অধ্যায় ৭

 উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ

    👉Text Book PDF
    👉MCQ Online exam
    👉MCQs Answer

১। খালী ঠাই পূৰ্ণ কৰাঃ

(ক) প্ৰাকৃতিক আৱাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক             বোলে।

উত্তৰঃ সংৰক্ষিত জীৱ মণ্ডল।

(খ) কেৱল এটা সুনিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক                  বোলা হয়।

উত্তৰঃ থলুৱা প্ৰজাতি।

(গ) পৰিভ্ৰমী চৰাইবোৰ                  পৰিৱৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায়।

উত্তৰঃ ঋতু।


২। তলত দিয়াবোৰক পাৰ্থক্য লিখা। 

(ক) অভয়াৰণ্য আৰু সংৰক্ষিত জীৱমণ্ডল। 

উত্তৰঃ অভয়াৰণ্য আৰু সংৰক্ষিত জীৱমণ্ডলৰ মাজত পাৰ্থক্য হ'ল- অভয়াৰণ্যত প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থানক কোনো ধৰণৰ ক্ষতি হ'ব নোৱৰাকৈ সংৰক্ষণ কৰা অঞ্চল।

আনহাতে, সংৰক্ষিত জীৱমণ্ডল হ'ল বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীসম্পদসমূহ সুৰক্ষিত কৰা আৰু তাত বাস কৰা জনজাতীয় লোকৰ ঐতিহ্যময় জীৱনৰ ৰক্ষণাৱেক্ষণ দিয়া।   

(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য। 

উত্তৰঃ অভয়াৰণ্য় হৈছে  উদ্ভিদ আৰু প্ৰাণীসমূহৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সৃষ্টি কৰা কিছুমান সংৰক্ষিত বনাঞ্চল। ইয়াৰ বন্য়প্ৰাণী সমূহে মুক্তভাবে বিচৰণ কৰিব পাৰে। কিন্তু চিৰিয়াখানাত প্ৰাণীবোৰে সুৰক্ষা পায় যদিও তাত প্ৰাণী সমূহে মুক্তভাবে বিচৰণ কৰিব নোৱাৰে।

(গ) লুপ্তপ্ৰায় আৰু বিলুপ্ত প্ৰজাতি। 

উত্তৰঃ যিবোৰ প্ৰাণীৰ সংখ্য়া কমি গৈ এসময়ত লুপ্ত হ'ব পৰা স্তৰ পায়গৈ সেইবোৰক লুপ্তপ্ৰায় প্ৰজাতি বোলে। আনহাতে যিবোৰ প্ৰাণী ইতিমধ্য়ে পৃথিৱীৰপৰা নাইকিয়া হৈছে সেইবোৰক বিলুপ্ত প্ৰজাতি বোলে।

(ঘ) উদ্ভিদকুল আৰু প্ৰাণীকুল। 

উত্তৰঃ একোটা নিৰ্দিষ্ট অঞ্চলৰ বাস কৰা উদ্ভিদবোৰক উদ্ভিদকুল আনহাতে কোনো একোটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা প্ৰাণীবোৰক প্ৰাণীকুল বোলে।


৩। তলত দিয়াবোৰৰ ওপৰত নিৰ্বনীকৰণৰ প্ৰভাৱসমূহ আলোচনা কৰা। 

(ক) বন্যপ্ৰাণী 

উত্তৰঃ পৃথিৱীত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। প্ৰাকৃতিক ভাৰসাম্য় বজাই ৰাখিবলৈ এইবোৰ অপৰিহাৰ্য। বন্য়প্ৰাণী জীয়াই থাকিলেহে মানৱৰ কল্যাণ আৰু অস্তিত্ব ৰক্ষা পাব। বৰ্তমান নিৰ্বনীকৰণৰ অধিক হোৱাৰ বোবে বন্য়প্ৰাণীসমূহৰ আহাৰ আৰু বাসস্থানৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হৈছে।

(খ) পৰিৱেশ 

উত্তৰঃ নিৰ্বনীকৰণে পৰিবেশৰ ওপৰত পোনপটিয়াকৈ প্ৰভাৱ পেলায়। নিৰ্বনীকৰণে পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মান বৃদ্ধি কৰে। ই বায়ুমণ্ডলত কাৰ্বন- ডাই-অক্সাইড স্তৰ বৃদ্ধি কৰে আৰু ভূ-গৰ্ভত পানীৰ স্তৰ কমি যায়। গছ কটা অৱিৰামভাবে চলি থাকিলে বৰষুণৰ পৰিমান আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পায় ফলত বানপানী খৰাং আদিয়ে দেখা দিয়ে।

(গ) গাওঁ (গ্ৰামাঞ্চল) 

