গতি আৰু বল   | Chapter8  | অধ্যায়৮ | Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম  শ্ৰেণীৰ বিজ্ঞানৰ গতি আৰু বল  পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায় ৮

গতি আৰু বল 

1. গতিশীল আৰু স্থিৰ অৱস্থা  কাক বোলে ?

উত্তৰঃ সময়ৰ লগে লগে কোনো বস্তুৱে আন বস্তুৰ সাপেক্ষে স্থান পৰিৱৰ্তন কৰি থাকিলে বস্তুটো গতিশীল অৱস্থাত থকা বোলে। আনহাতে সময়ৰ লগে লগে আন বস্তুসাপেক্ষেে স্থান পৰিৱৰ্তন নকৰিলে বস্তুটো স্থিৰ অৱস্থাত থকা বোলে।


2. সৰলৰৈখিক গতি কাক বোলে ? পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ গতি  সৰলৰৈখিকনে ?

উত্তৰঃ গতিশীল বস্তুৰ স্থানৰ পৰিৱৰ্তন সৰলৰেখাৰে হ'ল ইয়াৰ গতিক সৰলৰৈখিক গতি বোলা হয়। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি সৰলৰৈখিক নহয়।


3. পৰমাণুকেন্দ্ৰৰ চাৰিওফালে ইলেকট্ৰনৰ গতি কি ধৰণৰ গতি ? ইলেকট্ৰনটো ঘূৰি থাকোঁতে ইয়াৰ দিশ একে থাকেনে ?

উত্তৰঃ পৰমাণুকেন্দ্ৰৰ চাৰিওফালে ইলেকট্ৰনৰ গতি বৃত্তীয় গতি। ইলেকট্ৰনটো ঘূৰি থকা অৱস্থাত প্ৰতি মূহুৰ্ততে পৰিৱৰ্তন হৈ থাকে।


4. বৃত্তীয় গতি আৰু ঘূৰ্ণন গতি কাক বোলে ? দুয়োটাৰে দুটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ  এটা বিন্দুক কেন্দ্ৰ কৰি বৃত্তাকাৰ পথত কৰা গতিক বৃত্তীয় গতি বোলে। বৃত্তীয় গতিৰ উদাহৰণ হ'ল- পৰমাণু কেন্দ্ৰৰ চাৰিওফালে ইলেকট্ৰনৰ গতি, সূৰ্যৰ চাৰিওফালে কৰা গ্ৰহৰ গতি। কোনো এটা বস্তুৱে তাৰ কাল্পনিক ৰেখাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক ঘূৰ্ণন গতি বোলে। ঘূৰ্ণন গতিৰ উদাহৰণ হ'ল- গাড়ীৰ ঘূৰি থকা চকা বা ঘূৰি থকা লাটুমৰ গতি, পৃথিৱীয়ে নিজ অক্ষলসাপেক্ষে কৰা গতি। 


5. গাড়ীৰ চকা এটা আঁকি ইয়াৰ ঘূৰ্ণন অক্ষডাল আঁকি দেখুওৱা।

উত্তৰঃ 


6. দোলন গতি আৰু পৰ্যাবৃত্ত গতি কাক বোলে ? দুয়োটাৰে দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ এটা নিৰ্দিষ্ট অৱস্থানৰ দুয়োফালে সমদূৰত্বত সমান সময়ত বাৰে বাৰে কৰা গতিক দোলন গতি বোলে। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে একে ধৰণৰ গতিৰ পুনৰাবৃত্তি হৈ থাকিলে তেনে গতিক পৰ্যাবৃত্ত গতি বোলে। দোলন গতিৰ উদাহৰণ হৈছে- ঝুলনাৰ গতি, পেণ্ডুলামৰ গতি। পৰ্যাবৃত্ত গতিৰ উদাহৰণ হৈছে- দোলক এটাৰ গতি, সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি।


7. সূৰ্যৰ চাৰিওফালে কৰা পৃথিৱীৰ গতিৰ পৰ্যায় কাল কিমান ?

উত্তৰঃ সূৰ্যৰ চাৰিওফালে কৰা পৃথিৱীৰ গতিৰ পৰ্যায় কাল হৈছে- ৩৬৫ ১/৪ দিন।


8. ঘড়ীৰ মিনিট আৰু ছেকেগু কাঁটাডালৰ পৰ্যায় কাল কিমান ?

