আন্তঃৰাষ্ট্ৰীয় বাণিজ্য


(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা (প্রতিটো প্ৰশ্নৰ মূল্যাংক) ঃ

১। আর্থিক কাম-কাজ কাক বােলে?

উত্তৰঃ মানুহৰ উপাৰ্জন অৰ্থাৎ আয় সৃষ্টিকাৰী কাম-কাজসমূহক আৰ্থিক কাম-কাজ বোলে।


২। অঘৰী পশুপালন কার্যত উৎপন্ন হােৱা প্রধান দ্রব্য চাৰিবিধ কি কি? 

উত্তৰঃ অঘৰী পশুপাল কাৰ্যত উৎপন্ন হোৱা প্ৰধান দ্ৰব্য চাৰিবিধ হ'ল- গাখীৰ, মাংস, ঊণ আৰু চামৰা।


৩। তলৰ কোন শ্রেণীৰ পশুপালনত পােহনীয়া পশুৰ বংশগতিৰ উৎকৰ্ষৰ কাৰ্যসূচী লােৱা হয়?

(ক) অঘৰী পশুপালন 

(খ) এণ্ডিজ পার্বত্যভূমিৰ পশুপালন

(গ) বাণিজ্যিক পশুপালন

(ঘ) ঋতুপ্ৰব্ৰজন 

উত্তৰঃ

৪। পিগমীসকলৰ প্রধান জীৱিকা কি?

উত্তৰঃ পিগমীসকলৰ প্ৰধান জীৱিকা অঘৰী পশুপালন।


৫। পূর্ব আফ্রিকাৰ তৃণাঞ্চলৰ পশুপালক শ্ৰেণীটোৰ নাম কি? 

উত্তৰঃ পৃব আফ্ৰিকাৰ তৃণাঞ্চলৰ পশুপালক শ্ৰেণীটোৰ নাম মাছাই।


৬। পৃথিৱীৰ কোনটো অঞ্চলৰ অন্তৰণ কৃষিক মিলপা নামে জনা যায়? 

উত্তৰঃ পৃথিৱীৰ মেক্সিকোৰ পৰা নিৰক্ষীয় দক্ষিণ আমেৰিকা পৰ্যন্ত বিস্তৃত পাৰ্বত্য অঞ্চলটোত অন্তৰণ কৃষিক মিলপা নামে জনা যায়।


৭। ছেদন আৰু দাহন কৃষিৰ আন এটা নাম কি?

উত্তৰঃ ছেদন বা দাহন কৃষিৰ আন এটা নাম হ'ল অন্তৰণ কৃষি। 


৮। পৰম্পৰাগত স্থাবৰ কৃষিৰ মূল আহিলা দুবিধ কি কি?

উত্তৰঃ পৰম্পৰাগত স্থাবৰ কৃষিৰ মূল আহিলা দুবিধ হ'ল নাঙল আৰু জন্তু-বল।


৯। বাণিজ্যিক কৃষিত কৃষকে শস্য উৎপাদন কৰাৰ মূল লক্ষ্য কি?

উত্তৰঃ বাণিজ্যিক কৃষিত কৃষকে শস্য উৎপাদন কৰাৰ মূল লক্ষ্য হ'ল কৃষকে শস্য নিজে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে উৎপাদিত শস্য বিক্ৰী কৰি ধন আৰ্জন কৰা।


১০। পৃথিৱীত দুগ্ধ উৎপাদনৰ প্রসিদ্ধ অঞ্চল চাৰিটা কি কি? 

উত্তৰঃ পৃথিৱীত দুগ্ধ উৎপাদনৰ প্ৰসিদ্ধ অঞ্চল চাৰিটা হ'ল- উত্তৰ-পশ্চিম ইউৰোপ, কানাডা, দক্ষিণ-পূব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড।


১১। উদ্যান কৃষিত ঘাইকৈ কি কি শ্রেণীৰ শস্য উৎপন্ন কৰা হয়? 

উত্তৰঃ উদ্যান কৃষিত ঘাইকৈ পাচলি, ফল-মূল আৰু ফুল প্ৰভৃতি মূল্যৱান শস্যসমূহৰ উৎপন্ন কৰা হয়।


১২। যৌথ কৃষিৰ আৰ্হি কোনে উপস্থাপন কৰিছিল? 

উত্তৰঃ যৌথ কৃষিৰ আৰ্হি কোলখজে উপস্থাপন কৰিছিল।


১৩। খনিজ নিষ্কাশনৰ বিকল্প পদ্ধতি দুটা কি কি? 

উত্তৰঃ খনিজ নিষ্কাশনৰ বিকল্প পদ্ধতি দুটা হ'ল- মুক্ত খনন আৰু ভূগৰ্ভীয় খনন।


১৪। তলৰ কোনবিধ শস্য উৎপাদন ৰােপণ কৃষিৰ উৎপাদন নহয়?

(ক) চাহ (খ) ধান (গ) ৰবৰ (ঘ) কফি 

উত্তৰঃ (খ) ধান।


১৫। কোনখন দেশ সমবায় কৃষিৰ বাটকটীয়াত নপৰে?

(ক) ডেনমার্ক (খ) বেলজিয়াম (গ) ছুইডেন (ঘ) ৰাছিয়া

উত্তৰঃ (খ) বেলজিয়াম।


১৬। ইউৰােপীয় ঔপনিবেশিক উদ্যোগত কোনটো কৃষি পদ্ধতিৰ প্ৰসাৰ ঘটিছিল?

(ক) ৰােপণ কৃষি (খ) সমবায় কৃষি (গ) মিশ্র কৃষি (ঘ) উদ্যান কৃষি

উত্তৰঃ (ক) ৰোপণ কৃষি।


১৭৷ তলৰ কোনটো অঞ্চলত বাণিজ্যিক পৰিসৰত খাদ্যশস্য উৎপন্ন কৰা নহয়?

 (ক) ইউৰােপৰ ষ্টেপছ (খ) উত্তৰ আমেৰিকাৰ প্ৰেইৰী (গ) ভূমিধ্য সাগৰীয় ইউৰােপ (ঘ) অষ্ট্রেলিয়াৰ ডাউনছ

উত্তৰঃ (গ) ভূমিধ্য সাগৰীয় ইউৰোপ।


১৮। তলৰ কোনটো শ্ৰেণীৰ কৃষিকার্যত টেঙা ফলৰ প্রাধান্য বেছি?

(ক) উদ্যান কৃষি (খ) ৰােপণ কৃষি (গ) ভূমধ্য সাগৰীয় কৃষি (ঘ) সমবায় কৃষি 

উত্তৰঃ (গ) ভূ-মধ্য সাগৰীয় কৃষি।


১৯। তলৰ কোনবিধ কৃষি পদ্ধতিত একাধিক শস্য উৎপাদন কৰা হয়?

(ক) মিশ্র কৃষি (খ) ৰােপণ কৃষি  (গ) বাণিজ্যিক কৃষি  (ঘ) উদ্যান কৃষি

উত্তৰঃ (খ) ৰোপণ কৃষি।


২০। প্রাথমিক খণ্ডত উৎপাদিত দ্রব্যৰ লগত উদ্যোগৰ সম্পর্ক কি?

উত্তৰঃ প্ৰাথমিক খণ্ডত উৎপাদিত দ্ৰব্যই দ্বিতীয় আৰু তৃৃতীয় খণ্ড উদ্যোগৰ ভেঁটি স্থাপন কৰে।


২১। উদ্যোগসমূহক কেঁচামালভিত্তিক শ্রেণী বিভাজন কৰিলে তলৰ কোনটো শ্ৰেণীৰ উদ্যোগ অক্তভুক্ত নহয়? 

(ক) কৃষিজাত উদ্যোগ (খ) ৰাসায়নিক উদ্যোগ (গ) গুৰু উদ্যোগ

(ঘ) পশুজ উদ্যোগ

উত্তৰঃ (গ) গুৰু উদ্যোগ।


২২। পৰিসজ্জিত সম্ভাৰভিত্তিক উদ্যোগৰ মূল শ্ৰেণী দুটা কি কি?

উত্তৰঃ পৰিসজ্জিত সম্ভাৰভিত্তিক উদ্যোগৰ মূল শ্ৰেণী দুটা হ'ল- উপভোগী উদ্যোগ আৰু বুনিয়াদী উদ্যোগ।


২৩। প্ৰযুক্তিগ্ৰাম কি?

উত্তৰঃ আত্মনিৰ্ভৰশীল পৰিসৰত একোটা অঞ্চলত গঢ়ি উঠা বিশেষীকৃত দ্ৰব্য উৎপাদনকাৰী উচ্চ-প্ৰযুক্তিৰ উদ্যোগপুঞ্জ একোটাক প্ৰযুক্তিগ্ৰাম বোলে।


২৪। তলত কোনটো উদ্যোগ অৱস্থাপক উদ্যোগ শ্ৰেণীত নপৰে?

(ক) লো-তীখা

(খ) পেট্ৰ'ৰাসায়নিক 

(গ) বয়ন উদ্যোগ 

(ঘ) খাদ্য প্ৰস্তুতকৰণ 

উত্তৰঃ (ঘ) খাদ্য প্ৰস্তুতকৰণ।


২৫। তলৰ কোনটো উক্তি শুদ্ধ নহয়?

(ক) চেনি, কপাহী বয়ন আৰু খোৱা তেল প্ৰস্তুতকৰণ পদস্খলন উদ্যোগৰ অন্তৰ্ভুক্ত।

(খ) জলবিদুৎ আৰু পেট্ৰ'লজাত ইন্ধনৰ ব্যৱহাৰৰ ফলত কয়লাখনি অঞ্চলত উদ্যোগৰ পুঞ্জীভৱন বহুখিনি কমিল।

(গ) ভাৰতৰ ভালেসংখ্যক তেল শোধনাগাৰ বন্দৰ অৱস্থানত গঢ় লৈছে?

