চাপ আৰু প্লাৱিতা  | অধ্যায় ৯ | Unit 9 | Class 8 Science Answer Jatiya Bidyalay | Class 8 Jatiya Bidyalay Science Solution | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | AJB Assam Jatiya Bidyalay Board Solution |


অধ্যায় ৯ 

চাপ আৰু প্লাৱিতা

অনুশীলনী

1. বস্তুৰ ওজন মানে কি ? ওজন এবিধ বল হয় নে ?

উত্তৰঃ পৃথিৱীয়ে যি মাধ্যাকৰ্ষণীয় শক্তিৰ দ্বাৰা বস্তু এটাক আকৰ্ষিত কৰে সেয়া হৈছে বস্তুটোৰ ওজন। ওজন এবিধ বল হয়।


2. ১কিগ্ৰা. -বল বা ১কিগ্ৰা.- ওজন মানে কি ?

উত্তৰঃ ১ কিগ্ৰা. বল হৈছে এক কিগ্ৰা. ভৰৰ ওপৰত পৃথিৱীয়ে ক্ৰিয়া কৰা মাধ্য়াকৰ্ষণিক বলৰ পৰিমাণ।



3. এখন টেবুলৰ ওপৰত বস্তু এটা ৰাখিলে টেবুলখনৰ ওপৰত কি বল প্ৰয়োগ হয় ?

উত্তৰঃ বস্তুটোৰ ওজনে ক্ৰিয়া কৰে।

4. চাপ কাক বােলে ?

উত্তৰঃ একক কালি বা ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা বলকে চাপ বোলে। 

                                                                                                                                            

5. চাপ ( P ) , ক্ষেত্রফল ( A ) আৰু প্রয়ােগ হােৱা বলৰ ( F ) সম্বন্ধটো লিখা ।

উত্তৰঃ চাপ = প্ৰয়োগ হোৱা বল/ ক্ষেত্ৰফল


6. এটা বাকচৰ ভৰ 5 কিগ্রা . , ইয়াৰ ডাঙৰ পিঠিখনৰ ক্ষেত্রফল 300 বর্গ ছেমি . আৰু সৰু পিঠিখনৰ ক্ষেত্রফল 200 বর্গ ছেমি .। টেবুল এখনৰ ওপৰত প্ৰথমতে সৰু পিঠিখন আৰু পিছত ডাঙৰ পিঠিখন থ’লে চাপ কিমান কিমান হ’ব ? ( উত্তৰ : 0.0166 কিগ্রা - ওজন / বর্গ ছেমি , আৰু 0.025 কিগ্রা ওজন / বর্গ ছেমি . ) 

উত্তৰঃ বাকচটোৰ ওজন হৈছে- 5 কিগ্ৰা

200 বৰ্গ ছেন্টিমিটাৰ পিঠিখনে প্ৰয়োগ কৰা বল হৈছে

চাপ = 5 কিগ্ৰা./ 200বৰ্গ ছেন্টিমিটাৰ

= 0.025 কিগ্ৰা ওজন/ বৰ্গ ছেন্টিমিটাৰ

300 বৰ্গ ছেন্টিমিটাৰ পিঠিথনে প্ৰয়োগ কৰা বল হৈছে

চাপ = 5 কিগ্ৰা ওজন/300 বৰ্গ ছেন্টিমিটাৰ

= 0.0166 কিগ্ৰা. ওজন বৰ্গ/ছেন্টিমিটাৰ


7. তুলিতকৈ কাঠত শুলে আমি কিয় বেছি কষ্ট পাওঁ ?

উত্তৰঃ তুলিতকৈ কাঠত আমাৰ দেহত লাগি থকা অংশৰ ক্ষেত্ৰফল কম কাৰণে চাপ অধিক হয় যাৰ বাবে আমি কাঠত বেছি কষ্ট অুভৱ কৰো।


8. অধ্যায়টোত থকা বালিৰ পৰীক্ষাটোত বহল টেমাতকৈ দীঘল নলীডালৰ তলপিনে বালিখিনি টান হৈ পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰা । 

উত্তৰঃ ইয়াৰ কাৰণ হৈছে দীঘল নলীত থকা বালিখিনিয়ে কম ক্ষেত্ৰফলৰ ওপৰত কৰা বল প্ৰয়োগ। ফলত চাপ অধিক হয় আু তলৰফালে বালিখিনি কঠিন হৈ পৰে।


9. 5 কিগ্রাৰ বাকচ এটা 

( ক ) টেবুলৰ বা চকীৰ ওপৰত আৰু 

( খ ) মাটিৰ ওপৰত থলে কিমান বল প্রয়ােগ হ'ব ? 

