পাঠ ৯
জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
১। জীৱিকাৰ পৰস্পৰ নিৰ্ভৰশীলতা বুজাবলৈ তলত দিয়া তলিকাখন সম্পূৰ্ণ কৰা । (খ) অংশটো পূৰ কৰিবলৈ বৃত্তিবোৰ (গ) অংশৰ পৰা ল'বা ।
(ক) জীৱিকা |
(খ) পৰস্পৰ নিৰ্ভৰশীলতা |
(গ) বিভিন্ন জীৱিকা |
শিপিনী |
১। সূতা ব্য়ৱসায়ী২। কাপোৰৰ দোকানী |
|
চিকিৎসক |
১।নাৰ্ছ২।ঔষধ বেচোতা |
|
মাছমৰীয়া |
১।জাল গোঁঠা মানুহ২।মাছ বেপাৰী |
|
উকীল |
১।বিচাৰক২।মহৰি |
|
গুৱাল |
১।পশু চিকিৎসক২।গৰযখীয়া |
|
২। জীৱিকাৰ পৰস্পৰ নিৰ্ভৰশীলতা বুজাবলৈ তােমাৰ নিজৰ অভিজ্ঞতা এটা লিখা ।
উত্তৰঃ আমি আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলোবোৰ বস্তুৰ প্ৰয়োজন পূৰাবলৈ এজনে আন এজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাক পৰস্পৰ নিৰ্ভৰশীলতা বোলা হয়।
৩। সাধাৰণতে তুমি কোনবােৰ বৃত্তিৰ লােকৰ সহায় লােৱা?
উত্তৰঃ আমি সাাধাৰণতে গাড়ীচালক, শিক্ষক, দোকানী, দৰ্জী, খেতিয়ক আদি বৃত্তিধাৰী লোকৰ সহায় লওঁ।
৪। গৰখীয়া আৰু খেতিয়কৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা আছেনে? চমুকৈ বুজাই লিখা।
উত্তৰঃ গৰখীয়া আৰু খেতিয়কৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা আছে।
গৰখীয়াই গৰুৰ খাদ্য়ৰ বাবে ঘাঁহ আৰু খেৰৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয়। আৰু খেতিয়কে খেতিত সাৰ হিচাপে গৰুৰ মল-মূত্ৰ ব্য়ৱহাৰ কৰে।
খেতিয়কে পথাৰৰ মাটি চহাবৰ বাবে গৰখীয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আৰু গৰুক খেতি পথাৰৰ দৰে মুকলি ঠাইতহে চৰিবলৈ দিব পাৰি।
৫। কৃষি বনুৱাই খেতি - পথাৰত কাম কৰাৰ বাহিৰেও আন কি কি কাম কৰিব পাৰে?
উত্তৰঃ কৃষি বনুৱাই খেতি পথাৰত কাম কৰাৰ উপৰি ট্ৰেক্টৰ-পাৱাৰটিলা আদিৰে আনৰ পথাৰত মাটি চহাব পাৰে, হাঁহ-পাৰ আদি পুহিব পাৰে, মৎস্য় উৎপাদন আদিৰ দৰে কাম কৰিব পাৰে।
৬। চমুকৈ উত্তৰ দিয়া-
(ক) মনােৰমাই ডাকঘৰত জমা থােৱা ধনেৰে কি কৰিব বুলি ভাবিছে?
উত্তৰঃ মনোৰমাই ডাকঘৰত থোৱা ধনেৰে জীয়েক মাধুৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বুলি ভাবিছে।
(খ) মনেশ্বৰ আৰু তাৰিণীয়ে কেনেদৰে সংসাৰ চলায় ?
উত্তৰঃ মনেশ্বৰ আৰু তাৰিণীয়ে ক্ৰমে হালুৱা আৰু ৰোৱনী হিচাপে উপাৰ্যন কৰে। তেনেদৰে তেওঁলোকে সংসাৰ চলায়।
(গ) কিশােৰে কেনেকৈ পইচা উপার্জন কৰে?
উত্তৰঃ কিশোৰে পাৱাৰটিলাৰে আন খেতিয়কৰ মাটি চহাই পইচা উপাৰ্জন কৰে।
(ঘ) চুমিৰ পাঁচবছৰীয়া ছােৱালীজনীৰ কাপােৰ-কানিৰ খৰচ কোনে দিয়ে?
উত্তৰঃ চুমিৰ পাঁচবছৰীয়া ছােৱালীজনীৰ কাপােৰ-কানিৰ খৰচ হালৈ দম্পত্তিয়ে দিয়ে।
(ঙ) এজন গুৱালে কাৰ কাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়?
উত্তৰঃ এজন গোৱালে খেতিয়কৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
-শ্ৰী হিৰু মনি বৰা
Check by - Mukesh Borah
Post ID : DABP002846