মূল বাসিন্দাৰ স্থানান্তৰকৰণ (Displacing Indigenous Peoples) | অধ্যায় ১০ | Lesson 10 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী ° অজিত কুমাৰ দত্ত | High Secondary First Year History Notes


অধ্যায় ১০

মূল বাসিন্দাৰ স্থানান্তৰকৰণ

অনুশীলনী 

১। অতি চমু উত্তৰ লিখা ঃ


ক) উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দাসকল ক'ৰ পৰা আহিছিল?

উত্তৰঃ উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দাসকল ইউৰোপৰ পৰা আহিছিল। 


খ) ফৰাছীসকলে কোন চনত কুইবেকত ফৰাছী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ফৰাছীসকলে ১৬০৮ চনত কুইবেকত ফৰাছী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল।  


গ) কেতিয়া আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৬১ চনত আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল। 


ঘ) কেতিয়া কাঁটাতাঁৰৰ আৱিষ্কাৰ হৈছিল?

উত্তৰঃ ১৮৭৩ চনত কাঁটাতাঁৰৰ আৱিষ্কাৰ হৈছিল। 


ঙ) বৃটেইনে কোনখন দেশৰ লগত যুদ্ধ কৰি কানাড়া লাভ কৰিছিল?

উত্তৰঃ বৃটেইনে ফ্ৰান্স দেশৰ লগত যুদ্ধ কৰি কানাড়া লাভ কৰিছিল। 


চ) ৰাষ্ট্ৰপতি এন্দ্ৰু জোকছন কি হিচাপে জনাজাত আছিল?

উত্তৰঃ ৰাষ্ট্ৰপতি এন্দ্ৰু জোকছনক ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্য়ৰ বিৰোধী হিচাপে জনাজাত আছিল। 


ছ) অষ্ট্ৰেলিয়ালৈ বৃটিছসকল পোন প্ৰথমে কেতিয়া আহিছিল?

উত্তৰঃ অষ্ট্ৰেলিয়াৰ বৃটিছসকল পোন প্ৰথমে ১৭৭০ চনত আহিছিল। 


জ) কোন চনত অষ্ট্ৰেলিয়াত উপনিবেশক স্বায়ত্ত অধিকাৰ প্ৰধান কৰা হয়?

উত্তৰঃ ১৮৫০ চনত অষ্ট্ৰেলিয়াত উপনিবেশক স্বায়ত্ত অধিকাৰ প্ৰদান কৰা হয়। 


ঝ) কোন চনত চিডনী নগৰ স্থাপন হৈছিল?

উত্তৰঃ ১৭৮৮ চনত চিডনী নগৰ স্থাপন হৈছিল। 


ঞ) নিউ চাউথ ৱেলচৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ নিউ চাউথ ৱেলচৰ পূৰ্বৰ নাম আছিল জেম্ছ কুক। 


২। চমুকৈ উত্তৰ দিয়া ঃ

ক) দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ দেশীয় লোকৰ মাজৰ যিকোনো এটা পাৰ্খক্যৰ বিষয়ে মন্তব্য দিয়া।

উত্তৰঃ দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ দেশীয় লোকৰ মাজত প্ৰাৰ্থক্য় হ'ল-

    দক্ষিণ আমেৰিকাৰ লোকসকলতকৈ উত্তৰ আমেৰিকা লোকসকল অতি প্ৰাচীন আছিল। 


খ) ১৯ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী প্ৰয়োগৰ বাহিৰে ইংৰাজ অৰ্থনীতি  আৰু সামাজিক জীৱনৰ কোন ধৰণৰ বৈশিষ্ট্য দেখিছা?

উত্তৰঃ ১৯ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী প্ৰয়োগৰ বাহিৰে ইংৰাজ অৰ্থনীতি আৰু সামাজিক জীৱনৰ বৈশিষ্ট্য় হ'ল-

    ইংৰাজী ভাষা বাহিৰে অৰ্থনীতি আৰু সামাজিক জীৱনে পৰম্পৰাগতভাৱে আগবাঢ়ি যাব কাৰণে সেই অধিবাসীসকলে চেষ্টা কৰিছিল। মূল বাসিন্দাৰ সকলে অৰ্থনীতি আৰু সামাজিক সা-সুবিধাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছিল। 


গ) আমেৰিকান সকলে Frontier মানে কি বুজায়?

উত্তৰঃ 


ঘ) কিয় ইতিহাসৰ কিতাপত অষ্ট্ৰেলিয়াৰ মূল নিবাসীসকলৰ বিষয়ে পোৱা নগৈছিল?

