অসমৰ জিলাসমূহ | Lesson 8  | Class 3 Social Science Sankardev School  Question Answer Assam | শংকৰদেৱ বিদ্যালয় তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

অসমৰ জিলাসমূহ

ধুবুৰী


১। ধুবুৰী জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) এখন তীৰ্থস্থান    (ঙ) বিমানঘাটি

উঃ


২) ক'ত, কিয় বিখ্য়াত লিখা -

(ক) ধুবুৰী    (খ) গৌৰীপুৰ    (গ) আশাৰীকান্দি    (ঘ) গোলোকগঞ্জ

উত্তৰঃ 

ধুবুৰীঃ ধুবুৰী জিলাৰ সদৰ ঠাই ধুবুৰীত এটা জুইশলাৰ কাৰখানা আছিল। শিখসকলৰ দশম গুৰুৰ সমাধিস্থল ইয়াতে।

গৌৰীপুৰঃ ধুবুৰী জিলাত অৱস্থিত। গোৱালপৰীয়া লোকগীতৰ বাবে ই বিখ্য়াত।

আশাৰীকান্দিঃ ধুবুৰী জিলাত অৱস্থিত। পেৰামাটিৰ শিল্পৰ বাবে ই বিখ্য়াত।

গোলোকগঞ্জঃ ধুবুৰী জিলাত অৱস্থিত। এলুমিনিয়ামৰ বাচন-বৰ্তন নিৰ্মাণৰ কাৰখানাৰ বাবে বিখ্য়াত।


৩। প্ৰধান উপনৈ চাৰিখনৰ নাম লিখা।

উত্তৰঃ ইয়াৰ প্ৰধান উপনৈ চাৰিখন হৈছে- গদাধৰ, গংগাধৰ, সোণকোষ আৰু গৌৰাং।


৪। প্ৰধান ৰে'ল ষ্টেনবোৰৰ নাম লিখা।

উত্তৰঃ প্ৰধান ৰে'ল ষ্টেচনবোৰ হৈছে- ধুবুৰী, বালাজান, গৌৰীপুৰ, গোলকগঞ্জ, মটেৰঝাৰ, আগমনি, হালাকুৱা আৰু বক্সিৰহাট আদি।


৫। জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান লিখা।

উত্তৰঃ জিলাৰ জনসংখ্য়া হৈছে- ১৯,৪৮,৬৩২ জন আৰু মাটিকালি হৈছে- ১৬৬৪.১ বৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমা হৈছে- মৰিগাঁও।



দক্ষিণ শালমাৰা আৰু মানকাচাৰ জিলা



১। মানকাচৰ নামৰ উৎপত্তি কেনেদৰে হ'ল?

উত্তৰঃ এই জিলাত ব্ৰক্ষ্মপুত্ৰৰ মাজত মানকা নামৰ এটি বালিচৰ আছে। এই মানকা নামৰ বালিচৰৰ পৰাই মানকাচৰ নামৰ উৎপত্তি হোৱা বুলি প্ৰবাদ আছে।


২। দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ প্ৰধান শিল্প উদ্যোগ কি?

উত্তৰঃ দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ প্ৰধান শিল্প উদ্যোগ হৈছে- মৃৎশিল্প।


৩। ভাৰত বাংলাদেশ সীমান্তৰ দুৱাৰ কোনখন জিলাত আছে?

উত্তৰঃ ভাৰত বাংলাদেশ সীমান্তৰ দুৱাৰ দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাত আছে।


৪। জিঞ্জিৰাম নৈ নে উপনৈ? ই কোনখন জিলাৰ মাজেৰে বৈ গৈছে?

উত্তৰঃ জিঞ্জিৰাম এখন উপনৈ। ই দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ মাজেদি বৈ গৈছে।


কোকৰাঝাৰ জিলা


১) তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -


(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই     (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উঃ


২। তোমাৰ জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ আমাৰ জিলাৰ মাটিকালি হৈছে- ১,৫৮৭.৬৫ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ৯,৫৭,৮৫৩ জন।


৩। কোকৰাঝাৰ জিলাৰ প্ৰধন উপনৈবোৰৰ নাম লিখা।

উত্তৰঃ কোকৰাঝাৰ জিলাৰ প্ৰধান উপনৈবোৰ হৈছে- গৌৰাং, চম্পাৱতী, সৰলভাঙা, গদাধৰ আৰু সোণকোষ।


৪। কোকৰাঝাৰ জিলাৰ ৰে'ল ষ্টেচনবোৰৰ নাম লিখা।

উত্তৰঃ কোকৰাঝাৰ জিলাৰ ৰে'ল ষ্টেচনবোৰ হৈছে- বাসুগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, চৌতাৰা, গোসাইগাঁও, সাপটগ্ৰাম আৰু  শ্ৰীৰামপুৰ।


৫। ক'ত, কিয় বিখ্যা লিখা-

(ক) চালাকাটি    (খ) গোসাঁইগাঁও    (গ) শ্ৰীৰামপুৰ    (ঘ) কোকৰাঝাৰ

উত্তৰঃ

চালাকাটিঃ তাপ বিদ্য়ুৎ উৎপাদন কেন্দ্ৰৰ বাবে বিখ্য়াত।

গোসাইগাঁওঃ ই জিলাখনৰ মহকুমা। ইয়াৰ পৰা কাঠ ৰপ্তানি কৰা হয়।

শ্ৰীৰামপুৰঃ পশ্চিমবংগৰ পৰা অসমত সোমোৱা পথত থকা প্ৰথম তলাচী চকীটো ইয়াতে আছে।

কোকৰাঝাৰঃ ই জিলাখনৰ সদৰ ঠাই।


চিৰাং জিলা 


১। চিৰাং জিলাৰ মাটিকালি কিমান?

উত্তৰঃ চিৰাং জিলাৰ মাটিকালি ১,০৯৯.৮৫ বৰ্গ কিলোমিটাৰ।


২। চিৰাং জিলাৰ প্ৰধান নৈ কেইখন কি কি?

