পাঠ-৪ 

ডক্টৰ বাণীকান্ত কাকতি 

জানি থোৱাঃ


১। অৰ্থ শিকাঃ

সুযোগ্য    ∶ উপযুক্ত

অমূল্য       ∶ অতি মূল্যৱান

অপভ্ৰংশ   ঃ মূল ভাষাৰ পৰা কিছু সলনি হৈ ওলোৱা নতুন ভাষা 

সাধনা ঃ একান্ত প্ৰচেষ্টা

স্বতন্তৰীয়া ঃ আনৰ ওপৰত নিৰ্ভৰ নকৰা, স্বাধীন

মৌলিক ঃ আনৰ পৰা ভাঙি অহা নহয় 

কৃতিত্ব ঃ নিপুণতা

অপপ্ৰচাৰ ঃ মিছা কথাৰে চলোৱা প্ৰচাৰ, বদনাম 

প্ৰেৰণাদায়ক  ঃ যিয়ে উৎসাহ দিব পাৰে 

সুপ্ৰতিষ্ঠিত  ঃ ভালকৈ স্থাপন কৰি থোৱা 

স্পৃহা  ፡ হাবিয়াস, ইচ্ছা

কৃতজ্ঞ ঃ শলাগ লোৱা 

ডিগ্ৰী  ঃ কোনো পৰীক্ষা দি লাভ কৰা উপাধি

সাত সাগৰ তেৰ নদী  ঃ বহু দূৰলৈ


২। এটা শব্দৰ যিটো অৰ্থ, তাৰ বিপৰীত অৰ্থ বুজোৱা শব্দও জানিব লাগে। যেনে一 নয়নৰ হাতৰ আখৰ বেয়া। ঝৰ্ণাৰ হাতৰ আখৰ ভাল। 'বেয়া'ৰ বিপৰীত অৰ্থ বুজোৱা শব্দ 'ভাল'।

তলত দিয়া শব্দ আৰু বিপৰীত অৰ্থ বুজোৱা শব্দবোৰলৈ মন কৰা।

সুযোগ্য 一 অযোগ্য   

সুখ্যাতি 一 কুখ্যাতি 

কৃতজ্ঞ 一 কৃতঘ্ন

অৰ্থপূৰ্ণ 一 অৰ্থহীন

সফলতা ― বিফলতা 

অমূল্য 一 মূল্যহীন

৩। ক) পাৰ্থক্য় বুজি লোৱাঃ

ডক্টৰ 一 ডাক্তৰ 

বাহ 一 বাঁহ

ফাকি 一 ফাঁকি

কাহ 一 কাঁহ


অনুশীলনী


১) বাণীকান্ত কাকতিৰ ক'ত জন্ম হৈছিল? তেওঁৰ মাক-দেউতাকৰ নাম কি আছিল?

উত্তৰঃ বাণীকান্ত কাকতিৰ জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰৰ দিনা বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত হৈছিল। তেওঁৰ মাকৰ নাম লাহোবালা কলিতা আৰু দেউতাকৰ নাম ললিতৰাম কলিতা আছিল।


২) বাণীকান্ত কাকতিয়ে পৰীক্ষাত কি কি সাফল্য লাভ কৰিছিল?

উত্তৰঃ বাণীকান্ত কাকতিয়ে চৰকাৰী হাইস্কুলৰ পৰা ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল, ১৯১৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধিনতে আই. এ. পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল, ১৯১৮ চনত তেওঁ ইংৰাজী বিষয়ত এম. এ. ডিগ্ৰী লাভ কৰিছিল, ১৯২৩ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে ইংৰাজী বিষয়ত এম. এ. পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিছিল। এনেদৰে তেওঁ পৰীক্ষাত সাফল্য লাভ কৰিছিল।

 

৩) বাণীকান্ত কাকতিয়ে কিহৰ বিষয়ে গৱেষণা কৰিছিল?

উত্তৰঃ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সম্বন্ধে গৱেষণা কৰিছিল।


৪) বাণীকান্ত কাকতিয়ে ৰচনা কৰা দুখন ইংৰাজী পুথি আৰু দুখন অসমীয়া পুথিৰ নাম লিখা?

