সানমিহলি প্ৰশ্ন 


১। পৃথিৱীৰ তাপমণ্ডলকেইটাৰ নাম লিখা ।

উত্তৰঃ পৃথিৱীৰ তাপমণ্ডলকেইটাৰ নাম হ'ল-

ক) উত্তৰ শীতমণ্ডল, খ) উত্তৰ নাতিশীতোষ্ণ মণ্ডল, গ) গ্ৰীষ্মমণ্ডল, ঘ) দক্ষিণ নাতিশীতোষ্ণ মণ্ডল, আৰু ঙ) দক্ষিণ শীতমণ্ডল। 

 ২। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে ? উভয়ৰে মাজৰ পাৰ্থক্য কি কি ? 

উত্তৰঃ কৌণিক দূৰত্বক অক্ষাংশ বোলে আৰু দ্ৰাঘিমাংশ মানে হ'ল অক্ষৰেখাবোৰ কল্পনা কৰা দৰে উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰি উত্তৰা-দক্ষিণাকৈ যিবোৰ ৰেখা কল্পনা কৰা হয় ইয়াকে দ্ৰাঘিমাংশ বোলে। 

    অক্ষাংশ আৰু দ্ৰাঘিমাংশ মাজৰ পাৰ্থক্য় হ'ল- অক্ষাংশ ৰেখাবোৰ পথালিকৈ আৰু দ্ৰাঘিমাংশ ৰেখাবোৰ ঠিয়কৈ কল্পনা কৰা হয়।

৩। আহ্নিক গতি আৰু বাৰ্ষিক গতি কাক বোলে ? উভয়ৰে পাৰ্থক্য আৰু ফলাফল চমুকৈ লিখা ।

উত্তৰঃ সূৰ্যৰ পোনে পোনে থকা পৃথিৱীৰ কোনো এটা অঞ্চল এপাক ঘুৰি ২৪ ঘণ্টাৰ পিছত সূৰ্যৰ লগতে একেটা স্থানত অৱস্থান কৰে সেই সময়ছোৱাত কৰা পৃথিৱীৰ গতিক আহ্নিক গতি বোলে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথেৰে এক নিৰ্দিষ্ট গতিত ৩৬৫ দিন আৰু ৬ ঘন্টাত এপাক ঘূৰে ইয়াকে বাৰ্ষিক গতি বুলি কোৱা হয়। 

    আহ্নিক গতিৰ আৰু বাৰ্ষিক গতিৰ পাৰ্থক্য় হৈছে - আহ্নিক গতিঃ পৃথিৱীয়ে ২৪ ঘন্টাত নিজ মেৰুদণ্ডত এপাক ঘূৰে আনহাতে পৃথিৱীয়ে সূৰ্য চাৰিওফালে ঘূৰিবলৈ ৩৫৬ দিন ৬ ঘন্টা সময় লাগে।  

    আহ্নিক গতিৰ আৰু বাৰ্ষিক গতিৰ ফলাফলঃ পৃথিৱীৰ আহ্নিক গতিৰ বাবে দিন-ৰাতি হয়। সূৰ্যৰ পোহৰ পৰাৰ বাবে দিন হয় আৰু সূৰ্য থকা বিপৰীত স্থানত অৱস্থান কৰেগৈ তেতিয়াই ৰাতি হয়।

৪। পৃথিৱীৰ মহাদেশকেইখনৰ নামবোৰ লিখা ।

উত্তৰঃ পৃথিৱীৰ মহাদেশকেইখনৰ নাম হৈছে- এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা, আফ্ৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টাৰ্কটিকা। 

৫। পৃথিৱীৰ মহাসাগৰকেইখনৰ নামবোৰ লিখা ।

উত্তৰঃ পৃথিৱীৰ মহাসাগৰ ৫ খন আৰু সেই কেইখনৰ নাম হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। 

৬। মানচিত্ৰ আৰু নক্সা কাক বোলে ? উভয়ৰে মাজত পাৰ্থক্য কি ?

উত্তৰঃ পৃথিৱীৰ কোনো ঠাইত মাপ অনুসৰি সৰু কৈ কাগজত অংকন কৰা চিত্ৰ ইয়াকে মানচিত্ৰ বোলে। 

    মানচিত্ৰত ডাঙৰ মাপনীৰ ব্য়ৱহাৰ কৰি অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰকে নক্সাবোলে।

মানচিত্ৰ আৰু নক্সা পাৰ্থক্য় হ'ল  মানচিত্ৰ হৈছে কাগজত অংকন কৰা চিত্ৰ আনহাতে, নক্সা হৈছে ডাঙৰ মাপনী ব্য়ৱহাৰ কৰি সৰু ঠাই এখন অংকন কৰা চিত্ৰ। 

৭। পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱকেইটা কি কি ?