উত্তৰঃ চিৰাং জিলাৰ প্ৰধান নৈ কেইখন হৈছে- আই, চম্পাৱতী আৰু মানাহ।


৩। চিৰাং জিলাৰ অৰ্ন্তগত এখন সংৰক্ষিত বনাঞ্চলৰ নাম লিখা।

উত্তৰঃ চিৰাং জিলাৰ অন্তৰ্গত এখন সংৰক্ষিত বনাঞ্চল হৈছে- পাণবাৰী।


৪। চিৰাং জিলাৰ চাৰিসীমা লিখা।

উত্তৰঃ চিৰাং জিলাৰ চাৰিসীমা হৈছে- উত্তৰে ভূটান ৰাষেট্ৰ, পূবে বাক্সা জিলা, দক্ষিণে বঙাইগাঁও জিলা আৰু পশ্চিমে কোকৰাঝাৰ জিলা।


বঙাইগাঁও জিলা 


১। তোমাৰ নিজ জিলাৰ এখন মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) বঙাইগাঁও    (খ) যোগীঘোপা 

উত্তৰঃ 

বঙাইগাঁওঃ ই জিলাখনৰ সদৰ ঠাই।

যোগীঘোপাঃ অসমৰ প্ৰথম কাগজ কল 'অশোক কাগজ কল' ইয়াতে আছে।


৩। বঙাইগাঁও জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ বঙাইগাঁও জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- পাতিলাদহ, চাপৰাকাটা, বঙাইগাঁও, নিউ বঙাইগাঁও, ডাংতল, মাজগাঁও, অভয়াপুৰী আৰু যোগীঘোপা।


৪। বঙাইগাঁও জিলাখনৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ বং নামৰ এগৰাকী কবিয়ে বাস কৰা গাঁওখনৰ নাম বঙেৰ গাঁও আছিল। এই নামৰ পৰাই জিলাখনৰ নাম বঙাইগাঁও হোৱা বুলি জনা যায়।


৫। বঙাইগাঁও জিলাৰ জনসংখ্য়া আৰু মাটিকালি  কিমান?

উত্তৰঃ বঙাইগাঁও জিলাৰ জনসংখ্য়া হৈছে- ৭,৩২,৬৩৯ জন আৰু মাটিকালি হৈছে- ৭,৩৮,৮০৪ বৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমা হৈছে- মৰিগাঁও।



গোৱালপাৰা জিলা 


১। গোৱালপাৰা জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা - 

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন    (ঙ) দুখন পাহাৰ 

উত্তৰঃ


২। গোৱালপাৰা নামটোৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ 'গোৱালিটিপ্পিকা' শব্দটোৰ পৰা গোৱালপাৰা নামটোৰ উৎপত্তি হোৱা বুলি জনা যায়।


৩। গোৱালপাৰা জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম লিখা।

উত্তৰঃ গোৱালপাৰা ডজিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটা হৈছে- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫১নং ৰাষ্ট্ৰীয় ঘাইপথ।


৪। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) মৰনৈ    (খ) গোৱালপাৰা    (গ) কৃষ্ণাই    (ঘ) দৰংগিৰি

উত্তৰঃ 

মৰনৈঃ ইয়াত একমাত্ৰ সৈনিক বিদ্য়ালয় আছে।

গোৱালপাৰাঃ ই জিলাখনৰ সদৰ ঠাই।

কৃষ্ণাইঃ শিক্ষা আৰু বেহা-বেপাৰৰ কেন্দ্ৰস্থল।

দৰংগিৰিঃ এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ।


৫। ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত থকা তৃতীয় দলংখনৰ নাম কি? ই কোন দুখন ঠাই সংযোগ কৰিছে? এই সেতুখন কেইখলপীয়া?

উত্তৰঃ ব্ৰক্ষ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং হৈছে- নৰনাৰায়ণ সেতু। ই ৰেলপথ সংযোগী দলং।


৬। গোৱালপাৰা জিলাৰ মাটিকালি আৰু জনসংখ্য়া লিখা।

উত্তৰঃ গোৱালপাৰা জিলাৰ মাটিকালি হৈছে- ১৮২৪ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া- ১০,০৮,৯৫৯ জন।


৭। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম  লিখা।

উত্তৰঃ মোৰ জিলাৰ মহকুমা হৈছে- মৰিগাঁও।



বৰপেটা জিলা 



১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) বৰপেটা    (খ) সৰ্থেবাৰী 

উত্তৰঃ 

বৰপেটাঃ ই জিলাখনৰ সদৰ ঠাই।

সৰ্থেবাৰীঃ কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্য়াত।


৩। বৰপেটা জিলাত থকা ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ বৰপেটা জিলাত থকা ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- পাঠশালা, সৰুপেটা, বৰপেটা ৰোড আৰু সৰভোগ।


৪। বৰপেটা জিলাখনৰ নামৰ উৎপত্তি কেনেদৰে হ'ল?

উত্তৰঃ বৰপেটা চহৰত অতীততে বহুত পিটনি অৰ্থাৎ দলনিৰে ভৰা আছিল। ঠাইখনৰ বেছি অংশ পিটনিৰে ভৰা আছিল, অৰ্থাৎ বৰপিট আছিল। এই বৰপিটৰ পৰাই জিলাখনৰ নাম কালক্ৰমত বৰপেটা হোৱা বুলি জনা যায়।


৫। বৰপেটা জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ বৰপেটা জিলাৰ জনসংখ্য়া হৈছে- ১৬,৯৩,১৯০ জন আৰু মাটিকালি হৈছে-২,৬৪৫য়১০ বৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।

 


বাক্সা জিলা



১। মানাহ ৰাষ্ট্ৰীয় উদ্য়ান কোন জিলাত?

উত্তৰঃ মানাহ ৰাষ্ট্ৰীয় উদ্য়ান বাক্সা জিলাত অৱস্থিত।


২। বাক্সা জিলাৰ দুখন চাহ বাগিচাৰ নাম লিখা।

উত্তৰঃ বাক্সা জিলাৰ দুখন চাহ বাগিচা হৈছে- নাগ্ৰীজুলি আৰু ফাটেমাবাদ।


৩। তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি চাৰিসীমা লিখা।

উত্তৰঃ 


৪। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


নলবাৰী জিলা



১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উঃ


২। ক'ত, কিয় বিখ্য়াত লিখা-


(ক) নলবাৰী    (খ) টিহু

উত্তৰঃ 

নলবাৰীঃ ই জিলাৰ সদৰ ঠাই।

টিহুঃ এই যথেষ্ট ধান উৎপন্ন হয়।


৩। নলবাৰী জিলাত থকা ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ নলবাৰী জিলাত থকা ৰে'ল ষ্টাছনবোৰৰ নাম হৈছে- টিহু, কৈঠালকুছি, নলবাৰী আৰু ঘগ্ৰাপাৰ।