উত্তৰঃ নিৰ্বনীকৰণে মাটিৰ পানী ধাৰণ ক্ষমতা হ্ৰাস কৰে। মাটিৰ পৃষ্ঠভাগৰপৰা ভূ-তললৈ পানীৰ চলাচল হ্ৰাস কৰে। ফলত বানপানীৰ সৃষ্টি হয় লগতে মাটিৰ আন গুণসমূহ যেনে- পুষ্টি উপাদান, গাঁথনি আদিও নিৰ্বনীকৰণৰ বিবে সলনি হয় । তাৰ ফলত গাওঁ অঞ্চলত খেতি-বাতি নোহোৱা হয়।

(ঘ) নগৰ (চহৰাঞ্চল)

উত্তৰঃ গছ-গছনিয়ে বহু পৰিমাণে বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰে। কল-কাৰখানাৰ, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আদিয়ে বায়ু প্ৰদূষণ কৰে আৰু এইবোৰ ৰোধ কৰিবলৈ গছ-গছনি সংখ্য়া কমি যোৱাৰ ফলত বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে।

(ঙ) পূথিৱী 

উত্তৰঃ নিৰ্বনীকৰণৰ প্ৰভাব পৃথিৱীত বহুত বেছিকৈ পৰে। উদ্ভিদক সালোক-সংশ্লেষণৰ বাবে কাৰ্বন-ডাই-অক্সাইডৰ প্ৰয়োজন। উদ্ভিদৰ পৰিমান কম হোৱা হেতুকে কাৰ্বন-ডাই-অক্সাইডৰ ব্য়ৱহাৰো কম হয়, যাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি হৈছে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়।ফলস্বৰূপে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। পৃথিৱীত বৃদ্ধি হোৱা উষ্ণতাই জলচক্ৰৰ বিজুতি ঘটায় আৰু বৰষুণৰ পৰিমাণ কমাব পাৰে।ইয়াৰ ফলত খৰাঙৰ সৃষ্টি হ'ব পাৰে।

(চ) উত্তৰ প্ৰজন্ম 

উত্তৰঃ যদি বনাঞ্চল ধ্বংস হৈ যায়, তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ ওপৰৰ বৰফবোৰ গলাই পেলাব । মহা প্ৰলয় সদৃশ বানপানী হব । সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি সমুদ্ৰৰ উপকূল অঞ্চলত থকা দেশবোৰ পানীৰ তলত নিচ্ছিন্ন হৈ পৰিব । উত্তৰ প্ৰজন্মই এইবোৰ দেশৰ অস্তিত্বই নাপাব । গছ বিৰিখ ধ্বংসৰ ফলত বনজ সম্পদ যেনে – কাঠ, কয়লা, পশু – পক্ষী আদিৰ বিলুপ্তি ঘটা দেখা পাব । পৃথিৱীত উত্তৰ প্ৰজন্মৰ অস্তিত্বই বিপন্ন হব ।


৪। কি হ'ব পাৰে 

(ক) আমি গছ কাটি থাকোঁ : আমি গছ কাটি গৈ থাকিলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আৰু অক্সিজেনৰ পৰিমাণ কমি যাব । গতিকে প্ৰাণী কুলৰ লগতে মানুহৰ জীৱন বিপন্ন হব । বৰষুণৰ পৰিমাণ কমিব । প্ৰদূষণৰ মাত্ৰা বাঢ়িব । অত্যাধিক গৰম হব । মাটিৰ উৰ্বৰতা কমি যাব । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব ।

(খ) প্ৰাণীৰ বাসস্থান বাধাগ্ৰস্ত : প্ৰাণীৰ বাসস্থান বাধাগ্ৰস্ত হলে প্ৰাণীৰ বাসস্থানৰ অভাৱ ঘটিব । বহু প্ৰাণীৰ জীৱন বিপন্ন হ'ব । প্ৰাণী বিলুপ্তি পাবলৈ আগবাঢ়ি যাব ।


(গ) মাটিৰ ঊৰ্ধ্বতম স্তৰ উন্মুক্ত হয়: মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে মাটিৰ খহনীয়াৰ সৃষ্টি হব । ক্ষয় যোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব । খেতি বাতি ভাল নহব । শস্যৰ অভাৱত খাদ্যৰ নাটনি হৈ দুৰ্ভিক্ষই দেখা দিব ।


৫। চমু উত্তৰ দিয়া-

(ক) আমি কিয় জৈৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ কৰিব লাগে কাৰণ -জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ নকৰিলে জীৱ কুলৰ মাজত থকা সম্পৰ্ক বিঘ্নিত হব । খাদ্য শৃংখল আৰু খাদ্য পিৰামিডৰ বিশৃংখল ঘটিব । ফলত তাৰ পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটিব । ফলস্বৰূপে বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব । 

(খ) সংৰক্ষিত অৰণ্যবোৰো বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণ নিৰাপদ নহয় কিয়?