উত্তৰঃ ঘড়ীৰ মিনিট কাঁটাডালৰ পৰ্যায় কাল হৈছে- ১১ ঘন্টা আৰু ঘড়ীৰ ছেকেণ্ড কাঁটাডালৰ পৰ্যায়কাল হৈছে- ১ মিনিট।


9. দ্ৰুতি কাক বোলে ? দ্ৰতি একক কি ?

উত্তৰঃ কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক বস্তুটোৰ দূতি বোলে।

দ্ৰুতিৰ একক হৈছে- মি/ ছে. বা কি.মি/ ঘ.।


10. এখন উৰাজাহাজে ২০০০ কিমি. যাবলৈ ৫ ঘন্টা সময় ললে । উৰাজাহাজখনৰ দ্ৰতি কিমান ?

উত্তৰঃ উৰাজাহাজ খনৰ দ্ৰুতি = সময়/দূৰত্ব

= ২০০০ কি.মি/ ৫ ঘ.

= ৪০০ কি.মি/ ঘ.।

11. এজন মটৰ চাইকেল আৰোহীৰ দ্ৰতি ৭০ কিমি./ ঘ. । একেৰাহেগৈ থাকিলে ৬ ঘন্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব ? মটৰ চাইকেলখনৰ দ্ৰুতি মি. / ছে.ত কিমান ?

উত্তৰঃ দিয়া আছে দ্ৰুতি= ৭০ কিমি./ঘ.

দ্ৰূতি = দূৰত্ব / সময়

দূৰত্ব = দ্ৰুতি ✕ সময়

= ৭০ কিমি./ ঘ ✕ ৬ ঘ

= ৪২০ কিমি.

পুনৰ মি/ ছে অত দ্ৰুতি = ৭০✕১০০০ মি./ ৬০ ✕ ৬০ ছে

= ৭০০ / ৩৬ মি./ছে

= ১৯.৪৪ মি. / ছে।

12. ৫মি. / ছে. দ্ৰুতিৰে গতি কৰা বস্তু এটাই ৪কিমি. দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লব ?

উত্তৰঃ দ্ৰুতি = দূৰত্ব / সময়

= ৮ ✕ ১০০০ মি./ ৫ মি. / ছে

= ৮০০

৪ কি.মি. অতিক্ৰম কৰিবলৈ ৮০০ ছে. লাগিব।

13. গুৱাহাটীৰপৰা ডিড্ৰুগড়লৈ দূৰত্ব ৪০০ কিমি. । এখন বাছে এই দূৰত্ব অতিক্ৰম কৰোতে সময় ললে ৮ঘন্টা । বাছখনৰ গড় দ্ৰুতি কিমান ?

উত্তৰঃ দিয়া আছে ঠাই দুখনৰ মাজৰ দূৰত্ব = ৪০০ কিমি.

সময় = ৮ ঘন্টা

গড় দ্ৰুতি = মুঠ দূৰত্ব / মুঠ সময়

= ৮৯০০ কিমি. / ৮ ঘন্টা

= ৫০ কি.মি/ ঘ.


14. সুষম গতি আৰু অসুষম গতিৰ পাৰ্থক্য কি ? বাছেৰে গুৱাহাটীৰপৰা নগাঁৱলৈ গলে বাছখনৰ গতি সুষমনে ?

উত্তৰঃ  

সুষম গতি

অসুষম গতি

কোনো গতিশীল বস্তুৱে সমান সময়ত সামন দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক সুষম গতি বোলা হয়।

বস্তু এটাই সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম নকৰিলে বস্তুটোৰ গতিক অসুষম গতি বোলে।

এখন গাড়ীয়ে প্ৰতি ঘন্টাত 50 কিমি. দূৰত্ব অতিক্ৰম কৰিলে গাড়ীখনৰ গতি সুষম।

গাড়ী এখন ৰাস্তাত চলিলে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰি নাথাকে এইটো অসুষম গতি।

বাছেৰে গুৱাহাটীৰপৰা নগাঁৱলৈ গ'লে বাছখনৰ গতি অসুষম।

15. গতিশীল বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে গতিৰ কি কি পৰিৱৰ্তন হব পাৰে ?