(ঘ) কাটনি আৰু শাহজানৱাৰ মৰাপাটৰ কল দুটাৰ অৱস্থান বজাৰকেন্দ্ৰিক। 

উত্তৰঃ (ক) চেনি, কপাহী বয়ন আৰু খোৱা তেল প্ৰস্তুতকৰণ পদস্খলন উদ্যোগৰ অন্তৰ্ভুক্ত।


২৬। তলৰ কোনধৰণৰ অৰ্থনৈতিক ব্যৱস্থাত উৎপাদনৰ উপাদানবোৰ ব্যক্তিগত মালিকানাৰ হয়?

(ক) পুঁজিবাদী (খ) সাম্যবাদী (গ) মিশ্ৰ অৰ্থব্যৱস্থা (ঘ) সমাজবাদী

উত্তৰঃ (ক) পুঁজিবাদী।


২৭। তলৰ কোন শ্ৰেণীৰ উদ্যোগত আন কোনো উদ্যোগৰ কেঁচামাল প্ৰস্তুত কৰা হয়?

(ক) কুটীৰ শিল্প

(খ) পদস্খলন উদ্যোগ 

(গ) বুনিয়াদী উদ্যোগ 

(ঘ) উপযােগী উদ্যোগ

উত্তৰঃ (গ) বুনিয়াদী উদ্যোগ।


২৮। তলৰ কোনটো যুটিত উক্তি শুদ্ধ ৰূপত দেখা গৈছে?

(ক) লাে-তীখা উদ্যোগ                           বার্মিংহাম

(খ) বিমান নির্মাণ                        কাইৰাে 

(গ) জাহাজ নির্মাণ                         মাস্কো। 

(ঘ) উচ্চ প্রযুক্তি উদ্যোগ                       পম্পাছ । 

উত্তৰঃ (ক) লো-তীখা উদ্যোগ___________বাৰ্মিংহাম।


২৯। তলৰ কোনধৰণৰ সেৱাৰ মূল্য উৎপাদন ব্যয়ৰ আধাৰত নিৰ্ধাৰণ কৰিব নােৱাৰি?

(ক) ৰে'ল ভাড়া

(খ) টেলিফোন সেৱা 

(গ) শিক্ষকৰ দৰমহা 

(ঘ) শ্ৰমিকৰ মজুৰি

উত্তৰঃ (গ) শিক্ষকৰ দৰমহা।


৩০। বাণিজ্যিক লেনদেনৰ মূল প্রকাৰ দুটা কি কি?

উত্তৰঃ বাণিজ্যিক লেনদেনৰ মূল প্ৰকাৰ দুটা হ'ল- পাইকাৰী বাণিজ্য আৰু খুচুৰা বাণিজ্য।


৩১। পাইকাৰী বাণিজ্যৰ লগত তলৰ কোনটো অৱস্থা প্রযােজ্য নহয়?

(ক) ক্রেতাই নিজা উপভােগৰ অৰ্থে ক্রয় কৰে।

(খ) বেচা - কিনা সম্পূর্ণ হােৱাৰ পাছতো পণ্যসমূহ আগৰ ভাণ্ডাৰতে থাকি যায়।

(গ) ভাণ্ডাৰ শৃংখল ব্যৱস্থাই সামৰি লয়।

(ঘ) উপভােক্তা শ্ৰেণীৰ প্ৰৱেশ নঘটে। 

উত্তৰঃ (গ) ভাণ্ডাৰ শৃংখল ব্যৱস্থাই সামৰি লয়।


৩২। তলত উল্লেখ কৰা দূৰত্বৰ উদাহৰণসমূহৰ কোনটোৱে নিৰপেক্ষ দূৰত্ব প্রকাশ কৰে? 

(ক) ৩০৮ কিলােমিটাৰ

(খ) ৭ ঘণ্টাৰ বাট

(গ) ২৪০ টকাৰ যাত্রা 

(ঘ) তেজপুৰতকৈ লামডিং বেছি দূৰ 

উত্তৰঃ (ঘ) তেজপুৰতকৈ লামডিং বেছি দূৰ।


৩৩। যােগাযােগৰ কোনটো মাধ্যম পৰিবহনৰ ওপৰত নিৰ্ভৰশীল?

 (ক) ইণ্টাৰনেট (খ) দূৰভাষ (গ) ৰে'ল-ডাক সেৱা (ঘ) দূৰদর্শন 

উত্তৰঃ (গ) ৰে'ল-ডাক সেৱা।


৩৪। তলৰ কোনটো পর্যটন কেন্দ্ৰত বেছিসংখ্যক পর্যটকৰ সমাৱেশ ঘটে? 

(ক) খাজুৰাহু

(খ) অমৰনাথ 

(গ) গােৱা

(ঘ) জয়সলমেৰ 

উত্তৰঃ (গ) গোৱা।


৩৫। তলৰ কোনটো জীৱিকা তৃতীয়ক খণ্ডৰ ভিতৰত পৰে? 

(ক) মৌ পালন (খ) চুলি কটা (গ) গছকটা (ঘ) মাছ ধৰা 

উত্তৰঃ (খ) চুলি কটা।


৩৬। তলৰ কোনটো কার্য দ্বিতীয়ক খণ্ডৰ জীৱিকাৰ অন্তর্ভুক্ত নহয়?

(ক) লাে গলােৱা (খ) কাপােৰ সিয়া (গ) পুতলা সজা (ঘ) আকৰ নিষ্কাশন 

উত্তৰঃ (ঘ) আকৰ নিষ্কাশন।


৩৭। উচ্চ পর্যায়ৰ উদ্ভাৱন সংস্কাৰ কাৰ্যৰ লগত জড়িত কাম কাজ। 

(ক) তৃতীয়ক খণ্ড (খ) চতুর্থক খণ্ড (গ) পঞ্চমক খণ্ড (ঘ) সেৱা খণ্ড

উত্তৰঃ (গ) পঞ্চমক খণ্ড।


৩৮। পৃথিৱীত সৰ্বমুঠ প্রায়                      কিলােমিটাৰ ৰে'লপথ আছে ( খালী ঠাই পূৰণ কৰা )। 

উত্তৰঃ পৃথিৱীত সৰ্বমুঠ প্ৰায়   ১৪ লাখ   কিলোমিটাৰ ৰে'লপথ আছে।


৩৯। তলৰ কোনখন দেশত ৰে'ল পৰিবহনক যাত্রী আৰু সামগ্রী পৰিবহনৰ উমৈহতীয়া মাধ্যমৰূপে ব্যৱহাৰ কৰা নহয়?

(ক) ৰাছিয়া (খ) চীন (গ) ভাৰত (ঘ) কানাডা 

উত্তৰঃ (ঘ) কানাডা।


৪০। পৃথিৱীৰ দীর্ঘতম ৰে'লপথটোৰ দূইমূৰে অৱস্থিত বন্দৰ দুটা কি কি?

উত্তৰঃ পৃথিৱীৰ দীৰ্ঘতম ৰে'লপথটোৰ দূইমূৰে অৱস্থিত বন্দৰ দুটা হ'ল - ৰাছিয়াৰ অন্তৰ্গত ফিনলেণ্ড উপসাগৰীয় উপকূলৰ ছেন্ট পিটাৰ্ছবাৰ্গ বন্দৰৰ পৰা মস্কো, উফা, নৱসিবিৰ্স্ক, ইৰ্কুটস্ক, ছিটা, খাবাৰ'ৱস্ক প্ৰভৃতি চহৰসমূহৰ মাজেৰে আগুৱাই জাপান সাগৰীয় উপকূলৰ ব্লাডিৱোষ্টক বন্দৰলৈকে।


৪১। যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ পৰা চাঁ - ফ্রান্সিস্ক ’ বন্দৰলৈ যােৱা ৰেলপথটোৰ নামঃ

 (ক) অৰিয়েন্ট এক্সপ্ৰেছ  (খ) ইউনিয়ন পেচিফিক ৰে'লপথ

 (গ) ট্রান্স কন্টিনেন্টেল ৰেলপথ  (ঘ) ৰকি মাউন্টেনাচ মিচিচিপি ৰেলপথ 

উত্তৰঃ (খ) ইউনিয়ন পেচিফিক ৰে'লপথ।


৪২। তলৰ কোনটো সমুদ্রপথক বিগ ট্রাংক ৰুট বােলা হয়?

(ক) চুয়েজ খাল পথ 

(খ) উত্তৰ আটলান্টিক পথ

(গ) অন্তৰীপ পথ 

(ঘ) উত্তৰ প্রশান্ত পথ 

উত্তৰঃ (খ) উত্তৰ আটলাণ্টিক পথ।


৪৩। খাল এলেকা মানে তলৰ কোনটো অবয়ব বুজায়?

(ক) চুয়েজ খালৰ পূব তীৰত অৱস্থিত ইজিপ্টৰ ভূ-ভাগ। 

(খ) পঞ্জাব আৰু হৰিয়াণাৰ খালৰ দ্বাৰা জলসিঞ্চন কৰা এলেকা।

(গ) পানামা খালৰ দুয়ােপাৰে ৮ কিলােমিটাৰ দূৰত্বলৈ যুক্তৰাষ্ট্রৰ অধীনস্থ ভূ-ভাগ।

(ঘ) মিচিগান হ্রদ আৰু মিচিচিপি নদী সংযােগী ইলিয়নইজ খালৰ দুয়ােপাৰ।

উত্তৰঃ (গ) পানামা খালৰ দুয়োপাৰে ৮ কিলোমিটাৰ দূৰত্বলৈ যুক্তৰাষ্ট্ৰৰ অধীনস্থ ভূ-ভাগ।


৪৪। পৃথিৱীৰ সুবৃহৎ বন্দৰসমূহ প্রধানভাৱে-

(ক) নৌ-সৈনিক বন্দৰ

(খ) তৈল সংগ্রহী বৰ

(গ) ঔদ্যোগিক বন্দৰ 

(ঘ) ব্যাপকধর্মী বন্দৰ 

উত্তৰঃ (ঘ) ব্য়াপকধৰ্মী বন্দৰ।


৪৫। তলৰ কোনখন দেশ তেল উৎপাদন আৰু ৰপ্তানি সংগঠনৰ (OPEC) সদস্যভুক্ত? 