৪। নলবাৰী জিলাখনৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ এসময়ত নল, বিৰিণা, খাগৰি আদিৰে এই ঠাই ভৰপূৰ আছিল বাবেই এই জিলাখনৰ নাম নলবাৰী হোৱা বুলি জনা যায়।


৫। নলবাৰী জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ নলবাৰী জিলাৰ জনসংখ্য়া হৈছে- ৭,৬৯,৯১৯ জন আৰু মাটিকালি হৈছে- ১০০৪.৮৩ বৰ্গ কিলোমিটাৰ।


৬। নলবাৰী জিলাৰ প্ৰধান চহৰকেইখনৰ নাম লিখা।

উত্তৰঃ নলবাৰী আৰু টিহু।


৭। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


কামৰূপ ( গাম্য় ) জিলা 


১) কামৰূপ গাম্য় জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা ।

(ক) চাৰিসীমা    (ঘ) দুখন পাহাৰ    (খ) এটা ৰে'ল জংছন    (ঙ) দুখন প্ৰধান বিল    (ঘ) দুখন উপনৈ

উঃ


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) হাজো    (খ) শুৱালকুছি    (গ) আমিনগাঁও    (ঘ) ৰঙিয়া 

উত্তৰঃ 

হাজোঃ এখন তীৰ্থস্থান। ইয়াত হিন্দুৰ পঞ্চতীৰ্থ আৰু মুছলমানসকলৰ তীৰ্থস্থান পোৱামক্কা আছে। ইয়াত পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়।

শুৱালকুছিঃ পাট-মুগা কাপোৰৰ উৎপাদন আৰু বাণিজ্য়ৰ বাবে বিখ্য়াত।

আমিনগাঁওঃ ই কামৰূপ জিলাৰ সদৰ ঠাই।

ৰঙিয়াঃ ই ৰঙিয়া মহকুমাৰ সদৰ ঠাই।ইয়াত উতত্তৰ পূব ৰে'লৱেৰ মাণ্ডলিক কাৰ্যালয় থকাৰ উপৰি এটি বৃহৎ জংছন আছে।


৩। কামৰূপ গ্ৰাম্য় জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম  লিখা।

উত্তৰঃ কামৰূপ জিলাৰ ৰে'ল ষ্টেছনবোৰ হৈছে- ৰঙিয়া, গোৰেশ্বৰ, কমলপুৰ, চাংসাৰি, বাইহাটা, কেন্দুকোণা, আগিয়াঠুৰি, মিৰ্জা, কুকুৰমাৰা, ছয়গাঁও, বামুণগাঁও, বকো আৰু শিংৰা।


৪। কামৰূপ গ্ৰাম্য় জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ কামৰূপ জিলাৰ জনসংখ্য়া হৈছে- ১৫,১৭,২০২ জন আৰু মাটিকালি হৈছে- ৩০৮৬.৮৪ বৰ্গ কিলোমিটাৰ।


৫। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


কামৰূপ ( মহানগৰ ) জিলা 


১। কামৰূপ মহানগৰ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (ঘ) দুটা ৰে'ল ষ্টেচন    (খ) জিলাৰ সদৰ ঠাই    (ঙ) দুখ পাহাৰ    (গ) দুখন উপনৈ    (চ) দুখন প্ৰধান বিল 


২। ক'ত, কিয় বিখ্য়া লিখা-

(ক) কামাখ্য়া    (খ) জালুকবাৰী    (গ) বশিষ্ঠ    (ঘ) বৰঝাৰ

উত্তৰঃ

কামাখ্য়াঃ কামাখ্য়া মন্দিৰ কামৰূপ মহানগৰ জিলাৰ এক প্ৰসিদ্ধ মন্দিৰ।

জালুকবাৰীঃ ইয়াত গুৱাহাটী বিশ্ববিদ্য়ালয়, অসম অভিযান্ত্ৰিক মহাবিদ্য়ালয়, বন মহাবিদ্য়ালয়, সংস্কৃত মহাবিদ্য়ালয়, আয়ুৰ্বেদিক মহাবিদ্য়ালয়।

বশিষ্ঠঃ বশিষ্ঠ হৈছে কামৰূপ মহানগৰ জিলাৰ এক ঐতিহাসিক মন্দিৰ।

বৰঝাৰঃ ইয়াত অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ 'লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ' আছে।


৩। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


দৰং জিলা


১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) খাৰুপেটীয়া    (খ) মঙলদৈ

উত্তৰঃ

খাৰুপেটীয়াঃ জিলাখনৰ ব্য়ৱ সায়ৰ অন্য়তম কেন্দ্ৰ, বিশেষকৈ পাচলি ব্য়ৱসায়ৰ বাবে সুপ্ৰসিদ্ধ।

মঙলদৈঃ দৰং জিলাৰ সদৰ ঠাই। দৰঙীয়া কলা-সংস্কৃতিৰ কেন্দ্ৰ। ইয়াত এখন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ আছে।


৩। দৰং জিলাৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ দৰং জিলাৰ উত্তৰে থকা পৰ্বতীয়া অঞ্চলৰ পৰা ভূটীয়াসকল আৰু অৰুণাচলৰ লোকসকলে দক্ষিণৰ ভৈয়ামলৈ কিছুমান পথেৰে অহা-যোৱা কৰিছিল। এই পথ বা দুৱাৰসমূহক সংস্কৃত ভাষাত দ্বাৰ বা দ্বাৰম বুলি কোৱা হয়। দ্বাৰম শব্দৰ পৰাই দৰং নামৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়।


৪। দৰং জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ দৰং জিলাৰ জনসংখ্য়া হৈছে- ৯,০৮,০৯০জন আৰু মাটিকালি ১৫৮৫ বৰ্গ কিলোমিটাৰ।


৫। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


ওদালগুৰি জিলা 



১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ

উত্তৰঃ


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) ভেৰগাঁও    (খ) ওদালগুৰি

উত্তৰঃ

ভেৰগাঁওঃ মহকুমাৰ সদৰ ঠাই।

ওদালগুৰিঃ জিলাৰ সদৰ ঠাই।


৩। ওদালগুৰি জিলাৰ নামৰ উৎপত্তি কিদৰে হ'ল? 