উত্তৰঃ পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱকেইটা হৈছে- পৰ্বত-পাহাৰ, মালভূমি আৰু সমভূমিৰ। 

৮। অসমত বছৰটোক কেইটা ঋতুত বিভক্ত কৰা হয় ? অসমৰ ঋতুসমূহৰ বিশেষত্ববোৰ লিখা ।

উত্তৰঃ অসমত বছৰটোক ৬ টা ঋতুত বিভক্ত কৰা হয়।

    অসমৰ ঋতুসমূহৰ বিশেষত্বসমূহ হৈছেঃ 

ক) বসন্ত কালঃ অসমীয়া বছৰৰ চ'ত মাহৰ আৰম্ভণিৰ পৰা বহাগৰ শেষলৈ বসন্ত কাল বুলি কোৱা হয়। বসন্তৰ বতৰত কুলিৰ মাতে উতলা কৰে। বসন্ত কালতে উলহ-মালহেৰে ৰঙালী বিহু বা বহাগ বিহু উদযাপন কৰা হয়।

খ) গ্ৰীষ্ম কালঃ জেঠৰ আৰম্ভণিৰ পৰা আহাৰ মাহৰ শেষলৈ এই ঋতু ব্য়াপ্ত। গ্ৰীষ্ম ঋতুত আম, জামু, লেতেকু, কঁঠাল, পনিয়ল এইবোৰ ফল পোৱা যায়। 

গ) বৰ্ষা কালঃ গ্ৰীষ্ম কালৰ পিছতে বৰ্ষা কাল। গ্ৰীষ্ম কাল শাওণ মাহৰ আৰম্ভণিৰপৰা ভাদৰ মাহৰ শেষলৈ এই ঋতুৰ নিয়মীয়া কাল। অসমৰ মূল শালি ধানৰ খেতি এই ঋতুতে ৰোপণ কৰা হয়।  

ঘ) শৰৎ কালঃ আহিন মাহৰ আৰম্ভণিৰপৰা কাতি মাহৰ শেষলৈ শৰৎ কাল বোলা হয়। এই ঋতুত শেৱালি ফুলে, ধানে গেঁৰ মাৰিব ধৰে, শাৰদীয় বতৰৰ উৎসৱ দুৰ্গা পূজা, দীপাৱলী আৰু লক্ষ্মী পূজা উদযাপন কৰা হয়।

ঙ) হেমন্ত কালঃ শৰতৰ শেষত আঘোণ মাহৰ আৰম্ভণিৰপৰা পুহ মাহৰ শেষলৈ হেমন্ত কাল। সেই সময়তে লাহে লাহে শীত আৰম্ভ হয়। সেই সময়তে খেতিয়কসকলে শালি ধান ভঁৰাললৈ চপাই।

চ) শীত কালঃ মাঘ আৰু ফাগুনৰ সময়ছোৱাক শীত কাল বোলে। শীতৰ নিশা চাৰিওফালে কুঁৱলীয়ে ছানি ধৰে। সেই কালছোৱাত আলু, গাজৰ বিলাহী, আৰু মটৰ আদি বিভিন্ন ৰবি শস্য়ৰে বাৰী ভৰি থাকে। মাঘ মাহত ভোগালী বিহু উদযাপন কৰা হয়। 

 ৯। ভাৰতৰ প্ৰধান প্ৰকৃতিক বিভাগকেইটা কি কি ?

উত্তৰঃ ভাৰতৰ প্ৰধান প্ৰকৃতিক বিভাগ ৫ টা আৰু সেই কেইটা হৈছে-

ক) উত্তৰৰ পাৰ্বত্য় অঞ্চল, খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, গ) দাক্ষিণাত্য়ৰ মালভূমি, ঘ) উপকূলীয় নিম্নভূমি অঞ্চল আৰু ঙ) দ্বীপসমূহ।

১০। ইতিহাস কাক বোলে ? ইতিহাসৰ বিভাগকেইটা কি কি ?