(ক) ব্ৰাজিল (খ) ভেনিজুয়েলা (গ) পেৰু (ঘ) চিলি

উত্তৰঃ (খ) ভেনিজুয়েলা।


৪৬। তলৰ কোনটো আঞ্চলিক বাণিজ্য গােটৰ ভাৰত এখন সদস্য ৰাষ্ট্র?

(ক) SAFTA (খ) ASEAN (গ) NAFTA (ঘ) OPEC

উত্তৰঃ (ক) SAFTA


৪৭। ৰােমৰ পৰা ভাৰত হৈ চীন অভিমুখী বাণিজ্য পথটোৰ নাম কি আছিল?

(ক) ভূমধ্য সাগৰীয় পথ

(খ) ৰেচম পথ 

(গ) অন্তৰীপ পথ

(ঘ) প্রাচ্য -পাশ্চাত্য পথ 

উত্তৰঃ (খ) ৰেচম পথ।


৪৮। ভাৰতত ইউৰােপীয় বণিকসকলে প্ৰধানকৈ কি কি দ্রব্য সংগ্রহ কৰিছিল? 

উত্তৰঃ 

৪৯। কি অৱস্থাত এখন দেশৰ আন্তঃৰাজ্যিক বাণিজ্যিক ঘাটি উদ্ভৱ হয়? 

উত্তৰঃ

৫০। গােলকীয় বাণিজ্য প্রণালীৰ তদাৰকী প্রতিষ্ঠানটোৰ নাম কি?

(ক) উমৈহতীয়া মূল্যমানৰ বাণিজ্য সংস্থা ( GATT )

(খ ) বিশ্ব বাণিজ্য সংস্থা ( WTO ) 

(গ) আঞ্চলিক বাণিজ্য গােট ( RTB)

(ঘ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সমুত্থান ( CIT )

উত্তৰঃ (খ) বিশ্ব বাণিজ্য সংস্থা (WTO)।


৫১। তলৰ কোনটো বন্দৰ শোধনাগাৰসেৱী বন্দৰৰ শ্ৰেণীভুক্ত?

(ক)  কাণ্ডালা

(খ) পাড়াদ্বীপ

(গ) কলম্বো 

(ঘ) এটাও নহয়।

উত্তৰঃ এটাও নহয়।

(খ) তলৰ প্রশ্নসমূহৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )

 ১। আর্থিক কাম-কাজ আৰু জীৱিকাৰ প্ৰভেদ উদাহৰণসহ দাঙি ধৰা। 

উত্তৰঃ 

২। প্রাথমিক খণ্ডৰ আর্থিক কাম-কাজৰ লক্ষণবােৰ আলােচনা কৰা।

 উত্তৰঃ প্ৰাকৃতিক পৰিৱেশত স্বাভাৱিকভাৱে উৎপাদন হৈ থকা দ্ৰব্যসমূহৰ সংগ্ৰহকাৰ্য আৰু প্ৰাকৃতিক পৰিৱেশতক কম হাৰত উপাদন হোৱা আন কিছুমান দ্ৰব্যৰ উৎপাদন প্ৰক্ৰিয়াক পৰিকল্পিত ভাৱে খৰটকীয়া কৰি উৎপাদিত দ্ৰব্যসমূহ সংগ্ৰহ কৰা বৃত্তিমূলক প্ৰাথমিক খণ্ডৰ জীৱিকাৰ ভিতৰত ধৰা হয়। চিকাৰ, অৰণ্য কাঠ অথবা অন্য়ান্য় বনজ দ্ৰব্য সংগ্ৰহ, মাছ ধৰা, খনিজ সম্পদ আহৰণ প্ৰভৃতি জীৱিকাসমূহৰ ক্ষেত্ৰত প্ৰকৃতিয়ে কিছুমান প্ৰাকৃতিক প্ৰক্ৰিয়া অনুক্ৰমে সৃষ্টি কৰা দ্ৰব্যক আৰ্থিক সম্পদৰূপে গ্ৰহণ কৰে।


৩। আধুনিক যুগৰ সংগ্রহ বৃত্তিৰ ধৰণ কৰণৰ এটি আভাস দিয়া।

উত্তৰঃ প্ৰাচীনকালত মানুহৰ আৰ্থিক কাম-কাজ মাত্ৰেই চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল। বৰ্তমান সময়ত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টিঅৰণ্য দুটাতে অধিক মাত্ৰাত পোৱা যায়। ইফালে মধ্য অক্ষাংশৰ উপকূলীয় অঞ্চলসমূহত আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰি সাগৰৰ মাছ ধৰা হয়। সচৰাচৰ মৰুভূমিক ধৰি আন ভালেমান চৰম পৰিৱেশৰ অঞ্চলত পোষক সংগ্ৰহ বৃত্তিৰ প্ৰচলন বৰ্তমান সময়ত দেখা যায়।


৪। অঘৰী পশুপালনৰ মূল লক্ষণবােৰ উল্লেখ কৰা।

উত্তৰঃ অঘৰী পশুপালনৰ মূল লক্ষণবোৰ হ'ল-

i) অঘৰী পশুপালন কৰা লোকে জন্তু পোহ পাল দি সিহঁতৰ পৰা গাখীৰ, মাংস, ঊণ, চামৰা প্ৰভৃতি দ্ৰব্যসমূহৰ আহৰণ কৰে।

ii) অঘৰী পশুপালন সচৰাচৰ তৃণভূমি আৰু মৰুভূমি অঞ্চলত কৰা দেখা যায়।

iii) অঘৰী পশুপালন চাহাৰা, এণ্ডিজ পাৰ্বত্যভূমি, তিব্বত মালভূমি প্ৰভ-তি অঞ্চলবোৰত কৰা হয়।


৫। অঘৰী পশুপালন প্রণালীৰে পৃথিৱীৰ কোন কোন অঞ্চলত কি কি জন্তু পালন কৰা হয়? 

উত্তৰঃ অঘৰী পশুপালন পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন জন্তু পালন কৰা হয়। সচৰাচৰ আফ্ৰিকাৰ ক্ৰান্তীয় মণ্ডলৰ পশুপালকসকলে গৰু-ছাগলী পোহাৰ পৰিৱৰ্তে চাহাৰ আৰু এছিয়াৰ ক্ৰান্তীয় মৰুভূমিৰ লোকে ভেড়া, ছাগলী অথবা উট পালন কৰে। এণ্ডিজ পাৰ্বত্যভূমি আৰু তিব্বত মালভূমিৰ বৃত্তিধাৰীসকলে লামা আৰু য়াক পালন কৰে।


৬। ঋতুপ্ৰব্ৰজন কি? অনুভূমিক আৰু উলম্ব ঋতুপ্ৰব্ৰজনৰ পার্থক্য দাঙি ধৰা।

উত্তৰঃ ঋতুভেদে সমভূমি আৰু পাৰ্বত্যভূমিৰ মাজৰ পশুপালকসকলৰ এনে অভিগামী আৰু প্ৰতিগামী প্ৰব্ৰজনি সমাহাৰক ঋতু প্ৰব্ৰজন বোলে।

                অনুভূমিক আৰু উলম্ব ঋতুপ্ৰব্ৰজনৰ মাজত পাৰ্থক্য হ'ল-

i) গ্ৰীষ্মকালত উচ্চ অক্ষাংশৰ ফালে প্ৰব্ৰজন কৰাৰ বিপৰীতে শীতকাল অহাৰ লগেলগেই তেওঁলোক দক্ষিণলৈ উভতি আহে। এনেধৰণৰ প্ৰব্ৰজনক অনুভূমিক ঋতু প্ৰব্ৰজন বোলে। আনহাতে হিমালয়ৰ নামনিত বাস কৰা লোকসকলে শীতকালত গিৰিপদী তৃণাঞ্চলত আৰু গ্ৰীষ্মকালত হিমালয়ৰ উচ্চ অৱস্থানৰ তৃণভূমিত পশুচাৰণৰ লক্ষ্য়ৰে প্ৰব্ৰজন কৰে। এনেধৰণৰ প্ৰব্ৰজনক উলম্ব প্ৰব্ৰজন বোলে।

ii) তুন্দ্ৰা অঞ্চলৰ অঘৰী পশুপালক সকলে অনুভূমিক প্ৰব্ৰজন কৰে। আনহাতে হিমালয়ৰ নামনিত বাস কৰা গুৰ্জ্জৰ, বকৰৱাল, গদ্দী আৰু ভূটীয়াসকলে উলম্ব প্ৰব্ৰজন কৰে।


৭। সাম্প্রতিক ঔদ্যোগিক অর্থব্যৱস্থাত কৃষিকাৰ্যৰ গুৰুত্ব হ্রাস পােৱা নাই কিয়?

উত্তৰঃ আজিৰ পৃথিৱীত মুঠ শ্ৰমিকৰ পঞ্চাশ শতাংশৰো অধিক লোক এই প্ৰাথমিক উৎপাদন খণ্ডটোত নিযুক্ত হৈ আছে। তদুপৰি পৃথিৱীৰ অধিকসংখ্যক দেশৰ অৰ্থনীতি আজিও কৃষিকেন্দ্ৰিক। আকৌ ঔদ্যোগিক অৰ্থনীতিৰ দেশসমূহেও নিজ নিজ সীমাবদ্ধ পৰিৱেশৰ পৰিসৰত কৃষিখণ্ডৰ উৎপাদন উদ্দেশ্যে সৰ্বত্মক প্ৰচেষ্টা আজিও অব্যাহত ৰখা দেখা যায়। সেয়েহে সাম্প্ৰতি ঔদ্য়োগিক অৰ্থব্যৱস্থাত কৃষিকাৰ্যৰ গুৰুত্ব হ্ৰাস পোৱা নাই।


