পাঠ নং- ১৩

বৈদিক সভ্যতা

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question And Answer   
    👉MCQs Answer

১। অতি চমুকৈ উত্তৰ দিয়া 一

(ক) বৈদিত সভ্যতাৰ স্ৰষ্টা কোন ?

উত্তৰঃ বৈদিত সভ্যতাৰ স্ৰষ্টা আৰ্যসকল।

(খ) বেদ কেইখন আৰু কি কি ?

উত্তৰঃ বেদ চাৰিখন আৰু সেইকেইখন হৈছে 一 ঋকবেদ, সামবেদ, যৰ্জুবেদ আৰু অৰ্থববেদ।

(গ) প্ৰাচীনতম বেদ পুথিখনৰ নাম কি ?

উত্তৰঃ প্ৰাচীনতম বেদ পুথিখনৰ নাম হ'ল ঋকবেদ।

(ঘ) বৈদিক যুগৰ যিকোনো দুগৰাকী বিদুষী নাৰীৰ নাম লিখা।

উত্তৰঃ বৈদিক যুগৰ যিকোনো দুগৰাকী বিদুষী নাৰীৰ নাম হৈছে বিশ্ববাৰা আৰু লোপামুদ্ৰা।

(ঙ) আৰ্যসকলৰ প্ৰধান জীৱিকা কি ?

উত্তৰঃ আৰ্যসকলৰ প্ৰধান জীৱিকা পশুপালন।

(চ) আৰ্যসকলে ব্যৱসায়ৰ কামত ব্যৱহাৰ কৰা এবিধ জন্তু নাম লিখা।

উত্তৰঃ আৰ্যসকলে ব্যৱসায়ৰ কামত ব্যৱহাৰ কৰা এবিধ জন্তু নাম হৈছে ঘোঁৰা।

(ছ) বৈদিক যুগৰ সমাজ ব্যৱস্থা পিতৃপ্ৰধান আছিল নে মাতৃপ্ৰধান আছিল ?

উত্তৰঃ বৈদিক যুগৰ সমাজ ব্যৱস্থা পিতৃপ্ৰধান আছিল।

২। আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ আৰ্যসকলৰ বাসস্থান সম্পৰ্কে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত দেখা যায়। কোনো কোনো পণ্ডিতৰ মতে আৰ্যসকলৰ আদি বাসস্থান আছিল দক্ষিণ-পূব ইউৰোপৰ অষ্ট্ৰিয়া-হাংগেৰী অঞ্চল। কিছুৱে তেওঁলোকৰ আদি বাসস্থান মধ্য় এছিয়া বুলি মত পোষণ কৰে। বহুতে আকৌ তেওঁলোক তিব্বতৰ পৰা অহা বুলি ক'ব খোজে। আৰ্যসকলৰ আদি বাসস্থান উত্তৰ মেৰু অঞ্চল বুলিও ক'ব খোজে। কোনোৱে আৰ্যসকল সপ্তসিন্ধুৰ বাসিন্দা বুলি কয়।

৩। ঋক বৈদিক যুগৰ ৰাজনৈতিক ব্যৱস্থা কেনেুকুৱা আছিল লিখা।

উত্তৰঃ এই যুগত ৰজা বংশানুক্ৰমিক আছিল। ৰজা যদিও ৰাজ্য়ৰ সৰ্বেসৰ্বা আছিল তেওঁলোক স্বেচ্ছাচাৰী নাছিল। ৰজাক পৰামৰ্শ দিবলৈ 'সভা' আৰু 'সমিতি' নামে দুটা সংগঠন আছিল। ৰজাক সকলো দিশতে পৰামৰ্শ দিয়াৰ বাবে ৰাজ পুৰোহিতো আছিল। তদুপৰি অন্য়ান্য় বিষয়া, যেনে 一 সেনানী বা সেনাপতি, গাণণিক বিষয়া আদি আছিল।

৪। আৰ্যসকলৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ আৰ্যসকলৰ সমাজ আছিল পিতৃপ্ৰধান। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। তেওঁলোকে পৰিয়ালক 'কুল' আৰু মুৰব্বীজনক 'কুলাপা' বুলিছিল। সমাজ ব্য়ৱস্থা পিতৃপ্ৰধান আছিল যদিও সেইযুগত নাৰীক যথেষ্ট সন্মান দিয়া হৈছিল। ছোৱালীকো ল'ৰাৰ সমানে শিক্ষা দিয়া হৈছিল। বিশ্ববাৰা, ঘোষা, অপলা, লোপামুদ্ৰা আদি নাৰীসকলে ৰচনা কৰা মন্ত্ৰসমূহ 'বৈদিক সংহিতা'ত পোৱা যায়। সাধাৰণতে এক বিবাহৰ প্ৰচলন আছিল যদিও ৰজা বা অভিজাতসকলৰ মাজত বহু-বিবাহৰো প্ৰচলন আছিল।

৫। বৈদিক যুগত আৰ্যসকলৰ খাদ্যভ্যাস কেনে আছিল লিখা।

উত্তৰঃ বৈদিক যুগত খাদ্য়ৰ ভিতৰত ঘেঁহু, যৱধান, গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী বিভিন্ন দ্ৰব্য়, ফল-মূল, শাক-পাচলি, আদি প্ৰধান আছিল। আৰ্যসকলে ছাগলী, চৰাইৰ মাংস, গৰু আৰু ঘোঁৰাৰ মাংস, মাছ আদিও অমিষ খাদ্য় হিচাপে খাইছিল। অৱশ্য়ে পিছলৈ গৰুৰ মাংস খোৱাটো ত্য়াগ কৰিছিল।

৬। বৈদিক ধৰ্মৰ উপাস্য দেৱতাসকলৰ নাম লিখা।

উত্তৰঃ বৈদিক ধৰ্মৰ উপাস্য় দেৱতা সকলৰ নাম হৈছে 一 সূৰ্য, বায়ু, বৰুণ, অগ্নি, পৃথিৱী আদি। 

৭। শুদ্ধ-অশুদ্ধ বাছি উলিওৱাঃ

(ক) শ্ৰুতিসমূহ মুখে মুখে চলি অহা মন্ত্ৰ।

উত্তৰঃ শুদ্ধ।

(খ) বেদ চাৰিখন পৰৱৰ্তী বৈদিক যুগত ৰচনা কৰা হৈছিল।

উত্তৰঃ অশুদ্ধ।

(গ) আৰ্যসকলৰ পৰিয়ালক 'কুল' বুলি কোৱা হৈছিল ।

উত্তৰঃ শুদ্ধ।

(ঘ) গাঁৱৰ মুখিয়ালজনক 'বিশপতি' বুলিছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) পুৰণি বৈদিক যুগত জাতিভেদ প্ৰথা আছিল

উত্তৰঃ অশুদ্ধ।

(চ) লোৰ ব্যৱহাৰ পোন প্ৰথমে আৰ্যসকলেই কৰিছিল।

উত্তৰঃ শুদ্ধ।


 

- Hiru Moni Bora

Check by- Mukesh Borah 

Post ID : DABP006167