পাঠ ৭

বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন


১। ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।

উত্তৰঃ ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে - উষ্ণতা, বতাহ আদি।


২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়?

উত্তৰঃ দিনটোৰ ভিতৰত পিছবেলা উচ্চতম আৰু পুৱাৰ ভাগত নিম্নতম উষ্ণতা আশা কৰা যায়।


৩। খালী ঠাই পূৰ কৰাঃ

(ক) সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক জলবায়ু বোলে।

(খ) এখন ঠাই যত বৰষুণৰ পৰিমাণ কম উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান


৪। তলৰ উঞ্চলবোৰৰ জলবায়ু প্ৰকাৰৰ আভাস দিয়া—

(ক) জম্মু আৰু কাশ্মীৰ ঠাণ্ডা

(খ) কেৰেলা গৰম আৰু সেমেকা

(গ) ৰাজস্থান গৰম।

(ঘ) উত্তৰ-পূব ভাৰত সেমেকা


৫। বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়?

উত্তৰঃ বতৰ আৰু জলবায়ু এই দুটাৰ বতৰ সঘনে সলনি হয়


৬। তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্যঃ

প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হব পাৰে বুলি ভাবানে?


(ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত।


(খ) বগা নোমযুক্ত ছাল।

উত্তৰঃ ইয়াৰ অভিযোজন মেৰু অঞ্চলত।


(গ) প্ৰব্ৰজন হব বিচাৰে।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চল আৰু মেৰু অঞ্চল দুয়োটাতে।


(ঘ) ডাঙৰ মাত।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত।


(ঙ) ভৰিৰ পতাৰ আঠাজাতীয় আৱৰণ।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত।


(চ) ছালৰ তলত চৰ্বীৰ তৰপ।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চল আৰু মেৰু অঞ্চল দুয়োটাতে।


(ছ) বহল আৰু ডাঙৰ হাতোৰা।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চল আৰু মেৰু অঞ্চল দুয়োটাতে।


(জ) উজ্জ্বল ৰং।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত।


(ঝ) শক্তিশালী নেজ।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত।


(ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।

উত্তৰঃ ইয়াৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত।


৭। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎসংখ্যক প্ৰাণী পোবা যায়। কিয় এনে হয় ব্যাখ্যা কৰা।

উত্তৰঃ বৰ্ষাৰণ্য় অঞ্চলৰ জলবায়ু অসংখ্য় আৰু বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ বাবে উপযোগী। এই অঞ্চলত অসংখ্য় ফল-মূল পোৱা যায়। তাৰোপৰি ইয়াত থকা হাবি-জংঘলত প্ৰণীসমূহে বসবাস কৰাৰ লগতে মুক্তমনে বিচৰণ কৰিব পাৰে। এনেবেৰ কাৰণতে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য় অঞ্চলত বৃহৎসংখ্য়ক প্ৰাণী পোৱা যায়।


৮। কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অৱস্থাত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ সকলো জীৱৰ ওপৰত জলবায়ু আৰু জলবায়ুৰ পৰিবৰ্তনৰ প্ৰচুৰ প্ৰভাৱ আছে। সকলো জীৱ থাকিবৰ বাবে সকলো পৰিৱেশ উপযুক্ত নহ'বও পাৰে। সেয়েহে আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ অঞ্চলতহে দেখিবলৈ পাওঁ।

    উদাহৰণস্বৰূপে মেৰু অঞ্চলত বাস কৰা বগা ভালুকৰ কথাকে আমি ক'ব পাৰো। বগা ভালুকৰ ছালখন ডাঠ নোমেৰে ভৰা। তাৰোপৰি ইয়াৰ হাতত সাতুৰিব পৰাকৈ হাতোৰা আছে। বগাভালুকৰ দেহটো ডাঠ নোমেৰে পৰিপূৰ্ণ হোৱাৰ বাবে ই মেৰু অঞ্চলতহে বসবাস কৰিব পাৰে। ই বিষুৱীয় বৰ্ষাৰণ্য় অঞ্চলত থাকিব নোৱাৰে।


৯। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে?

উত্তৰঃ হাতীয়ে শুঁৰডাল নাকৰ দৰে ব্য়ৱহাৰ কৰে, ফলত ইহঁতৰ ঘ্ৰাণশক্তি সবল হয়। ইহঁতে শুঁৰডালৰ সহায়ত আহাৰ সংগ্ৰহ কৰে। মুখৰ পৰা বাহিৰলৈ ওলোৱা দাঁতৰ সহায়ত ইহঁতে খাদ্য়ৰ বাকলি এৰুৱাব পাৰে। হাতীৰ কাণ দুখন ডাঙৰ হোৱাৰ বাবে ইহঁতে সৰু শব্দও অতি সহজে শুনিব পাৰে। কাণ দুখনে হাতীক বিষুৱীয় বৰ্ষাৰণ্য় অঞ্চলৰ গৰম আৰু আদ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে।


১০। শৰীৰত আঁচ থকা মাংসাহাৰী জন্তু এটাই যেতিয়া খাদ্যৰ চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে। ইয়াক পোৱা যায়—

(ক) মেৰু অঞ্চলত

(খ) মৰুভূমিত

(গ) সাগৰত

(ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

উত্তৰঃ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।


১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?

(ক) বগা নোমৰ ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণশক্তি।

(খ) পাতল ছাল, ডাঙৰ, চকু, বগা নোমাল ছাল।

(গ) এডাল দীঘল নেজ, তীক্ষ্ণ আঁকোৰ নখ, বগা ডাঙৰ হাতোৰা।

(ঘ) বগা শৰীৰ সাঁতুৰিবলৈ হাতোৰা, উশাহ-নিশাহৰ বাবে ফুল।

উত্তৰঃ  বগা নোমৰ ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণশক্তি।


১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?

(ক) গৰম আৰু আৰ্দ্ৰ

(খ) মধ্যমীয় উষ্ণতা, প্ৰচুৰ বৃষ্টিপাত।

(গ) ঠাণ্ডা আৰু আৰ্দ্ৰ।

(ঘ) গৰম আৰু শুকান।

উত্তৰঃ গৰম আৰু আদ্ৰ।


-Hiru Moni Bora



Post ID : DABP006273