উত্তৰঃ কিংবদন্তি অনুসৰি ইয়াত এসময়ত এজোপা ওদাল গছ আছিল আৰু তাৰ তলত গুৰিৰ চাৰিওফালে এখন বজাৰ গঢ়ি উঠিছিল। কালক্ৰমত সেই ওদালগুৰি নামৰ উৎপত্তি হয়।


৪। ওদালগুৰি জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ ওদালগুৰি জিলাৰ জনসংখ্য়া হৈছে- ৮,৩২,৭৬৯ জন আৰু মাটিকালি হৈছে- ১৬৭৩.৯৩ বৰ্গ কিলোমিটাৰ।


৫। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা ।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


মৰিগাঁও জিলা 


১) তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন

উঃ


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) জাগীৰোড    (খ) মৈৰাবাৰী 

উত্তৰঃ

জাগীৰোডঃ ইয়াত কাগজ কল, দেশৰ বৃহত্তম শুকান মাছৰ ব্য়ৱসায় কেন্দৰ আছে।

মৈৰাবাৰীঃ এই অঞ্চলত প্ৰচুৰ মৰাপাত উৎপন্ন হয়।


৩। মৰিগাঁও নামটোৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ এসময়ত এই অঞ্চলত বাস কৰা মানুহবিলাক কলেৰাত মৰি প্ৰায় নিঃশেষ হৈছিল বাবে এই জিলাখনৰ নাম মৰিগাঁও হোৱা বুলি জনা যায়।


৪। মৰিগাঁও জিলাৰ প্ৰধান ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ মৰিগাঁও জিলাৰ প্ৰধান ৰে'ল ষ্টেছনবোৰ হৈছে- জাগীৰোড, ধৰমতুল আৰু আঁহতগুৰি।


৫। মৰিগাঁও জিলাৰ মাটিকালি আৰু জনসংখ্য়া লিখা।

উত্তৰঃ মৰিগাঁও জিলাৰ মাটিকালি হৈছে- ১,৫৮৭.৬৫ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ৯,৫৭,৮৫৩ জন।


৬। অসমৰ আটাইতকৈ ডাঙৰ শিলালিপিখন কোনো ঠাইত আছে?

উত্তৰঃ অসমৰ আটাইতকৈ ডাঙৰ শিলালিপিখন মৰিগাঁও জিলাৰ মায়ঙৰ কাছশিলা পাহাৰত আছে।


৭। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


নগাঁও জিলা 


১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন    (ঙ) মীন মহাবিদ্য়ালয় থকা ঠাই

উত্তৰঃ

২। ক'ত, কিয় বিখ্য়াত লিখা-

(ক) কামপুৰ    (খ) ৰহা    (গ) শিলঘাট    (ঘ) বৰদোৱা 

উত্তৰঃ

কামপুৰঃ কামপুৰ হৈছে নগাঁও জিলাৰ ৰে'ল ষ্টেছন।

ৰহাঃ ইয়াত মীন বিদ্য়ালয় আৰু বহুতো মাছৰ বৃহৎ পুখুৰী আছে।

শিলঘাটঃ ইয়াত এটা মৰাপাটৰ কল আৰু আহোম ৰজাৰ দিনত স্থাপন কৰা কামাখ্য়া মন্দিৰ আছে।

বৰদোৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। বৰদোৱাৰ বৰদোৱা থান অসমৰ প্ৰসিদ্ধ নামঘৰ।


৩। নগাঁও জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম লিখা।

উত্তৰঃ নগাঁও জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম হৈছে- ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।


৪। নগাঁও নামটোৰ উৎপত্তি কিদৰে হ'ল?  

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত গাঁওবিলাক নতুনকৈ পাতিছিল কাৰণে এই জিলাখনৰ নাম নগাঁও হয় বুলি জনা যায়।


৫। নগাঁও জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ নগাঁও জিলাৰ মাটিকালি হৈছে- ২২৮৭ বৰ্গ কিলোমিটাৰ আৰু জডনসংখ্য়া হৈছে- ১৮,৯২,৫৫০ জন।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।



হোজাই জিলা


১। পূৰ্বতে হোজাই জিলাত কোনে ৰাজত্ব কৰিছিল? 

উত্তৰঃ পূৰ্বতে হোজাই জিলাত ডিমাচাসকলে ৰাজত্ব কৰিছিল।


২। হোজাই জিলাৰ প্ৰধান শিল্প উদ্য়োগটো কি?

উত্তৰঃ হোজাই জিলাৰ প্ৰধান শিল্প উদ্য়োগটো হৈছে- সাঁচি বা অগৰু গছৰ পৰা তেল নিষ্কাষণ।


৩। সুগন্ধি আতৰ কিহৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰঃ সাঁচি বা অগৰু গছৰ তেলৰ পৰা সুগন্ধি আতৰ তৈয়াৰ কৰা হয়।


৪। কি তেলৰ বাবে হোজাই পৃথিৱী বিখ্য়াত?

উত্তৰঃ অগৰু তেলৰ বাবে হোজাই পৃথিৱী বিখ্য়াত।


গোলাঘাট জিলা 


১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উত্তৰঃ


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) গোলাঘাট    (খ) দেৰগাঁও    (গ) সৰুপথাৰ    (ঘ) বোকাখাত    (ঙ) নুমলীগড়

উত্তৰঃ

গোলাঘাটঃ জিলাৰ সদৰ ঠাই।

দেৰগাঁওঃ ইয়াত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্য়ালয় আছে।

সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সদৰ ঠাই।

বোকাখাতঃ মহকুমাৰ সদৰ ঠাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান আৰু নুমলীগড় শোধনাগাৰ এই মহকুমাতে আছে।

নুমলীগড়ঃ নুমলীগড়ত এটা তেল শোধনাগাৰ আছে।


৩। গোলাঘাট জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ ফৰকাটিং দংচন, গোলাঘাট, খুটমাই, ৱাটিং, সৰুপথাৰ, বৰপথাৰ, কমাৰবন্ধা, জামুগুৰি, নাওজান আদি।


৪। গোলাঘাট জিলাৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ ব্ৰিটিছসকল অসমলৈ অহাৰ সময়ত বৰ্তমানৰ গোলাঘাট জিলাৰ ধনশিৰি নৈৰ ঘাটত গোলা বা দোকান স্থাপন কৰিছিল। ঘাটত থকা গোলাৰ পৰাই গোলাঘাট নামটোৰ উৎপত্তি হয়।


৫। গোলাঘাট জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ গোলাঘাট জিলাৰ জনসংখ্য়া হৈছে- ১০,৫৮,৬৭৪ জন আৰু মাটিকালি হৈছে- ৩,৫৪০.৭০ বৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখ ।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


