হাতী আৰু শিয়াল 

অনুশীলনী 

    👉Text Book PDF
    👉MCQ Online Exam 
    👉MCQ Answer

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ


ক) দঁতাল হাতীটো কিয় গপাল হৈ পৰিছিল ?

উত্তৰঃ  দঁতাল হাতীটো ৰজাৰ মৰম পাই গপাল হৈ পৰিছিল।


খ) হাতীটোৱে সাপক গচক মাৰি দিয়াত সাপে কি কৰিলে ?

উত্তৰঃ হাতীটোৱে সাপক গচক মাৰি দিয়াত সাপে তিনি-চাৰি খোঁট মাৰিলে।


গ) সেই বাটেদি চিকাৰলৈ যোৱা ব্য়াধটোৰ নাম কি আছিল ?

উত্তৰঃ  সেই বাটেদি চিকাৰলৈ যোৱা ব্যাধটোৰ নাম ঘোং আছিল।


[২] চমু উত্তৰ দিয়াঁঃ

ক)  হাতী আৰু সাপ দুয়োটাই কিয় মৰিব লগীয়া হৈছিল ?

উত্তৰঃ হাতী আৰু সাপ দুয়োটাই মৰিব লগা কাৰণ দুয়োটাই গৰ্ব কৰিছিল বাবে মৰিব লগীয়া হৈছিল।


খ) ঘোং নামৰ ব্য়াধটোৰ হাতীৰ দাঁতযোৰ কিয় নিব খুজিছিল ?

উত্তৰঃ  হাতীৰ দাঁতযোৰ বেছি ভালেমান টকা পাব বুলি ভাবি হাতীৰ দাঁতযোৰ নিব খুজিছিল।


[৩] সচাঁ নে মিছা লিখাঁঃ


ক) হাতীটোৱে নিজকে ৰজাৰ মৰমৰ জলহস্তী বুলি ভাবিছিল ।

উত্তৰঃ সত্য।


খ) হাতীৰ গচকত সাপটো মৰিছিল ।

উত্তৰঃ সত্য।


গ) শগুনে হাতী দাঁতযোৰ উঘালি নি বিক্ৰী কৰাৰ কথা ভাবিছিল।

উত্তৰঃ অসত্য।


ঘ) গৰ্ব কৰিলে মানুহে বিপদত নপৰে ।

উত্তৰঃ অসত্য।

 


Apurba Kakati

Check by - Mukesh Borah 




Post ID : DABP006498