দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন  | Chapter 7 | অধ্যায় ৭| Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অম শ্ৰেণীৰ বিজ্ঞানৰ দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন  পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 Chapter 7

দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন


1. শুদ্ধ উত্তৰটোৰ বাছি উলিওৱাঁ ।

(ক) তাপস্থাপিত প্লাষ্টিক হ'ল 

i. বেকেলাইট 

ii. পলিথিন 

iii. ছেলুলুয়ড 

iv. পিভিছি 

উত্তৰঃ i. বেকেলাইট।


 (খ) ভিনাইল ক্লৰাইডৰ বহুযোগীকৰণৰ ফলত উপ্লাষ্টিক । 

 ( i ) পলিথিন

( ii ) পলিভিনাইল ক্লৰাইড 

( iii ) বেকেলাইট 

( iv ) প্লাষ্টিক 

উত্তৰঃ (ii) পনিভিলাইন ক্লৰাইড।

( গ ) তলৰ কোনটো প্লাষ্টিক নহয় ?

(i) পিভিছি 

(ii) থায়কল

(iii) পলিথিন ।

(ivবেকেলাইট 

উত্তৰঃ (ii) থাইকল।


(ঘ) তলত কোনটো সাংশ্লেষিক ৰবৰ ?

 ( i ) নিঅপ্রিন 

( ii ) পিভিছি 

( iii ) পলিইউৰেথেন

 ( iv ) পলিষ্টাইৰিণ 

উত্তৰঃ (i) নিঅপ্ৰিন।


2. খালী ঠাই পূৰ কৰাঁ । 

( ক ) ইথিলিনৰ বহুযোগীকৰণৰ ফলত উৎপন্ন হােৱা পদার্থটো হ'ল ------ । 

উত্তৰঃ পলিথিন।


(খ) বেকেলাইট ------ প্লাষ্টিক ।

উত্তৰঃ তাপস্থাপিত।


(গ) প্রাকৃতিক বহুযােগী ------- ৰপৰা ৰেয়ন প্রস্তুত কৰা হয় ।

উত্তৰঃ ছেলুল'জ।


( ঘ ) ছেলুলজ নাইট্রেটৰপৰা ------ উৎপন্ন কৰা হয় । 

উত্তৰঃ ফিনল।


3 . চাৰিবিধ প্রাকৃতিক বহুযােগীৰ নাম লিখা । 

উত্তৰঃ চাৰিবিধ প্ৰাকৃতিক বহুযোগীৰ নাম হৈছেঃ কপাহ, ঊণ, মৰাপাট, চিল্ক।


4. সাংশ্লেষিক বহুযোগী কাক বােলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ অসংখ্য় সৰু সৰু অণুৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি উচ্চ আণৱিক ভৰৰ বৃহৎ অণু গঠন হোৱা প্ৰক্ৰিয়াকে সাংশ্লেষিক বহুযোগী বোলে। ই তিনিপ্ৰকাৰৰ-

(ক) প্লাষ্টিক।

(খ) সাংশ্লেষিক তন্তু বা আঁহ।

(গ) সাংশ্লেষিক ৰবৰ।


 5 . প্লাষ্টিক কি ? ই কেইপ্ৰকাৰৰ ? প্রতিবিধৰ এটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ তাপ আৰু চাপ প্ৰয়োগ কৰি যিবোৰ বহুযওগীক যি কোনো আকৃতিলৈ স্থায়ীভাৱে ৰূপান্তৰিত কৰিব পাৰি, তেনেবোৰ বহুযোগীকে প্লাষ্টিক বোলা হয়।  

প্লাষ্টিক দুই প্ৰকাৰৰ-

তাপ প্লাষ্টীয় প্লাষ্টিকঃ উদাহৰণ-  পিভিছি।

তাপস্থাপিত প্লাষ্টিকঃ উদাহৰণ- টিভি।

 6 . ভিনাইল ক্ল'ৰাইডৰ বহুযোগীকৰণৰদ্বাৰা প্ৰস্তুত কৰা প্লাষ্টিকবিধ কি ? এই প্লাষ্টিকবিধৰ ব্যৱহাৰ লিখা 

উত্তৰঃ ভিনাইল ক্ল'ৰাইডৰ বহুযোগীকৰণৰদ্বাৰা প্ৰস্তুত কৰা প্লাষ্টিকবিধ হৈছে- পলিভিলাইল ক্ল'ৰাইড। বৈদ্য়ুতিক চুইছ ব'ৰ্ড, বিদ্য়ুৎপৰিবাহী তাঁৰৰ আৰণ, পানীৰ পাইপ, চিকিৎসালয়ত ব্যৱহাৰ কৰা হাতমোজা, ছেণ্ডেল, গাম বুট, চুটকেছ,চকী. মেজ আদি তৈয়াৰ কৰিবলৈ এইবিধ প্লাষ্টিক ব্যৱহাৰ কৰা হয়।


