰঃ (গ) ক'লা মাটি।

(iii) তলৰ কোনটোৰ দ্বাৰা ভাৰতৰ মাটিৰ ওপৰৰ অংশটো নোহোৱা হয়?

(ক) বতাহৰ খননকাৰ্য

(খ) পানীৰ খননকাৰ্য

(গ) অতিপাত ধুই নিয়া (leaching)

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বতাহৰ খননকাৰ্য।

(iv) তলত উল্লেখ কৰা কোনটোৰ পানীযোগানৰ সহায়ত খেতি কৰা মাটিত লৱণতা বৃদ্ধি পায়?

(ক) জিপচাম যোগ দিয়া

(খ) বেছিকৈ ঘাঁহ খোৱা

(গ) অত্যাধিক পানী যোগান

(ঘ) সাৰৰ প্ৰয়োগ

উত্তৰঃ (গ) অত্যাধিক পানী যোগান।

২। ৩০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) মাটি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত শিলৰ গুৰি আৰু জৈৱ পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হোৱা এক পদাৰ্থ। তাক মাটি বোলে। এই পদাৰ্থ বিধত গছ-গছনিয়ে গজলি মেলে।

(ii) মাটি গঠনৰ কাৰণে দায়ী প্ৰধান কাৰকবোৰ কি?

উত্তৰঃ মাটি গঠনৰ কাৰণে দায়ী প্ৰধান কাৰকবোৰ হ'ল- ভূঅবয়ব (relief), মূল পদাৰ্থ, জলবায়ু, উদ্ভিদ জীৱ আৰু সময়। এইবোৰৰ ওপৰিও মানুহৰ কাম-কাজে যথেষ্ট প্ৰভাৱ পেলায়।

(iii) মাটিৰ প্ৰফাইলৰ (profile) তিনিটা দিগন্ত বা মণ্ডলৰ বিষয়ে উল্লেখ কৰা

উত্তৰঃ মাটিৰ প্ৰফাইলৰ তিনিটা দিগন্ত বা মণ্ডল হ'ল-

    (ক) দিগন্ত 'A'

    (খ) দিগন্ত 'B'

    (গ) দিগন্ত 'C'

            দিগন্ত 'A' মাটিৰ একেবাৰে ওপৰত থকা স্তৰ। ইয়াত জৈৱ পদাৰ্থবোৰ ধাতব পদাৰ্থৰ লগত লগ লাগি থাকে লগতে পোষক দ্ৰব্য আৰু পানী যিবোৰে উদ্ভিদৰ বৰ্দ্ধনত লহায় কৰে। দিগন্ত 'B' এটা মধ্যবৰ্তী মণ্ডল A' আৰু 'মণ্ডল C' ৰ মাজত। এই দিগন্ত বা মণ্ডলৰ পদাৰ্থবোৰ 'মণ্ডল A' আৰু 'মণ্ডল C' ৰ পৰা অহা। এই দিগন্ত বা মণ্ডলত কিছু জৈৱ পদাৰ্থ থাকে যদিও অজৈৱ পদাৰ্থই অধিক যিবোৰ বিচূৰ্ণীভবনৰ গৰাহত পৰিছে। 'দিগন্ত C' সম্পূৰ্ণভাবে এৰাই যোৱা মূল শিলৰ অংশৰে গঠিত।

(iv) মাটিৰ বিনষ্টকৰণ (degradation) মানে কি?

উত্তৰঃ বছৰ বছৰ ধৰি মাটি ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰা শক্তি কমি যায়। যাৰ ফলত মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট হয়। এই মাটি নষ্ট হৈ যোৱা কাৰ্যক মাটিৰ বিনষ্টকৰণ বোলে।

(v) খাদৰ (khadar) আৰু ভাংগৰ (bhangar) ৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ খাদৰ আৰু ভাংগৰৰ মাজত পাৰ্থক্য হ'ল-

    (ক) খাদৰ বিধ হ'ল নতুন পলসুৱা মাটি আৰু ই নদীৰ পাৰত বানপানীৰ দ্বাৰা প্ৰতি বছৰে জমা হয়। আনহাতে ভাংগৰ বোৰ হ'ল পুৰণি পলসুৱা মাটি, প্লাৱন অঞ্চলৰ পৰা বহু আতৰত পোৱা যায়।

     (খ) খাদৰৰ মাটি বোৰ অধিক সাৰুৱা। আনহাতে ভাংগৰ মাটিবোৰ অতি কম সাৰুৱা।

৩। ১২৫ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) ক'লা মাটি কি? ই কেনেকৈ গঠিত হয় আৰু তাৰ বৈশিষ্টবোৰ কি?

উত্তৰঃ যিবোৰ মাটি সাধাৰণতে আলটিয়া গভীৰ আৰু অভেদ্য আৰু পানী পৰিলে ফুলি উঠে আৰু এঠাৰ দৰে হয় আৰু শুকান বতৰত কোচ খাই যায়। এনে গুণাগুণ সম্পন্ন মাটিক ক'লা মাটি বোলে। এই মাটিক 'ৰেস্তৰ মাটি' বা 'ক'লা কপাহ মাটি'ও বোলে। বেচাল্টিক শিলৰ পৰা এই মাটি বিধ উৎপত্তি হৈছে। পানী কমকৈ শুহি লোৱা আৰু সোনকালে এৰি দিয়া স্বভাৱৰ কাৰণে, ক'লা মাটিত জলীয়ভাপ বহুদিনলৈ থাকে যিয়ে বৰষুণ নিৰ্ভৰশীল শস্যক আনকি খৰাং বতৰতো বাচি থকাত সহায় কৰে। বিশেষকৈ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, অন্ধপ্ৰদেশ আৰু তামিলনাডু আদি ঠাইত এই ক'লা মাটি পোৱা যায়।

