অ' আমাৰ গাঁও | Lesson 17  | Class 5 Social Science AJB | Assam Jatiya Bidyalay | অসম জাতিয় বিদ্যলয় | পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন আৰু উত্তৰ

Lesson-17

অ' আমাৰ গাঁও


অনুশীলনী 

১। একোটি সম্পূৰ্ণ বাক্যত উত্তৰ দিয়াঁ।

ক) মানৱ সভ্যতাত গাঁৱৰ উৎপত্তিৰ মূল কাৰণ কি?

উত্তৰঃ কৃষি কৰ্মৰ আৰম্ভণি আৰু মানুহে স্থায়ীভাৱে ঘৰ সাজি বাস কৰাটোৱেই হৈছে মানৱ সভ্য়তাত গাঁৱৰ উৎপত্তিৰ মূল কাৰণ।

খ) অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ দুখনৰ নাম লিখাঁ।

উত্তৰঃ অসমৰ মাজেৰে বৈ যোৱা দুখন ডাঙৰ নদী হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী।

গ) গাঁৱৰ আকাৰ-আকৃতি, মানুহৰ জীৱন-ধাৰণ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ গাঁৱৰ আকাৰ-আকৃতি, মানুহৰ জীৱন-ধাৰণ প্ৰণালী আদি কথাবোৰ নিৰ্ভৰ কৰে প্ৰাকৃতিক অস্থাৰ ওপৰত।

ঘ) ভৈয়াম অঞ্চল মানে কি?

উত্তৰঃ ভৈয়াম অ়ঞ্চল মানে হ'ল সমান মাটিৰ অঞ্চল। 

ঙ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখাঁ।

উত্তৰঃ অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম হ'ল- কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলা।

চ) উপাসনা গৃহ কাক বোল?

উত্তৰঃ  যি স্থানসমূহত ধৰ্ম চৰ্চাৰ লগতে একো একোখন গাঁৱৰ, একো একোটা অঞ্চলৰ লোকসকলৰ কলা কৃষ্টিসমূহৰো চৰ্চা কৰা হয় তাকে উপাসনা গৃহ বোলে।

ছ) 'ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়'। 一কথাষাৰৰ বক্তাজন কোন?

উত্তৰঃ  'ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়'। 一কথাষাৰৰ বক্তাজন 'মহাত্মা গান্ধী'।

২। শুদ্ধ নে অশুদ্ধ লিখাঁ।

ক) প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ ফালৰপৰা অসম এখন মনোমোহা ৰাজ্য নহয়।

উত্তৰঃ অশুদ্ধ।

খ) ভৈয়াম মানে হ'ল অসমান মাটিৰ অঞ্চল।

উত্তৰঃ অশুদ্ধ।

গ) অসমৰ প্ৰায়বোৰ গাঁৱেই একোখন বা তাতোকৈ বেছি সৰু-বৰ নদীৰ ওচৰে-পাজৰে অৱস্থিত।

উত্তৰঃ শুদ্ধ।

ঘ) অসমৰ জলবায়ু অনুসৰি ছেপ্তেম্বৰ-অক্ট'বৰ মাহৰপৰা ফেব্ৰুৱাৰি-মাৰ্চ মাহৰ মাজৰ সময়ছোৱাক গ্ৰীষ্ম কাল বোলে।

উত্তৰঃ অশুদ্ধ।

ঙ) গাঁৱৰ নামঘৰসমূহ ধৰ্মীয় উৎসৱ, সভা-সমিতি, নাট-গীত-ভাওনা আদি চৰ্চাৰ মূল কেন্দ্ৰ।

উত্তৰঃ শুদ্ধ।


৩। যথাযথভাৱে উত্তৰ দিয়াঁ।

ক) অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি কি?

উত্তৰঃঅসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় হৈছে কৃষি। 

খ) অসমৰ ভৈয়ামৰ গাঁও অঞ্চলৰ জলবায়ুত কি কি ঋতু দেখা যায়?

উত্তৰঃ অসমৰ ভৈয়ামৰ গাঁও অঞ্চলৰ জলবায়ুত গ্ৰীষ্ম, বৰষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এইকেইটা ঋতু দেখা যায়।

গ) কৃষিৰ উপৰিও অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে  আন কি কি কাম কৰি জীৱিকা নিৰ্বাহ কৰে?

উত্তৰঃ কৃষিৰ উপৰিও অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে  চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি-বাকৰি কৰি, ব্য়ৱসায়-বাণিজ্য় কৰি জীৱিকা নিৰ্বাহ কৰে।

ঘ) ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ বাট-পথ আৰু যান-বাহনৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ বাট-পথ ঘাইকৈ কেঁচা-মাটিৰে নিৰ্মিত। অৱশ্যে বহুতো গাঁৱৰ ৰাস্তা-ঘাট চৰকাৰৰ গড়কাপ্তানী বিভাগৰ দ্বাৰা শিল চটিয়াই যাতায়ত উপযোগী কৰা হৈছে। ভৈয়াম অঞ্চলৰ গাঁওবোৰত দেখা যান-বাহনবোৰ হ'ল- গৰু গাড়ী, ঘোঁৰা গাড়ী, ম'হৰ গাড়ী, ঠেলা, চাইকেল আদি। আজিকালি বিভিন্ন চৰকাৰি আঁচনিৰ অধীনত গাঁও অঞ্চলৰ অধিকাংশ বাট-পথেৰে গধুৰ যান-বাহন চলাচল কৰিব পৰাকৈ পকী অথবা উন্নত কৰা হৈছে। চৰকাৰী বেচৰকাৰী যাত্ৰীবাহী যান-বাহনৰ চলাচল পূৰ্বতকৈ বৃদ্ধি পাইছে। অৱশ্যে গাঁৱৰ টকা-পইচা থকা এচাম মানুহে আজিকালি মটৰ-চাইকেল সৰু মটৰ গাড়ী আদি কিনিবলৈ লৈছে।

ঙ) ভৈয়াম অঞ্চলৰ গাঁৱৰ উপাসনা গৃহবোৰৰ গুৰুত্বৰ বিষয়ে বুজাই লিখাঁ।

উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ এটি বিশেষ বৈশিষ্ট্য় হৈছে উপাসনা গৃহসমূহ। অসমত হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টান আদি নানা ধৰ্মাৱলম্বী লোকে বসবাস কৰে। ইয়াৰ লগতে লালুং, কছাৰী, তিৱা, হাজং, ৰাভা আদি  নানা  জাতি-জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে নিজ নিজ ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতি পালন কৰি আহিছে। এই সকলো ধৰ্মাৱলম্বী লোকৰ নিজা নিজা উপাসনা গৃহ থাকে। যেনে, হিন্দুসকলৰ মন্দিৰ-নামঘৰ, ইছলাম ধৰ্মৰ মছজিদ, খ্ৰীষ্টানৰ গীৰ্জা, শিখ ধৰ্মৰ গুৰুদ্বাৰ আদি। এই ধৰ্মীয় ুপাসনা গৃহসমূহত ধৰ্ম চৰ্চাৰ লগতে একো একোখন গাঁৱৰ, একো একোটা অঞ্চলৰ লোকসকলৰ কলা-কৃষ্টিসমূহৰো চৰ্চা হয়। উদাহৰণ স্বৰূপে গাঁৱৰ ধৰ্মীয় উৎসৱ, সভা-সমিতি, নাট-গীত-ভাওনা আধদি চৰ্চাৰ মূল কেন্দ্ৰ। 

চ) অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ মানুহৰ তাঁতশাল আৰু কুটীৰ শিল্পৰ বিষয়ে এটি বিৱৰণ লিখাঁ।   

উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলৰ জীয়ৰী-বোৱাৰীসকলে নিজ হাতে সূতা কাটি তাঁতশালত বোৱা চাদৰ, মেখেলা, গামোছা আৰু ৰং-বিৰঙী কাপোৰবোৰ গাঁৱলীয়া জীৱনৰ অথি সুন্দৰ বৈশিষ্ট্য়। এই কাপোৰবোৰৰ ৰং, ফুলৰ আৰ্হিয়ে কেৱল ভাৰতৰে নহয়, পৃথিৱীৰ যিকোনো মানুহৰে মন মুহিব পাৰে। অসমৰ ভৈয়াম অঞ্চলৰ আ এটা উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে ইয়াৰ কুটিৰ শিল্পবোৰ। গাঁৱৰ লোকসকলে নিজৰ ঘৰতে সাজি উলিওৱা বাঁহ-বেতৰ সামগ্ৰীবোৰ, মাটিৰে নিৰ্মিত আছবাব-পাত্ৰবোৰ, কাঁহ-পিতলৰ বাচন-বৰ্তন, নাট-ভাওনাৰ বাবে সাজি উলিওৱা মানুহ, জীৱ-জন্তু, চৰাই আধিৰ মুখাবোৰ, কমাৰৰ শালত তৈয়াৰী বিভিন্ন সা-সঁজুলিবোৰৰ মাজেৰে ভৈয়ামৰ গাঁৱৰ অধিবাসীসকলৰ শিল্পীসূলভ মন আৰু স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাৰ প্ৰমাণ পোৱা যায়।

ছ) 'ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়।' মহাত্মা গান্ধীৰ এই কথাষাৰৰ অৰ্থ প্ৰকাশ হোৱাকৈ অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ। (উত্তৰটো প্ৰস্তুত কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'বা)

উত্তৰঃ 


Type: Chinmay kakati






Post ID : DABP005323