7. ভালকেনাইজেচন কি ? দুবিধ সাংশ্লেষিক ৰবৰৰ নাম লিখা।

উত্তৰঃ ভালকেনাইজেচন হৈছে এবিধ ৰাসায়নিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোত কেঁচা ৰবৰক গন্ধকৰ গুড়িৰ সৈতে উত্তাপিত কৰা হয়। দুবিধ সাংশ্লেষিক ৰবৰৰ নাম হৈছে- নিঅ'প্ৰিন, বিউটাইল। 

 8. তন্তু কি ? চাৰিবিধ সাংশ্লেষিক তন্তুৰ নাম লিখা । 

উত্তৰঃ সাংশ্লেষিক তন্তু হ'ল এৰকযওগী ্ণুৰপৰা বহুযোগীকৰণ পদ্ধতিৰে উৎপাদিত এবিধ সূতাসদৃশ দ্ৰব্য়। এইবোৰক তন্তু বা আঁহ বোলা হয়।চাৰিবিধ সাংশ্লেিক তন্তুৰ নাম হৈছে- ৰেয়ন, নাইলন, টেৰিলিন বা ডেক্ৰন আৰু অৰলন।


 9. বহুযােগীকৰণ কি ?

উত্তৰঃ অসংখ্য সৰু সৰু অণুৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি উচ্চ আণৱিক ভৰৰ বৃহৎ অণু গঠন হোৱা প্ৰক্ৰিয়াকে বহুযোগীকৰণ বোলা হয়।


 10. সাংশ্লেষিক তন্তুৰ তিনিটা প্রধান বৈশিষ্ট্য লিখা । 

উত্তৰঃ সাংশ্লেষিক তন্তুৰ তিনিটা প্ৰধান বৈশিষ্ট্য় হৈছে-

(ক) টান প্ৰতিৰোধী ক্ষমতা অতি বেছি হ'ব লাগে।

(খ) বয়নৰ উপযোগী হ'ব লাগে।

(গ) ইয়াৰপৰা তৈয়াৰী কাপোৰ ধোঁওতে বা ইস্ত্ৰি কৰোঁতে নষ্ট নহ'বলৈ এইবোৰৰ গলনাংক বা কোমলায়ন যথেষ্ট বেছি হোৱাতো প্ৰয়োজনীয়।


11. পলিথিন কি ? ইয়াক কিদৰে প্ৰস্তুত কৰা হয় ? 

উত্তৰঃ পলিথিন হৈছে ামাৰ জীৱনত দৈনিক ব্যৱহাৰ হোৱা এবিধ প্লাষ্টিক। ইথিলিনৰ বহুোযগীকৰণৰ ফলত পলিথিন উৎপন্ন হয়। ইয়াক দুই ধৰণে প্ৰস্তুত কৰা হয়। এবিধ হ'ল নিম্ন ঘনত্বৰ পলিথিন আৰু আনবিধ হ'ল উচ্চ ঘনত্বৰ পলিথিন।


 12. বেকেলাইট কি ? বেকেলাইট প্রস্তুতকৰণৰ বাবে প্রয়ােজনীয় দ্রব্যসমূহ কি কি ? ইয়াৰ দুটা ব্যৱহাৰ লিখা । 

উত্তৰঃ বেকেলাইট হৈছে বিদ্য়ুতৰ অপৰিবাহী। বেকেলাইট প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজনীয় দ্ৰব্য়সমূহ হৈছে- ফিনল াৰু ফৰ্মেলডিহাইডৰ। ইযাৰ দুটা ব্যৱহাৰ হৈছে- 

(১) বৈদ্য়ুতিক সা-সৰঞ্জামৰ অন্তৰক হিচাবে, ৰেডিঅ' আৰু টেলিভিছনৰ আৱৰণ বা বাকছ আৰু যান-বাহনৰ বিভিন্ন অংশবিশেষ আদি নিৰ্মাণত ইয়াক ব্যৱহাৰ কৰা হয়। 

(২) কাঠ আৰু প্লাইঢডৰ আছবাব আদিত বাৰ্নিছ, আৰু প্লাইউড হাৰ্ডব'ৰ্ড উদ্য়োগত লেকাৰ হিচাবে ইয়াক ব্যৱহাৰ কৰা হয়।


