অধ্যায় ৯
কুটীৰ - শিল্প
প্ৰশ্নাৱলীঃ
১। উত্তৰ লিখা।
ক) কুটীৰ শিল্প মানে কি ?
উত্তৰঃ কুটীৰ শিল্প মানে হৈছে ঘৰতে কোনো নতুন ৰূপত সৃষ্টি কৰা শিল্প কৰ্ম।
খ) কেঁচামাল কাক বোলে ?
উত্তৰঃ কোনো এটা বস্তু নতুন ৰূপত সৃষ্টি কৰিবলৈ হ'লে তাৰবাবে কিছুমান বস্তু লাগিব। এইবোৰক কেঁচামাল বোলে।
গ) মৃৎ শিল্পৰ কেঁচামাল কি ?
উত্তৰঃ মৃৎ শিল্পৰ কেঁচামাল হ'ল মাটি।
ঘ) উৎপাদিত বস্তু কাক বােলে ?
উত্তৰঃ যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয় সেইবোৰক উৎপাদিত বস্তু বোলে।
ঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?
উত্তৰঃ অসমৰ নলবাৰী অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্য়াত।
চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা ।
উত্তৰঃ বৰপেটা জিলাৰ সৰ্থেবাৰী কাঁহ শিল্প আৰু কামৰূপ জিলাৰ হাজো পিতলৰ শিল্প।
২। খালী ঠাই পূৰণ কৰা ।
ক) অসমৰ _______ পাট - মুগাৰ কাপােৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত ।
উত্তৰঃ শুৱালকুছিৰ।
খ) ধুবুৰী জিলাৰ আশাৰীকান্দি _______ শিল্পৰ বাবে বিখ্যাত ।উত্তৰঃ মৃৎশিলপৰ।
গ) অসমৰ _______ মুখা শিল্পৰ বাবে বিখ্যাত ।
উত্তৰঃ মাজুলী
ঘ) ডলা, কুলা, চালনী আদি _______ শিল্পৰ উৎপাদিত বস্তু ।
উত্তৰঃ বাঁহ-বেতৰ।
ঙ) কুটীৰ শিল্পই প্রাকৃতিক পৰিৱেশ নষ্ট _______।
উত্তৰঃ নকৰে।
৩। চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা ।
উত্তৰঃ জোনবিৰি, ঢোলবিৰি, মাদুলী, গামখাৰু।
৪। অসমৰ যিকোনাে দুবিধ কুটীৰ শিল্পৰ বিষয়ে লিখা ।
উত্তৰঃ মৃৎশিল্পঃ মৃৎশিল্পৰ মাটিৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। অসমৰ বহুতো ঠাইত এই শিল্প আছে যদিও ধুবুৰী জিলাৰ আশাৰীকান্দি মৃৎশিল্পৰ বাবে বিখ্য়াত। গোৱালপাৰা পৰা মাজুলীও এই শিল্পৰ ক্ষেত্ৰত আগবঢ়া।
কমাৰ-শিল্পঃ কমাৰ-শিল্প অসমৰ প্ৰায় সকলো ঠাইতে আছে। কমাৰ-শিল্পত তৈয়াৰী দা, কটাৰী, কাচি, কোৰ, কুঠাৰ, খন্তি আদি ঘৰৰ বিভিন্ন কামত ব্য়ৱহাৰ কৰা হয়।
৫। কুটীৰ শিল্পৰ পাঁচোটা সুবিধা লিখা ।
উত্তৰঃ ১। কুটীৰ শিল্প নিজৰ ঘৰতে গঢ়ি তুলিব পাৰি।
২। এই শিল্পৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল ওচৰে-পাঁজৰে সহজতে পাব পাৰি।
৩। কম সংখ্য়ক শ্ৰমিকৰ প্ৰয়োজন হয়।
৪। অতি কম মূলধনেৰে এনে শিল্প গঢ়ি তুলিব পাৰি।
৫। কুটীৰ-শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট নকৰে।
৬। কুটীৰ শিল্পই সন্মুখীন হােৱা সমস্যাবােৰৰ বিষয়ে চিন্তা কৰি চমুকৈ লিখা ।
উত্তৰঃ
By
Hirak Jyoti Bora.
Post ID : DABP006533