আৰ্যসকলৰ শাসন ব্যৱস্থাঃ জন,  জনপদ আৰু মহাজনপদ । Lesson 6 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ পঞ্চম  মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ |


অধ্যায় ৬

আৰ্যসকলৰ শাসন ব্যৱস্থাঃ জন, জনপদ আৰু মহাজনপদ



১। চমুকৈ উত্তৰ দিয়াঃ 


(ক) ১৬ খন মহাজনপদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী হৈছিল?

উত্তৰঃ ১৬ খন মহাজনপদৰ ভিতৰত মগধ আটাইতকৈ শক্তিশালী হৈছিল।


(খ) বাসৱদত্তা কোন আছিল? তেওঁক কোনে বিয়া কৰাইছিল?

উত্তৰঃ বাসৱদত্তা আছিল অৱন্তীৰ শক্তিশালী ৰজা চন্দ্ৰপদ্য়ুৎ মহাসেনাৰ জীয়ৰী।

    তেওঁক বৎসৰ ৰজা উদয়নে বিয়া কৰিছিল।


(গ) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি?

উত্তৰঃ মহাভাৰতত উল্লেখ থকা বংশ দুটাৰ নাম হৈছে- পুৰু আৰু ভৰত।


(ঘ) মহাজনপদৰ অর্থনৈতিক ভেটি কি আছিল?

উত্তৰঃ মহাজনপদৰ অর্থনৈতিক ভেটি আছিল কৃষি।


(ঙ) কি কাৰণত মহাজনপদসমূহত কলা-কুশলী লােকে নতুন নতুন বৃত্তি গ্রহণ কৰিছিল?

উত্তৰঃ সেই সময়ত লোৰে তৈয়াৰ কৰা বিভিন্ন সজুঁলিৰ ব্য়াপক প্ৰচলন ঘটিছিল। অনেকে পশুপালনৰ জৰিয়তেও জীৱন-নিৰ্বাহ কৰিছিল। অৰ্থনীতি সবল হোৱাৰ ফলত সাজ-বাচন, কাপোৰ-কানি, আ-অলংকাৰ আদিৰ ব্য়ৱহাৰ বেছি হৈছিল। এনে পৰিস্থিতিত পশুপালন বা কৃষিকৰ্ম এৰি অনেক কলা-কুশলীয়ে নতুন বৃত্তি গ্ৰহণ কৰিছিল। বাঢ়ৈ, কমাৰ, সোণাৰি, চিত্ৰকৰ আদি শ্ৰেণীৰ এনেদৰেই সৃষ্টি হ'ল।


(চ) মহাজনপদত খেতিয়ক আৰু পশুপালকৰ উপৰি কি কি বৃত্তিৰ লোক আছিল? পাঁচটাৰ নাম লিখা।

উত্তৰঃ মহাজনপদত খেতিয়ক আ্ৰৰু পশুপালকৰ উপৰি বাঢ়ৈ, কমাৰ, সোণাৰি, চিত্ৰকৰ আদি বৃত্তিৰ লোক আছিল।


(ছ) ‘বালি’ আৰু ‘ভাগ’ কি?

উত্তৰঃ বালি আৰু ভাগ হৈছে দুবিধ কৰ। বালি হৈছে খেতি কৰা মাটিৰ ওপৰত দিব লগা কৰ আৰু ভাগ হৈছে উৎপন্ন বস্তুৰ ওপৰত দিবলগা কৰ।


(জ) বেহা-বেপাৰৰ বিনিময় প্রথা কাক বােলে?

উত্তৰঃ বেহা-বেপাৰত যিকোনো বস্তু এটাৰ বিনিময়ত আন এটা বস্তুৰ আদান-প্ৰদান কৰাকে বেহা-বেপাৰৰ বিনিময় প্ৰথা বোলে।


(ঝ) লােৰ সঁজুলিবােৰে মহাজনপদৰ অর্থনীতিক কেনেদৰে সহায় কৰিছিল ?