13. প্লাষ্টিক ব্যৱহাৰৰপৰা হােৱা সমস্যাসমূহ লিখা । 

উত্তৰঃ মাটিৰ সৈতে মিলি নোযোৱা বাবে প্লাষ্টিকৰ বিভিন্ন উপাদানে পৰিৱেশ প্ৰদূষিত কৰে আৰু ইয়াৰ ফলত প্ৰাকৃতিক ভাৰসাম্য়তাত ব্যাঘাত জন্মে। প্লাষ্টিক মিহলি হৈ থকা মাটিত বায়ু আৰু পানী ভালদৰে চলাচল কৰিব নোৱাৰে আৰু ইয়াৰ ফলস্বৰূপে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস হৈ উদ্ভিদৰ বৃদ্ধিত বাধা জন্মে।


14. পলিথিনৰ প্ৰধান ৰূপ দুটা কি কি ? প্ৰতিটো ৰূপৰে এটাকৈ ব্যৱহাৰ লিখা। 

উত্তৰঃ পলিথিনৰ প্ৰধান ৰূপ দুটা হৈছে- 

(১) নিম্ন ঘনত্বৰ পলিথিন- ব্যৱহাৰঃ পেকেজিং আু বিভিন্ন সামগ্ৰী কঢ়িবাৰ কাৰণে ব্যৱহাৰ কৰা হয়।

(২) উচ্চ ঘনত্বৰ পলিথিন- ব্যৱহাৰঃ বটল, পানীৰ ধাৰক, পুতলা, খেলৰ সামগ্ৰী, পাইপ আৰু অন্য়ান্য় ঘৰুৱা সামগ্ৰী আদি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।


 15. তলত উল্লেখ কৰা বহুযােগীসমূহৰ প্রতিটোৰে এটাকৈ ব্যৱহাৰ লিখা ।

বেকেলাইট , টেৰিলিন , পলিপ্র’পিন , পিভিছি , নাইলন । 

উত্তৰঃ (১) বেকেলাইটৰ ব্যৱহাৰঃ বৈদ্য়ুতিক সা-সৰঞ্জামৰ অন্তৰক হিচাবে, ৰেডিঅ' আৰু টেলিভিছনৰ আৰণ বা বাকছ আৰু যান-বাহনৰ বিভিন্ন অংশবিশেষ আদি নিৰ্মাণত ইয়াক ব্যৱহাৰ কৰা হয়।

(২) টেৰিলিনৰ ব্যৱহাৰঃ বিভিন্ন ধৰণৰ সাজপাৰ তৈয়াৰ কৰিবলৈ টেৰিলিন ব্যৱহাৰ কৰা হয়।

(৩) পলিপ্ৰ'পিনৰ ব্য়ৱহাৰঃ চকী, মেজ, বাল্টি, ছুটকেছ, পানীৰ পাইপ, বটল, বেটাৰিৰ বাকচ, ৰেডিঅ', টিভি, ফ্ৰিজ আদিৰ কিছুমান অংশ নিৰ্মাণত এইবিধ দ্ৰব্য় ব্য়ৱহাৰ কৰা হ।

(৪) পিভিছিৰ ব্য়ৱহাৰঃ বৈদ্য়ুতিক চুইছ ব'ৰ্ড, বিদ্য়ুতপৰিবাহী তাঁৰৰ আৱৰণ, পানীৰ পাইপ, চিকিৎসালয়ত ব্য়ৱহাৰ কৰা হাতমোজা, ছেণ্ডেল, গাম বুট, চুটকেছ, চকী, মেজ আদি তৈয়াৰ কৰিবলৈ পিভিছি ব্যৱহাৰ কৰা হয়।

(৫) নাইলনৰ ব্য়ৱহাৰঃ সাজ-পোছাক, মাছমৰা জাল, পেৰাছুট, টেনিছ, ৰেকেটৰ ৰচী, ভলবীল, ফুটবল খেল আদিত ব্য়ৱহৃত জাল, টায়াৰৰ সূতা আদিত নাইলন ব্যৱহাৰ কৰা হয়।


16 , তলৰ কোনবােৰ জৈৱিক বিভংগনীয় আৰু কোনবােৰ জৈৱিক অবিভংগনীয় দ্রব্য ?

 কাগজ , পলিথিন বেগ , ঘাঁহ - বন , মৰা শ , নাইলন । 

উত্তৰঃ জৈৱিক বিভংগনীয় পদাৰ্থবোৰঃ কাগজ, মৰা শ, ঘাঁহ-বন।

অজৈৱিক অবিভংগনীয় পদাৰ্থঃ পলিথিন, নাইলন।

Author: Chinmay Kakati



Posi ID : DABP006104