অধ্যায় ৮
কোষ-গঠন আৰু কাৰ্য
👉Text Book PDF
👉MCQ Online Exam
👉MCQs Answer
১. উত্তৰ দিয়াঃ
(a) কোষ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ- কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল।
(b) কোষ নামটো কোনে দিছিল?
উত্তৰঃ- কোষ নামটো ৰবাৰ্ট হুকে দিছিল।
(c) কোষৰ প্রধান ভাগ দুটা কি কি?
উত্তৰঃ- কোষৰ প্ৰধান ভাগ দুটা হ'ল- এককোষী আৰু বহুকোষী।
(d) ক্রম’জম কি?
উত্তৰঃ- কোষ বিভাজনৰ সময়ত এই ক্ৰ'মেটিডবিলাক সংকুচিত হয় আৰু ক্ৰ'মেটিড গঠন কৰা প্ৰতিটো ডিএনএ অণুৱে পাতৰ সূতা বা আঁহৰ দৰে দীঘলীয়া অংশ হিচাপে দেখা যায়। তাকে ক্ৰ'ম'জম বোলে।
(e) কোষৰ কোনটো অংশত কোষাংগবােৰ থাকে।
উত্তৰঃ- কোষৰ
২. কোষৰ অংশসমূহ কি কি?
উত্তৰঃ- কোষৰ অংশসমূহৰ হ'ল- কোষাৱৰণ, কোষপ্ৰৰস আৰু নিউক্লিয়াছ বা কোষকেন্দ্ৰ।
৩. “কোষ জীৱৰ মৌলিক গঠনগত গােট”—ব্যাখ্যা কৰা।
উত্তৰঃ- জীৱজগতত জীৱসমূহ এটাৰ পৰা আনটো পৃথক হলেও সকলোবোৰেই কিন্তু কোষৰ দ্বাৰা গঠিত। গঠন বা কাৰ্য্য সুকীয়া হ’লেও সকলো জীৱৰে সকলো অংগ কোষেৰে গঠিত। উদাহৰণ স্বৰূপে, কুকুৰাৰ কণীয়ে এটা কোষক সূচায় অৰুই ইমান ডাঙৰ যে খালী চকুৰেও যথেষ্ট ডাঙৰ দেখা যায়, আনহাতে বেক্টেৰীয়া এমিবা আদি জীৱবোৰ এককোষী আৰু ইমান সৰু যে অতি শক্তিশালী অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পাৰি। সেইদৰে, উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন অংগসমূহৰ গঠন আৰু কাৰ্য্য বেলেগ বেলেগ হয়, কিন্তু এই অংগসমূহে কোষৰ দ্বাৰা গঠিত। গতিকে, জীৱৰ বাবে কোষ হৈছে সিহঁতৰ মৌলিক গঠনৰ গোট।
৪. প্র’কেৰিঅ'ট আৰু ইউকেৰিঅ'ট কোষৰ পার্থক্য লিখা।
উত্তৰঃ- প্রকেৰিঅ’ট বা প্রকোষকেন্দ্রীয় কোষৰ কোষ কেন্দ্ৰটো সুসংগঠিত নহয়। তাত কোষকেন্দ্ৰৰ আৱৰণ নাই। লগতে, কোষকেন্দ্রীয় দ্রব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে। এই ধৰণৰ কোষ সাধাৰণতে এককোষী জীৱত পোৱা যায়। উদাহৰণ – বেক্টেৰীয়া, নীল সেউজ শেলাই।
ইউকেৰিঅ’টি বা সংকোষকেন্দ্রীয় কোষসমূহৰ কোষকেন্দ্ৰটো কোষপ্রৰসৰ পৰা কোষকেন্দ্রীয় আৱৰণৰ দ্বাৰা পৃথক হৈ থাকে। কোষকেন্দ্রীয় আন দ্রব্য সমূহহো আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। ইহঁতৰ কোষকেন্দ্ৰটো সুসংগঠিত ৰূপত থাকে। এই ধৰণৰ কোষ বহুকোষী জীৱত পোৱা যায়। উদাহৰণ – বেক্টেৰিয়া আৰু নীলহৰিৎ শেলাইৰ বাহিৰে আন সকলো জীৱ এইটো ভাগত পৰে।
