অধ্যায় ৮

ভাৰতৰ স্বাধীনতা আন্দোলন

প্ৰশ্নাৱলীঃ 


১। পৰাধীন মানে কি ?

উত্তৰঃ পৰাধীন মানে হৈছে আনৰ তলতীয়া হৈ থকা।

২। স্বাধীনতা বুলিলে কি বুজা ? 

উত্তৰঃ নিজৰ অধিীনত।

৩। বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলন মানে কি ? 

উত্তৰঃ বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলন মানে মানুহৰ জাত-পাত, উচ্চ-নীচ নীতি-নিয়মৰ বিৰুদ্ধে হোৱা আন্দোলন।

৪। প্ৰথম বিশ্বযুদ্ধ কোন চনত হৈছিল? 

উত্তৰঃ ১৯১৪ চনত প্ৰথম বিশ্ব যুদ্ধ আৰম্ভ হৈছিল।

৫। ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটো কোন চনত জন্ম/গঠিত হৈছিল ? 

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ নাম সংগঠনটো জন্ম হৈছিল ১৮৮৫ চনত।

৬। মহাত্মা গান্ধীয়ে কোন চনত জাতীয় কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ? 

উত্তৰঃ ১৯১৯ চনত।

৭। আন্দোলন কাক বোলে ? 

উত্তৰঃ দেশৰ জনসাধাৰণে একতাৰে লগ হৈ কোনো অন্য়ায়-অনীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সেই অন্য়ায়-অনীতি নোহোৱা কৰিব বাবে কৰা চেষ্টাকেই আন্দোলন বোলে।

৮। গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ কি ? 

উত্তৰঃ গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ হৈছে অহিংস।

৯। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৩০ চনৰ মাৰ্চ মাহত আইন অমান্য় আন্দোলন আৰম্ভ কৰিছিল।

১০। ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৪২ চনত ভাৰত ত্য়াগ আন্দোলনৰ আৰম্ভ হৈছিল।

১১। জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ মূল ইংৰাজ বিষয়া গৰাকীৰ নাম কি ? 

উত্তৰঃ জেনেৰেল ডায়েৰ।

১২। অসহযোগ আন্দোলনৰ ওপৰত এটি টোকা লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব) 

উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব লৈ ১৯২০ চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে 'অসহযোগ' নামৰ এক আন্দোলন আৰম্ভ কৰিলে। ইংৰাজ চৰকাৰে ১৯১৪ চনত 'ভাৰত ৰক্ষা আইন' আৰু ১৯১৯ চনত 'ৰাওলাট আইন' নামৰ দুখন আইন প্ৰচলন কৰিছিল। এই আইন দুখনক ভাৰতীয় মানুহে বেয়া পাইছিল।

    এনে সময়তে ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে পঞ্জাৱৰ জালিৱানৱালাবাগ নামৰ ঠাইত ইংৰাজৰ অন্য়ায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বহু হাজাৰ মানুহ গোট খাইছিল।


১৩। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ কি আছিল ? 

উত্তৰঃ সমগ্ৰ দেশতে ইংৰাজ চৰকাৰে আন্দোলনকাৰীসকলক নিষ্ঠুৰভাৱে দমন কৰিছিল। এনে অত্য়াচাৰত অতিষ্ট হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰা নামে ঠাইত আন্দোলনকাৰী কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিলে। এই ঘটনাত ভালে সংখ্য়ক পুলিচ-চিপাহী মৃত্য়ু ঘটে। গান্ধীজীয়ে অসহযোগ আন্দোলনটো অহিংসভাৱে চলাটো বিচাৰিছিল। চৌৰীচৌৰাত হোৱা ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে ভাৰতৰ অসহযোগ আন্দোলন বন্ধ কৰিবলগীয়া হৈছিল।  


১৪। গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ কি কাৰ্য্যসূচী গ্ৰহণ কৰিছিল? সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম কি আছিল ? 

উত্তৰঃ ১৯৩০ চনত মাৰ্চ মাহত আিন অমান্য় আন্দোলন আৰম্ভ হৈছিল। মাৰ্চ মাহৰ ১২ তাৰিখে গান্ধীয়ে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা ২৪১ মাইল দূৰৈৰ সাগৰৰ পৰা দাণ্ডী নামৰ ঠাইখনলৈ যাত্ৰা কৰিলে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এই যাত্ৰাক 'দাণ্ডী যাত্ৰা' নামেৰে জনা যায়। গান্ধীজীৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য়ৰ ৭৮ জন স্বাধীনতা সংগ্ৰামীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত আমাৰ অসমৰ লীলাধৰ বৰুৱা নামৰ এজন স্বাধীনতা সংগ্ৰামীয়েও গান্ধীৰ লগত দাণ্ডীলৈ গৈছিল।    


১৫। ভাৰত ত্যাগ আন্দোলনৰ কাহিনী চমুৱাই লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব)

উত্তৰঃ আইন অমান্য় আন্দোলনৰ পিছতেই মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনত ভাৰত ত্য়াগ আন্দোন হৈছিল। এই আন্দোলনৰ মূল কাৰণ আছিল ভাৰতবৰ্ষত বৃটিছৰ শাসন শেষ কৰাৰ। ভৰতা ত্যাগ আন্দোলন এক হিংসাত্মক আন্দোলন আছিল, আৰু সমগ্ৰ ভাৰততে বোমাবিস্ফোৰণ, গুলীবৰ্ষণ আৰম্ভ হৈছিল। এই আন্দোলনত অংশগ্ৰহণ কৰা সৰহসংখ্যক বৃদ্ধজলোকহে আছিল। বোম্বাই অধিৱেশনৰ পিছত গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শ্ৰক্ষক কংগ্ৰেছক আমন্ত্ৰণ জনোৱা হৈছিল। নেতাবিহীন আন্দোলন ত্যাগ আন্দোলনত অসমানভাৱে হিংসাত্মক। অসমত, মগজুৰ ওপৰত বহুতো গুৰুতৰ আঁচোৰ আছে।

By            
Hirak Jyoti Bora



Post ID : DABP006524