ভাৰতবৰ্ষ一 চমু ভৌগোলিক পৰিচয় | Lesson 12 | Class 8 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | 


পাঠ ১২

ভাৰতবৰ্ষ― চমু ভৌগোলিক পৰিচয়


1. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা।

a. ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্ভুক্ত?

উত্তৰঃ ভাৰতবৰ্ষ এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত।

b. ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ 2.2 শতাংশ আগুৰি আছে।

c. ভাৰতৰ দক্ষিণে থকা দ্বীপৰাষ্ট্ৰখনৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ দক্ষিণে থকা দ্বীপৰাষ্ট্ৰখনৰ নাম শ্ৰীলংকা।

d. ভাৰতৰ সৰ্বোচ্চ শৃঙ্গটোৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ সৰ্বোচ্চ শৃঙ্গটোৰ নাম মাউণ্ট এভাৰেষ্ট।

e. ভাৰতৰ থৰ মৰুভূমি কোনটো অঞ্চলত অৱস্থিত?

উত্তৰঃ ভাৰতৰ থৰ মৰুভূমি অঞ্চলত অৱস্থিত।

f. দাক্ষিণাত্য মালভূমি কি শিলাৰে গঠিত?

উত্তৰঃ দাক্ষিণাত্য মালভূমি আগ্নেয়শিলাৰে গঠিত।

g. আৰৱ সাগৰত অৱস্থিত ভাৰতৰ দ্বীপপুঞ্জটোৰ নাম লিখা।

উত্তৰঃ আৰৱ সাগৰত অৱস্থিত ভাৰতৰ দ্বীপপুঞ্জটোৰ নাম লাক্ষাদ্বীপ।

h. উত্তৰ-পূব মৌচুমী বতাহ কোন অঞ্চলৰপৰা বৈ আহে?

উত্তৰঃ উত্তৰ-পূব মৌচুমী বতাহ উত্তৰ-পূব অঞ্চলৰপৰা বৈ আহে।

i. প্ৰাকৃতিক উদ্ভিদৰ ভিত্তিত গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ প্ৰাকৃতিক উদ্ভিদৰ ভিত্তিত গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে - প্লাইউদ উদ্য়োগ আৰু কাগজ উদ্য়োগ।

j. জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান ক'ত?

উত্তৰঃ জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দুই নম্বৰত।

k. ভাৰতৰ কোনটো অঞ্চলত জনসংখ্যা অতি ঘন?

উত্তৰঃ ভাৰতৰ উপত্য়কা অঞ্চলত জনসংখ্যা অতি ঘন।

l. ভাৰতৰ অটাইতকৈ ঘন জনবসতিপূৰ্ণ ৰাজ্যখনৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ অটাইতকৈ ঘন জনবসতিপূৰ্ণ ৰাজ্যখনৰ নাম হৈছে বিহাৰ।

m. ভাৰতৰ সবাতোকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ সবাতোকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে - অৰুণাচল প্ৰদেশ।

n. কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এটা উদ্যোগৰ নাম লিখা।

উত্তৰঃ কৃষিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এটা উদ্যোগৰ নাম হৈছে - চাহ উদ্য়োগ।

o. ভাৰতৰ প্ৰধান ধান উৎপাদনকাৰী ৰাজ্য কোনখন?

উত্তৰঃ ভাৰতৰ প্ৰধান ধান উৎপাদনকাৰী ৰাজ্য হৈছে - পশ্চিমবংগ।

p. কোনখন ৰাজ্যক ভাৰতৰ 'ঘেঁহুৰ ভঁৰাল' বুলি কোৱা হয়?

উত্তৰঃ পঞ্জাৱ ৰাজ্যক ভাৰতৰ 'ঘেঁহুৰ ভঁৰাল' বুলি কোৱা হয়।

q. ভাৰতৰ প্ৰধান অৰ্থ শস্য কি?