উত্তৰঃ 


৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ


ক) সংগ্ৰহালয়ৰ কলা-বীথিকাই মানুহৰ সাংস্কৃতিক জীৱন প্ৰতিফলন কৰাত কিমান সফল হয়?

উত্তৰঃ


খ) ধৰিলোৱা কালিফোৰ্ণিয়াত চাৰিজন লোকৰ মাজত প্ৰায় ১৮৮০-ত মুখামুখি হৈছিল। এই চাৰিজন লোক হ'ল: এজন আফ্ৰিকাৰ দাস, এজন চীনা শ্ৰমিক, সোণৰ বাবে অহা এদল জাৰ্মান আৰু এজন হোপী জনজাতিৰ লোক; এওঁলোকৰ মাজৰ কথোপকথন বৰ্ণনা কৰা। 

উত্তৰঃ 


গ) উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ ইউৰোপীয় সকলৰ লগত হোৱা সংঘাতৰ বিষয়ে লিখা।

উত্তৰঃ উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ ইউৰোপীয় সকলৰ লগত হোৱা সংঘাতৰ-

     উত্তৰ আমেৰিকাৰ মূল বাসিন্দা সকল ৩০,০০০ বছৰৰ আগতে এছিয়াৰ পৰা বেৰিয়া প্ৰণালী পাৰহৈ ভূমি-সেঁতুৰ পথেৰে দক্ষিণলৈ আহিছিল। সেই লোকসকলে দলবান্ধি নদীৰ ওচৰৰ গাঁৱত বসবাস কৰিছিল। তেওঁলোকে মাকৈই আৰু শাক-পাছলি খেতি কৰিছিল আৰু মাছ, মাংস খাইছিল। সেই লোকসকলে মাংসৰ সন্ধানত বনৰীয়া জন্তু মঙহৰ বাবে ঘুৰি ফুৰিছিল। ১৭ শতিকাৰ পৰা তেওঁলোকে চিকাৰ কৰাত সহজ হৈ পৰিছিল। কাৰণ দেশীয়ৰ লোকসকলে স্পেনিচৰ পৰা ঘোঁৰা কিনি আনিৰ উঠিবলৈ শিকিছিল আৰু সেই বাবে তেওঁলোকে জন্তু চিকাৰ কৰাত অতি সহজ হৈ তুলিছিল।

    দেশীয় লোকসকলে উত্তৰ আমেৰিকাৰ লোকসকলক কৃষি সম্প্ৰসাৰণৰ বাবে কোনো ধৰণৰ জোৰ দিয়া নাছিল। কাৰণ তেওঁলোকে শস্য় ৰাহিৰ কৰা কথা ভবা নাছিল। তেওঁলোক মাটিত পোৱা আহাৰ আৰু আশ্ৰয় লৈয়ে সন্তুষ্ট হৈছিল। তেওঁলোকৰ পৰম্পৰাৰ বৈশিষ্ট্য় আছিল আনুষ্ঠানিক মিত্ৰতা, বন্ধুত্ব স্থাপন কৰা আৰু উপহাৰ বিনিময় কৰা। তেওঁলোকে আনৰ পৰা বস্তু কিনা নাছিল। সেইবোৰ উপহাৰ হিচাপে গ্ৰহণ কৰিছিল। উত্তৰ আমেৰিকাত বিভিন্ন ধৰণৰ ভাষা কোৱা হৈছিল আৰু সেইবোৰ লিখিত নাছিল। মহিলা সকলে ধুনিয়া কাপোৰ বৈছিল। সেই লোকসকলে জলবায়ু আৰু বিভিন্ন প্ৰাকৃতিক পৰিৱেশ আৰু মাটিৰ বিষয়ে জানিছিল। 

    ১৭ শতিকাত কিছুমান ইউৰোপীয়ান বণিকে উত্তৰ আমেৰিকাৰ উত্তৰ উপকূলত উপস্থিত হৈছিল। তেওঁলোকে স্থানীয় লোকৰ আদৰ দেখি তেওঁলোকে সকাহ পাইছিল। সেইবোৰ ব্য়ক্তিয়ে ফাৰৰ আৰু মাছৰ বেপাৰ কৰিছিল। দেশীয় লোকসকলৰ বাবে ইউৰোপীয়ান সকলৰ সৈতে তেওঁলোকে বিনিময় কৰা বস্তুবোৰ উপহাৰ আছিল। ইউৰোপীয় সকলৰ কাৰণে সেইবোৰ চহকী হোৱা উপায় আছিল। তেওঁলোকে ইউৰোপীয় বজাৰত মাছ আৰু পণ্য়দ্ৰব্য় বিক্ৰী কৰি অধিক ধন লাভ কৰিছিল। সময়ে সময়ে বস্তুৰ মূল্য় কম-বেছি হৈছিল। কিন্তু দেশীয় লোকসকলে সেইবোৰ কথা বুজি পোৱা নাছিল। কাৰ ইউৰোপীয় বজাৰৰ জ্ঞান তেওঁলোকৰ নাছিল।  