যোৰহাট জিলা



১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা-

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন

উঃ


২। ক'ত, কিয় বিখ্য়াত লিখা-

(ক) মৰিয়নি    (খ)তিতাবৰ    (গ) যোৰহাট

উত্তৰঃ

মৰিয়নিঃ উত্তৰ-পূব সীমান্ত ৰে'লৰ এটা জংচন। ই চাহশিল্প আৰু নাগালেণ্ডৰ লগত বেহা-বেপাৰৰ কেন্দ্ৰ।

তিতাবৰঃ চাহ-শিল্প আৰু বেহা-বোপাৰৰ কেন্দ্ৰ। ইয়াত এখন মহাবিদ্য়ালয় আৰু অসমৰ একমাত্ৰ ৰেচম প্ৰশযিক্ষণ কেন্দ্ৰটো আছে।

যোৰহাটঃ জিলাৰ সদৰ ঠাই।


৩। যোৰহাট জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ যোৰহাট জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- যোৰহাট, চিনামৰা, ৰৰৈয়া, মৰিয়নি, চেলেং, লাহিং, নকচাৰী, তিতাবৰ আদি।


৪। যোৰহাট জিলাৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ আহোম শাসনৰ শেষৰ ফালে এই ঠাইত চকা হাট আৰু মাছৰ হাট নামৰ দুখন হাট বা বজাৰ আছিল। সেইবাবে যযুৰীয়া হাটৰ এই ঠাইখনৰ নাম যোৰহাট হয় আৰু পাছলৈ এই নামেৰেই জিলাখনৰ নাম যোৰহাট হয়।


৫। যোৰহাট জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ যোৰহাট জিলাৰ জনসংখ্য়া হৈছে- ১০,৯১,২৯৫ জন আৰু মাটিকালি হৈছে- ১,৯৭১ ব ৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


মাজুলী জিলা


১। পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী।


২। মাজুলী মূলতঃ কি সংস্কৃতিৰ বাবে বিশ্ব বিখ্য়াত?

উত্তৰঃ মাজুলী মূলতঃ সত্ৰ সংস্কৃতিৰ বাবে বিশ্ব বিখ্য়াত।


৩। মাজুলীৰ কেইখনমান সত্ৰৰ নাম লিখা?

উত্তৰঃ মাজুলীৰ কেইখনমান সত্ৰৰ নাম হৈছে- কমলাবাৰী, চামগুৰি, গড়মূৰ, আউনিআটি আৰু দক্ষিণপাট সত্ৰ।


৪। মাজুলীৰ সদৰ ঠাইখনৰ নাম কি?

উত্তৰঃ মাজুলীৰ সদৰ ঠাইখনৰ নাম হৈছে- গড়মূৰ।


শিৱসাগৰ জিলা 



১। তোমাৰ নিজ জিলাৰ মানচিত্ৰখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা-

(ক) জিলাৰ চাৰীসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন

উঃ


২। ক'ত, কিয় বিখ্য়াত লিখা-

(ক) নাজিৰা    (খ) ৰুদ্ৰসাগৰ    (গ) শিৱসাগৰ

উত্তৰঃ

নাজিৰাঃ তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ প্ৰধান কাৰ্যালয় আছে।

ৰুদ্ৰসাগৰঃ ইয়াত তেলৰ পুং আছে।

শিৱসাগৰঃ জিলাৰ সদৰ ঠাই।


৩। শিৱসাগৰ জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰ জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- মাউত গাঁও, শিমলুগুৰি(জংচন), নাজিৰা, মেজেংগা, আমগুৰি, নামতি আলি, খৰাহাট, শিৱসাগৰ আদি।


৪। শিৱসাগৰ জিলাৰ নামটোৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা শিৱসাগৰ পুখুৰীৰ পাৰত থকা চহৰখনেই হৈছে- শিৱসাগৰ। এই চহৰখনৰ নামৰ পৰাই পাছলৈ জিলাখনৰ নাম শিৱসাগৰ হয়।


৫। শিৱসাগৰ জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান? 

উত্তৰঃ শিৱসাগৰ জিলাৰ জনসংখ্য়া হৈছে- ১১,৫০,২৫৩ জন আৰু মাটিকালি হৈছে- ১,৭২৯ বৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


চৰাইদেউ জিলা 



১। চৰাইদেউ  জিলাৰ সদৰ ঠাই খনৰ নাম কি?

উত্তৰঃ চৰাইদেউ জিলাৰ সদৰ ঠাইখনৰ নাম হৈছে- সোণাৰী।


২। চৰাইদেউ জিলাৰ অন্তৰ্গত প্ৰধান নদী কেইখন কি কি? 

উত্তৰঃ চৰাইদেউ জিলাৰ অন্তৰ্গত প্ৰধান নদী কেইখন হৈছে- টিফুক, দিচাং, টিয়ক, দৰিকা, চফ্ৰাই আদি।


৩। ধোদৰ আলি ক'ত আছে?

উত্তৰঃ চৰাইদজেউ জিলাত ধোদৰ আলি আছে।


৪। চৰাইদেউ জিলাৰ চাৰিসীমা কেইটা লিখা?

উত্তৰঃ এই জিলাৰউত্তৰে ডিব্ৰুগড় জিলা, দক্ষিণে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ, পূবে ডিব্ৰুগড় জিলা আৰু পশ্চিমে শিৱসাগৰ জিলা।


ডিব্ৰুগড় জিলা


১। তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা-

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ)বিমানঘাটী থকা ঠাই    (ঘ) সাৰ কাৰখানা থকা ঠাই    (ঙ) দুটা ৰে'ল ষ্টেছন    (চ) দুখন উপনৈ  

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা-


(ক) ডিব্ৰুগড়়    (খ) নামৰূপ

উত্তৰঃ

ডিব্ৰুগড়ঃ জিলাৰ সদৰ ঠাই।

নামৰূপঃ ইয়াত সাৰ-কাৰখানা, পেট্ৰকেমিকেল প্ৰকল্প আৰু তাপ বিদ্য়ু উৎপাদন কেন্দ্ৰ আছে।


৩। ডিব্ৰুগড় জিলাৰ প্ৰধান বিলবোৰৰ নাম লিখা।

উত্তৰঃ ডিব্ৰুগড় জিলাৰ প্ৰধান বিলবোৰৰ নাম হৈছে- মেৰ, দীঘলী, লাই, বগীবিল আদি।


৪। ডিব্ৰুগড় জিলাৰ খাৰুৱা তেলৰ পুং থকা ঠাইবোৰৰ নাম লিখা।

উত্তৰঃ ডিব্ৰুগড় জিলাৰ খাৰুৱা তেলৰ পুং থকা ঠাইবোৰৰ নাম হৈছে- নাহৰকটীয়া, দুলীয়াজান, মৰাণ, হুগ্ৰীজান আদি।