উত্তৰঃ ভাৰতৰ প্ৰধান অৰ্থ শস্য হৈছে - চাহ।

r. ভাৰতৰ প্ৰধান যন্ত্ৰচালিত কপাহী বস্ত্ৰ উদ্যোগ ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ভাৰতৰ প্ৰধান যন্ত্ৰচালিত কপাহী বস্ত্ৰ উদ্যোগ 1854 খ্ৰি.ত মুম্বাইত স্থাপন কৰা হৈছিল।

s. চেনি উৎপাদনত কোনখন দেশৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম?

উত্তৰঃ চেনি উৎপাদনত কিউবা দেশৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম।

t. চেনী উদ্যোগৰ কেঁচামাল কি?

উত্তৰঃ চেনী উদ্যোগৰ কেঁচামাল কুঁহিয়াৰ।

2. তলত দিয়া প্ৰশ্নসমূহৰ যথোচিত উত্তৰ লিখা।

a. কোনকেইখন ৰাষ্ট্ৰক লৈ ভাৰতীয় উপমহাদেশ অঞ্চল গঢ়ি উঠিছে?

উত্তৰঃ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপক লৈ ভাৰতীয় উপমহাদেশ অঞ্চল গঠিত হৈছে।

b. দাক্ষিণাত্য মালভূমিৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা।

উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ চাৰিখন প্ৰধান নদীৰ নাম হৈছে - মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী। 

c. দক্ষিণ ভাৰতৰ তুলনাত উত্তৰ ভাৰতত গৰম কিয় কম?

উত্তৰঃ কৰ্কটক্ৰান্তিৰ উত্তৰত থকা অংশটো সমমণ্ডলত পৰিছে। সেয়েহে দক্ষিণ ভাৰতৰ তুলনাত উত্তৰ ভাৰতত গৰম কম।

d. ভাৰতৰ কৰমণ্ডল উপকূলত শীতকালতো বৰষুণ হোৱাৰ কাৰণ কি?

উত্তৰঃ 


e. একে অক্ষাংশত অৱস্থিত আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰ মাজত প্ৰভেদ থকাৰ কাৰণ লিখা।

উত্তৰঃ উচ্চতাৰ পাৰ্থক্য়ৰ বাবেই একে অক্ষাংশত অৱস্থিত আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰমাজদ বহু প্ৰভেদ আছে।

f. ধানখেতিৰ বাবে কেনে ধৰণৰ জলবায়ুৰ প্ৰয়োজন?

উত্তৰঃ ধানখেতিৰ বাবে 25° ছেলছিয়াছ উষ্ণতা আৰু বছৰি 100 ছেমি.তকৈ অধিক বৰষুণ ৰ প্ৰয়োজন।

g. লো-তীখাৰ উদ্যোগসমূহ আকৰিক লোৰ খনিৰ আশে-পাশে গঢ়ি উঠাৰ কাৰণ লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগসমূহৰ  কেঁচামাল হৈছে - আকৰিক লো, কয়লা আৰু চূণশিল। কেঁচামাল পৰিবহনত সুবিধা হয় বাবে এনে উদ্য়োগসমূহ আকৰিক লোৰ খনিৰ ওচৰে-পাজৰে গঢ়ি উঠে।

3. ভাৰতৰ ভূ-প্ৰাকৃতিক বিভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ভূ-প্ৰাকৃতিক বিভাগসমূহ হৈছে - উত্তৰৰ পাৰ্বত্য় অঞ্চল, উত্তৰৰ বিশাল সমভূমি অঞ্চল, দাক্ষিণাত্য়ৰ সমভূমি অঞ্চল উপকূলীয় সমভূমি অঞ্চল আৰু দ্বীপীয় অঞ্চল।

4. ভাৰতৰ জলবায়ুত হিমালয় পৰ্বতৰ প্ৰভাৱ লিখা।

উত্তৰঃ ভাৰতৰ জলবায়ুত হিমালয়  প্ৰভাৱ হৈছে 一

(i) হিমালয় পৰ্বতমালাই উত্তৰ দিশৰ পৰা অহা হিমচেঁচা বতাহজাকক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু শীতল হোৱাৰ পৰা ৰক্ষা পৰিছে।

