পাঠ- দহ 

সজ্জনৰ প্ৰতি অশ্ৰদ্ধাই বিপদত পেলায় 

অনুশীলনী 

১) ৰজা পৰীক্ষিতে কত সোণালী হৰিণা দেখিছিল?

উত্তৰঃ- ৰজা পৰীক্ষিতে জোপোহাটোৰ ভিতৰত  এটা সোণ বৰণীয়া হৰিণা দেখিছিল।

২) হৰিণাটোৰ পিচে পিচে পৰীক্ষিত কিয় দৌৰিছিল ? 

উত্তৰঃ-  ৰজা পৰীক্ষিতে ধুনীয়া পহুটোলৈ ৰ'লাগি চাই ৰ'ল আৰু তাক জীৱন্তে ধৰিবলৈ ইচ্ছা কৰিলে। হৰিণাটো বিচাৰি উলিয়াবলৈ দৃঢ় প্ৰতিজ্ঞা হোৱাৰ কাৰণে হৰিণাটোৰ পিচে পিচে পৰীক্ষিত দৌৰিছিল।

৩) পৰীক্ষিতে কিয় হৰিনাটো ধৰিব নোৱাৰিলে ?

উত্তৰঃ-   পৰীক্ষিতে হৰিণাটো ধৰিব  ইচ্ছা কৰিছিল।কিন্তু পৰীক্ষিত জনক দেখি হৰিণাটো দৌৰিবলৈ ধৰিলে। ৰজাৰ বেগ হৰিণাৰ দৌৰৰ লগত কোনো গুণেই তুলনা নহয়। অলপ পিছতে হৰিণাটো নেদেখা হৈ নাইকিয়া হৈ গ'ল। আৰু পৰিক্ষিত জনে হৰিণাটো ধৰিব নোৱাৰিলে।

৪) পৰিক্ষিতে মুনিৰ ডিঙিত কিয় মৰা সাপডাল মেৰিয়াই দিলে  ?

উত্তৰ- ৰজা পৰীক্ষিতে সন্ন্য়াসীজনক সেইপিনে সোণবৰণীয়া হৰিণাটো দৌৰি যোৱা দেখিছিল নেকি বুলি সুধিলে। কিন্তু সন্ন্য়াসীয়ে চকু মেলিয়েই নাচালে। পুনৰায় ৰজাই সেই একে প্ৰশ্নকে খুব ডাঙৰকৈ চিঞৰি সুধিলে, কিন্তু তাৰো কোনো উত্তৰ নাপালে। সন্ন্য়াসীৰ ওপৰত ৰজাৰ বৰ খং উঠিল। সেইবাবে তেওঁ  মুনিৰ ডিঙিত  মৰা সাপডাল মেৰিয়াই দিলে।

৫) আস্তিকে কি বুলি অভিশাপ দিলে ?

উত্তৰঃ- আস্তিকে অভিশাপ দিলে যে যিয়ে মোৰ বৃদ্ধ পিতাক আৱজ্ঞা কৰি এনে ঘৃণনীয় কাম কৰিলে, শাস্তি হিচাপে তেওঁৰ সাতদিনক ভিতৰত সৰ্প দংশনত মৃত্য়ু হ'ব।

৬) ৰজাই  অভিশাপৰ পৰা হাত সাৰিবলৈ কি ব্যৱস্থা ললে ?

উত্তৰঃ- ৰজাই অভিশাপৰ পৰা হাত সাৰিবলৈ সাগৰৰ মাজত এটা সৰু থকা ঘৰ সজালে আৰু নিজে তাত থাকিবলৈ ল'লে। ৰজাৰ নতুন  বাসস্থানলৈ সাগৰেদি অহা-যোৱা কৰিবলৈ নাও ব্য়ৱহাৰ কৰিলে। সপ্তাহটোৰ বাকী থকা দিনকেইটা ৰজাই পুৰাণৰ পৰা সৎ আৰু মহৎ লোকৰ কাহিনী শুনি কটাইছিল। 

৭) এজন পণ্ডিতে তেওঁৰ লগত কি বস্তু নিছিল ? কি কাৰণে নিছিল ?

উত্তৰঃ- এজন পণ্ডিতে তেওঁৰ লগত এটা ফল নিছিল।  কেইজনমান পুৰোহিতে ৰজা পৰীক্ষিতৰ পৰা কিছু মূল্য়ৱান দান লোৱাৰ কাৰণে নিছিল।

৮) পৰীক্ষিতে নিজকে অভিসাপ ভোগৰ পৰা ৰক্ষা কৰিব পাৰিলেনে ?

উত্তৰঃ- পৰীক্ষিতে নিজকে আভিশাপৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।

৯) ৰজা পৰীক্ষিতৰ মৃত্য়ু কেনেকৈ হল ? 

উত্তৰঃ- পুৰুহিতসকলে নিয়া সেই ফলটোৰ ভিতৰত সাপৰ ৰজা তক্ষতে এটা সৰু কীটৰ ৰূপত আগৰে পৰা সোমাই আছিল। পুৰুহিতসকলে নাৱেৰে ৰজা থকা ঠাইলৈ গ'ল।তেওঁলোকে ৰজাৰ সমুখত উপস্তিত হৈ পৰিচয় দিলে আৰু উপহাৰ হিচাপে লৈ যোৱা ফলটো ৰজাৰ দিলে। আচম্বিতে ফলটোৰ ভিতৰত থকা কীটটো এটা সাপৰ ৰূপ লৈ ভয়ঙ্কৰ ফোঁচ ফোঁচ শব্দ কৰি ফলটোৰ ভিতৰত পৰা ওলািই আহিল আৰু ৰজাক খোট মাৰিলে। কেইমিনিচমানৰ ভিতৰতে ৰজা পৰীক্ষিতৰ মৃত্য়ু হ'ল।

১০) এই সাধুটোৰ পৰা কি শিকিলা ?

উত্তৰঃ-ৎ আৰু মহৎ লোৰৰ কোনো অৱস্থাতে অৱজ্ঞা কৰা উচিত।


Type Arup koch 

Morigaon (Assam) 

Author By : Rajashree Bora



Post ID : DABP006426