উত্তৰঃ আগতে হৈ যোৱা বিভিন্ন ধৰনৰ ঘটনা কাম-কাজবোৰ বিষয়ে যিয়ে যথাযথভাৱে জানিবলৈ দিয়ে ইয়াকে ইতিহাস বোলে। ইতিহাসে মানৱ জাতিৰ জীৱনৰ সকলো দিশকে সামৰি লয়।

    ইতিহাসৰ বিভাগ কেইটা হ'ল- প্ৰত্নতাত্ত্বিক, সাহিত্য় সম্বন্ধীয় আৰু বিদেশী পৰিব্ৰাজক। 

১১। আদি প্ৰস্তৰ যুগৰ মানুহৰ অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। 

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহৰ অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    আদি প্ৰস্তৰ যুগত মানুহবোৰ অঘৰী আছিল। তেওঁলোকে ঘৰ সাজি বসবাস কৰিব জনা নাছিল। তেওঁলোকে খাদ্য়-বস্তু প্ৰস্তুত কৰি ল'ব জনা নাছিল। বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফল -মূল, সংগ্ৰহ কৰি খাদ্য়ৰ যোগাৰ কৰিছিল। তেওঁলোক চিকাৰী আছিল। 

    আদি প্ৰস্তুৰ যুগৰ মানুহে শিলৰ বাহিৰে আন ধাতুৰ ব্য়ৱহাৰ কৰিব জনা নাছিল। শিলেৰে  বিভিন্ন অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে কামত অহাকৈ গঢ় দি লৈছিল। সেই সময়ত সঁজুলিবোৰ আছিল ভোটা আৰু খহটা। শিলৰ বাহিৰেও তেওঁলোকে জীৱ-জন্তুৰ হাড়, শিং আৰু দাঁত আদি সঁজুলি হিচাপে ব্য়ৱহাৰ কৰিছিল। সেইবোৰ তেওঁলোকে চিকাৰ কৰা, মৃত জীৱ-জন্তুৰ ছাল এৰুৱাৰ, ফল-মূল কটা আৰু হিংস্ৰ জন্তুৰ পৰা আত্মৰক্ষা কৰা আদি এইবোৰ কামত সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ ব্য়ৱহাৰ কৰিছিল। 

১২। নৱ প্ৰস্তৰ যুগৰ মানুহে কি কি জন্তু পোহপাল কৰিছিল আৰু সিহঁতক তেওঁলোকে কি কি কামত ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত মানুহে গৰু, ছাগলী, আৰু ভেড়া আদি পোহপাল কৰিছিল। 

    নৱ প্ৰস্তৰ যুগত মানুহে পোহপাল কৰা জন্তুবোৰক যাতায়াতৰ কামত ব্য়ৱহাৰ কৰিছিল। 

১৩। চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল ? কি কি কামত চকা ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ চকাৰ আৱিষ্কাৰ নৱ প্ৰস্তৰ যুগত হৈছিল।

চকাৰ আৱিষ্কাৰে তেওঁলোকে দূৰ-দূৰণিৰ ঠাইলৈ অতি কম সময়তে  অহা যোৱা কৰিছিল, মাটিৰ পাত্ৰ সাজিবলৈ কুমাৰসকলে চকাৰ ব্য়ৱহাৰ কৰিছিল। চকাৰ ব্য়ৱহাৰ কৰি গাড়ী চলাবলৈ শিকিলে। 

১৪। তাম্ৰ যুগৰ অধিবাসীসকলৰ কৃষি আৰু পশুপালন সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ নৱ প্ৰস্তৰ যুগৰ শেষৰ ফালে ধাতু ব্য়ৱহাৰ আৰম্ভ কৰিছিল। সেই সময়ত ব্য়ৱহাৰ কৰা প্ৰথম বিধ ধাতুৰ আছিল তাম। ১৮০০ খ্ৰীঃপূঃ পৰা ১০০০ খ্ৰীঃপূঃৰ ভিতৰৰ এই সময়ছোৱাকে তাম্ৰ যুগ বুলি কোৱা হয়।

    তাম্ৰ যুগৰ অধিবাসীসকলৰ কৃষি আৰু পশুপালন- তাম্ৰ যুগত কৃষিৰ ক্ষেত্ৰত উন্নতি পৰিলক্ষিত হয়। উন্নত সঁজুলিৰে ধান, যৱ, বাৰ্লি আৰু বিভিন্ন শস্য় খেতি কৰিছিল। তাম্ৰ যুগৰ অধিবাসীসকলে গৰু, ভেড়া, ছাগলী আৰু ম'হ আদি জন্তু পুহিছিল।  

১৫। পুৰণি বেছিভাগ সভ্যতা নদীৰ পাৰত গঢ়ি উঠাৰ কাৰণ কি ?