৫। ডিব্ৰুগড় জিলাৰ ৫ টা ৰে'ল ষ্টেছনৰ নাম লিখা।

উত্তৰঃ ডিব্ৰুগড় জিলাৰ ৫ টা ৰে'ল ষ্টেছনৰ নাম হৈছে- লাহোৱাল, চাবুৱা, দুলীয়াজান নামৰূপ আৰু নাহৰকটীয়া।


৬। তোমাৰ জিলাৰ মহকুমাৰকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


তিনিচুকীয়া জিলা  



১। তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা-

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) তেল শোধনাগাৰ থকা ঠাই    (ঘ) দুখন উপনৈ    (ঙ) দুটা ৰে'ল ষ্টেছন 

উঃ


২। ক'ত , কিয় বিখ্য়াত লিখা-

(ক) ডিগবৈ    (খ) তিনিচুকীয়া    (গ) মাৰ্ঘেৰিটা    (ঘ) লিডু

উত্তৰঃ

ডিগবৈঃ তৈলনগৰী হিচাপে প্ৰখ্য়াত। শতবৰ্ষগৰকা এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম খাৰুৱা তেলৰ শোধনাগাৰটো ইয়াতে।

তিনিচুকীয়াঃ জিলাৰ সদৰ ঠাই।

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ এটা মহকুমা।

লিডুঃ এই জিলাৰ এটা ৰে'ল ষ্টেছন।


৩। তোমাৰ জিলাৰে যোৱা ২ টা ৰাষ্ট্ৰীয় ঘাইপথৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।


৪। তিনিচুকীয়া জিলাৰ কয়লাখনি থকা ঠাইৰ নাম লিখা।

উত্তৰঃ তিনিচুকীয়া জিলাৰ কয়লাখনি থকা ঠাইৰ নাম হৈছে- ৰাংৰিং, লিডু, লেখাপানী আৰু বৰগোলাই।


৫। তিনিচুকীয়া জিলাৰ প্ৰধান ঠাইসমূহৰ নাম লিখা।

উত্তৰঃ তিনিচুকীয়া জিলাৰ প্ৰধান ঠাইসমূহৰ নাম হৈছে- তিনিচুকীয়া, ডিগবৈ, শদিয়া, মাৰ্ঘেৰিটা, ছপাখোৱা, মাকুম লিডু, ডুমডুমা আদি।


৬। তিনিচুকীয়া জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান?

উত্তৰঃ তিনিচুকীয়া জিলাৰ জনসংখ্য়া হৈছে- ১৩,২৭,৭৪৮ জন আৰু মাটিকালি হৈছে- ৩,৩৮৭.৮২ বৰ্গ কিলোমিটাৰ।


৭। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা ।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


ধেমাজি জিলা 



১। তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থনত বহুওৱা-

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উঃ


২। ধেমাজি নামটোৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ দেউৰী ভাষাত 'দেমাজি'ৰ পৰা  'ধেমাজি'ৰ উৎপত্তি হৈছে। দেউৰী ভাষাৰ শব্দ 'দেমা' মানে ডাঙৰ আৰু 'জি' মানে হ'ল পানী; অৰ্থাৎ ডাঙৰ পানী।


৩। ধেমাজি জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ ধেমাজি জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- গোগামুখ, বৰদলনি, ধেমাজি, চিলাপথাৰ, দিমু, দীপা, চিমেন চাপৰি, তেলাম, ডেকাপাম, মুৰ্কংচেলেক।


৪। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) ধেমাজি    (খ) জোনাই    (গ) সোণাৰীঘাট

উত্তৰঃ

ধেমাজিঃ জিলাৰ সদৰ ঠাই। উচ্চ শিক্ষাৰ কেইবাটাও প্ৰতিষ্ঠান আছে।

জোনাইঃ মহকুমাৰ সদৰ ঠাই। উত্তৰ-পূব সীমান্ত ৰে'লপথৰ উজনি অসমৰ উত্তৰপাৰৰ শেষ ষ্টেছন মুৰ্কংচেলেক ইয়াতে অৱস্থিত।


৫। ধেমাজি জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান লিখা।

উত্তৰঃ ধেমাজি জিলাৰ মাটিকালি হৈছে- ৩,২৩৭ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ৬,৮৮,০৭৭ জন।


৬। তোমাৰ জিলাৰ মহকুমাৰকেইটাৰ নাম লিখা ।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


লখিমপুৰ জিলা 



১। তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন    (ঙ) বিমানকোঠ থকা ঠাই

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা-

(ক) ঢকুৱাখানা    (খ) লেতেকু পুখুৰী

উত্তৰঃ

ঢকুৱাখানাঃ মহকুমাৰ সদৰ, এৰী, মুগাৰ কাৰণে বিখ্য়াত। প্ৰখ্য়াত বাসুদেৱ থান ইয়াতে আছে।

লেতেকু পুখুৰীঃ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান।


৩। লখিমপুৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ সমৃদ্ধিৰ আৰাধ্য় দেৱী লক্ষ্মীৰ বাসস্থান হিচাপে জনা যায় লখিমপুৰক। 'পুৰ' মানে ভৰি থকা।, গতিকে লখিমীৰে ভৰি থকা ঠাইখন 'লখিমপুৰ' বা 'লক্ষীমপুৰ' নামে পৰিচিত হৈ পৰে।


৪। লখিমপুৰ জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ লখিমপুৰ জিলাৰ মাটিকালি হৈছে- ২৩৫০.২৪ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ১০,৪০,৬৪৪ জন।


৫। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


বিশ্বনাথ জিলা


১। কোন গৰাকী মুনিয়ে বিশ্বনাথত কাশীৰ দৰে তীৰ্থ পাতিবলৈ বিচাৰিছিল।

উত্তৰঃ বশিষ্ঠ মুনিয়ে বিশ্বনাথত কাশীৰ দৰে তীৰ্থ পাতিবলৈ বিচাৰিছিল।


২। বিশ্বনাথ জিলাৰ সদৰ ঠাইখনৰ নাম কি?