 ৮। ‘অন্তৰণ কৃষিৰ ভৱিষ্যৎ উজ্জ্বল নহয়।' এই উক্তিৰ যুক্তিযুক্ততা নির্ধাৰণ কৰা। 

উত্তৰঃ 

৯। পৰম্পৰাগত পােষক কৃষিৰ লক্ষণসমূহ দাঙি ধৰা।

উত্তৰঃ পৰম্পৰাগত পোষক কৃষিৰ লক্ষণসমূহ হ'ল-

i) পৰম্পৰাগত পোষক কৃষিত ঘাইকৈ কৃষকসকলৰ নিজা ব্যৱহাৰৰ উদ্দেশ্য উৎপাদন কৰা হয়।

ii) পৃথিৱীৰ ভিনভিন পৰিৱেশত এই কৃষিৰ সম্পাদন প্ৰণালীও বেলেগ হোৱা দেখা যায়।

iii) এই কৃষিক্ষেত্ৰত আধুনিক কৃষিপ্ৰযুক্তি অতিশয় মন্থৰ গতিতহে প্ৰৱেশ কৰা দেখা যায়।


১০। বাণিজ্যিক কৃষিৰ মূল লক্ষণবােৰ দাঙি ধৰা

উত্তৰঃ বাণিজ্যিক কৃষিৰ মূল লক্ষণবোৰ হ'ল-

i) এই কৃষি ইউৰেছিয়াৰ ষ্টেপছভূমি, কানাডা আৰু যুক্তৰাষ্ট্ৰৰ প্ৰেইৰী অঞ্চল, আৰ্জেণ্টিণাৰ পম্পাছ, দক্ষিণ আফ্ৰিকাৰ ৱেল্ড, অষ্ট্ৰেলিয়াৰ ডাউনছ আৰু নিউজিলেণ্ড আদি ঠাইত এই কৃষিৰ পদ্ধতিৰে খেতি কৰা হয়।

ii) এই কৃষি পদ্ধতি জনবলৰ তুলনাত অধিক পৰিমাণে যন্ত্ৰবলৰ ওপৰত নিৰ্ভৰশীল।

iii) এনে কৃষিকৰ্মৰ বেলিকা হেক্টৰে প্ৰতি শস্যৰ উৎপাদন কম।


১১। ৰােপণ কৃষি কি? এই পদ্ধতিৰে কি কি শস্য উৎপন্ন কৰা হয়?

উত্তৰঃ বৰ্ষানুবৰ্ষী প্ৰজাতিৰ বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদৰ ৰোপণ তথা প্ৰতিপালনৰ মাধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষিকাৰ্যক ৰোপণ কৃষি বোলে।

            এই পদ্ধতিৰে চাহ, ৰবৰ, ক'ক' আৰু নানা তৰহৰ ফল-মূলৰ উৎপাদন কৰা হয়।


২। মিশ্র কৃষিৰ বৈশিষ্ট্যসমূহ উপস্থাপন কৰা।

উত্তৰঃ মিশ্ৰ কৃষিৰ বৈশিষ্ট্য়সমূহ হ'ল-

i) মিশ্ৰ কৃষিৰ গাইগুটীয়া ক্ষেত্ৰ একোখন মজলীয়া আকাৰৰ।

ii) এই কৃষিৰ শস্যক্ষেত্ৰত শস্যৰ আৱৰ্তন ঘটোৱা হয়।

iii) মিশ্ৰ কৃষিত একে সময়তে শস্যক্ষেত্ৰত কেইবাবিধো শস্য উৎপন্ন কৰা হয়।


 ১৩। উদ্যান শস্যৰ ক্ষেত্রসমূহ চহৰৰ নাতিদূৰত অৱস্থিত কিয়?

উত্তৰঃ

১৪। যৌথ কৃষি আৰু সমবায় কৃষিৰ মাজত কি কি মিল দেখা যায়?

উত্তৰঃ যৌথ কৃষি আৰু সমবায় কৃষিৰ মাজত থকা মিলসমূহ ক্ৰমে-

i) সমবায় কৃষিৰ অনুৰূপ যৌথ কৃষি ব্যৱস্থাতো অংশীদাৰ কৃষকসকলে নিজ নিজ ভূমি, শ্ৰম আৰু মূলধনী সম্পদসমূহ পৰিচালনাৰ অৰ্থে আগবঢায়।

ii) 

iii)


 ১৫। বিস্তীর্ণ দুগ্ধপামসমূহ শীতলন আৰু পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল কিয়? 

উত্তৰঃ দুগ্ধপামসমূহত উন্নত জাতৰ গাখীৰ দিযা পশুধন বিজ্ঞানসন্মতভাৱে প্ৰতিপালন কৰি গাখীৰ আৰু ইয়াৰ পৰা পনীৰ, মাখন, ঘিউ প্ৰভৃতি পুষ্টিকৰ দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোত যথেষ্ট পৰিমাণৰ মূলধনৰ উপৰিও গৱেষণা প্ৰযুক্তিৰ প্ৰয়োজন হয়। এই গাখীৰসমূহ নাতিদূৰ অৱস্থাত স্থানান্তৰ কৰিলে অতি কম সময়ৰ ভিতৰতে নষ্ট হ'বলৈ ধৰে। সেয়েগে বিস্তীৰ্ণ দুগ্ধপামসমূহ শীতলন আৰু পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল।


১৬। খনিজ দ্রব্যৰ মুক্ত খননৰ তুলনাত ভূগৰ্ভীয় খননকার্য ব্যয়বহুল কিয়? 

উত্তৰঃ খনিজ দ্ৰব্যৰ মুক্ত খননৰ তুলনাত ভূগৰ্ভীয় খননকাৰ্য ব্যয়বহুল। কাৰণ, এই খননস্থলীত অক্সিজেন, পোহৰ, পৰিবহন প্ৰভৃতিৰ ভালেমান কৃত্ৰিম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তদুপৰি এনে খননকাৰ্য় সদায় বিপজ্জনক। গভীৰ অৱস্থানৰ এনেবোৰ খননস্থলীত বিষাক্ত বাষ্প, আৰু পানী জমা হোৱা উপৰিও আকষ্মিক অগ্নিকাণ্ড, ভূমিস্খলন প্ৰভৃতি ভালেমান দুৰ্ঘটনা সঘনাই ঘটি থকা দেখা যায়।


৭। ''সম্পদৰ প্ৰকৰণ পৰিক্ৰমাত প্রযুক্তি প্রয়ােগ কার্যই উদ্যোগ।” উক্তিটোৰ যথার্থতা বিচাৰ কৰা।

উত্তৰঃ সকলো ধৰণৰ উদ্যোগেই প্ৰযুক্তিৰ লগত জড়িত। প্ৰযুক্তিৰ সহায়ত মানুহ অথবা জীৱ-জন্তুৰ শাৰীৰিক বল কৌশলৰ তুলনাত বহু খৰকতকীয়াকৈ উন্নত মানৰ সেৱা আৰু দ্ৰব্য অথবা শক্তিসম্পদ সৃষ্টি কৰিব পাৰি। তদুপৰি শাৰীৰিক বলৰ সহায়ত কোনোপধ্যে সম্ভৱ নোহোৱা ভালেমান ধৰণৰ কামকে প্ৰযুক্তি বলৰ সহায়ত হেলাৰঙে সম্পন্ন কৰিব পাৰি। সেয়েহে আন এক দৃষ্টিৰে সম্পদৰ প্ৰকৰণ পৰিক্ৰমাত প্ৰযুক্তি প্ৰয়োগ কাৰ্যই উদ্যোগ বুলি ক'ব পাৰি।


১৮। উদ্যোগ অথবা শিল্পকর্মীক দ্বিতীয় পর্যায়ৰ আর্থিক কাম কাজ বােলে কিয়? 

উত্তৰঃ প্ৰত্য়েক সম্পদকে প্ৰথমিক খণ্ডৰ পৰা আহৰণ কৰাৰ পাছত দ্বিতীয় এটা পৰ্যায়তহে ইয়াৰ পৰিশোধন ৰূপান্তৰণ অথবা ৰূপায়ণৰ মাধ্যমত অধিক মূল্যৱান সম্পদত পৰিণত কৰিব পাৰি। সেয়েহে প্ৰাথমিক খণ্ডত উৎপাদিত সম্পদৰ পৰিশোধন, ৰূপান্তৰণ আৰু ৰূপায়ণৰ লগত জড়িত কাম-কাজবোৰক উদ্যোগ আথবা শিল্পকৰ্মী বুলি কওঁ। আৰু উদ্যোগ আৰু শিল্পকৰ্মীৰ লগত জড়িত কাম-কাজক দ্বিতীয় পৰ্যায়ৰ আৰ্থিক কাম-কাজ বোলে।


১৯। আধুনিক গুৰু উদ্যোগ যন্ত্ৰীকৰণৰ বৈশিষ্ট্য উপস্থাপন কৰা।

উত্তৰঃ বৃহৎ পৰিমাণৰ মূলধন বিনিয়োগ আৰু সু-সংগঠিত পৰিচালনাৰ পৰিসৰত বিস্তীৰ্ণ বজাৰৰ চাহিদা পূৰাণাৰ্থে বিশাল পৰিমাণৰ কেচাঁমাল, ভৌতিক শক্তিৰে পৰিচালিত প্ৰযুক্তি আৰু প্ৰশিক্ষিত শ্ৰমিকৰ সমন্বয়ত নিয়মিতভাৱে বিশাল পৰিমাণৰ পৰিসজ্জিত উপকৰণ প্ৰস্তুত কৰি যোৱা উদ্যোগসমূহক গুৰু উদ্যোগ বোলে। অষ্টাদশ শতিকাৰ ঔপনিৱেশিক অৰ্থনীতি আৰু ইয়াৰ সমান্তৰালভাৱে আগবঢ়া যান্ত্ৰিক আথবা কাৰিকৰী প্ৰযুক্তিৰ বিকাশৰ লগেলগে পৃতিৱীত এই শ্ৰেণীৰ শিল্প-উদ্য়োগসমূহৰ প্ৰচলন আৰম্ভ হয়।


২০। ঔদ্যোগিক ক্ষেত্রসমূহত কাৰিকৰী নতুনত্বৰ তাৎপর্য কি? 

