Lesson 18

নগৰৰ ধাৰণা

১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) ভাৰতবৰ্ষত কি কাৰণে গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি?

উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ।সেইকাৰণে ভাৰতবৰ্ষত গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি।
(খ) বৰ্তমান সময়ত নগৰ-চহৰবোৰ ক্ৰমে ডাঙৰ হ'বলৈ ধৰাৰ মূল কাৰণটি কি?
উত্তৰঃ বৰ্তমান সময়ত নগৰ-চহৰবোৰ ডাঙৰ হোৱাৰ মূল কাৰণ হ'ল- উন্নত ধৰণৰ কাৰিকৰি কৌশল, আৰু বিভিন্ন ধৰণৰ উদ্যোগৰ প্ৰতিষ্ঠানৰ বাবে।

(গ) পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা।
উত্তৰঃ পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা হ'ল- পানীৰ অসুবিধা।

২।খালী ঠাই পূৰ কৰাঁ।

(ক) ক'হিমা ভাৰৰ নাগালেণ্ডৰ ৰাজ্য।

(খ) উত্তৰ-পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা ৮  খন।

(গ) অসম ভাৰতৰ উত্তৰ-পূবৰ দুৱাৰমুখ।

(ঘ) অৰুনালৰ টাৱাং এখন পৰ্যটন  নগৰী।

৩। উত্তৰ লিখাঁ।

(ক) পৃথিৱীৰ চাৰিখন উন্নত দেশ

উত্তৰঃ পৃথিৱীৰ চাৰিখন উন্নত দেশৰ নাম হ'ল- আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট-বিট্ৰেইন,জাপান,কানাডা।

(খ) ভাৰতবৰ্ষৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন

উত্তৰঃ ভাৰতবৰ্ষৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন হ'ল- দিল্লী, মুম্বাই, ক'লকাতা, চেন্নাই।

(গ) উত্তৰ-পূব ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী

উত্তৰঃ উত্তৰ পূব ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী হ'ল- গুৱাহাটী,ধুবুৰী,তেজপুৰ,মৰিয়নী।

(ঘ) ভাৰতৰ চাৰিখন বিখ্যাত পৰ্যটন নগৰী

উত্তৰঃ ভাৰতৰ চাৰিখন বিখ্যাত পৰ্টন নগৰী হ'ল দাৰ্জিলিং,আগ্ৰা,পুৰী,শ্ৰীনগৰ।

৪। নগৰ-চহৰ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো দুটা কাৰণ লিখাঁ।

উত্তৰঃ নগৰ-চহৰ গঢ়ি উঠিবলৈ যিকোনো দুটা কাৰণ হ'ল- এখন বজাৰ আৰু এটা উদ্যোগ লাগিব।

৫। সাগৰ আৰু নদীৰ পাৰৰ বন্দৰক কেন্দ্ৰ গঢ়ি উঠা চাৰিখন নগৰৰ নাম লিখাঁ।
উত্তৰঃ মুম্বাই,কলকাতা,চেন্নাই আৰু বিশাখাপট্টনম।

৬।অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম লিখাঁ।
উত্তৰঃ অসমৰ কেইখনমান বাণিজ্য়িক চহৰৰ নাম হৈছে- গুৱাহাটী, ধুবুৰী, তেজপুৰ, মৰিয়নী, ডিব্ৰুগড়, তিনিচুকীয়া আদি।

৭।ভাৰতৰ যিকোনো চাৰিখন তীৰ্থস্থাানৰ নাম লিখাঁ।
উত্তৰঃ ভাৰতৰ যিকোনো চাৰিখন তীৰ্থস্থানৰ নাম হৈছে- বেনাৰস,পুৰী, বৃন্দাবন, তিৰুপট্টী।

৮।প্ৰাকৃতিক দৃশ্য,বতৰ,জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ চাৰিখনৰ নাম লিখাঁ।
উত্তৰঃ দাৰ্জিলিং, আগ্ৰা, বেনাৰস, নাইনিতাল।

৯।গুৱাহাটী মহানগৰত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে লিখা।
উত্তৰঃ  গুৱাহাটী মহানগৰত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্য়া হৈছে- বিশুদ্ধ খোৱাপানীৰ অভাৱ, কৃত্ৰিম বানপানী, ভূমিস্খলন।



১০।পৃথিৱীখনক কিয় 'বিশ্বগাওঁ' আখ্যা দিয়া হৈছে?
উত্তৰঃ গাওঁ এখনত যেনেকৈ অহা-যোৱা সতকাই কৰিব পাৰি,যোগাযোগ সহজতে কৰিব পাৰি,বৰ্তমান বিশ্বতো দুখন ঠাইৰ মাজত দূৰত্ব যিমানেই নহওক কিয়, এই সকলোবোৰ সহজতে সম্ভৱ হৈছে।সেইকাৰণে সকলোৱে পৃথিৱীখনক 'বিশ্বগাওঁ' বুলি ক'বলৈ লৈছে।

Type: Chinmay kakati




Post ID : DABP006248