উত্তৰঃ বাকচটোৰ ওজন হৈছে 5 কিগ্ৰা, গতিকে বাকচটোৱে প্ৰয়োগ কৰা বল হ'ব 5 কিগ্ৰা।


10. এটা 1 কিগ্রা . - ওজনৰ বাকচ আৰু এটা 10 কিগ্রা . - ওজনৰ বাকচে এখন টেবুলৰ ওপৰত সমান চাপ দিয়ে । এই উক্তিটো শুদ্ধ হ'ব পাৰেনে ? 

উত্তৰঃ উক্তিটো শুদ্ধ হ'ব। কাৰণ চাপ বস্তুটোৰ ওজন আৰু ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰশীল। যদি 1 কিগ্ৰা ওজনৰ বাকচটোৱে 10 বৰ্গ ছেন্টিমাটৰ ক্ষেত্ৰফলৰ ওপৰত আৰু 10 কিগ্ৰা ওজনৰ বাকটোৱে 10 বৰ্গ ছেন্টিমিটাৰ ওপৰত বল প্ৰয়োগ কৰে তেনেহ'লে চাপ সমান হ'ব।


11. এটা বাকচৰ সকলােকেইখন পিঠি এখন এখনকৈ টেবুলত থােৱাত সমান চাপ দিলে । ইয়াৰপৰা আমি কি বুজিব পাৰোঁ ? 

উত্তৰঃ এটা বাকচৰ বেলেগ বেলেগ পিঠি টেবুলত থৈছে সেইকাৰণে ওজন সমান হ'ব। প্ৰত্য়কখন পিঠিয়ে সমান চাপ দিয়ে সেইকাৰণে প্ৰত্য়কখন পিঠিৰ ক্ষেত্ৰফল সমান হ'ব।


12. খালি ঠাই পূৰণ কৰাঁ ।

 ( ক ) তৰলৰ ------ কাৰণে পাত্ৰৰ বেৰত ই ----- দিয়ে ।

উত্তৰঃ পাৰ্স্বচাপৰ, হেঁচা।

 ( খ ) চাপ ------ প্ৰকাৰৰ , ------, ------ আৰু ------- ।

উত্তৰঃ তিনি, নিম্নচাপ, পাৰ্শ্বচাপ আৰু উধচাপ।


13. জুলীয়া পদাৰ্থৰ নিম্নচাপ কাক বােলে ? নিম্নচাপ প্রদর্শন কৰিবলৈ এটা সৰল পৰীক্ষা বর্ণনা কৰাঁ । 

উত্তৰঃ জুলীয়া পদাৰ্থই তললৈ প্ৰয়োগ কৰা চাপক নিম্নচাপ বোলে।



তলিত ফুটা থকা ওপৰে-তলে সমান এটা প্লাষ্টিকৰ বটলৰ ফুটাটো আঙুলিৰে বন্ধ কৰি পানীৰে পূৰোৱা হয়। আঙুলিটো এৰি দি বটলটোত প্ৰথমতে ওপৰত আধা আৰু পিছত তলৰ আধা পানী খালী হ'বলৈ কিমান সময় লাগে হাতঘড়ী চাই উলিওৱা হয়। পানীৰ উচ্চতা হ্ৰাস পালে তলিত চাপ কমে আৰু সেইকাৰণে তলৰ াধা পানী ওলাবলৈ বেছি সময় লাগে।



14. জুলীয়া পদাৰ্থৰ পার্শ্বচাপ কাক বােলে ? পার্শ্বচাপ প্রদর্শন কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । জুলীয়া পদাৰ্থৰ চাপ যে গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে পৰীক্ষাটোত দেখুৱাব পাৰিনে ? 