উত্তৰঃ 

২১। ৰাসায়নিক উদ্যোগ কাক বােলে? এই শ্ৰেণীৰ উদ্যোগৰ পৰিসৰ উল্লেখ কৰা । 

উত্তৰঃ যি উদ্যোগ প্ৰাকৃতিকভাৱে আহৰণ কৰি ৰাসায়নিক খনিজ পদাৰ্থসমূহক ব্যৱহাৰ কৰে, সেই উদ্যোগসমূহক ৰাসায়নিক উদ্যোগ বোলে।

            নিমখ, গন্ধক, পটাছ প্ৰভৃতি প্ৰাকৃতিক ৰাসায়নিক যৌগক কেচাঁমালৰূপে গ্ৰহণ কৰা উদ্যোগক ৰাসায়নিক উদ্যোগ শ্ৰেণীত ধৰা হয়। আকৌ কাঠ, কয়লা, তাৰ্পিন তেল প্ৰভৃতি দ্ৰব্যৰ পৰা নিষ্কাশিত উপকৰণৰ ৰাসায়নিক বিন্যাস অথবা সংশ্লেষণ ঘটাই নানাবিধ দ্ৰব্য উৎপন্ন কৰা উদ্যেগকো এইটো শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়। এই শ্ৰেণীৰ ভিতৰত এন্যতম গুৰু উদ্যোগটো হৈছে ৰাসায়নিক সাৰ উদ্যোগ। 


২২। উদাহৰণসহ উপভােগী আৰু বুনিয়াদী উদ্যোগৰ পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ উপভোগী আৰু বুনিয়াদী উদ্যোগৰ মাজত পাৰ্থক্য হ'ল-

i) কাপোৰ, মটৰ গাড়ী, বিস্কুট, পেট্ৰ'ল প্ৰভৃতি একো একোটা উদ্যোগৰ পৰিসজ্জিত দ্ৰব্য়সমূহ মানুহৰ পোনপটীয়া অভাৱ পূৰণ অৰ্থাৎ উপভোগৰ উদ্দেশ্যতহে ব্যৱহাৰ কৰাহয়। এনেবোৰ দ্ৰব্য প্ৰস্তুত কৰা উদ্য়োগসমূহক উপভোগী উদ্যোগ বোলে। আনহাতে মটৰ গাড়ী উদ্যোগ বা আন কিছুমান উদ্যোগক কেচাঁমাল যোগানকাৰী ৰবৰ, প্লাষ্টিক অথবা লোহা উৎপাদনকাৰী উদ্য়োগসমূহক বুনিয়াগী উদ্য়োগ বোলে।

ii) উপভোগী উদ্যোগৰ উদাহৰণ হ'ল কাপোৰ, মটৰ, চকী-মেজ, পেট্ৰ'ল আদি প্ৰস্তুত কৰা উদ্যোগ। আনহাতে বুনিয়াদী উদ্যোগৰ উদাহৰণ হ'ল ৰবৰ, প্লাষ্টিক, লোহা আদি উৎপাদনকাৰী উদ্যোগ।


২৩। যৌথ উদ্যোগৰ ধৰণ কৰণ চমুকৈ আলােচনা কৰা। 

উত্তৰঃ কেইবাজনো ব্যক্তিৰ আৰ্থিক অৱদানৰ আধাৰত গঢ় লোৱা উদ্যোগসমূহক যৌথ খণ্ডৰ উদ্যোগ বোলে। কিছুমান যৌথ খণ্ডৰ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্ৰায় সমান নিৰিখত চৰকাৰী খণ্ডৰ অংশও থাকে। উদাহৰণস্বৰূপে শিলঘাটৰ মৰাপাট উদ্যোগ। তৃতীয় উপশ্ৰেণীৰ যৌথ উদ্যোগৰ লক্ষণ হৈছে এনেবোৰ উদ্য়োগ ব্যক্তিগত অথবা চৰকাৰী খণ্ডৰ ভিতৰত যিকোনো এটা পৰ্যায়ত প্ৰতিষ্ঠিত হয় আৰু প্ৰতিষ্ঠা লাভৰ পৰৱৰ্তীকালত উদ্যোগটো পৰিচালনাৰ দায়িত্ব আন এটা পক্ষলৈ হস্তান্তৰ কৰা হয়।


২৪। ৰুঢ় কয়লাখনি এলেকাত সম্প্রতি লাে-তীখা উদ্যোগৰ সমস্যাবােৰ কি কি? 

উত্তৰঃ 

২৫। ধূমায়ন উদ্যোগ কি? এনে উদ্যোগ ক্ষেত্ৰৰ সমস্যাসমূহ দাঙি ধৰা। 

উত্তৰঃ সচৰাচৰ কয়লাখনিৰ ওচৰে পাজৰে গঢ়ি উঠা আৰু কয়লাক ইন্ধনৰূপে ব্যৱহাৰ কৰা উদ্য়োগক ধূমায়ন উদ্যোগ বোলে।

            পৰম্পৰাাগত আৰ্হিত পৰিচালিত  এনেবোৰ উদ্যোগত যথেষ্ট সংখ্যক শ্ৰমিকৰ নিযুক্তি দেখা যায। এনে শ্ৰেণীৰ উদ্যোগস্থলীত পানী, বিজুলী যোগান আদিৰ লেখেৰে অতিশয় নামমাত্ৰ সা-সুবিধাৰ ঘনঘনকৈ সজা কিছুমান ক্ষুদ্ৰ আবাাসগৃহত শ্ৰমিকসকল থূপ পাতি বাস কৰা চকুত পৰে। এই শ্ৰমিকসকলৰ আবাসগৃহত নানাধৰণৰ প্ৰদূষিত হোৱা দেখা যায়। এনেধৰণৰ সমস্য়া দেখা যায়।


২৬। লাে-তীখা উদ্যোগক বুনিয়াদী উদ্যোগ বােলে কিয়?

উত্তৰঃ লো-তীখা উদ্যোগক বুনিয়াাদী উদ্যোগ বুলি কোৱা হয়। কাৰণ, লোহাৰ সাজ-সৰঞ্জামৰ ওপৰত নিৰ্ভৰ কৰিহে পৃথিৱীৰ প্ৰতি ধৰণৰ উদ্য়োগ গঢ়ি উঠিব পাৰে। প্ৰত্য়েক উদ্যোগত অৱস্থাপকৰূপে ব্যবহৃত যন্ত্ৰপাতিবোৰ লোহাৰে নিৰ্মিত। গতিকে লোহা আৰু ইয়াৰ সমপৰ্যায়ৰ যৌগ তীখাক বিশ্বজনীন ঔদ্যোগিক পৰিক্ৰমাাৰ বুনিয়াদ বোলা হয়। এই লো-তীখা উৎপাদনকাৰী উদ্যোগ একোটাত বৃহৎ পৰিমাণৰ লৌহ আকৰ, কয়লা, চূণশিল, মেংগানিজ প্ৰভৃতি ধাতৱ আৰু অধাতৱ খনিজসমূহ কেচাঁমাল হিচাপে ব্যৱহাৰ কৰা হয়।


২৭। কেনে পৰিৱেশৰ অৱস্থানত লাে-তীখা উদ্যোগ গঢ় লােৱা দেখা যায় ? 

উত্তৰঃ কয়লা, আকৰিক লো, চূণশিল আৰু মেংগানিজ উৎপাদনৰ উমৈহতীয়া অঞ্চলসমূহত পৰম্পৰাগতভাৱে বৃহৎ কলেৱৰৰ লো-তীখা উদ্যোগসমূহ গঢ় লৈ অহাা দেখা যায়। যিবোৰ দিশত এই চাৰিওবিধ খনিজ একেলগে পোৱা নাযায়, তেনেবোৰ দেশৰ ডাঙৰ বন্দৰসমূহকে ধৰি উল্লেখযোগ্য যাতায়ত কেন্দ্ৰ অৱস্থানত এই উদ্যোগে গঢ় লয়।


২৮। কপাহী বয়ন উদ্যোগ কেৱল কপাহতলী অঞ্চলত ঘনীভূত হােৱাৰ কোনাে কাৰণ নাই। ” উক্তিটোৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰঃ কপাহী বয়ন উদ্যোগ কেৱল কপাহতলী অঞ্চলত ঘনীভূত হোৱাৰ কোনো কাৰণ নাই। বৰঞ্চ বজাৰ অথবা উপভোক্তাৰ  আবাসিক অঞ্চলত ইয়াৰ প্ৰসাৰ ঘটোৱাহে অধিক সুবিধা জনক। কাৰণ, কপাহৰ টোপোলা এটাতকৈ ইয়াৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ পৰিবহন ব্যয় কিছু হ'লেও বৃদ্ধিহে পায়। আকৌ কৃষিখণ্ডৰ পৰা সংগৃহিত কপাাহ তুৰন্তে উদ্যোগ খণ্ডত প্ৰয়োগ নকৰিলে ইয়াৰ গুণাগুণ হ্ৰায় পোৱাৰো সমস্যা নাই।


২৯। তৃতীয়ক জীৱিকা খণ্ডৰ মূল প্ৰকাৰসমূহ কি কি? প্ৰতিটো প্ৰকাৰৰ একোটা উদাহৰণ দিয়া। 

উত্তৰঃ তৃতীয়ক জীৱিকা খণ্ডৰ মূল প্ৰকাৰসমূহ হ'ল- বাণিজ্য, পৰিবহন, যোগাযোগ আৰু সেৱা।

প্ৰতিটো প্ৰকাৰৰ উদাহৰণ হ'ল---

বাণিজ্য- পাইকাৰী বাণিজ্য আৰু খুচুৰা বাণিজ্য।

পৰিবহন- ৰে'লপথ, স্থলপথ, জলপথ, আকাশীপথ আদি।

যোগাযোগ- ডাকসেৱা আৰু দূৰ সংযোগ।

সেৱা- বেংকিং, বীমা, শিক্ষা-দিক্ষা, প্ৰশাসন, ব্যক্তিগত আৰু বৃত্তিগত।


৩০। গ্রামাঞ্চলৰ বাণিজ্যৰ মূল লক্ষণবােৰ কেনেকুৱা? 