উত্তৰঃ মহাজনপদত লোৰ সঁজুলি ব্য়ৱহাৰ কৰা হৈছিল। তেওঁলোকে দাৰ-কুঠাৰ, কোৰ, নাঙলৰ জৰিয়তেও জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকৰ অনেকে কমাৰ হৈ নিজৰ পৰিয়াৰ অৰ্থনৈতিক চাহিদা পূৰ কৰিছিল।


(ঞ) কোনজন ৰজাই প্রথমে স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম কৰিছিল?

উত্তৰঃ বিম্বিসাৰে প্ৰথমে স্থায়ী সৈন্য়বাহিনী ৰখাৰ নিয়ম কৰিছিল।


(ট) কোনজন ৰজাই পােন প্রথমবাৰৰ বাবে ‘সেনাপতি’ নিয়ােগ কৰিছিল?

উত্তৰঃ প্ৰসেনজিতে পোন প্ৰথমবাৰৰ বাবে সেনাপতি নিয়োগ কৰিছিল।


(ঠ) মগধৰ কোনজন ৰজাৰ শাসনকালত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ মগধৰ ৰজা ধনানন্দৰ শাসনকালত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল।


(ড) জনপদসমূহ স্থাপিত হােৱাৰ পাছত সমাজত কোনকেইটা বৰ্ণৰ (জাতি) সৃষ্টি হৈছিল?

উত্তৰঃ জনপদসমূহ স্থাপিত হােৱাৰ পাছত সমাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ বৰ্ণৰ (জাতি) সৃষ্টি হৈছিল।


(ঢ) মহাজনপদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ মহাজনপদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম হৈছে- তক্ষশীলা বিশ্ববিদ্য়ালয়।


(ণ) মহাজনপদৰ শিক্ষানুষ্ঠানত কি কি বিষয়ৰ অধ্যয়ন কৰা হৈছিল?

উত্তৰঃ মহাজনপদৰ শিক্ষানুষ্ঠানত ধৰ্মীয় বিষয়ৰ উপৰি কলা-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, স্থাপত্য়-ভাস্কৰ্য আদি বিভিন্ন বিষয় অধ্য়ন কৰা হৈছিল।


(ত) লিপিৰ ব্যৱহাৰে মহাজনপদসমূহৰ শাসন ব্যৱস্থাত কেনে ধৰণে সহায় কৰিছিল?

উত্তৰঃ প্ৰয়োজনীয় হিচাপ-নিকাচ ৰাখিবলৈ লিপিৰ ব্য়ৱহাৰ কৰা হৈছিল। দূৰ-দূৰণিলৈ খবৰ পঠিওৱাৰ ক্ষেত্ৰত লিপিয়ে যথেষ্ট সহায় কৰিছিল।


২। ১৬ খন মহাজনপদৰ নাম লিখা। 

উত্তৰঃ ১৬ খন মহাজনপদৰ নাম হৈছে- (i) পূব বিহাৰৰ অংগ (ii) দক্ষিণ বিহাৰৰ মগধ (iii) উত্তৰ বিহাৰৰ বৃজি (iv) বাৰাণসীৰ কাশী (v) অযোধ্য়াৰ কোশল (vi) গোৰখপুৰৰ মল্ল (vii) যমুনা আৰু নৰ্মদা নদীৰ মাজৰ চেদী (viii) এলাহাবাদৰ বৎস (ix) দিল্লী আৰু মিৰাটৰ মাজৰ কুৰু (x) বেৰেলী-ফাৰাক্কাবাদৰ পাঞ্চাল (xi) জয়পুৰৰ মৎস্য় (xii) মথুৰাৰ শূৰাসন (xiii) গোদাবৰীৰ পাৰৰঅস্মক (xiv) মালৱ অঞ্চলৰ অৱন্তী (xv) পেছোৱাৰৰ গান্ধাৰ (xvi) কাশ্মীৰৰ দক্ষিণ পশ্চিম অঞ্চলৰ কম্বোজ।


