আৰ্য সভ্যতা । Lesson 5 | Class 5 Social Science Question And Answer Assam Sankardev School | শংকৰদেৱ স্কুলৰ পঞ্চম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ |


পাঠ ৫

আৰ্য সভ্যতা



১। চমু উত্তৰ দিয়া-

(ক) সপ্তসিন্ধু বুলিলে কি বুজা?

উত্তৰঃ কাশ্মীৰ উপত্য়কা, আফগানিস্তানৰ গান্ধাৰ অঞ্চল আৰু বৰ্তমানৰ ভাৰতবৰ্ষৰ পাঞ্জাৱ আৰু পাকিস্তানক লৈয়ে সপ্তসিন্ধু অঞ্চল।


(খ) 'আৰ্য' শব্দৰ অৰ্থ কি?

উত্তৰঃ আৰ্য শব্দৰ অৰ্থ হৈছে- 'শ্ৰেষ্ঠ' বা 'সুসভ্য়'।


(গ) বিশ্বৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বিশ্বৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থখনৰ নাম ঋকবেদ।


(ঘ) মহাকাব্য যুগ বুলিলে কি বুজা।

উত্তৰঃ বেদ ৰচনাৰ ঠিক পাছৰ কালছোৱাৰ ভাৰতৰ ইতিহাসক মহাকাব্য়ৰ যুগ বোলা হয়।


(ঙ) বেদ চাৰিখনৰ নাম কি? বেদক কিয় 'শ্ৰুতি' বোলা হয়?

উত্তৰঃ বেদ চাৰিখনৰ নাম হৈছে- ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ব বেদ।

    লিখিত ৰূপ পোৱাৰ আগেয়ে বেদৰ মন্ত্ৰসমূহ কেইবাহাজাৰ বছৰ ধৰি মুখে মুখে চলি আহিছিল। সেইবাবে বেদক শ্ৰুতি বোলা হয়।


(চ) 'বেদ' শব্দৰ অৰ্থ কি? বেদ কোনে ৰচনা কৰিছিল?  

উত্তৰঃ বেদ শব্দৰ অৰ্থ হৈছে-জ্ঞান। 

    জ্ঞানী লোকসকলে স্বয়ং ভগৱানৰ মুখৰ পৰা শুনি চাৰি-বেদ ৰচনা কৰা বুলি জানিব পাৰি।


(ছ) 'সৰস্বতী সভ্যতা' বুলিলে কি বুজা?

উত্তৰঃ বৈদিক সভ্য়তাৰ বহু আগতে সৰস্বতী নদীৰ পাৰত উন্নত সভ্য়তা গঢ়ি উঠিছিল। এই সভ্য়তাকে সৰস্বতী সভ্য়তা বুলি কোৱা হয়।


(জ) 'দাস'সকল কোন আছিল?

উত্তৰঃ যুদ্ধত পৰাস্ত হোৱাসকলক আৰ্যসকলে নিজৰ অধীন কৰি লৈছিল। আৰু তেওঁলোকক দাস বুলি কোৱা হৈছিল।


(ঝ) আৰ্যসকলৰ মূল জীৱিকা কি আছিল?

উত্তৰঃ আৰ্যসকলৰ মূল জীৱিকা আছিল পশুপালন।


(ঞ) আৰ্যসকলৰ পৰিয়ালত প্ৰথম স্থান কাৰ আছিল?

উত্তৰঃ আৰ্যসকলৰ পৰিয়ালত প্ৰথম স্থান পিতৃৰ আছিল।


(ট) বৈদিক যুগত কি কি ধাতুৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ বৈদিক যুগত লোৰ ব্য়ৱহাৰ কৰা হৈছিল।


(ঠ) 'গীতা'ক কিয় পৱিত্ৰ গ্ৰন্থ বুলি বিবেচনা কৰা হয়?

উত্তৰঃ গীতাত ভগৱান শ্ৰী কৃষ্ণৰ মুখৰ পৰা অৰ্জুনে লাভ কৰা জ্ঞান লিপিবদ্ধ কৰা হৈছে। সেয়েহে গীতাক এখন পবিত্ৰ গ্ৰন্থ বুলি বিবেচনা কৰা হয়।


(ড) বৈদিক যুগত আৰ্যসকলে কোনবিধ জন্তুক পৱিত্ৰ বুলি জ্ঞান কৰিছিল?

উত্তৰঃ বৈদিক যুগত আৰ্যসকলে গাইগৰুক পৱিত্ৰ বুলি জ্ঞান কৰিছিল।


২। বৈদিক যুগত নাৰীৰ স্থান কেনে আছিল?

উত্তৰঃ বৈদিক যুগত পিতৃৰ পিছতে আছিল মাতৃৰ স্থান। পত্নীয়ে ঘৰুৱা কাম-কাজ কৰাৰ উপৰি স্বামীক কৰ্তব্য় পালনত সহায় কৰিছিল। স্ত্ৰীসকলক নিম্ন পৰ্যায়ৰ বুলি গণ্য় কৰা হয় বুলি ধাৰণা কৰা হয়। মহিলাসকলে ধৰ্মীয় আৰু ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰিব পাৰিছিল। যজ্ঞ কৰাৰ সময়ত স্ত্ৰীয়ে নিজৰ স্বামীৰ কাষত স্থান পাইছিল। শিক্ষাৰ ক্ষেত্ৰতো ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য় নাছিল।


৩। আৰ্যসকল ক'ৰ মানুহ আছিল, এই সম্পৰ্কে পণ্ডিতসকলৰ তিনিটা মত উল্লেখ কৰা।

উত্তৰঃ ভালেমান পণ্ডিতে অনুমান কৰে যে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে আৰ্যসকল পশ্চিম এছিয়াৰ কেতবোৰ অঞ্চলত বসবাস কৰিছিল। তাৰে পৰা এটা ঠাল ভাৰতত আহি সোমাইছিল। আন কিছুমান পণ্ডিতৰ মতে আৰ্যসকল মধ্য় এছিয়া, দক্ষিণ ৰাছিয়া আৰু সুমেৰু অঞ্চলৰ পৰা আহিছিল। আৰ্যসকল বহিৰাগত নাছিল বুলি বহুতো পণ্ডিতে বিশ্বাস কৰে, বৈদিক সভ্য়তাৰ বহু আগতেই সৰস্বতী নদীৰ পাৰত উন্নত সভ্য়তা গঢ়ি উঠিছিল। পিছে আৰ্যসকল প্ৰকৃততে ক'ৰ পৰা আহিছে পণ্ডিতসকলে সঠিকভাৱে ক'ব পৰা নাই।


৪। খালী ঠাই পূৰণ কৰা-

(ক) 'ঋক' শব্দৰ অৰ্থ স্তুতি আৰু 'বেদ'ৰ অৰ্থ হ'ল জ্ঞান

(খ) বেদ ৰচনাৰ পৰৱৰ্তীকালক মহাকাব্য়ৰ যুগ বোলে।

(গ) বেদৰ মন্ত্ৰসমূহ মুখে মুখে চলি আহিছিল বাবে বেদক শ্ৰুতি বোলা হয়।

(ঘ) কেইবাটাও মন্ত্ৰৰ সমষ্টিক সূক্ত বোলা হৈছিল।

(ঙ) সাম বেদত সৰস্বতীক মাতৃ স্বৰূপিণী বোলা হৈছিল।


-শ্ৰী হিৰু মনি বৰা


Post ID : DABP002812