উত্তৰঃ  সংৰক্ষিত বনাঞ্চল বন্য প্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় । কাৰণ তাত থকা চোৰাং চিকাৰীয়ে আৰু তাৰ ওচৰে পাজৰে থকা বাসিন্দা বোৰে বন্য প্ৰাণী হত্যাৰ সুবিধা লব পাৰে ।

(গ) কিছুমান জনজাতীয় লােক অৰণ্যৰ ওপৰত নিৰ্ভৰশীল কেনেদৰে? 

উত্তৰঃ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল । কাৰণ তেওঁলোকে বনাঞ্চলতে থাকে । পূৰ্ব পুৰুষৰ পৰা বনাঞ্চলত থাকি বনাঞ্চলৰ পৰা তেওঁলোকে তেওঁলোকৰ জীৱিকাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য বোৰ সংগ্ৰহ কৰে । খাদ্য, খেৰ – খৰি, ঘৰ – দুৱাৰৰ বাবে কাঠ আদি বনাঞ্চলৰ পৰা বিনা খৰচে আনি জীৱন নিৰ্বাহ কৰে ।

(ঙ) ৰেড ডেটা বুক কি?

উত্তৰঃ ' ৰেড ডেটা বুক ' হৈছে এখন সমল-পুথি যি সকলো লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ খতিয়ান ৰাখে। উদ্ভিদ, প্ৰাণী আৰু আন প্ৰজাতিসমূহৰ বাবে পৃথক ' ৰেড ডেটা বুক ' আছে।

(চ) প্রব্রজন / পৰিভ্ৰমণ বুলিলে কি বুজা? 

উত্তৰঃ যিবোৰ চৰাই বহুত দূৰ অঞ্চলৰ পৰা আন অঞ্চললৈ উৰি যায় সেইবোৰ চৰাইক পৰিভ্ৰমী চৰাই বোলে। 

৬। কাৰখানা আৰু বাসস্থানৰ বাঢ়ি অহা চাহিদা পূৰণ কৰাৰ বাবে গছবােৰ অবিৰতভাৱে কটা হয়। এনে ধৰণৰ প্ৰকল্পৰ বাবে গছ কটা বিবেচিতনে? আলােচনা কৰা আৰু এটা চমু টোকা প্রস্তুত কৰা। 

উত্তৰঃ কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰত ভাবে গছ কটা হৈছে । ইয়াৰ বাবে গছ কটাটো উচিত নহয় । গছ কটাটো কোনো পধ্যে উচিত হব নোৱাৰে । কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বিচিত্ৰতা পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটাৰ উপৰিও অঞ্চলটোত প্ৰদূষণৰ মাত্ৰা বাঢ়িব । প্ৰদূষণৰ ফলত বৰষুণৰ মাত্ৰা কমি যাব । গোলকীয় উষ্ণতা বৃদ্ধি পাব । ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকিব । মাটিৰ উৰ্বৰতা কমি যাব । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব ।

 

৭। কাগজ কিয় সঞ্চয় কৰিব লাগে? তুমি কেনেদৰে কাগজ সঞ্চয় কৰা তাৰ এখন 

উত্তৰঃ কাগজ উদ্ভিদ যেনে বাঁহ, খেৰ আদিৰ পৰাই তৈয়াৰ কৰা হয় । গতিকে কাগজ শিল্পত বাঁহৰ ব্যৱহাৰ চাহিদা অনুপাতে বৃদ্ধি হৈ আহিছে ।যদি কাগজ বচাই চলো তেন্তে বাঁহৰ কিছু ৰাহি ঘটিব । এইটো কৰিলে বনাঞ্চলৰ ধ্বংস কমিব ।কাগজ বচালে বিদ্যুৎ শক্তি আৰু তাত ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ হ্ৰাস পাব ।কাগজ উদ্যোগৰ পৰা হোৱা প্ৰদূষণৰ মাত্ৰা কমিব ।

কাগজ বচোৱাৰ উপায় হল –কাগজ ব্যৱহাৰৰ মিতব্যয়িতা ।ব্যৱহাৰ হৈ যোৱা কাগজক পুনৰ ব্যৱহাৰ । কাগজ পুৰা কাৰ্য বন্ধ কৰা আদি ।


 


Type- Nayan Jyoti Bordoloi

Author: Himashree Bora.

Check by - Mukesh Borah 


Post ID : DABP006156