পাঠ নং- ২৫

স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা


১।একোটা বাক্যত উত্তৰ দিয়াঃ

ক) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা আৰু কি কি ?

উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান তিনিটা আৰু সেইকেইটা হৈছে 一 গাঁৱলীয়া বা গ্ৰাম্য়, নগৰীয়া বা পৌৰসভা আৰু জনগোষ্ঠীয়।

খ) স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল ৫ বছৰ।

গ) পৌৰ নিগমৰ সভাপতিক কি বুলি কয় ?

উত্তৰঃ পৌৰ নিগমৰ সভাপতিক পৌৰপিতা বা মেয়ৰ বুলি কয়।

ঘ) জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবোৰক কি বোলে ?

উত্তৰঃ জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবোৰক স্বায়ত্ত শাসনৰ পৰিষদ বুলি কোৱা হয়।

২। ক) পৌৰসভা ক'ত গঠন কৰা হয় ?

উত্তৰঃ কোনো নগৰৰ জনসংখ্য়া দহ হাজাৰৰ পৰা এক লাখৰ ভিতৰত হ'লে তেনে নগৰত পৌৰসভা গঠন কৰা হয়।

খ)  গাঁওসভাৰ সদস্য কেইজন আৰু তেওঁলোকক কোনে নিৰ্বাচন কৰে ?

উত্তৰঃ গাঁওসভাৰ সদস্য ১০জন আৰু তেওঁলোকক জনসাধাৰণে নিৰ্বাচন কৰে।

গ) গাঁও পঞ্চায়তে কৰিব লগা চাৰিটা কামৰ  নাম লিখা।

উত্তৰঃ গাওঁ পঞ্চায়তে কৰিবলগীয় চাৰিটা কাম হৈছে 一

১) খেতি-বাতি, হাাঁহ-কুকুৰা, গৰু-ছাগলী-গাহৰি আদি পালনৰ বাবে জনসাধাৰণক উৎসাহিত কৰা।

২) কুটীৰ শিল্পৰ উন্নয়ন কৰা।

৩) বাট-পথ নিৰ্মাণ আৰু মেৰামতি কৰা।

৪) বিজুলী চাকিৰ ব্য়ৱস্থা কৰা।

- Hiru Moni Bora



Post ID : DABP006221