উত্তৰঃ পুৰণি বেছিভাগ সভ্য়তা নদীৰ পাৰত গঢ়ি উঠাৰ কাৰণসমূহ হৈছে-

ক) নদীৰ পাৰৰ মাটি সাৰুৱা হোৱাৰ বাবে খেতি উপযোগী।

খ) নদীৰ পাৰত প্ৰচুৰ ঘাঁহ-বন গজে আৰু সেইবোৰ পোহনীয়া জীৱ-জন্তুৰ খাদ্য় হিচাপে ব্য়ৱহাৰ কৰা হয়। 

গ)  মানুহ আৰু জীৱ-জন্তু এই সকলোৱে নদীৰ পৰা পানী খাইছিল। 

ঘ) নদীৰ পানীৰ তেওঁলোকে পথাৰৰ শস্য়ত দিব পৰা ব্য়ৱস্থা কৰিছিল। 

১৬। সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সিন্ধু উপত্য়কা সভ্য়তাৰ নগৰ পৰিকল্পনাৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    সিন্ধু নদীৰ পাৰত অতি পুৰণি কালতে এটা সভ্য়তা গঢ় লৈ উঠিছিল। প্ৰথমে তেওঁলোকে খননকাৰ্য আৰম্ভ কৰিছিল। ইয়াৰ পৰা অনুমান কৰিছিল যে ইয়াৰ পৰিকল্পনাৰ আধুনিক যুগৰ নগৰসমূহৰ দৰে আছিল। চহৰৰ আলিবাটবোৰ সু-পৰিকল্পিত আৰু আহল-বহল আছিল। ৰাস্তাৰ কাষে কাষে নলা-নৰ্দমাৰ ব্য়ৱস্থা আছিল। তাৰ ওপৰত ঢাকনি আছিল সেই ঢাকনিবোৰ অতি সহজে খুলিব পৰা নাছিল। ঘৰৰ পৰা ওলাই যোৱা পানী ৰাস্তাৰ কাষৰ নলাত জমা হৈছিল। 

১৭। আৰ্যসকলৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ আৰ্যসকলৰ সমাজ ব্য়ৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

    আৰ্য শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। আৰ্য ভাষা কোৱা লোকসকলক পণ্ডিতসকলে আৰ্যসকল বোলে আৰু তেওঁলোকে গঢ় দিয়া সভ্য়তাটোকে আৰ্য সভ্য়তা বোলে। 

    আৰ্যসকলৰ সমাজ আছিল পিতৃপ্ৰধান। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। তেওঁলোকে পৰিয়ালক 'কুল' বুলি কৈছিল আৰু পৰিয়ালৰ মুৰব্বীজনক 'কুলাপা' বুলি কৈছিল। সেই যুগৰ নাৰীক যথেষ্ট সন্মান কৰিছিল। ল'ৰা-ছোৱালীৰ সকলোকে সমানে শিক্ষা দিয়া হৈছিল। সেই সময়ত যৌতুক আৰু পৰ্দা প্ৰথাৰ প্ৰচলন নাছিল। 

১৮। মহাজনপদ কি ? কোনটো শতিকাত মহাজনপদৰ সৃষ্টি হৈছিল ?

উত্তৰঃ সাৰুৱা অঞ্চলত খেতি-বাতি কৰি লাহে লাহে প্ৰায়বোৰ জনপদেই সমৃদ্ধিশালী হ'বলৈ ধৰিলে এনেদৰে কিছুমান জনপদ অধিক শক্তিশালী হৈছিল আৰু দুৰ্বল জনপদবোৰক নিজৰ অধিনলৈ আনিবলৈ ধৰিলে। এনেদৰে কেইবাখনো জনপদ লগ লাগি মহাজনপদ সৃষ্টি হৈছিল। 

    খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত মহাজনপদ সৃষ্টি হৈছিল। 

১৯। মহাজনপদৰ সংখ্যা কিমানখন আছিল ? জনপদসমূহ ভাৰতৰ কোনটো অঞ্চলত গঢ় লৈ উঠিছিল ?