ঘ) মূল বাসিন্দা আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ সম্পৰ্কত বিংশ শতিকালৈ হোৱা পৰিৱৰ্তনৰ এক ৰূপৰেখা প্ৰস্তুত কৰা।

উত্তৰঃমূল বাসিন্দা আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ সম্পৰ্কত বিংশ শতিকালৈ হোৱা পৰিৱৰ্তনৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

     ১৮ শতিকাত ইউৰোপীয় সকলে দেশীয় লোকতকৈ বেলেগ ধৰণে ভূমি ব্য়ৱহাৰ কৰিছিল। ফ্ৰান্স আৰু বৃটেইনে কিছুমান প্ৰব্ৰজনকাৰী পুত্ৰই পিতৃৰ ভূমিৰ ওপৰত অধিকাৰ নথকাত তেওঁলোকে আমেৰিকাত ভূমি ল'বলৈ চেষ্টা কৰিছিল। তেওঁলোকে পিছত নিজ দেশৰ ডাঙৰ খেতিয়কৰ হাতত ভূমি দিব লগা হৈছিল। সেই কাৰণে চুইডেন, ইটালীৰ আৰু জাৰ্মানী মাটিৰ বাবে আমেৰিকালৈ প্ৰব্ৰজনকাৰীসকলৰ সোঁত বৈছিল। পোলেণ্ডৰ লোকসকলে কম মূল্য়তে বহুতো ভূমিৰ ক্ৰয় কৰিবৰ পাৰি আনন্দিত হৈছিল। তেওঁলোকে হাবি-জংঘলবোৰ পৰিষ্কাৰ কৰি মাটিবোৰ খেতিৰ উপযোগী কৰি লৈছিল। 


৪। চমুটোকা লিখা ঃ


ক) ইউৰোপৰ সাম্ৰাজ্যবাদ।

উত্তৰঃ ১৭ শতিকাৰ পৰা আমেৰিকাত স্পেইন আৰু পৰ্তুগালৰ সাম্ৰাজ্য় সম্প্ৰসাৰিত হোৱা নাছিল। ১৭ শতিকাত ইংলেণ্ড, ফ্ৰান্স আৰু হলেণ্ডে তেওঁলোকৰ বাণিজ্য়িক কাম-কাজ বৃদ্ধি কৰি আমেৰিকা, এছিয়া আৰু আফ্ৰিকাত উপনিবেশ স্থাপন কৰিছিল। আয়াৰলেণ্ডোত এখন উপনিবেশ আছিল। কাৰণ, সেই ঠাইত সকলো মাটিগিৰীয়েই ইংৰাজ আবাসী আছিল। 

    ১৮ শতিকাৰ পৰা উপনিবেশ স্থাপন কৰিছিল। দক্ষিণ এছিয়াত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে বাণিজ্য়িক কোম্পানীয়ে নিজকে ৰাজনৈতিক শক্তিৰূপে প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে স্থানীয় শাসকবোৰক পৰাস্ত কৰি ৰাজ্য়বোৰ চামিল কৰি লৈছিল। ভূ-স্বামীৰ পৰা কৰ সংগ্ৰহ কৰি ঔপনিবেশিক শক্তিবোৰে বাণিজ্য়িকৰ সুবিধা কাৰণে ৰেলপথ নিৰ্মান কৰিছিল, খনি খান্দিছিল আৰু ডাঙৰ কৃষিপাম মুকলি কৰিছিল।   


খ) উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকল।

উত্তৰঃ উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকল- উত্তৰ আমেৰিকাৰ মহাদেশখন সুমেৰু বৃত্তৰ পৰা কৰ্কটক্ৰান্তিলৈ আকৌ প্ৰশান্ত মহাসাগৰৰ পৰা আটলাণ্টিক মহাসাগৰলৈ বিস্তৃত। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত ডাঙৰ ডাঙৰ উদ্য়োগ গঢ়ি উঠিছিল। হেজাৰ হেজাৰ বছৰ ধৰি উত্তৰ আমেৰিকাত বহুতো লোকে বসবাস কৰিছিল।