৬. উদ্ভিদকোষ আৰু প্রাণীকোষৰ পার্থক্য উল্লেখ কৰা।
উত্তৰঃ-
উদ্ভিদকোষ
|
প্ৰাণীকোষ
|
(১)
কোষাৱৰণৰ উপৰি উদ্ভিদকোষত এখন দৃঢ় কোষবেৰ থাকে।
|
(১)
কোষক আৱৰি কোষাৱৰণ থাকে। কোষবেৰ নাথাকে।
|
(২)
কোষৰ মাজভাগত ডাঙৰ ৰসধানী থাকে বাবে কোষকেন্দ্ৰ কোষটোৰ এটা কাষত অৱস্থান
কৰে।
|
(২)
কোষকেন্দ্ৰই কোষৰ মাজভাগত অৱস্থান কৰে।
|
(৩)
ৰসধানী ডাঙৰ।
|
(৩)
কোষপ্ৰৰসত বহুত সৰু সৰু ৰসধানী থাকে।
|
(৪)
প্লাষ্টিড থাকে।
|
(৪)
প্লাষ্টিড নাথাকে।
|
(৫)
নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব পাৰে।
|
(৫)
নিজে নিজে আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।
|
৮. তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা।
(a) কোষকেন্দ্র (b) কোষপ্রৰস (c) প্লাষ্টিড (d) গলগি সংঘ (e) ৰসধানী
(a) উত্তৰঃ কোষকেন্দ্ৰঃ প্ৰত্যেক কোষতে সাধাৰণতে একোটাকৈ কোষকেন্দ্ৰ থাকে। কিন্তু ভেঁকুৰ বা আন কিছুমান জীৱৰ কোষত একাধিক কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰ কোষটোৰ মাজ অংশত থাকে যদিও উদ্ভিদকোষৰ মাজভাগত ডাঙৰ এটা ৰসধানী থকাৰ বাবে ই কেন্দ্ৰভাগত সলনি কোনো এটা কাষত থাকে। এখন আৱৰণে কোষকেন্দ্ৰক কোষপ্ৰৰসৰ পৰা পৃথক কৰিছে। এই আৱৰণখনক কোষকেন্দ্ৰীয় আৱৰণ বোলে। এই আৱৰণখন দুতৰপীয়া আৰু বিন্ধাযুক্ত আৰু এইবোৰে কোষপ্ৰৰস আৰু কোষকেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে। ক্ৰ'মেটিড নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষকেন্দ্ৰত থাকে। এইবোৰে জিন কঢ়িযাই আৰু বংশাণুক্ৰমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত গঠন কৰা প্ৰতিটো ডিএনএ অণুৱে পাতল সূতা বা আঁহৰ দৰে দীষলীয়া অংশ হিচাপে দেখা যায়। এইবোৰক তেতিয়া ক্ৰম'জ'ম বোলে। বংশাণুক্ৰমৰ ওপৰত থকা ভূমিকাৰ উপৰিও, অতিৰিক্তভাৱে ই কোষৰ কামসমূহক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ কৰে। কোষৰ পৰা কোষকেন্দ্ৰটো আতৰালে বা নষ্ট কৰিলে কোষত স্বাভাৱিক প্ৰক্ৰিয়াবোৰ ব্যাপক হয়। শেষত এনে কোষৰ মৃত্যু হয়।