উত্তৰঃ গ্ৰামাঞ্চলৰ বাণিজ্যৰ মূল লক্ষণবোৰ হ'ল-

i) গ্ৰামাঞ্চলৰ বাণিজ্যকেন্দ্ৰত সপ্তাহৰ প্ৰতিটো দিনৰ সলনি নিৰ্বাচিত এটা বা দুটা দিনতহে বিনিময় অথবা লেনদেন কাৰ্য সম্পাদন ঘটে।

ii) গ্ৰামাঞ্চলৰ বাণিজ্য বিশেষকৈ দোকান-পোহৰ, কৃষি আদি ক্ষেত্ৰৰ লগত জড়িত।

iii) গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাণিজ্য় কেন্দ্ৰক ইহঁতৰ চুবুৰীয়া এলেকা একোটাৰ বাবে উৎপাদিত সামগ্ৰী সংগ্ৰহ আৰু কিছুমান প্ৰয়োজনীয় সামগ্ৰীৰ বিতৰণৰ কাৰ্যৰ উমৈহতীয়া ক্ষেত্ৰ বুলি ধৰিব পাৰি।


৩১। পাইকাৰী বাণিজ্যৰ মূল লক্ষণসমূহ উল্লেখ কৰা। 

উত্তৰঃ পাইকাৰী বাণিজ্যৰ মূল লক্ষণসমূহ হ'ল-

i) পাইকাৰী বাণিজ্যৰ ক্ষেত্ৰত বেচা-কিনাৰ লগত জড়িত টকা-পইচাৰ লেনদেন বেংক অথবা তেনেজাতীয় প্ৰতিষ্ঠানৰ মাধ্যমতহে ঘটে।

ii) পাইকাৰী বাণিজ্যৰ উৎপাদনস্থলীৰ পৰা সংগ্ৰহ কৰা পণ্যসমূহ বিভিন্ন পৰ্যায়ৰ ভাণ্ডাৰত মজুত ৰখা হয়।

iii) পাইকাৰী বাণিজ্যৰ বিক্ৰেতাসকলে বহুক্ষেত্ৰত আকৌ খুচুৰাা বিক্ৰেতাক বাকী-সূত্ৰে পণ্যৰ যোগান ধৰে অথবা একেসকল খুচুৰা বিক্ৰেতাৰ পৰা আগতীয়াকৈ ধন জমাা লোৱাৰ বেলিকা বিশেষ ৰেহাই দৰত দ্ৰব্য বিক্ৰীও কৰে।


৩২। খুচুৰা বাণিজ্যৰ পৰিৱেশন পদ্ধতিসমূহৰ চমু বিৱৰণ দিয়া।

উত্তৰঃ খুচুৰা বাণিজ্যৰ মাধ্যমত বিভিন্ন পণ্যসমূহ প্ৰকৃত উপভোক্তাৰ হাতত পৰে। এনেবোৰ খুচুৰা বাণিজ্য ঘাইক্য নিৰ্দিষ্ট অৱস্থানৰ একোটা বিক্ৰিকেন্দ্ৰ অৰ্থাৎ একোখন দোকানৰ মাধ্যমতে সম্পাদন ঘটে। এনেবোৰ দোকানত পাইকাৰী বাণিজ্য কেন্দ্ৰকে ধৰি আন বহুতো উৎসৰ পৰা অহা পণ্যৰ স্থানীয় চাহিদা ভিত্তিক পণ্যৰ সমাবেশ ঘটে। গ্ৰাহকৰ হাতত সময়মতে প্ৰয়োজনীয় পণ্যসমূহ তুলি দিয়াৰ উদ্দেশ্যে একোটাহঁত স্থায়ী তথা স্থবিৰ খুচুৰা বিক্ৰীকেন্দ্ৰই অৱস্থা সাপেক্ষে নিজাববীয়া মজুত ভাণ্ডাৰ একোটাও পৰিচালনা কৰা দেখা যায়।


৩৩। পৰিবহনক মানৱ আৰু পণ্যসম্পদৰ মূল্যদায়ী সেৱা বােলা হয় কিয়?

উত্তৰঃ যুক্তিসংগত পৰিমাণৰ আৰ্থিক মূল্যৰ বিনিময়ত মানুহ আৰু সামগ্ৰীৰ ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক সৰবৰাহ কাৰ্যত নিযুক্ত এই পৰিবহন সেৱাৰ সামগ্ৰিক দক্ষতাৰ ওপৰত মানৱ জাতিৰ আৰ্থিক, বৌদ্ধিক আৰু সমাজ-সাংস্কৃতিক অগ্ৰগতি বহুপৰিমাণে নিৰ্ভৰ কৰে। কেৱল স্থানান্তৰণ ঘটাৰ লগে লগেই অবিকৃত অৱস্থাৰ একোবিধ পণ্যৰ বিক্ৰী দৰ চকুত লগা ধৰণত উঠানমা হয়। বিভিন্ন স্থানত উপস্থিত হোৱাৰ ফলস্বৰূপে একেজন মানুহৰ ধন ঘটাৰ যোগ্যতাকে ধৰি সামাজিক আৰু সাংস্কৃতিক মূল্যও তুৰন্তে পৰিৱৰ্তন ঘটে। সেয়েহে পৰিবহনক মানৱ আৰু পণ্যসম্পদৰ মূল্যদায়ী সেৱা বোলা হয়।


৩৪। পর্যটন কাক বােলে? এই উদ্যোগৰ বৈশিষ্ট্য কি? 

উত্তৰঃ আৰ্থিক লাভালাভৰ পৰিৱৰ্তে অৱসৰ বিনোদনৰ মূল লক্ষ্য আগত লৈ সম্পাদন কৰা ভ্ৰমণক সাধাৰণ অৰ্থত পৰ্যটন বোলে।


৩৫। পর্যটনৰ লগত ধাতুৰ সম্পর্ক পর্যালােচনা কৰা।

উত্তৰঃ পৰ্যটনে চিডি (CD) প্ৰদূষণত অৰিহণা যোগায়। বিশেষকৈ হোটেলৰ বৰ্জিত পানী আৰু বৰ্ধিত যান-বাহনৰ দ্বাৰা। ইয়াৰ বিপৰীতে উপকূলীয় পানী, খাদ্য, নগৰ উদ্যান আদিয়ে পৰ্যটকৰ বাবে বিপদাশংকা সৃষ্টি কৰে আৰু এই বিষাক্ত ধাতুৰ প্ৰতি মানুহৰ সংস্পৰ্শ বৃদ্ধি কৰে।


৩৬। চতুর্থক খণ্ডৰ জীৱিকা কাক বােলে? এনে শ্রেণীৰ জীৱিকাৰ অন্তৰ্গত কাম- কাজৰ পৰিসৰ চমুকৈ আলােচনা কৰা।

উত্তৰঃ উদ্যোক্তা, পৰিচালক, প্ৰশাসক প্ৰভৃতি পৰ্যায়ৰ কাৰ্যবাহী আৰু নীতি নিৰ্ধাৰক লক্ষণৰ আৰ্থিক কাম-কাজত নিযুক্ত শ্ৰেণীটোক চতুৰ্থক খণ্ডৰ জীৱিকাধাৰী আৰু এওঁলোকৰ কৰ্ম-পৰিসৰক চতুৰ্থক খণ্ডৰ জীৱিকা বোলা হয়।

            উদ্যোক্তা, পৰিচালক, উচ্চমানৰ তথ্য, কাৰিকৰী কৌশল আৰু প্ৰশাসনিক দক্ষতাজনিত প্ৰভৃতি কাম-কাজবোৰক চতুৰ্থক খণ্ডৰ জীৱিকাৰ ভিতৰত ধৰা হয়।


৩৭। পঞ্চমক খণ্ডৰ জীৱিকা কি? এইসমূহ জীৱিকাৰ সাধাৰণ লক্ষণবােৰ কি কি?

উত্তৰঃ নীতি-নিদেৰ্শনা আৰু সিদ্ধান্ত গ্ৰহণ বিষয়ক উচ্চস্তৰীয় সেৱা আগবঢ়োৱা কৌশল আৰু অভিজ্ঞতাপুষ্ট শ্ৰেণীটোক পঞ্চমক খণ্ডৰ জীৱিকা আখ্যা দিয়া হয়।

            নিত্যনতুন ধ্যান-ধাৰণাৰ উপস্থাপন, সংস্কাৰ সাধন আৰু পৰ্যালোচনা, তথ্যবিশ্লেষণ আৰু নতুনকৈ আৱিস্কাৰ হোৱা কলা-কৌশলসমূহৰ কাৰ্যকাৰিতাৰ মূল্যায়ন প্ৰভৃতি এই পঞ্চমক খণ্ডৰ অন্তৰ্ভূক্ত অৰ্থকাৰী কাম-কাজসমূহৰ ঘাই পৰিসৰ।


৩৮। পৃথিৱী ব্যাপী পৰিবহন প্রণালীটোত পথ পৰিবহনৰ জনপ্রিয়তা আটাইতকৈ বেছি হােৱাৰ কাৰণসমূহ বিচাৰ কৰা।

উত্তৰঃ পৃথিৱী ব্য৩পী পৰিবহন প্ৰণালীটোত পথ পৰিবহনৰ জনপ্ৰিয়তা আটাইতকৈ বেছি হোৱাৰ কাৰণসমূহ হ'ল-

i) পথ পৰিবহন ব্যৱস্থা নিৰ্মাণ ব্যয় অন্য পৰিবহন ব্যৱস্থাতকৈ যথেষ্ট কম। 

ii) ৰাস্তাবোৰে তুলনামূলকভাৱে অধিক ব্যৱহৃত আৰু ঢৌৰ ভৌগোলিক অৱস্থা অতিক্ৰম কৰিব পাৰে। 

iii) ৰাস্তাবোৰে ঢালৰ উচ্চ গ্ৰেডিয়েণ্টৰ সৈতে বুজা বুজি কৰিব পাৰে।


৩৯। পাৰ-মহাদেশীয় ৰে'লপথ কাক বােলে? অৰিয়েন্ট এক্সপ্ৰেছ ৰে'লপথৰ সংৰেখন আৰু আৰ্থ-সাংস্কৃতিক গুৰুত্ব দাঙি ধৰা। 

উত্তৰঃ একোখন মহাদেশৰ দুইমূৰ সংযোগী পৰ্যায়ৰ ৰে'লপথসমূহক মহাদেশীয় ৰে'লপথ অথবা পাৰ-মহাদেশীয় ৰে'লপথ বোলে।