    উত্তৰ আমেৰিকাৰ প্ৰথম বাসিন্দাসকল ৩০,০০০ বছৰ পূৰ্বে বেৰিয়া প্ৰণালী পাৰহৈ ভূমি-সেঁতুৰ পথেৰে এছিয়াৰ পৰা আহিছিল। তেওঁলোকৰ অধিক লোক ১০,০০০ বছৰ পূৰ্বে হিমযুগৰ ফালে গতি কৰিছিল। ১১,০০০ বছৰ পুৰণি এক কাঁড়ৰ জোং আমেৰিকাত পোৱা গৈছিল। সেই মানুহবোৰে দলবান্ধি নদীৰ পাৰৰ গাঁৱত বাস কৰিছিল। তেওঁলোকে মাকৈই আৰু শাক-পাচলি খেতি কৰিছিল। সেই লোকসকলে মাংস আৰু মাছ খাইছিল। তেওঁলোকে কেতিয়াবা মাংস খাব কাৰণে বাইচনৰ (বনৰীয়া ম'হ) মঙহ বিচাৰি ফুৰিছিল। ১৭ শতিকাৰ পৰা তেওঁলোকৰ চিকাৰ কৰাত সহজ হৈ পৰিছিল। কাৰণ দেশীয় লোকসকলে স্পেনিচ সকলৰ পৰা ঘোঁৰা কিনি উঠিবলৈ শিকাইছিল। তেওঁলোকে প্ৰয়োজনতহে জন্তু চিকাৰ কৰিবলৈ গৈছিল। 

    উত্তৰ আমেৰিকাত বিভিন্ন ভাষা কোৱা হৈছিল যদিও সেইবোৰ লিখিত নাছিল। দেশীয় লোকসকলে কৃষি সম্প্ৰসাৰণত জোৰ দিয়া নাছিল। কাৰণ তেওঁলোকে যিকোনো বস্তু ৰাহি কৰাৰ কথা ভবা নাছিল। তেওঁলোকে মাটিত পোৱা আহাৰ আৰু আশ্ৰয় লৈয়ে তেওঁলোক সন্তুষ্ট আছিল। 


গ) অষ্ট্ৰেলিয়াৰ বিকাশ। 

উত্তৰঃ অষ্ট্ৰেলিয়াৰ বিকাশঃ অষ্ট্ৰেলিয়াৰ আমেৰিকাৰ দৰে মানৱ বাসস্থানৰ এক দীঘলীয়া ইতিহাস আছে। ৪০,০০০ বছৰৰ আগতে আদিম অধিবাসী সকল নিউগিনিৰ পৰা মহাদেশখনলৈ আহিছিল। নিউগিনি ভূ-সেতুৰে অষ্ট্ৰেলিয়াৰ লগত সংলগ্ন।

    বৃটিছৰ উপস্থিতিয়ে আদিবাসীসকলৰ শস্য় নাটকীয়ভাৱে বিঘ্নিত কৰিছিল। অষ্ট্ৰেলিয়াত ইউৰোপীয় বাসিন্দা আৰু অষ্ট্ৰেলিয়াৰ ভূমিভাগৰ মাজৰ কাহিনী দুয়োখন আমেৰিকাৰ মাজত মিলে যদিও সেই কাহিনী ৩০০ বছৰৰ পিছতহে অষ্ট্ৰেলিয়াত আৰম্ভ হৈছিল। ইউৰোপীয় সকলৰ শাসনকালত অষ্ট্ৰেলিয়াৰ অৰ্থনৈতিক বিকাশ আমেৰিকাৰ দৰে বেছি নাছিল। ভেৰা-পাম আৰু খনিজ কেন্দ্ৰবোৰ তেওঁলোকে পৰিশ্ৰম কৰি স্থাপন কৰিছিল। পিছত তেওঁলোকে ঘাঁহ আৰু আঙুৰৰ বাগিচা খেতি গঢ় দি তুলিছিল। ৰাজ্য়বোৰ একলগ কৰা হৈছিল আৰু ১৯১১ চনত অষ্ট্ৰেলিয়াৰ বাবে এখন নতুন ৰাজধানী নিৰ্মাণ কৰা হৈছিল। সেই ৰাজধানী খনৰ নাম আছিল কানবেৰা। 