উত্তৰঃ বিশ্বনাথ জিলাৰ সদৰ ঠাইখনৰ নাম হৈছে- বিশ্বনাথ চাৰিআলি।


৩। কাশীৰ সলনি বিশ্বনাথক কি বোলা হৈছিল।

উত্তৰঃ কাশীৰ সলনি বিশ্বনাথক গুপ্তকাশী বোলা হৈছিল।


৪। বিশ্বনাথ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো কিমান নম্বৰ?

উত্তৰঃ বিশ্বনাথ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো ৫২ নম্বৰ।


৫। বিশ্বনাথ জিলাৰ প্ৰধান নদী আৰু উপনৈসমূহ কি কি?

উত্তৰঃ বিশ্বনাথ জিলাৰ প্ৰধান নদী হৈছে- ব্ৰক্ষ্মপুত্ৰ আৰু উপনৈসমূহ হৈছে- বালিজান, বুৰৈ, বৰাং, বুঢ়ীগাং আৰু ঘিলাধাৰী।


৬। বিশ্বনাথ জিলাৰ দুগৰাকী স্বাধীনতা যুঁজাৰুৰ নাম কি কি?

উত্তৰঃ বিশ্বনাথ জিলাৰ দুগৰাকী স্বাধীনতা যুঁজাৰুৰ নাম হৈছে- কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি।


শোণিতপুৰ জিলা 



১। তোমাৰ নিজ জিলাৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন

উত্তৰঃ


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) বিশ্বনাথ চাৰিআলি    (খ) মিছামাৰী    (গ) ৰঙাপৰা

উত্তৰঃ

বিশ্বনাথ চাৰিআলিঃ ইয়াত এটা প্ৰসিদ্ধ শিৱ মন্দিৰ আছে।

মিছামাৰীঃ এটা ৰে'ল ষ্টেছন। ভাৰতীয় বায়ু সৈন্য়বাহিনীৰ এটা শিবিৰ আছে।

ৰঙাপৰাঃ এটা ৰে'ল ষ্টেছন জংচন।


৩। শোণিতপুৰ জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ শোণিতপুৰ জিলাৰ ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- ঢেকীয়াজুলী, মিছামাৰী, ৰঙাপৰা, বালিপৰা, জামুগুৰি, ডেকাৰগাঁও, চাৰিদুৱাৰ, গামনি, ভালুকপুং আদি।


৪। শোণিতপুৰ জিলাৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ বর্তমানৰ তেজপুৰ চহৰ প্রাচীন কালত বাণ নামে এজন ৰজাৰ ৰাজধানী আছিল। বাণ ৰজাৰ জীয়ৰী ঊষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গন্ধৰ্ৱ প্ৰথাৰে বিয়া পতাৰ কথা জানিব পাৰি বাণ ৰজাই অনিৰুদ্ধক তেজপুৰত বন্দী কৰি থয়। বাণৰ হাতৰপৰা অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ হৰি অর্থাৎ শ্রীকৃষ্ণই তেওঁৰ লগত যুদ্ধ কৰিছিল। যুদ্ধত হৰ অর্থাৎ শিৱই বাণৰ ফলীয়া হৈ হৰিৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই প্রসিদ্ধ হৰি-হৰৰ যুদ্ধ’ত হতাহত সৈন্যৰ শােণিতেৰে নৈ বৈ গৈছিল। সেই অনুসাৰেই এই ঠাইখনৰ নাম শােণিতপুৰ বা তেজপুৰ হিচাপে পৰিচিত হৈ পৰিছিল।


৫। শোণিতপুৰ জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান? 

উত্তৰঃ শোণিতপুৰ জিলাৰ মাটিকালি হৈছে- ৫,৩২২.৯৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ১৯,২৫,৯৭৫ জন।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


কাছাৰ জিলা



১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা-

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উত্তৰঃ


২। তোমাৰ জিলাখনৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ মোৰ জিলাখনৰ নাম হৈছে মৰিগাঁও। এসময়ত এই অঞ্চলত বাস কৰা মানুহবিলাক কলেৰাত মৰি প্ৰায় নিঃশেষ হৈছিল বাবে এই জিলাখনৰ নাম মৰিগাঁও হোৱা বুলি জনা যায়।


৩। তোমাৰ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথবোৰৰ নাম  লিখা ।

উত্তৰঃ মোৰ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।


৪) ক'ত, কিয় বিখ্য়াত লিখা -

(ক) বাংশকান্দি    (খ) শিলচৰ    (গ) ফুলেৰতল 

উত্তৰঃ

বাংশকান্দিঃ ইয়াত বৰাইল অভয়াৰণ্য় আছে।

শিলচৰঃ অসম বিশ্ববিদ্য়ালয়, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্য়া প্ৰতিষ্ঠান, চিকিৎসা মহাবিদ্য়ালয়কে ধৰি অন্য়ান্য় বহুতো সৰু-বৰ শিক্ষানুষ্ঠান আছে।

ফুলেৰতলঃ ফলমূল সংৰক্ষণ কেন্দ্ৰ আছে।


৪। তোমাৰ জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ মৰিগাঁও জিলাৰ মাটিকালি হৈছে- ১,৫৮৭.৬৫ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ৯,৫৭,৮৫৩ জন।


৫। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


কৰিমগঞ্জ জিলা 


১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) জিলাৰ চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা-

(ক) পাথাৰকান্দি    (খ) চাৰগোলা    (গ) আমটিলা

উত্তৰঃ

পথাৰকান্দিঃ ইয়াত খাৰুৱা তেলৰ পুং আছে।

চাৰগোলাঃ ইয়াত এটা চেনিকল আছে।

আমটিলাঃ ইয়াত প্ৰাকৃতিক গেছ পোৱা যায়।


৩। তোমাৰ জিলাখনৰ নামৰ উৎপত্তি কিদৰে হ'ল?

উত্তৰঃ মোৰ জিলাখনৰ নাম হৈছে মৰিগাঁও। এসময়ত এই অঞ্চলত বাস কৰা মানুহবিলাক কলেৰাত মৰি প্ৰায় নিঃশেষ হৈছিল বাবে এই জিলাখনৰ নাম মৰিগাঁও হোৱা বুলি জনা যায়।


৪। তোমাৰ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ নাম লিখা।

উত্তৰঃ মোৰ জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।


৫। তোমাৰ জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ মৰিগাঁও জিলাৰ মাটিকালি হৈছে- ১,৫৮৭.৬৫ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ৯,৫৭,৮৫৩ জন।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


হাইলাকান্দি জিলা 


১। তোমাৰ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) পঞ্চগ্ৰাম    (খ) হাইলাকান্দি 

উত্তৰঃ

পঞ্চগ্ৰামঃ ইয়াত এটা কাগজ কল আছে।

হাইলাকান্দিঃ ই জিলাৰ সদৰ ঠাই।


৩। হাইলাকান্দি জিলা চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম কি?