উত্তৰঃ মহাজনপদৰ সংখ্য়া ১৬ খন আছিল। জনপদসমূহ উত্তৰ ভাৰতৰ গংগা উপত্য়কাৰ সমভূমি অঞ্চলত গঢ় লৈ উঠিছিল। 

২০। জৈন ধৰ্মৰ মূল মতবোৰ লিখা ।

উত্তৰঃ জৈন ধৰ্মৰ মূল মতবোৰ হ'ল- অহিংসা, চুৰি নকৰা, সত্য়বাদীৰ, ত্য়াগ আৰু ব্ৰহ্মচৰ্য। 

২১। গৌতম বুদ্ধৰ বিষয়ে ১৫টা বাক্যৰে  এটি টোকা লিখা ।

উত্তৰঃ গৌতম বুদ্ধৰঃ ৫৬৬ খ্ৰীঃপূঃত হিমালয়ৰ নামনিৰ তৰাই অঞ্চলৰ কপিলাবস্তু নামৰ নগৰৰ লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধই জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ নাম হৈছে শুদ্ধোধন আৰু মাতৃ নাম হৈছে মায়াদেৱী। গৌতম বুদ্ধৰ সৰু কালৰ নাম আছিল সিদ্ধাৰ্থ তেওঁ সৰুৱে পৰা চিন্তাশীল আছিল। যুদ্ধ-বিগ্ৰহ, ৰোগ, মৃত্য়ু আদিৰ পৰা পৰিত্ৰান বিচাৰি তেওঁ ২৯ বছৰ বয়সতে পুত্ৰ-পৰিবাৰ এৰি মাজৰাতিয়ে গৌতমে সংসাৰ ত্য়াগ কৰিছিল। বোধগয়া নামৰ ঠাইত তপস্য়া কৰি তেওঁ দিব্য়জ্ঞান লাভ কৰিছিল। দিব্য়জ্ঞান লাভ কৰা পিছৰেপৰা তেওঁ গৌতম বুদ্ধ অৰ্থাৎ পৰমজ্ঞানী বুলি জনাজাত হৈছিল। তেওঁ শাক্য় বংশত জন্ম লাভ কৰা বাবে বুদ্ধৰ আন এটা নাম শাক্য়মুনি। 

    গৌতম বুদ্ধৰ মতে মানৱ জীৱন দুখেৰে পৰিপূৰ্ণ আৰু সেই বূখৰ কাৰণ আছে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হলে মানুহে ৮ টা উপায় অৱলম্বন কৰিব লাগিব আৰু সেই অষ্টাংগিক মাৰ্গসমূহ হ'ল- সৎ চিন্তা, সিদ্ধান্ত, স বাক্য়, সৎ আচৰণ সৎ কৰ্ম, সৎ স্মৃতি, সৎ চিন্তা, আৰু সৎ ধ্য়ান। 

২২। বৌদ্ধ ধৰ্মমতৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা ।

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ। বৌদ্ধ ধৰ্মৰ মতবাদসমূহ প্ৰচাৰ কৰিবলৈ বৌদ্ধ সংঘ বৌদ্ধ বিহাৰ প্ৰতিষ্ঠা কৰা হৈছিল। বৌদ্ধ ধৰ্মত দীক্ষা ল'বলৈ তিনিটা মন্ত্ৰ উচ্চাৰণেই যথেষ্ট আছিল। সেইকেইটা হ'ল- বুদ্ধং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি আৰু ধৰ্মং শৰণং গচ্ছামি। 

    বৌদ্ধ সংঘ আৰু বিহাৰবোৰ বুদ্ধৰ বাণী প্ৰচাৰৰ ঘাই কেন্দ্ৰ আছিল। ভাৰতৰ কেইবাজনো মহান ৰজাৰ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক আছিল। তেওঁলোকৰ ভিতৰত বিম্বিসাৰ, কনিষ্ক, মহামতি অশোক আৰু হৰ্ষবৰ্দ্ধন তেওঁলোকে বহুতো মঠ নিৰ্মাণ কৰিছিল বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে।  

২৩। অশোকক কিয় 'মহামতি অশোক' বোলা হয় ?

উত্তৰঃ বিন্দুসাৰৰ পৰৱৰ্তী মৌৰ্য সম্ৰাট হ'ল অশোক। অশোক কেৱল মৌৰ্য বংশৰেই নহয়, তেওঁ ভাৰতৰ এজন প্ৰখ্য়াত ৰজা আছিল। সেই কাৰণে তেওঁক মহামতি অশোক বোলা হয়। 

২৪। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাৰপৰজনৰ নাম লিখা । 

উত্তৰঃ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপৰজনৰ নাম হ'ল শালস্তম্ভ। 

২৫। মৌলিক প্ৰয়োজন কাক বোলে ? মানুহৰ মৌলিক প্ৰয়োজন কি কি ?