উত্তৰঃ বাণীকান্ত কাকতিয়ে ৰচনা কৰা দুখন ইংৰাজী পুথিৰ নাম হ'ল 'Vaishnavite Myths and Legends' আৰু দুখন অসমীয়া পুথিৰ নাম হ'ল ' কলিতা জাতিৰ ইতিবৃত্ত' আৰু 'পখিলা'।


৫) বাণীকান্ত কাকতি কেনে স্বভাৱৰ লোক আছিল?

উত্তৰঃ বাণীকান্ত কাকতি বৰ সহজ-সৰল স্বভাৱৰ লোক আছিল।


৬) পখিলাৰ জীৱনে শিশুহঁতক কি শিক্ষা দিব পাৰে?

উত্তৰঃ পখিলাৰ জীৱন আৰু কথাই শিশুৰ মনত চৰিত্ৰ গঠন আৰু আত্মবিশ্বাস গঢ়াত শিক্ষা দিব পাৰে।


৭) 'কলহে নদীৰ পৰা যিমানে পানী আনিব, সাগৰৰ পৰা তাতকৈ বেছি আনিব নোৱাৰে।' এই কথাফাঁকি অৰ্থপূৰ্ণ হয়নে? হয় / নহয়।

উত্তৰঃ হয়।


৮) অসমবাসী ড° বাণীকান্ত কাকতিৰ ওচৰত কিয় কৃতজ্ঞ?

উত্তৰঃ গৱেষণাৰ জৰিয়তে অসমীয়া ভাষাটো সুপ্ৰতিষ্ঠিত কৰি থৈ যোৱা বাবে অসমবাসী তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ।

 

৯) কোনখন গ্ৰন্থৰ বাবে অসমীয়া ভাষা মৌলিক ভাষা ৰূপে  প্ৰতিষ্ঠিত হ'ল?

উত্তৰঃ "Assamese - Its Formation and Development" গ্ৰন্থৰ বাবে অসমীয়া ভাষা মৌলিক ভাষা ৰূপে  প্ৰতিষ্ঠিত হ'ল।


১০) তলৰ বাক্যবোৰৰ খালী ঠাই পূৰ কৰা।

ক) আমি পথৰ বাওঁ ফালে খোজ কাঢ়ো।

        ব'হাগ বিহুত ঢোল বাঁও । (বাওঁ,বাঁও)

খ) সৌখন মোৰ গাওঁ

        আমি বনগীত গাঁও। (গাওঁ, গাঁও)


১১। বাক্য ৰচনা কৰাঃ 

অপপ্ৰচাৰ - বহুলোকে ডাইনিৰ ওপতৰ অপপ্ৰচাৰ কৰে। 

সুযোগ্য - আমটো খাবলৈ সুযোগ্য নহয়। 

অমূল্য - পানী অমূল্য সম্পদ।

কথা - বতৰা - গাঁওৰ মহিলাবোৰ একগোট হৈ কথা - বতৰা পাতি আছে।

ধেমেলীয়া - মানুহজন বৰ ধেমেলীয়া


১২। ড° কাকতি এগৰাকী সফল ব্যক্তি আছিল। তেওঁৰ সফলতা সঁচাকৈয়ে প্ৰশংসা কৰিবলগীয়া। বাক্য দুটাত 'সফল' আৰু 'সফলতা'ৰ ব্যৱহাৰলৈ মন কৰা।

তলৰ শব্দবোৰৰ বিশেষণ লিখা। (আৰ্হিঃ সৰল - সৰলতা)

কঠিন - কঠিনতা

গভীৰ - গভীৰতা

বিফল - বিফলতা

কোমল - কোমলতা


১৩। বিকৃত বা বেয়া বুজাবলৈ শব্দৰ আগত 'অপ' ব্যৱহাৰ হয়। তলত দিয়া শব্দৰ যোৰবোৰ সম্পূৰ্ণ কৰা। (আৰ্হিঃ কৰ্ম - অপকৰ্ম)

প্ৰচাৰ- অপপ্ৰচাৰ

সংস্কৃতি- অপসংস্কৃতি

সুবাদ- অপবাদ

মান- অপমান

যশ- অপযশ

সুনাম- অপনাম

উপকাৰ- অপকাৰ

হৰণ- অপহৰণ

ব্যয়- অপব্যয়


Mampi Kakati   

Spelling Check By- Rajashri


********** 


Post ID : DABP006230