            অৰিয়েণ্ট এক্সপ্ৰেছ ৰে'লপথ দক্ষিণ ইউৰোপৰ ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিৰ পৰা পূবমুৱা হৈ একাদিক্ৰমে ৰাইন নদীৰ তীৰৰ ষ্টাছবাৰ্গ, মিউনিক, ভিয়েনা হৈ বুডাপেষ্ট চহৰ স্পৰ্শ কৰিছে আৰু তাৰ পাচত দক্ষিণ-পূব দিশলৈ আগবাঢ়ি বেলগ্ৰেদ, চফিয়া প্ৰভৃতি চহৰসমূহৰ মাজেৰে তুৰস্ক দেশৰ অন্তৰ্গত মৰ্মৰা সাগৰীয় বন্দৰ-চহৰ ইস্তানবুলত উপস্থিত হৈছে। দক্ষিণ ইউৰোপৰ সাতখন সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজেৰে আগুৱাই যোৱা এই ৰে'লপথটোৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক গুৰুত্ব অপৰিসীম।


৪০। ট্রান্স ছাইবেৰিয়ান ৰে'লপথৰ সংৰেখন আৰু বাণিজ্যিক তাৎপর্য বিচাৰ কৰা।

উত্তৰঃ ৰাছিয়াৰ অন্তৰ্গত ফিনলেণ্ড উপসাগৰীয় উপকূলৰ ছেণ্ট পিটাৰ্ছবাৰ্গ বন্দৰৰ পৰা মস্কো, উফা, নৱসিবিৰ্স্ক, ইৰ্কুটস্ক, ছিটা, খাবাৰ'ৱস্ক প্ৰভৃতি চহৰসমূহৰ মাজেৰে আগুৱাই জাপান সাগৰীয় উপকূলৰ ব্লাডিৱোষ্টক বন্দৰলৈকে বিস্তৃত ৯৩৩২ কিলোমিটাৰ দীঘল এই ৰে'লপথটো ১৯০৪ চনত মুকলি কৰা হয়। এই ৰে'লপথত অৱস্থিত ছিটা এখন উল্লেখযোগ্য় কৃষিকেন্দ্ৰিক চহৰ। আকৌ ইৰ্কুটস্ক আন এক ঊণী শিল্পৰ কেন্দ্ৰ।


৪১। পানামা আৰু চুয়েজ খাল প্রযুক্তিগত পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ পানামা আৰু চুয়েজ খালৰ প্ৰযুক্তিগত পাৰ্থক্য হ'ল-

i) পানামা খালৰ দৈৰ্ঘ্য প্ৰায় ৭২ কিলোমিটাৰ। আনহাতে চুয়েজ খালৰ দৈৰ্ঘ্য প্ৰায় ১৬০ কিলোমিটাৰ।

ii) পানামা খাল ১৯১৪ চনত খন্দা হয়। আনহাতে চুয়েজ খাল ১৮৬৯ চনত খন্দা হয়।


৪২। সমুদ্র পৰিবহনৰ তিনিটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ সমুদ্ৰ পৰিবহনৰ তিনিটা সুবিধা হ'ল-

i) যাত্ৰাৰ উৎসৰ পৰা লক্ষ্যস্থল অভিমূখে যাত্রা কৰােতে জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে।

ii) গধুৰ সামগ্রী সৰবৰাহৰ বাবে এই পৰিবহণ ব্যৱস্থা অতি উত্তম।

iii) সমুদ্র পথেৰে যাতায়াত কৰােতে ইন্ধনৰ খৰচ অতি কম হয়।


৪৩। কেতিয়া কেনেকৈ ৰেচম পথটো মুকলি হৈছিল? এই পথৰ তাৎপর্য কি? 

উত্তৰঃ ১৩০ খ্ৰীষ্টীয়ত চীনৰ হান ৰাজবংশে পশ্চিমৰ সৈতে আনুষ্ঠানিকভাৱে এই পথটো  মুকলি কৰা হৈছিল। এই বাণিজ্য পথটো ৰোমৰ পৰা চীনদেশ সংযোগী আছিল।

          ৰেচম পথ যাক সাধাৰণতে ইতিহাসৰ প্ৰথম গোলকীয় বাণিজ্য পথ বুলি জনা যায়। সামগ্ৰীৰ সৰল বিনিময়তকৈ বহু বেছি সুযোগ আৰু গুৰুত্ব আছিল। প্ৰকৃততে, অজস্ৰ আন্তঃসংযোগ পথ কলা, ধৰ্ম, সংস্কৃতি, ধাৰণা আৰু প্ৰযুক্তিৰ ফলপ্ৰসূ আদান-প্ৰদানৰ বাবে এক বাহন হিচাপে কাম কৰিছিল।


৪৪। দাস প্রথা কি? এই প্রথাৰ চমু ইতিহাস দাঙি ধৰা। 

উত্তৰঃ বেচা-কিনাৰ মাধ্যমত বলপূৰ্বক তুলি নি ঔপনিৱেশিক ৰোপণ কৃষিৰ শ্ৰমিক হিচাপে নিয়োগ কৰা বাণিজ্যিক প্ৰক্ৰিয়াটোক দাস-প্ৰথা বোলে।

            পঞ্চদশ শতাব্দীৰ শেষৰ ফালে ইউৰোপীয় বণিকসকলে বিভিন্ন দেশৰ লগত পণ্যদব্য আদান-প্ৰদানৰ লগেলগে দায়-ব্যৱসায় ৰূপী অন্য এক প্ৰকাৰৰ বাণিজ্যিক লেনদেন পৰম্পৰা আৰম্ভ কৰে। ঘাাইকৈ দুি আমেৰিকাৰ সদ্য-আৱিষ্কৃত ভূ-ভাগত ৰোপণ কৃষি প্ৰসাৰণৰ স্বাৰ্থত পৰ্তুগীজ, ওলন্দাজ, স্পেইনিছ আৰু বৃটিছসকলৰ অধিকৃত আফ্ৰিকাৰ ভিনভিন অঞ্চলৰ পৰা শ্ৰমিকৰ দলসমূহক বেচা-কিনাৰ মাধ্যমত বলপূৰ্বক ভাৱে তুলি নি কামত নিয়োগ কৰায়।


৪৫। বিশ্ব বাণিজ্য সংস্থাৰ মূল প্রকার্য কি? 

উত্তৰঃ উমৈহতীয়া মূল্যমানৰ বাণিজ্য সংস্থাৰ অন্তুভূৰ্ক্ত ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী মুক্ত বাণিজ্যৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়াটো লালন-পালন তথা পৰ্যবেক্ষণ কৰি যোৱাৰ লক্ষ্যৰে এই সংস্থাটোক ১৯৯৫ চনত বিশ্ব বাণিজ্য সংস্থা ৰূপে পুনৰ প্ৰতিষ্ঠা কৰে। যুদ্ধোত্তৰ যুগত আৰম্ভ হোৱা মূল্যমান আৰু বাণিজ্যিক পৰিসৰ সম্বন্ধীয় উমৈহতীয়া চুক্তি নিৰ্ধাৰণকাৰী প্ৰতিষ্ঠানৰূপে বিশ্ব বাণিজ্য সংস্থাই জন্ম লাভ কৰে। 


৪৬। আঞ্চলিক বাণিজ্য গােটসমূহ গঠন হােৱাৰ কাৰণ আৰু সাম্ভাব্য পৰিণতি সম্পর্কে চমু আলােচনা যুগুত কৰা। 

উত্তৰঃ আঞ্চলিক পৰিসৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উপযুক্ত সম্প্ৰসাৰণৰ বেলিকা গোলকীয় প্ৰতিষ্ঠান বিশ্ব বাণিজ্য় সংস্থাৰ ভূমিকা আশানুৰূপ শক্তিশালী হৈ নুঠাৰ কাৰণেই বৃহৎ আঞ্চলিক পৰ্যায়ৰ বাণিজ্য গোটসমূহ গঠন কৰা হয়।

            বৰ্তমান ১২০ টা বাণিজ্য গোটৰ পৰিসৰত পাৰিচালিত বাণিজ্যিক লেনদেনৰ পৰিমাণ হৈছে সৰ্বমুঠ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ৫২ শতাংশ। বাণিজ্যিক সমস্যাৱলী সমাধানৰ লক্ষ্য আগত ৰাখি গোলকীয় বাণিজ্য প্ৰণালীৰ পৰিসৰত ভালেসংখ্যক বাণিজ্য গোট গঢ় লৈ উঠে। আঞ্চলিক গোটৰ পৃষ্ঠপোষকাত গোটৰ সদস্যভূক্ত সান্নিধ্যৱৰ্তী ৰাষ্ট্ৰসমূহৰ মাজত মুক্ত বাণিজ্যৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। আদি।


৪৭। ৰাষ্ট্র এখনৰ উন্নয়ন পর্যায় অনুসৰি আমদানি আৰু ৰপ্তানিৰ লক্ষণ সলনি হােৱাৰ কাৰণ পর্যালােচনা কৰা।

উত্তৰঃ 

৪৮। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত এখন ৰাষ্ট্ৰৰ পৰম্পৰাৰ প্ৰভাৱ কেনেদৰে প্রতিফলিত হয়?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত এখন ৰাষ্ট্ৰৰ পৰম্পৰাৰ প্ৰভাৱ প্ৰতিফালিত হোৱা দেখা যায়। এখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নিজৰ স্থিতি অধিক সবল কৰি তুলিব পাৰে। সাধাৰণভাৱে চালে দেখা যায় যে কুৰি শতিকাৰ আৰম্ভণীলৈকে বিশ্বব্যাপী আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত প্ৰাথমিক খণ্ডত উৎপাদিত কৃষিজাত, বনজাত আৰু খনিজাত সামগ্ৰীসমূহেই প্ৰাধান্য লাভ কৰি আহিছিল। কালক্ৰমত এনেবোৰ নিৰ্মাণৰহিত সম্পদৰ পৰিৱৰ্তে অৰ্ধনিৰ্মিত আৰু আৰু পূৰ্ণ নিৰ্মিত পৰ্যায়ৰ পণ্যসম্পদৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ পৰিমাণ বৃদ্ধি পাই আহিছে।