কোষকেন্দ্ৰৰ ভিতৰত এটা সৰু গোলাকাৰ অংশ থাকে। ইয়াক অতিকোষকেন্দ্ৰ বোলে।
(b) উত্তৰঃ কোষপ্ৰৰসঃ কোষৰ ভিতৰত এক অৰ্ধজুলীয়া পদাৰ্থৰে গঠিত। ইয়াক কোষপ্ৰৰস বোলে। কোষকেন্দ্ৰৰে সৈতে কোষপ্ৰৰসক প্ৰট'প্লাজম বোলে। কোষপ্ৰৰসত আৱৰণৰ দ্বাৰা গঠিত কিছুমানঅংশ থাকে। এইবোৰক কোষাংগ বা অৰ্গেনেল বোলে। মাইট'কণ্ড্ৰিয়া, গলগি সংঘ, অন্তঃপ্ৰৰসীয় জালিকা, ৰাইব'জ'ম ইত্যাদিবোৰ কোষাংগ। ইয়াৰ উপৰিও কোষপ্ৰৰসত বহুতো সঞ্চিত দ্ৰব্য থাকে। প্ৰ'কেৰিঅ'টছত কোষাংগ বা অৰ্গেনেল নাথাকে।
(c) উত্তৰঃ প্লাষ্টিড্ঃ উদ্ভিদকোষৰ পাতৰ কোষপ্ৰৰসত বহুতো সৰু সৰু ৰঙীণ গঠন দেখিবলৈ পোৱা যায়। এইবোৰক প্লাষ্টিড বোলে। ইহঁত বিভিন্ন ৰঙৰ হয়। ইহঁতৰ কিছুমানৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে, যাক ক্লৰ'ফিল বুলি কোৱা হয়। সেউজীয়া ৰঙৰ প্লাষ্টিডবোৰক ক্লৰ'প্লাষ্ট বা হৰিৎকণা বোলে। হৰিৎকণাৰ বাবে পাতৰ বৰণ সেউজীয়া হয়। তোমালোকে মনত পেলোৱা যে পাতৰ ক্লৰ' প্লাষ্টত থকা ক্লৰ'ফিল সকলো সংশ্লেষণৰ বাবে অতি প্ৰয়োজন।
ক্লৰ'প্লাষ্টৰ বাহিৰেও উদ্ভিদৰ আন অংশ যেনে ফুলৰ পাহি, ফল, শিপা আদিৰ ৰঙীণ বা বৰ্ণহীন প্লাষ্টিড পোৱা যায়।
(d) গলগি সংঘঃ ১৮৯৮ চনত ইটালিৰ জীৱবিজ্ঞানী কেমিল' গলগিয়ে এইবিধ কোষাংগ আৱিষ্কাৰ কৰিছিল। ইয়াত বিভিন্ন প্ৰটিন অণুৰ ৰাসায়নিক ৰূপান্তৰ সম্পন্ন হয়। এইবোৰ দেখিবলৈ চেপেটা, থালি সদৃশ আৰু এটাৰ ওপৰত আনটো জাপ খাই থাকে।
(e) ৰসধানীঃ উদ্ভিদ কোষৰ কোষপ্ৰৰসত ডাঙৰ খালী ঠাইৰ দৰে কিছুমান আকৃতি দেখা পোৱা যায়। এইবোৰক ৰসধানী বোলে। ৰসধানী অৰ্ধজুলীয়া পদাৰ্থৰে পূৰ হৈ থাকে। ৰসধানীৰ চাৰিওফালে থকা আৱৰণক ট'ন'প্লাষ্ট বোলে। প্ৰাণীকোষৰ ৰসধানীবোৰ বহুত সৰু সৰু হয়। কোষত উৎপাদিত বৰ্জিত পদাৰ্থও ৰসধানীত জমা হয়।
৯. তলৰ উক্তিবােৰ সত্য নে অসত্য উল্লেখ কৰা।
(a) এককোষী জীৱৰ দেহত এটাহে কোষ থাকে।
উত্তৰঃ সত্য।
(b) এটা জীৱৰ মৌলিক জীৱিত গােট হ’ল অংগ।
উত্তৰঃ অসত্য।
(c) এমিবাৰ আকৃতি অনিয়মীয়া।
উত্তৰঃ সত্য
(d) পেশীকোষবােৰ শাখাযুক্ত।
উত্তৰঃ অসত্য।
Type- Nayan Jyoti Bordoloi
Author: Himashree Bora.
Check by - Mukesh Borah
Post ID : DABP006163