ঘ) উত্তৰ আমেৰিকাৰ ঔদ্যোগিক বিকাশ। 

উত্তৰঃ উত্তৰ আমেৰিকাৰ ঔদ্য়োগিক বিকাশঃ ১৮৪০ খ্ৰীঃত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ কালিফোৰ্ণিয়াত সোণৰ চিন পোৱা হৈছিল। তেওঁলোকে উত্তৰ আমেৰিকা মাটিত সোণৰ আছে বুলি আশা কৰিছিল। সোণৰ কাৰণে দৌৰ আৰম্ভ হৈছিল। চীন শ্ৰমিকৰ সহায়ত মহাদেশ জুৰি ৰেলপথ নিৰ্মাণ কৰা হৈছিল। ১৮৭০ চনত আমেৰিকাৰ যুক্তৰাষ্ট্ৰ ৰেলপথ আৰু আৰু কানাডাত ১৮৮৫ চনত সম্পূৰ্ণ হয়। 

    ইংলেণ্ডৰ ঔদ্য়োগিক বিপ্লৱৰ কাৰণ আছিল, ক্ষুদ্ৰ খেতিয়কে ডাঙৰ খেতিয়কৰ হাতত মাটি এৰি দি নিজৰ ৰোজগাৰৰ কাৰণে উদ্য়োগবোৰ শ্ৰমিক হিচাপে যোগ দিছিল। কিন্তু উত্তৰ আমেৰিকাত বেলেগ ধৰণে উদ্য়োগীকৰণ হৈছিল। যুক্তৰাষ্ট্ৰ আৰু কানাডা এই দুযোখন ঠাইতে ঔদ্য়োগিক নগৰবোৰ স্থাপিত হয়। ১৮৬০ খ্ৰীঃত যুক্তৰাষ্ট্ৰ অৰ্থনৈতিক ভাৱে এখন পিছপৰা দেশ আছিল। ১৮৯০ চনত এই যুক্তৰাষ্ট্ৰ খন ঔদ্য়োগিক শক্তি হৈ উঠিছিল। সেই ঠাইত বিভিন্ন পাম-খেতি বিস্তাৰিত হৈছিল। 


Type: Nayan Moni Deka 


Post ID : DABP006514


Important Question Answer 


১) উপনিৱেশ কাক বোলে ।

উত্তৰঃ ১৮ শতিকাৰ পৰা দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আফ্ৰিকা, অষ্টেলিয়া আৰু নিউজিলেণ্ডৰ অধিক অঞ্চলত ইউৰোপৰ মানুহে আহি বসতি স্থাপন কৰিবলৈ লয় । ইউৰোপীয় বসতি কৰিবলৈ লোৱা এনে অঞ্চলকে উপনিৱেশ বুলি কোৱা হয় । 


২) ৰেড ইণ্ডিয়ানসকলৰ বাসস্থান কত আছিল ।

উত্তৰঃ  ৰেড ইণ্ডিয়ানসকলৰ বাসস্থান আছিল কলম্বিয়া ।


৩) কিমান চনত জন কেবট নিউজিলেণ্ডত উপস্থিত হয় ।

উত্তৰঃ ১৪৯৭ চনত জন কেবট নিউজিলেণ্ডত উপস্থিত হয় । 


৪) আমেৰিগো ভেচপুচিয়ে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  আমেৰিগো ভেচপুচিয়ে লিখা গ্ৰন্থখনৰ নাম হল Travel . 


৫) কিমান চনত বৃটিছসকলে ভাৰ্জিনিয়াত উপনিৱেশ স্থাপন কৰে ।

উত্তৰঃ ১৬০৭ চনত বৃটিছসকলে ভাৰ্জিনিয়াৰ উপনিৱেশ স্থাপন কৰে । 


৬) কিমান চনত কুইবেক আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ ১৭৭৪ চনত কুইবেক আইন প্ৰণয়ন কৰা হৈছিল ।


৭) কিমান চনত আমেৰিকাৰ গৃহযুদ্ধ হৈছিল ।

উত্তৰঃ ১৮৬১-৬৫ চনত আমেৰিকাৰ গৃহযুদ্ধ হৈছিল ।


৮) কিমান চনত কাঁটাতাৰৰ আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ  ১৮৭৩ চনত কাঁটাতাৰৰ আৱিস্কাৰ কৰা হৈছিল । 


৯) কিমান চনত ৰাষ্ট্ৰীয় ক্ষমা দিৱস পালন কৰা হয় ।

উত্তৰঃ  ১৮২০-১৭০ চনত ৰাষ্ট্ৰীয় ক্ষমা দিৱস পালন কৰা হয় ।


১০) কিমান চনত কানবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী হিচাপে স্থাপন কৰা হৈছিল ।

উত্তৰঃ  ১৯১১ চনত কানবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী হিচাপে স্থাপন কৰা হৈছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answer type  Ali rani Kakati