উত্তৰঃ হাইলাকান্দি জিলা চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম হৈছে- ৫৩ নং আৰু ৫৪ নং।


৪। হাইলাকান্দি জিলাৰ প্ৰধান ৰে'ল ষ্টেছনবোৰৰ নাম নাম লিখা।

উত্তৰঃ হাইলাকান্দি জিলাৰ প্ৰধান ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- পঞ্চগ্ৰাম, কাটাখাল, আলগাপুৰ, কালীবাৰী বাজাৰ, হাইলাকান্দি, মানাচৰা, লালবজাৰ।


৫। হাইলাকান্দি জিলাৰ জনসংখ্য়া আৰু মাটিকালি কিমান? 

উত্তৰঃ হাইলাকান্দি জিলাৰ জনসংখ্য়া হৈছে- ৬,৫৯,২৬০ জন আৰু মাটিকালি হৈছে- ১,৩২৫.৮৭ বৰ্গ কিলোমিটাৰ।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


কাৰ্বি আংলং ( পূৱ ) জিলা


১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) দুটা ৰে'ল ষ্টেছন 

উত্তৰঃ 


২। ক'ত, কিয় বিখ্য়াত লিখা -

(ক) বোকাজান    (খ) ডিফু    (গ) হামৰেণ

উত্তৰঃ

বোকাজানঃ মহকুমাৰ সদৰ। ইয়াত ভাৰতীয় চিমেণ্ট নিগমৰ এটা চিমেণ্টৰ কাৰখানা আছে।

ডিফুঃ জিলাৰ সদৰ ঠাই। ইয়াত প্লাইউদ কাৰখানা আৰু কফি গৱেষণা কেন্দ্ৰ আছে।

হামৰেণঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাই।


৩। কাৰ্বি আংলং জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ কাৰ্বি আংলং জিলাৰ মাটিকালি হৈছে- ৭৩৯৯ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ৬,৬০,৯৫৫ জন।


৪। কাৰ্বি আংলং জিলাৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম লিখা।

উত্তৰঃ কাৰ্বি আংলং জিলাৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ নাম হৈছে- ৩৬ নং আৰু ৩৯ নং।


৫। কাৰ্বি আংলং জিলাৰ ৰে'ল ষ্টেচনবোৰৰ নাম লিখা ।

উত্তৰঃ কাৰ্বি আংলং জিলাৰ ৰে'ল ষ্টেচনবোৰৰ নাম হৈছে- বৰলাংফেৰ, লাংচলিয়েট, নৈলাফাং, ডিফু, দলদলি, ধনশিৰি, বোকাজান আদি।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


পশ্চিম কাৰ্বি আংলং জিলা



১। পশ্চিম কাৰ্বি আংলং জিলাৰ নৈ-উপনৈবোৰ কি কি?

উত্তৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ নৈ-উপনৈবোৰ হৈছে- কপিলী, বৰাপানী, আমৰিং আৰু উমিৰাম।


২। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাইখনৰ নাম কি?

উত্তৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাইখনৰ নাম হৈছে- হামৰেণ।

৩। পশ্চিম কাৰ্বি আংলং জিলাত যথেষ্টে পৰিমাণে উৎপাদন হোৱা সামগ্ৰীবিধ কি?

উত্তৰঃ পশ্চিম কাৰ্বি আংলং জিলাত যথেষ্টে পৰিমাণে উৎপাদন হোৱা সামগ্ৰীবিধ হৈছে- কপাহ।


ডিমা হাচাও জিলা 



১। তোমাৰ নিজ জিলাখনৰ মানচিত্ৰ আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা -

(ক) চাৰিসীমা    (খ) জিলাৰ সদৰ ঠাই    (গ) দুখন উপনৈ    (ঘ) এখন পাহাৰীয়া স্বাস্থ্য়কৰ ঠাই 

উত্তৰঃ 


২। ক'ত , কিয় বিখ্য়াত লিখা-

(ক) জাতিংগা    (খ) হাফলং    (গ) মাহুৰ    (ঘ) মাইবং 

উত্তৰঃ

জাতিংগাঃ ইয়াত এটা পক্ষী নিৰিক্ষণ কেন্দ্ৰ আৰু এটা ফলৰ সংসাধন আৰু সংৰক্ষঁ কেনেদেৰ আছে।

হাফলংঃ জিলাৰ সদৰ ঠাই। অসমৰ অন্য়তম পৰ্যটনস্থলী।

মাহুৰঃ এটা ৰে'ল ষ্টেছন। ইয়াত অসমৰ ইয়াত অসমৰ ভিতৰত দীৰ্ঘতম ৰে'ল পথৰ সুৰংগ আছে।

মাইবংঃ মাইবঙত কছাৰী ৰজাৰ ৰাজধানী আচিল। ইয়াৰ পৰা কপাহ আৰু কাঠ ৰপ্তানি কৰা হয়।


৩। ডিমা হাচাও জিলাৰ মাটিকালি আৰু জনসংখ্য়া কিমান?

উত্তৰঃ ডিমা হাচাও জিলাৰ মাটিকালি হৈছে- ৪,৮৮৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্য়া হৈছে- ২,১৩,৫২৯ জন।


৪। তোমাৰ জিলাত উৎপন্ন হোৱা প্ৰধান শস্য়বোৰৰ নাম লিখা।

উত্তৰঃ মোৰ জিলাত উৎপন্ন হোৱা সামগ্ৰীসমূহ হৈছে- ধান, মাহ, সৰিয়হ, গোমধান, মৰাপাট আদি।


৫। ডিমা হাচাও জিলাত থকা ৰে'ল ষ্টেছনবোৰৰ নাম লিখা।

উত্তৰঃ ডিমা হাচাও জিলাত থকা ৰে'ল ষ্টেছনবোৰৰ নাম হৈছে- হাফলং, মাইলং, দিছা, হাৰাংগাজাও, মাহুৰ, মাইবং, হাতীখলি, লাংটিং, দাইতুহাজা।


৬। তোমাৰ জিলাৰ মহকুমাকেইটাৰ নাম লিখা।

উত্তৰঃ আমাৰ জিলাৰ মহকুমাৰ নাম হৈছে মৰিগাঁও।


-শ্ৰী হিৰু মনি বৰা



Post ID : DABP006284