        ক'লা মাটিৰ প্ৰধান বৈশিষ্টবোৰ হ'ল-

    (ক) ক'লা মাটিত চূণ, লো, মেগনেছিয়া, এলুমিনা আদিৰ পৰিমাণ বেছি।

    (খ) যথেষ্ট উৰ্বৰা আৰু  শস্য উৎপাদনৰ বাবে উপযোগী।

    (গ) এই মাটিত ফচফৰাচ, নাইট্ৰোজেন আৰু জৈৱ পদাৰ্থ পৰিমাণ কম।

   (ঘ) এই মাটি কপাহ খেতিৰ বাবে বৰ উপযোগী। সেইবাবে এই মাটিক ক'লা কপাহ মাটি বুলিও কোৱা হয়।

    (ঙ) এই মাটিয়ে বহুদিনলৈ জলীয়ভাপ ধৰি ৰাখিব পাৰে।

    (চ) এই মাটিৰ বৰণ সাধাৰণতে গভীৰ ক'লাৰ পৰা ধূসৰ ৰংলৈ পোৱা যায়।

(ii) মাটি সংৰক্ষণ কাক বোলে? মাটি সংৰক্ষণ কৰা কেইটামান উপায়ৰ বিষয়ে লিখা।

উত্তৰঃ যি পদ্ধতিৰ দ্বাৰা মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পাৰি, মাটিৰ খনন ৰোধ কৰিব পাৰি আৰু মাটিৰ অৱনতি অৱস্থাৰ উন্নতি সাধন কৰিব পাৰি, এনে ব্যৱস্থাক মাটি সংৰক্ষণ বোলে।

        বৰ্তমান মাটি সংৰক্ষণ কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়। মাটি সংৰক্ষণৰ কেইটামান উপায় হ'ল- সমোচ্চ বান্ধ, সমোচ্চ বেদিকা, হাবি জঙ্গল নিয়মিত কৰায়, গৰু চৰা নিয়ন্ত্ৰণ, আবৰণ শস্যৰ খেতি কৰি, সান-মিহলি বা মিশ্ৰিত কৃষি, শস্যাৱৰ্ত্তন আদি।

     এঢলীয়া মাটিত মাটিৰ খনন কাৰ্য ৰোধ কৰিবৰ বাবে সমোচ্চ বান্ধৰ ব্যৱস্থা কৰিলে পাহাৰীয়া ঠাইত মাটি সংৰক্ষিত হৈ থাকিব।

        চৰনীয়া জীৱ-জন্তু বিলাকে ঘাঁহ-বন, গছ-গছনি খাই উকা কৰাৰ ফলত মাটি বোৰ ঢিলা হয়। ফলত মাটিি সংৰক্ষিত হৈ নাথাকে। গৰু চৰা নিয়ন্ত্ৰণ কৰাৰ ফলত মাটি ঢিলা নহ'ব আৰু মাটি সংৰক্ষিত হৈ থাকিব।

          হাবি জঙ্গল নাথাকিলে মাটিৰ খনন অতি সোনকালে হোৱা দেখা যায়। আমি এই খনন ৰোধ কৰিবলৈ হ'লে বৃক্ষ ৰোপন কৰাটো অতিকৈ প্ৰয়োজনীয়।

(iii) কোনো এক প্ৰকাৰৰ মাটি সাৰুৱা হয় নে নহয় কেনেকৈ জানিবা? প্ৰাকৃতিক পদ্ধতিত সাৰুৱা হোৱা মাটি আৰু কৃত্ৰিমভাবে সাৰুৱা কৰা মাটিৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ প্ৰাকৃতিকভাৱে সাৰুৱা হোৱা মাটি আৰু কৃত্ৰিমভাৱে সৰুৱা হোৱা মাটিৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল-

        প্ৰাকৃতিকভাৱে সাৰুৱা হোৱা মাটিবোৰৰ উৰ্বৰা শক্তি প্ৰাকৃতিক ভাৱেে বৃদ্ধি হয়। সেইবাবে এই মাটিবোৰক  প্ৰাকৃতিক সাৰুৱা মাটি বোলে। এই মাটি খেতিৰ বাবে বৰ উপযোগী। প্ৰাকৃতিক সাৰুৱা মাটিৰ গঠন, বৰন আৰু মাটিৰ গুণাগুণ বেলেগতকৈ বেলেগ। ইয়াৰ ওপৰিও এই হিউমাচ পোৱা যায়।

        কৃত্ৰিমভাৱে সাৰুৱা হোৱা মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ হ'লে মাটিত নিদিষ্ট পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা উচিত। অৰ্থাৎ এই মাটিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলতহে উৰ্বৰা শক্তি বৃদ্ধি হয়। সেইবাবে এই মাটিক কৃত্ৰিমভাৱে সাৰুৱা হোৱা মাটি বোলে। এই মাটিত খেতি কৰিবৰ বাবে প্ৰতি বছৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। অন্যথা সাৰ প্ৰয়োগ নকৰিলে এই উৰ্বৰা শক্তি নাইকিয়া হ'ব। যাৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়। আদি।

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer by- Punya Hazarika.

Type Himanku Bora.



Post ID : DABP006509