উত্তৰঃ গতিশীল বস্তুৰ ওফৰত বল প্ৰয়োগ কৰিলে-

(১) গতিৰ দিশত বল প্ৰয়োগ কৰি দ্ৰুতি বৃদ্ধি পায়।

(২) গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰিলে দ্ৰুতি কমে বা স্থিৰ অৱস্থালৈ আহে।

(৩) ন দিশত বল প্ৰয়োগ কৰিলে দ্ৰুতি আৰু দিশৰ পৰিৱৰ্তন ঘটে।


16. সূৰ্যৰ চাৰিওফালে পৃথিৱীক কি বলে অনবৰতে ঘূৰাই ৰাখে ?

উত্তৰঃ সূৰ্যৰ চাৰিওপালে পৃথিৱীক অনবৰতে মহাকৰ্ষণ বলে ঘূৰাই ৰাখে।


17. বস্তুৰ ওজন মানে কি ?

উত্তৰঃ কোনো বস্তুত পৃথিৱীয়ে যি মধ্য়াকৰ্ষণ বলেৰে আকৰ্ষণ কৰে তাৰ পৰিমাণেই হ'ল বস্তুটোৰ ওজন।

18. স্থিতিস্থাপক বল যে আছে তাৰ প্ৰমাণ এটা দিয়া ।

উত্তৰঃ ৰবৰ এটুকুৰা টানিলে দীঘল হয়। ৰবৰ টনা বন্ধ কৰিলেই ৰবৰটুকুৰা আগৰ অৱস্থালৈ ঘূৰি আহে। কাৰণ তাত স্থিতিস্থাপক বল আছে।


19. দুটা আধানযুক্ত পদাৰ্থৰ বৈদ্যুতিক বল কিহৰ ওপৰত নিৰ্ভৰ কৰে  ?

উত্তৰঃ দুটা আধানযুক্ত পদাৰ্থৰ মাজৰ বৈদ্য়ুতকিক বল নিৰ্ভৰ কৰে-

(১) আধানৰ পৰিমাণৰ ওপৰত

(২) দুটা পদাৰ্থৰ মাজৰ দূৰত্বত।


20. মহাকৰ্ষণ বল কি ?

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো সৰু, ডটাঙৰ, বৃহৎ আকাৰৰ বস্তুৱেই ইটোৱে-সুটোক একপ্ৰকাৰ বলেৰে আকৰ্ষণ কৰি থাকে। এই বলক মহাকৰ্ষণ বল বোলে।


21. মাধ্যাকৰ্ষণিক বল মহাকৰ্ণ বলনে ? 

উত্তৰঃ মাধ্যাকৰ্ষণিক বল মহাকৰ্ণ বল হয়।


22. সংজ্ঞা লিখা  ।

(ক) স্থিতিস্থাপক বল

উত্তৰঃ স্থিতিস্থাপক বলঃ এডাল স্প্ৰিং ওলোমাই ৰাখি তাৰ আনটো মূৰত এটা দগা বা শিল ওলোমালে বা হাতেৰে টানিলে স্প্ৰিংডাল দীঘল হয়। দগা বা শিলটোৰ ওজনে স্প্ৰিংডাল তলফালে টানি থকাৰ সময়মত স্প্ৰিংডালত আন এটা বলে ক্ৰিয়া কৰে। এই বলক স্থিতিস্থাপক বল বোলে। স্প্ৰিংডাল দীঘল হৈ স্থিৰ অৱস্থা পালে স্প্ৰিঙৰ স্থিতিস্থাপক বল ওজনৰ সমান হয়। স্প্ৰিংডাল টনা বল আঁতৰালে স্থিতিস্থাপক বলে স্প্ৰিংডালক আগৰ দৈৰ্ঘ্যলৈ ঘূৰাই আনে।

(খ) চুম্বকীয় বল 

উত্তৰঃ চুম্বকীয় বলঃ এডাল চুম্বকৰ ওচৰত লো এটুকুৰা ৰাখিলে লোটুকুৰা আহি চুম্বকডালত  লাগেহি। চুম্বকে লোটুকুৰাৰ ওপৰত এক আক্ৰষণ বল প্ৰয়োগ কৰাৰ ফলত এনে হয়। চুম্বকে প্ৰয়োগ কৰা বলক চুম্বকীয় বল বোলে। আন চুম্বকৰ ওপৰতো এডাল চুম্বূকে চুম্বকীয় বল প্ৰয়োগ কৰে। সকলো পদাৰ্থৰ ওপৰত চুম্বকীয় বল প্ৰয়োগ কৰিব নোৱাৰি। তাম, সোণ, কাঠ, বাঁহ, কাগজ আদিৰ ওপৰত চুম্বকীয় বল প্ৰয়োগ কৰিব নোৱাৰি।