উত্তৰঃ 

জুলীয়া পদাৰ্থই পাত্ৰৰ বেৰত দিয়া চাপক পাৰ্শ্বচাপ বোলে। 



এটা বটলৰ মাজত আৰু ওপৰত তিনিটা ফুটা থকা এটা প্লাষ্টিকৰ বটল পানীৰে পূৰ কৰিলে তিনিওটা ফুটাৰে পানী ওলাব। পানীৰ অণুবোৰে বেৰত খুন্দিয়াই বাবে ফুটাৰে পানী ওলায়। পানী ওলোৱা ঘটনাই পাৰ্শ্বচাপ কথাটো বুজায়। বেৰৰ ওচৰত প্ৰতিটো পানীৰ সোঁত লম্ববাৱে ওলায়। তলৰ ফুটাটোৰে পানী আটাইতকৈ দূৰত আৰু ওপৰটোৰে আটাইতকৈ ওচৰত পৰেগৈ। গতিকে, তলৰ ফুটাটোত চাপ আটাইতকৈ বেছি আৰু ওপৰৰটোত আটাইতকৈ কম। আকৌ তলৰ ফুটাটোত গভীৰতা আটাইতকৈ বেছি, মাজৰটোত কিছু কম আৰু ওপৰৰটোত আটাইতকৈ কম। পানীৰ সোঁতটো বিভিন্ন দূৰত্বত পৰেগৈ। পৰীক্ষাটোৱে বুজায় যে জুলীয়া পদাৰ্থৰ চাৰ গভীৰতাৰ ওপৰত নিৰ্ভৰশীল।


15. একে গভীৰতাত জুলীয়া পদাৰ্থৰ চাপ সকলাে দিশতে যে সমান তাৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰা । 

উত্তৰঃ 



একে গভীৰতাত পাৰ্স্বচাপে সকলো দিশনে সমানে ক্ৰিয়া কৰে। আন এটা প্লাষ্টিকৰ বটলত একে গভীৰতাত বেৰত চাৰিওপিনে 3/4 টা ফুটা কৰি পৰীক্ষাটো আগৰ দৰেই কৰা হয়। এইবাৰো পানী বেৰত লম্বভাৱে ওলায়, কিন্তু একে দূৰত্বত পৰেগৈ। ই দেখুৱায় যে, তৰলৰ একে গভীৰতাত পাৰ্শ্বচাপ পাত্ৰৰ ভিতৰত চাৰিওপিনে সমান।


16. জুলীয়া পদাৰ্থৰ চাপৰ দুটা ব্যৱহাৰ উল্লেখ কৰাঁ । 

উত্তৰঃ জুলীয়া পদাৰ্থৰ চাপৰ দুটা ব্য়ৱহাৰ হৈছে-

(1) পানীৰ পাৰ্শ্বীয় চাপৰ কাৰমণে ঘৰুৱা পানী যোগানৰ ব্যৱস্থা সম্ভৱ হৈছে। টেপৰ মুখেদি ওলোৱা পানীৰ বেগ মূল জলাধাৰত থকা পানীৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰে।

(2) কেতিয়াবা নৈৰ পানী ব্য়ৱহাৰ কৰিবলৈ ওখ বান্ধ দি পানী জমা কৰা হয়। বান্ধটোৰ তলৰপিনে তৰপটো বেছি ডাঠ কৰা হয়, যাতে গভীৰতা বাঢ়িলে পানীৰ বৰ্ধিত চাপ বান্ধটোৱে সহ্য় কৰিব পাৰে। 


17. এটা পাত্র বা বেলুনত গেছ আবদ্ধ কৰিলে কি কাৰণত চাপৰ সৃষ্টি হয় ?

উত্তৰঃ এটা পাত্ৰ বা বেলুনত গেছ আৱদ্ধ কৰিলে গেছৰ অণুবোৰে চাৰিওফালে গতি কৰি পাত্ৰটোৰ সকলো স্থান দখল কৰে। অণুবোৰে পাত্ৰৰ বেৰত খুন্দিয়াই বল প্ৰয়োগ কৰে। ইয়াৰ কাৰণে চাপৰ সৃষ্টি হয়।


18. শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) আবদ্ধ পাত্ৰৰ বেৰত গেছে একক ক্ষেত্রফলত প্ৰয়ােগ কৰা বলকেই গেছৰ চাপ বােলে । 

উত্তৰঃ শুদ্ধ।

( খ ) বেলুন এটাৰ ভিত গেমখিনিৰ ওজনৰ কাৰণে চাপ সৃষ্টি নহয় ।

উত্তