পাঠ ৮

আমাৰ সামাজিক জীৱন পদ্ধতি



    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া- 

(ক) এটা জনসমষ্টিক কেতিয়া সমাজৰূপে গণ্য কৰা হয়?

উত্তৰঃ এটা অঞ্চলত বাস কৰা লোকসকলে উমৈহতীয়া কিছুমাননীতি-নিয়ম বা শৃংখলা ৰক্ষা কৰিলেহে কোনো জনসমষ্টিক সমাজৰূপে গণ্য় কৰা হয়।


(খ) আমি সামাজিক জীৱন কেনেদৰে উপভােগ কৰিব পাৰোঁ?

উত্তৰঃ বুজাবুজিৰে কাম কৰি আমি সামাজিক জীৱন উপভোগ কৰিব পাৰোঁ।


(গ) সামাজিক দায়বদ্ধতা বুলিলে কি বুজা?

উত্তৰঃ সমাজৰ অংশ হিচাপে এজন ব্য়ক্তিৰ এখন সমাজৰ ওচৰত যি যি কাৰণত দায়বদ্ধ সেয়াই হৈছে সামাজিক দায়বদ্ধতা।


(ঘ) মানৱ সমাজৰ লক্ষণ কি?

উত্তৰঃ মানুহে সমাজ এখনত মিলি থাকিবলৈ হ'লে কিছুমান নীতি-নিয়ম থাকে এই নীতি-নিয়মসমূহেই হৈছে মানৱ সমাজৰ লক্ষণ।


২। এখন সমাজৰ লক্ষণবােৰ কি কি? পাঁচটা লক্ষণৰ কথা লিখা। 

উত্তৰঃ এখন সমাজৰ লক্ষণবোৰ হৈছে-

(i) বাস কৰা লোকসকলৰ মাজত আচাৰ-ব্য়ৱহাৰৰ সাদৃশ্য়।
(ii) চিন্তা- ভাবনাৰ মিল।
(iii) লোকসকলৰ মাজত ভাবৰ আদান-প্ৰদান।
(iv) ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ।
(v) সকলোৰে বাবে কল্য়াণমূলক ব্য়ৱস্থাৰ প্ৰচলন ইত্য়াদি।


৩। সমাজত বিচিত্রতা আছে, তাকে বুজাবলৈ তুমি নিজাকৈ এটা উদাহৰণ দিয়া।

উত্তৰঃ একেখন সমাজতে থাকি কোনোৱে দিন-হাজিৰা কৰি দুবেলা দুমুঠি খায়, আন কোনোৱে আকৌ চৰকাৰী চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰে।

    একেখন সমাজতে থাকি কোনোৱে পকীঘৰত থাকে, আন কোনোৱে আকৌ খেৰৰ জুপুৰীত থাকে, আৰু আন কাৰোবাৰ আকৌ থাকিবলৈ ঘৰ নথকাৰ ফলত অঘৰী জীৱন কটায়।

    সেয়েহে কোৱা হয় - সমাজত বিচিত্ৰতা আছে।    


৪। আমি সামাজিক জীৱন উপভােগ কৰোঁ। তাকে বুজাবলৈ তুমি এটা নিজৰ অভিজ্ঞতাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ আমি সমাজিক জীৱন উপভোগ কৰোঁ।

    লিজাৰ বায়েকৰ বিয়াত তেওঁৰ বন্ধু-বান্ধৱীসকলে বহুতো সহায় কৰিলে। গাঁৱৰ ল'ৰাবিলাকে মিলিজুলি ৰভা দিলে। কোনোৱে আলহীক সোধ-পোছ কৰিছে, কোনোৱে কইনা সজাইছে, কোনোৱে চকী-টেবুল সজাইছে। এনেদৰে হাঁহি-ফূৰ্টিৰ মাজেৰে লিজা বায়েকৰ বিয়াখন উপভোগ কৰিলোঁ।


৫। সময়ৰ লগে লগে সামাজিক জীৱন পদ্ধতি সলনি হয়, তাকে বুজাবলৈ তুমি এটা উদাহৰণ দিয়া।

উত্তৰঃ সময়ৰ লগে লগে সামাজিক জীৱন পদ্ধতি সলনি হয়। এসময়ত গাঁৱৰ লোকে নদীৰ পানী অথবা ৰাজহুৱা কুঁৱাৰ পানী ব্য়ৱহাৰ কৰিছিল। এতিয়া অধিকাংশ ঠাইতে নলী-নাদৰ পানী ব্য়ৱহাৰ কৰা হয়। কোনো কোনো গাঁৱত চৰকাৰী পানীযোগান ব্য়ৱস্থাও আছে। এসময়ত চহৰৰ মানুহে শাক-পাচলি, মাছ-পুঠি আদিৰ পৰিমাণ এটা ধৰি লৈ মুঠে-মাঠে দাম দি কিনিছিল। এতিয়া দগা-পাল্লাৰ সহায়ত জুখি ওজন কৰিহে বস্তু কিনে।


৬। সামাজিক দায়বদ্ধতাৰ কথা বিবেচনা কৰি তলৰ প্ৰশ্নবােৰৰ উত্তৰ দিয়াঃ 

(ক) মণিমা পঞ্চম শ্রেণীৰ ছাত্রী। তাই চিটীবাছেৰে বিদ্যালয়লৈ যায়। সিদিনা তাই মহিলাৰ আসনত বহি গৈছিল। এনেতে ওচৰত এগৰাকী বুঢ়ী মানুহ থিয় দিলেহি। মণিমাই কি কৰা উচিত?

উত্তৰঃ মণিমাই আসনৰ পৰা উঠি বুঢ়ী তিৰোতাগৰাকীক বহিবলৈ দিয়া উচিত।


(খ) দেবাংশু ককায়েকৰ সৈতে ৰে'ল ষ্টেছনলৈ গৈছিল। প্লেটফৰ্মত থকা খােৱাপানীৰ টেপটোৰে অনৱৰতে পানী গৈ আছে, কোনােবাই টেপটো খুলি থৈ গৈছে। দেবাংশুৱে কি কৰা উচিত?

উত্তৰঃ দেবাংশুৱে পানীৰ টেপটো বন্ধ কৰি থোৱা উচিত।


(গ) অনন্ত আৰু দিগন্ত দুয়াে একেলগে বিদ্যালয়লৈ আহি আছিল। বুঢ়ী মানুহ এগৰাকীয়ে ৰাস্থা পাৰ হ'ব নােৱাৰি ৰৈ আছিল আৰু সিহঁতৰ সমুখতে উজুটি খাই পৰিল। সিহঁতে কি কৰা উচিত?

উত্তৰঃ মানুহগৰাকীক তুলি ৰাস্তাটো পাৰ কৰাই দিয়া উচিত।


(ঘ) যােৱা ৰাতি ধুমুহাত জামু গছজোপা ভাগি ৰাস্তাতে পৰিল। ফলত অৰুণহঁতৰ অহা-যােৱা পথটো বন্ধ হৈ পৰিল। অৰুণহঁতে কি কৰা উচিত?

উত্তৰঃ অৰুণহঁতৰ গাঁৱৰ ৰাস্তাটোত পৰি থকা গছডাল সকলোৱে মিলি আঁতৰ কৰা উচিত।



Check by- Mukesh Borah

Post ID : DABP002817