৩। তলত দিয়াবােৰৰ সংজ্ঞা লিখা— 

গৃহপতি, ৰাজন্য, ৰাজন, জনপদ, মহাজনপদ, শেঠী । 

উত্তৰঃ

গৃহপতিঃ পৰিয়ালৰ মুখ্য় লোকজনক গৃহপতি বোলা হৈছিল।

ৰাজন্য়ঃ জনৰ প্ৰতিপত্তিশালী লোককেইজনক ৰাজন্য় বোলা হৈছিল।

ৰাজনঃ যুদ্ধত নেতৃত্ব দিয়া মুখীয়াল ব্য়ক্তিজনক ৰাজন বোলা হৈছিল।

জনপদঃ জনৰ আৰ্যসকল নিগাজিকৈ থাকিব লোৱা অঞ্চলবোৰকে জনপদ বোলা হৈছিল।

মহাজনপদঃ ক্ষমতাশালী জনপদসমূহেই হৈছে মহাজনপদ।

শেঠীঃ দূৰ-দূৰণিলৈ বেহা-বেপাৰ কৰিবলৈ যোৱা লোকক শেঠী বোলা হয়।


৪। চাৰিটা বর্ণ সৃষ্টিৰ জৰিয়তে কামৰ বিভাজন কেনেদৰে হৈছিল ?

উত্তৰঃ চাৰিটা বৰ্ণ সৃষ্টিৰ পিছত যাগ-যজ্ঞ কৰাৰ বাবে ব্ৰাহ্মণ সকল, যুদ্ধ-বিগ্ৰহত ভাগ লোৱাৰ বাবে ক্ষত্ৰিয়সকল, বেপাৰ-বাণিজ্য় কৰিবৰ বাবে বৈশ্য়সকলক আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য় বৰ্ণৰ সেৱা কৰাৰ বাবে শূদ্ৰ বৰ্ণৰ লোকসকলক লগোৱা হৈছিল।


৫। খালী ঠাই পূৰণ কৰা— 


(ক) প্ৰাৰম্ভিক কালত ‘জন’সমূহ আছিল শৃংখলাবদ্ধ সমাজ। 

(খ) প্রতিখন ‘জন’তে সভা আৰু সমিতি নামে দুটা অনুষ্ঠান আছিল।

(গ) ‘জন’ৰ আৰ্যসকলে নিগাজিকৈ থাকিবলৈ লােৱা অঞ্চলক জনপদ বোলা হৈছিল।

(ঘ) ফৈদবোৰ আছিল একো একোটি পৰিয়াল। 


৬। প্ৰাৰম্ভিক কালত আৰ্যসকলৰ মাজত থকা ৫ টা ফৈদৰ নাম লিখা।

উত্তৰঃ প্ৰাৰম্ভিক কালত আৰ্যসকলৰ মাজত থকা ৫ টা ফৈদৰ নাম হৈছে- তুৰ্বশ, পুৰু, অনু, ভৰত আৰু যদু।


৭। মগধ ৰাজ্য শক্তিশালী হােৱাৰ পাঁচটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মগধ ৰাজ্য় শক্তিশালী হোৱাৰ পাঁচটা কাৰণ হৈছে- 

(i) মগধৰ সামৰিক শক্তি সু-সংগঠিত আছিল। ভাৰতৰ সমৰ ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে যুদ্ধত হাতী ব্য়ৱহাৰ হৈছিল মগধ ৰাজ্য়তে।

(ii) ৰাজ্য় পৰিচালনাৰ বাবে সুদক্ষ বিষয়াবৰ্গক নিয়োগ কৰা হৈছিল।

(iii) মগধৰ যোগাযোগ ব্য়ৱস্থা বেহা-বেপাৰৰ বাবে সুচল আছিল।

(iv) মগধৰ ৰাজধানী পাটলিপুত্ৰ প্ৰাকৃতিকভাৱে অতি সুৰক্ষিত আছিল।

(v) মগধ ৰাজ্য়ৰ কেইবাঠাইতো লোৰ আকৰৰ খনি আছিল। অস্ত্ৰ-শস্ত্ৰ আৰু অন্য়ান্য় সঁজুলি তৈয়াৰ কৰাতমগধৰ লোক পাৰ্গত আছিল।


-শ্ৰী হিৰু মনি বৰা



Post ID : DABP002813