আমাৰ ৰীতি-নীতি আৰু সাজপাৰ | Lesson 9 | Class 3 Social Science Sankardev School  Question Answer Assam | শংকৰদেৱ বিদ্যালয় তৃতীয় শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | 


পাঠ ৯

আমাৰ ৰীতি-নীতি আৰু সাজপাৰ


(ক) ৰীতি-নীতি কাক বোলে?

উত্তৰঃ আমি বাস কৰা সমাজখনত পৰম্পৰাগতভাৱে মানি চলিব লগীয়া নিয়মসমূহকে ৰীতি-নীতি বোলা হয়।


(খ) সকলো সমাজৰে ৰীতি-নীতি একেনে?

উত্তৰঃ সকলো সমাজৰে ৰীতি-নীতি একে নহয়।


(গ) আমি পৰিধান কৰা কেইবিধমান সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ আমি পৰিধান কৰা কিছুমান সাজ-পাৰৰ নাম হৈছে- ৰিহা, মেখেলা, গামোচা, চাদৰ, চুৰিয়া, চোলা, লং পেণ্ট, ছাৰ্ট, মেক্সি, ফ্ৰক, চেলোৱাৰ-কামিজ, চুৰিদাৰ, শাৰী আদি।


(ঘ) প্ৰাচীন কালত মানুহে কি পৰিধান কৰিছিল?

উত্তৰঃ প্ৰাচীন কালত মানুহে গছৰ বাকলি পৰিধান কৰিছিল।


(ঙ) ডিমাচাসকলে পৰিধান কৰা এবিধ সাজ- পাৰৰ নাম লিখা।

উত্তৰঃ ডিমাচাসকলে পৰিধান কৰা এবিধ সাজ-পাৰৰ নাম হৈছে- ৰিগু ৰিজাংফাই।


-শ্ৰী হিৰু মনি বৰা



Post ID : DABP006355