৪৯। মুক্ত বাণিজ্যৰ সাম্ভাব্য ক্ষতিসমূহ থােৰতে আলােকপাত কৰা।

উত্তৰঃ দেশ এখনৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশত উৎপাদিত পণ্য আৰু সেৱা সম্পদৰ অবাধ পয়োভৰ ঘটাৰ অৱস্থাটোকেই সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বোলে। গোলকীকৰণ অথবা বিশ্বায়নৰ লগেলগে সম্প্ৰসাৰণ ঘটা মুক্ত বাণিজ্যিক নীতিৰ ফলত তৃতীয় বিশ্বৰ ভালেমান দেশেই ক্ষতিৰ সন্মুখীন হোৱা দেখা যায়। মুক্ত বাণিজ্যৰ সাম্ভাৱ্য ক্ষতিসমূহ হ'ল-

i) ঔদ্যোগিকভাৱে অনগ্ৰসৰ তৃতীয় বিশ্বৰ দেশসমূহত উৎপাদিত সম্পদসমূহ মুক্ত অৰ্থনীতিৰ বজাৰত বহুসময়ত নিজৰ দেশতে উপেক্ষিত হোৱাৰ ফলত তেনেবোৰ দেশৰ ঔদ্যোগীকৰণ বহুপৰিমাণে বাধাগ্ৰস্ত হৈছে।

ii) এনেস্থলত আজিৰ যুগৰ ক্ষিপ্ৰ পৰিবহন সেৱাৰ সুযোগ লৈ প্ৰথম বিশ্বৰ দেশকে ধৰি পৃথিৱীৰ সমৃদ্ধিশালী দেশবোৰত উৎপাদিত সম্পদসমূহে বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰ বজাৰ ওপচাই তুলিছে।

iii) ইয়াৰোপৰি তৃতীয় বিশ্বৰ বজাৰত কল্যাণ পৰিক্ৰমাৰ লগত সম্পূৰ্ণ সম্পৰ্কৰাহিত বুলি ভাবিব পৰা ভোগ্য সামগ্ৰী আৰু সেৱাৰ প্লাৱন আনি প্ৰকাৰান্তে হ'লেও মধ্যযুগীয় ঔপনিৱেশিক অৰ্থনৈতিক শোষণ পুনৰ উজ্জীৱিত কৰিব লাগিছে।


৫০। সামুদ্রিক বন্দৰ আৰু অন্তর্দেশীয় বন্দৰৰ প্রভেদ দাঙি ধৰা।

উত্তৰঃ সামুদ্ৰিক বন্দৰ আৰু অন্তৰ্দেশীয় বন্দৰৰ মাজত প্ৰভেদ সমূহ হ'ল-

i) প্ৰকৃত উপকূল ৰেখাৰ পৰা ভিতৰুৱা অৱস্থানত থকা বন্দৰসমূহক অন্তৰ্দেশীয় বন্দৰ বোলে। আনহাতে গভীৰ পানীয়ে স্পৰ্শ কৰি ৰখা উপকূল ৰেখা অথবা কোনো কোনো ক্ষেত্ৰত উপকূল ৰেখাৰ নাতিদূৰত অৱস্থিত গভীৰ মহীসোপানত থকা বন্দৰসমূহক সামুদ্ৰিক বন্দৰ বোলে।

ii) অন্তৰ্দেশীয় বন্দৰসমূহক কোনো এক বৃহৎ নদী অথবা কৃত্ৰিম খালেৰে সাগৰৰ লগত সংযোগ কৰি ৰখা হয়। আনহাতে সামুদ্ৰিক বন্দৰসমূহক অতি বৃহৎ আকাৰৰ কিছুমান জাহাজ পোনেপোনে উপকূল ৰেখালৈ আগুৱাই আহিব নোৱাৰা অৱস্থাত উপকূলৰ লগত এইবোৰ জাহাজক কিছুমান পোষকে সংযোগ কৰি ৰখা হয়।

iii) অন্তৰ্দেশীয় বন্দৰলৈ কেৱল চেপেটা তলিবিশিষ্ট জাহাজৰ আগমনহে সুবিধাজনক হয়। আনহাতে সামুদ্ৰিক বন্দৰলৈ বৃহৎ আকৃতিৰ জাহাজো আগমন কৰিব পাৰে।


(গ) কম-বেছি ১৫০ টা শব্দত উত্তৰ কৰা (প্রতিটো প্ৰশ্নৰ মূল্যাংক-৫)  

১। পৰম্পৰাগত চিকাৰ আৰু সংগ্রহ কার্যসমূহ বর্তমান কেনেকুৱা অৱস্থাত ক'ত ক’ত পােৱা যায়?

উত্তৰঃ 

২। পৃথিৱীৰ ভিন্ ভিন্ অঞ্চলৰ অঘৰী পশুপালন সম্পর্কে এটি বিৱৰণ দিয়া।

উত্তৰঃ

৩। বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহৰ এটি আভাস প্রস্তুত কৰা।

উত্তৰঃ

৪। অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ পাৰ্থক্যসমূহ আলােকপাত কৰা।

উত্তৰঃ

৫। আজিৰ অৰ্থব্যৱস্থাত প্রয়ােজনীয় সম্পদ উৎপাদনৰ আধাৰ হিচাপে কৃষিকাৰ্যৰ গুৰুত্ব আলােচনা কৰা।

উত্তৰঃ

৬। পৰম্পৰাগত পােষক কৃষি কেইপ্ৰকাৰৰ? কেনে পৰিৱেশত পৰম্পৰাগত কৃষিৰ বিস্তাৰ ঘটে? যিকোনাে এটা প্ৰকাৰৰ পৰম্পৰাগত কৃষিৰ লক্ষণবােৰ দাঙি ধৰা।

উত্তৰঃ

৭। ৰােপণ কৃষিৰ মূল লক্ষণবােৰ উপস্থাপন কৰা। বিভিন্ন দেশৰ ৰােপণ শস্যৰ দুটামান উদাহৰণ দিয়া।

উত্তৰঃ

৮। বাণিজ্যিক দুগ্ধপামসমূহৰ বৈশিষ্ট্য কি? পৃথিৱীৰ কোনবােৰ অঞ্চলত এই শিল্পৰ প্ৰসাৰ দেখা যায়।

উত্তৰঃ

৯। প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ কাম-কাজৰ সম্পর্ক উদাহৰণসহ আলােচনা কৰা। 

উত্তৰঃ

১০। বৃহৎ কাৰিকৰী উদ্যোগৰ অৱস্থানৰ ওপৰত কেঁচামাল, বজাৰ আৰু শক্তি সম্পদৰ অৱস্থানিক প্রভাৱ থােৰতে উপস্থাপন কৰা।

উত্তৰঃ

১১। শিল্প-উদ্যোগৰ লগত পৰিবহন আৰু যােগাযােগ ব্যৱস্থাৰ সম্পর্ক বিশ্লেষণ কৰা।

উত্তৰঃ

১২। উচ্চপ্রযুক্তি উদ্যোগ কি? এই উদ্যোগক আন কি নামে জনা যায়? এই শ্রেণীৰ উদ্যোগৰ বৈশিষ্ট্যসমূহৰ এটি বিৱৰণ দিয়া। 

উত্তৰঃ

১৩। পৃথিৱীত বৃহৎ লাে-তীখা উদ্যোগৰ বিতৰণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ

১৪। কপাহী বয়ন উদ্যোগৰ বিস্তৃতিৰ কাৰকসমূহ উল্লেখ কৰি পৃথিৱীত এই উদ্যোগৰ বিতৰণ সম্পর্কে এটি প্রতিবেদন প্রস্তুত কৰা।

উত্তৰঃ

১৫। কেনেধৰণৰ পৰিৱেশ আৰু অবয়বে পর্যটকক আকর্ষণ কৰে? এনেধৰণৰ পৰিৱেশ আৰু অৱয়বে কি কাৰণত কোন কোন শ্রেণীৰ পৰ্যটকক আকৰ্ষণ কৰিব পাৰে?

উত্তৰঃ

১৬। পৰিবহনৰ প্রণালী এটাত গ্রন্থি আৰু পথখণ্ডসমূহৰ লক্ষণ আৰু গুৰুত্ব নির্ধাৰণ কৰি এটা টোকা যুগুত কৰা।

উত্তৰঃ

১৭।পৰিবহন প্রণালী মানে কি? পৰিবহনৰ প্রধান মাধ্যমসমূহ কি কি? ৰাষ্ট্রৰ বিভিন্ন কাম-কাজসমূহ পৰিবহন সেৱাৰ ওপৰত কিমানদূৰ নিৰ্ভৰশীল হৈ থাকে?

উত্তৰঃ

১৮। বাণিজ্য, পৰিবহন আৰু যােগাযােগৰ পাৰস্পৰিক সম্পর্ক উদাহৰণসহ দাঙি ধৰা।

উত্তৰঃ

১৯। পৃথিৱীৰ বিভিন্ন মহাদেশৰ মূখ্য পথসমূহৰ বিস্তৃতি সম্পর্কে এটি বিৱৰণ দাঙি ধৰা। 

উত্তৰঃ

২০। পৃথিৱীৰ কোনবােৰ দেশত ৰে'ল পৰিবহনৰ গুৰুত্ব অধিক দেখা যায়? ভাৰত, কানাডা আৰু ভূমধ্য সাগৰীয় ইউৰােপৰ ৰে'ল পৰিবহনৰ মাজত প্ৰকার্যগত পার্থক্য আলােচনা কৰা।

উত্তৰঃ

২১। বিশ্ব বাণিজ্য ঘাইকৈ সমুদ্র পৰিবহনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ কাৰণসমূহ পর্যালােচনা কৰা। 

উত্তৰঃ

২২। উৎপাদনৰ আঞ্চলিক বৈশিষ্ট্যৰ লগত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্পর্ক আলােচনা কৰা।

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Nayan Jyoti Bordoloi


Post ID : DABP006334