উত্তৰঃ যিবোৰ বস্তুৰ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, সেই বস্তুবোৰ প্ৰয়োজনকে মৌলিক প্ৰয়োজন বুলি কোৱা হয়। মানুহৰ মৌলিক প্ৰয়োজন বোৰ হৈছে- অন্ন, বস্ত্ৰ আৰু বাসস্থান। 

২৬। মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি আৰু সেই ভাগ দুটা হৈছে- ব্য়ক্তিগত প্ৰয়োজন আৰু সামাজিক প্ৰয়োজন। 

২৭। প্ৰযুক্তি কাক বোলে ? জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিয়ে কিদৰে সহায় কৰে আলোচনা কৰা ।

উত্তৰঃ কোনো কাৰ্য পৰিচালনাৰ আৰু সম্পাদন কৰাৰ বাবে বৈজ্ঞানিক চিন্তা-চৰ্চা, আহিলা-পাতি, আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলি কোৱা হয়। 

   ঊনবিংশ শতিকাৰপৰা পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞান আৰু বিদুৎবিজ্ঞানৰ আৱিষ্কাৰ হৈছিল। শক্তি উৎস হিচাপে বিজুলী আৰু ভূগৰ্ভৰ পৰা পোৱা প্ৰাকৃতিক তেল, গেছ, কয়লা আদি ব্য়ৱহাৰ হবলৈ ধৰিলে। এনে ধৰণৰ প্ৰযুক্তি সহায়ত পানীৰদ্বাৰা বিজুলী, গোবৰৰ পৰা গোবৰ, সূৰ্যৰ ৰশ্মিৰপৰা সৌৰশক্তি আহৰণ কৰি মানুহে দৈনন্দিন জীৱনত ব্য়ৱহাৰ কৰিলে। 

২৮। মানুহৰ বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত ?

উত্তৰঃ মানুহৰ বৃত্তিসমূহ তিনিটা অৰ্থনৈতিক ক্ষেত্ৰত অন্তভূক্ত আৰু সেইবোৰ হ'ল-

ক) কৃষি খণ্ড, খ) উদ্য়োগ খণ্ড আৰু গ) সেৱা খণ্ডৰ। 

২৯। পৰিবহন কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ পৰিবহন তিনি প্ৰকাৰৰ । পৰিবহনৰ প্ৰকাৰবোৰ হ'ল 

ক) পথ পৰিবহন, খ) জল পৰিবহন আৰু গ) আকাশী পৰিবহন।

৩০। চৰকাৰৰ তিনিটা শাখা কি কি আৰু এই তিনিটাই কি কি কাম কৰে ?

উত্তৰঃ চৰকাৰৰ তিনিটা শাখা হৈছে- ক) আইন প্ৰণয়ন, খ) আইন প্ৰয়োগ আৰু গ) বিচাৰ।  

চৰকাৰৰ এই তিনিটা শাখাই কৰা কাম বোৰ হ'ল-

ক) আইন প্ৰণয়নঃ 

খ) আইন প্ৰয়োগঃ আইনৰ মতে কাম চলোৱা। 

গ) বিচাৰঃ আইন বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল-বেয়া বিচাৰ কৰা। লগতে আইনৰ সহায়ত গোচৰ আদি মিমাংসা কৰি জনগণক ন্য়ায় দান কৰা।  

৩১। গণতন্ত্ৰ কাক বোলে ? ভাৰতবৰ্ষৰ শাসনব্যৱস্থা গণতান্ত্ৰিক নে ৰাজতান্ত্ৰিক ?

উত্তৰঃ গণতন্ত্ৰ হৈছে শাসন প্ৰণালী। গণ মানে জনগণ আৰু আৰু তন্ত্ৰ মানে শাসন। ভাৰতবৰ্ষৰ শাসনব্য়ৱস্থা গণতান্ত্ৰিক । 

৩২। গাঁ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ  অনুষ্ঠান কেইটা আৰু কি কি 

উত্তৰঃ গাঁ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান তিনিটা আৰু সেই কেইটা হৈছে 

    গাঁৱলীয়া বা গ্ৰাম্য়, নগৰীয়া বা পৌৰ আৰু জনগোষ্ঠীয়।   

 

Type :  Priyam Jyoti Patar

Check by - Mukesh Borah

Post ID : DABP002796