(ii) হিমালয় পৰ্বতৰ পৰা পোৱা বাধাৰ বাবে জলীয় বাষ্পপূৰ্ণ মৌচুমী বতাহ মধ্য় এছিয়ালৈ পাৰ হৈ যাব পৰা নাই আৰু উত্তৰ ভাৰত অঞ্চল শুকান হোৱাৰ পৰা ৰক্ষা পৰিছে।

5. ভাৰতত মৃত্যুহাৰ হ্ৰাস পোৱাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতত মৃত্যুহাৰ হ্ৰাস পোৱাৰ তিনিটা কাৰণ হৈছে - মহামাৰী নিয়ন্ত্ৰণ, উন্নত চিকিৎসা পদ্ধতি আৰু স্বাস্থ্য়ৰ প্ৰতি সজাগতা।

6. প্ৰাকৃতিক উদ্ভিদৰ গুৰুত্ব লিখা।

উত্তৰঃ উদ্ভিদ হৈছে অতি মূল্য়ৱান প্ৰাকৃতিক সম্পদ। উদ্ভিদৰ পৰা অতি মূল্য়ৱান কাঠ পোৱাৰ উপৰি বিভিন্ন ঔষধ প্ৰস্তুত কৰিব পাৰি। ভাৰতৰ অৰণ্য়ত বহুতো ঔষধি গছ পোৱা যায়। উদ্ভিদে ভূমিক্ষয় ৰোধ কৰাৰ উপৰি পৰিৱেশৰ ভাৰসাম্য় ৰক্ষা কৰে। উদ্ভিদে মাটিৰ উৰ্বৰতা বৃদ্ধি হোৱাত সহায় কৰে। প্ৰাকৃতিক উদ্ভিদৰ ওপৰত ভিত্তি কৰি বহুতো উদ্য়োগ গঢ়ি উঠিব পাৰে। যেনে, প্লাইউদ উদ্য়োগ, ৰবৰ উদ্য়োগ, কাগজ উদ্য়োগ ইত্য়াদি।

7. ভাৰতৰ জলবায়ুত মৌচুমি বতাহৰ প্ৰভাৱ লিখা।

উত্তৰঃ ভাৰতত গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্রীষ্মকালত দক্ষিণ-পশ্চিমফালেদি বলে বাবে এই বতাহক দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূবফালৰপৰা বয় বাবে এই বতাহক উত্তৰ-পূব মৌচুমী বতাহ বােলা হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহে আৰৱ সাগৰৰপৰা জলীয় বাষ্প কঢ়িয়াই আনে। এই জলীয় বাষ্পপূর্ণ বতাহ পােনে পােনে আহি ভাৰতৰ পশ্চিমঘাট পর্বতত বাধা পাই ওপৰলৈ উঠি যায় আৰু শীতল হৈ ইয়াৰ পাদদেশত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। এই বতাহৰে এটা অংশ পাৰ হৈ দাক্ষিণাত্য মালভূমি আৰু বংগােপসাগৰেদি বৈ আহি উত্তৰ-পূর্বাঞ্চলত প্ৰৱেশ কৰে। বংগােপসাগৰৰ ওপৰেদি বৈ আহোঁতে এই বতাহে আৰু অধিক জলীয় বাষ্প ধাৰণ কৰে। এই জলীয় বাষ্পৰে পৰিপূৰ্ণ হৈ থকা বতাহ মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ সমগ্ৰ উত্তৰ-পূর্বাঞ্চলত বৰষুণ দিয়ে। এই বতাহৰ প্ৰভাৱতে মেঘালয়ৰ চেৰাপুঞ্জী আৰু মচিনৰামত অতিপাত বৰষুণ হয়।

    উত্তৰ-পূব মৌচুমী বতাহ শীতকালত মধ্য এছিয়াৰপৰা বলে। স্থলভাগৰপৰা প্ৰৱাহিত হৈ অহাৰ বাবে এই বতাহ শুকান আৰু চেঁচা হয়। ভাৰতৰ উত্তৰত থকা হিমালয় পর্বতমালাই এই হিমচেঁচা বতাহক ভাৰতত প্ৰৱেশত বাধা দিয়ে। ফলত উত্তৰ ভাৰতৰ অঞ্চলসমূহ কঠোৰ শীতৰপৰা ৰক্ষা পৰে। অৱশ্যে ইয়াৰ এটা অংশ হিমালয় পর্বত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। শুকান হােৱাৰ বাবে এই বতাহৰ ফলত বৰষুণ নহয়। এই বতাহ বংগােপসাগৰেদি পাৰ হওঁতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু পিছত পূর্বঘাট পর্বতত ঠেকা খাই কমণ্ডল উপকূলত বৰষুণ দিয়ে। এইদৰে ভাৰতৰ কৰমণ্ডল উপকূলত শীতকালতাে বৰষুণ হয়।