(গ) নিউক্লীয় বল 

উত্তৰঃ নিউক্লীয় বলঃ পৰমাণুকেন্দ্ৰত প্ৰ'টন আৰু নিউট্ৰন কণিকা থাকে। প্ৰ'টনবোৰৰ আধান ধনাত্মক। নিউট্ৰনৰ আধান নাথাকে। পৰমাণুকেন্দ্ৰত প্ৰ'টন আৰু নিউট্ৰন কণিকাবোৰ পৰমাণুকেন্দ্ৰপৰা ওলাব নোৱাৰাকৈ এক শক্তিশালী বলে বান্ধি ৰাখে। এই বল বৈদ্য়ুতিক বল নহয়। একে আধানৰ প্ৰ'টনৰ মাজৰ বিকৰ্ষণী বৈদ্য়ুতিক বলেহে ক্ৰিয়া কৰিব। নিউট্ৰনৰ মাজত বৈদ্য়ুতিক বলে ক্ৰিয়া নকৰে। সেয়েহে, শক্তিশালী বলবিধ বৈদ্য়ুতিক বল হ'ব নোৱাৰে।


23. ঘৰ্ষণ বল কাক বোলে ?

উত্তৰঃ এটা বস্তু আন এক বস্তুৰ পৃষ্ঠৰ ওপৰেৰে গতি কৰিলে বস্তুটোৰ ওপৰত ইয়াৰ গতিৰ বিপৰীত এক বলে ক্ৰিয়া কৰে। এই বলকেই ঘৰ্ষণ বল বোলে।


24. ঘৰ্ষণ বল নাথাকিলে হ'ব পৰা দুটা অসুবিধাৰ উদাহৰণ দিয়া ।

উত্তৰঃ ঘৰ্ষন বল নথকাহেতেন আমি হাতেৰে বস্তু ধৰি ৰাখিব নোৱাৰিলোহেতেন, পিছলি গ'লহেতেন। ঘৰ্ষন বল নথাকাহেতেন চাইকেল বা গাড়ী এখন ব্ৰেক মাৰি ৰাখিব নোৱাৰিলোহেতেন। 


25. পিছল ঘৰ্ষণ আৰু আৱৰ্তন ঘৰ্ষণ কাক বোলে ।

উত্তৰঃ কোনো বস্তু এখন পৃষ্ঠৰ ওপৰেৰে চুঁচৰি গ'লে যি ঘৰ্ষণ বলৰ সৃষ্টি হয় তাক পিছল ঘৰ্ষণ বোলে। এটা কঠিন বস্তু আন এক কঠোৰ বস্তুৰ গাত ঘঁহনি খাই ঘূৰি ঘূৰি গতি কৰিলে যি ঘৰ্ষণ বলৰ সৃষ্টি হয় তাক আৱৰ্তন ঘৰ্ষণ বোলে।


26. চকা লগালে যি কোনো বস্তু  টানিবলৈ সহজ হয় কিয় ?

উত্তৰঃ যিকোনো বস্তুত চকা লগাই টানিলে তাত ঘূৰ্ণী ঘৰ্ষণৰ সৃষ্টি হোৱা দেখা যায়। পিছল ঘৰ্ষনতকৈ ঘূৰ্ণী ঘৰ্ষণৰ মান কম সেইবাবে যি কোনো বস্তুত চকা লগালে টানিবলৈ সহজ হয়। 


27. পিছল মজিয়াত খোজ কাঢ়িবলৈ অসুবিধাৰ কিয় লাগে?

উত্তৰঃ পিছল মজিয়াত খোজ কাঢ়িবলৈ অসুবিধা হয় কাৰণ তাত ঘৰ্ষণ বল কম হয়।


28. মটৰগাড়ীৰ চকাৰ উপৰিভাগ খহটা কিয় কৰে ?

উত্তৰঃ ঘৰ্ষণ বল বঢ়াবলৈ মটৰগাড়ীৰ চকাৰ উপৰিভাগ খহটা কৰে।


29. দৈনন্দিন জীৱনত ঘৰ্ষণ বলৰ দুটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ দৈনন্দিন জীৱত ঘৰ্ষণ বলৰ দুটা সুবিধা হৈছে-

(১) আমি খোজ কাঢ়িবলৈ সুবিধা পাওঁ

(২) আমি হাতেৰে কলৰ ধৰি লিখিব পাৰো।

Author: Chinmay Kakati




Post ID : DABP006131