8. ভাৰতত কোন চনৰপৰা জনসংখ্যা বৃদ্ধি হৈ গৈ আছে? ভাৰতত জনসংখ্যা বৃদ্ধিৰ দুটা মূল কাৰণ লিখা।

উত্তৰঃ ভাৰতত 1921 চনৰপৰা জনসংখ্যা বৃদ্ধি হৈ গৈ আছে। ভাৰতত জনসংখ্যা বৃদ্ধিৰ দুটা মূল কাৰণ হৈছে - উচ্চ জন্মহাৰ আৰু মৃত্য়ুহাৰ হ্ৰাস।

9. ভাৰতৰ প্ৰধান অৰ্থ শস্য দুবিধৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ প্ৰধান অৰ্থশস্য় দুবিধ হৈছে 一

চাহঃ চাহ ভাৰতৰ প্ৰধান অৰ্থ শস্য়। চাহৰ পৰা ভাৰতে সৰ্বাধিক বৈদেশিক মুদ্ৰা অৰ্জন কৰে। পৃথিৱীৰ ভিতৰত ভাৰত সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ।

কুঁহিয়াৰঃ কুঁহিয়াৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থ শস্য়। কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত গৰম আৰু সেমেকা জলবায়ুত কুঁহিয়াৰৰ খেতি ভাল হয়। গংগা উপত্য়কাৰ হালিচহীয়া সাৰুৱা মাটি পৃথিৱীৰ ভিতৰতে উৎপাদনৰ বাবে উৎকৃষ্ট।

10. ভাৰতৰ যি কোনো দুটা ভূ-প্ৰাকৃতিক অঞ্চলৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ যি কোনো দুটা ভূ-প্ৰাকৃতিক অঞ্চলৰ নাম হৈছে 一

(i) উত্তৰৰ পাৰ্বত্য় অঞ্চলঃ ভাৰতবৰ্ষৰ উত্তৰ অংশ সুউচ্চ পর্বতমালাই আৱৰি আছে। একেবাৰে উত্তৰত আছে কাকোৰাম পর্বতমালা। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ মাউন্ট গড-উইন অষ্টিন বা মাউন্ট এই পর্বতমালাত অৱস্থিত। ই ভাৰতৰ সর্বোচ্চ শৃংগ। কাৰাকোৰাম পৰ্বতৰ দক্ষিণত আছে বিশাল হিমালয় পর্বতমালা। হিমালয় পর্বতমালা ভংগিল পর্বতমালা। ই সাধাৰণতে সহজে ক্ষয় যােৱা কোমল শিলাৰে গঠিত। হিমালয় পর্বতমালা পশ্চিমে সিন্ধু উপত্যকাৰপৰা পূবে ব্রহ্মপুত্র উপত্যকালৈ বিস্তৃত। ই দীঘে প্রায় 2,500 কিমি. আৰু গড়ে প্রায় 240 কিমি. বহল।

উত্তৰৰ বিশাল সমভূমি অঞ্চলঃ উত্তৰৰ বিশাল সমভূমি অঞ্চলটো হিমালয় পার্বত্য অঞ্চল আৰু দাক্ষিণাত্য মালভূমিৰ মধ্যাংশত অৱস্থিত। সিন্ধু, গংগা, ব্রহ্মপুত্ৰ আৰু ইহঁতৰ উপনৈসমূহে বিভিন্ন অঞ্চলৰপৰা কঢ়িয়াই আনি জমা কৰা পলসৰদ্বাৰা এই অঞ্চল গঠিত। এই সমভূমি অঞ্চলটো পৃথিৱীৰ বৃহৎ সমভূমি অঞ্চলসমূহৰ ভিতৰত পৰে। উত্তৰ ভাৰতৰ এই নদীগঠিত সমভূমি অঞ্চলটোক পঞ্জাবৰপৰা অসমলৈ স্থানীয় অৱয়বৰ ভিত্তিত কেইবাটাও ভাগত ভগাব পাৰি।

11. ভাৰতত জলবায়ুৰ বিভিন্নতাৰ প্ৰধান কাৰকসমূহ লিখা।

উত্তৰঃ ভাৰতত জলবায়ুৰ বিভিন্নতাৰ প্ৰধান কাৰকসমূহ হৈছে 一

অক্ষাংশঃ ভাৰতবৰ্ষ 80 4 মিনিট উত্তৰ অক্ষাংশৰ পৰা 370 6 মিনিট উত্তৰ অক্ষাংশলৈকে বিস্তৃত। ভাৰতৰ সোঁমাজেদি পাৰ হৈ যোৱা কৰ্কটক্ৰান্তি ৰেখাডালে ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা ভাগত ভাগ কৰিছে। দক্ষিণ অংশটো বিষুৱৰেখাৰ ওচৰত থকাৰ বাবে ইয়াত প্ৰায় গোটেই বছৰটো গৰম অনুভৱ হয়।

উচ্চতাঃ ভাৰতবৰ্ষৰ অঞ্চলসমূহৰ সাগৰপৃষ্ঠৰ পৰা বিভিন্ন উচ্চতাত অৱস্থিত হোৱাৰ বাবেও জলবায়ুৰ তাৰতম্য় দেখা যায়।

সাগৰৰ পৰা দূৰত্বঃ সাগৰৰ পৰা দূৰত্বইয়ো ভাৰতৰ জলবায়ুত প্ৰভাৱ পেলাইছে। ভাৰতৰ উপকূল অঞ্চলৰ জলবায়ু সাগৰৰ প্ৰভাৱত গোটেই বছৰজুৰি মৃদু হয়। আৰু সাগৰৰ পৰা দূৰত থকা অঞ্চলৰ জলবায়ু গোটেই বছৰ জুৰি গৰম হয়।

পৰ্বত-পাহাৰৰ অৱস্থানঃ পৰ্বত-পাহাৰৰ অৱস্থানে ভাৰতৰ জলবায়ুত প্ৰভাৱ পেলাইছে। হিমালয় পৰ্বতমালাই উত্তৰ দিশৰ পৰা অহা হিমচেঁচা বতাহজাঁকক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু অতিপাত শীতল হোৱাৰ পৰা ৰক্ষা পৰিছে।

বতাহঃ বতাহৰ গতি আৰু দিশেও জলবায়ুৰ বিভিন্নতাত অৰিহণা যোগায়। মৌচুমী বতাহৰ উপৰি বছৰৰ বিভিন্ন সময়ত বলা স্থানীয় বতাহসমূহে ভাৰতৰ জলবায়ুত প্ৰভাৱ পেলায়।

 12. ভাৰতত কি কি প্ৰকাৰৰ প্ৰাকৃতিক উদ্ভিদ পোৱা যায়? যিকোনো এক প্ৰকাৰৰ প্ৰাকৃতিক উদ্ভিদৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতত ছয় প্ৰকাৰৰ প্ৰাকৃতিক উদ্ভিদ পোৱা যায়। সেইবোৰ হৈছে 一 (i) চিৰসেউজীয়া উদ্ভিদ (ii) মৌচুমীয় উদ্ভিদ (iii) কাঁইটীয়া মৰুজ উদ্ভিদ (iv) তৃণজাতীয় উদ্ভিদ (v) ব-দ্বীপীয় উদ্ভিদ (vi) পাৰ্বত্য় উদ্ভিদ।

চিৰসেউজীয়া উদ্ভিদঃ বছৰি 20 ছে.মিতকৈ অধিক বৰষুণ আৰু গড়ে 250 ছেলছিয়াছ উত্তাপ থকা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। বছৰৰ কোনো ঋতুতেই এনে উদ্ভিদৰ পাত নসৰে বাবে এই প্ৰকাৰৰ উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে।

13. ভাৰতৰ যিকোনো দুবিধ প্ৰধান খাদ্য শস্য়ৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ দুবিধ প্ৰধান খাদ্য শস্য় হৈছে 一

ধানঃ ভাৰতৰ প্ৰধান খাদ্য়-শস্য় হৈছে ধান। পৃথিৱীৰ মুঠ ধান উৎপাদনৰ প্ৰায় 1/3 অংশ ধান ভাৰতত উৎপন্ন হয়। ধান উৎপাদনৰ বাবে 25° ছেলছিয়াছ উষ্ণতা আৰু বছৰি 100 ছেমি.তকৈ অধিক বৰষুণৰ প্ৰয়োজন।

ঘেঁহুঃ ঘেঁহু ভাৰতৰ দ্বিতীয় প্ৰধান খাদ্য়-শস্য়। পৃথিৱীৰ ভিতৰত ঘেঁহু উৎপাদনত ভাৰতৰ স্থান পঞ্চম। বছৰি প্ৰায় 50 ৰ পৰা 75 ছেমি.ৰ বৰষুণ হোৱা অঞ্চলত ঘেঁহুখেতি ভাল হয়।

14. চমুটোকা লিখা।

a. লো-তীখা উদ্যোগঃ আধুনিক যান্ত্ৰিক সভ্য়তাৰ মূঁলভেটি হৈছে লো-তীখা উদ্য়োগ। ভাৰতত লো-তীখা উদ্য়োগ 1870 চনত আৰম্ভ হয়। ঔদ্য়োগিক সা-সৰঞ্জাম, বৈদ্য়ুতিক যন্ত্ৰপাতি, প্ৰতিৰক্ষাৰ সামগ্ৰী, ৰেল, দলং নিৰ্মাণ, জাহাজ-মটৰগাড়ী, গৃহ-নিৰ্মাণ আৰু অন্য়ান্য় প্ৰয়োজনীয় সা-সৰঞ্জাম তৈয়াৰ কৰাত লো-তীখা ব্য়ৱহাৰ কৰা হয়। ভাৰতৰ প্ৰধান লো-তীখা উদ্য়োগসমূহ হৈছে - 

- টাটা লো-তীখা ক'ম্পেনি।

- ভৰতীয় লো-তীখা ক'ম্পেনি।

- বিশ্বচায় লো-তীখা ক'ম্পেনি।

- ভিলাই লো-তীখা উদ্য়োগ।

- ৰোৰকিল্লা লো-তাখা উদ্য়োগ।

- দুৰ্গাপুৰ লো-তীখা উদ্য়োগ আৰু।

- বোকাৰো লো-তীখা উদ্য়োগ।

b. বস্ত্ৰ উদ্যোগঃ বস্ত্ৰ উদ্য়োগ ভাৰতৰ আটাইতকৈ পুৰণি শিল্পউদ্য়োগ। বিদেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত এই উদ্য়োগে প্ৰথম স্থান লাভ কৰিছে। বিভিন্ন প্ৰকাৰৰ বস্ত্ৰ উদ্য়োগ সমূহ হৈছে - 

- কপাহী বস্ত্ৰ উদ্য়োগ।

- মৰাপাট বস্ত্ৰ উদ্য়োগ।

- ঊণী বস্ত্ৰ উদ্য়োগগ।

- পাট-মুগা বস্ত্ৰ উদ্য়োগ আৰু। 

- কৃত্ৰিম বস্ত্ৰ উদ্য়োগ আদি।

c. চেনি উদ্যোগঃ কৃষিভিত্তিক ভাৰতীয় উদ্য়োগৰ ভিতৰত চেনি উদ্য়োগৰ স্থান দ্বিতীয়। চেনি উদ্য়োগৰ কেঁচামাল হৈছে কুঁহিয়াৰ। কুঁহিয়াৰৰ পৰা চেনি আৰু গুড় উৎপাদন কৰা হয়। কুঁহিয়াৰ উৎপাদনত ভাৰতৰ স্থান প্ৰথম যদিও চেনি উৎপাদনত ইয়াৰ স্থান দ্বিতীয়।


- Hiru Moni Bora


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------




Post ID : DABP006133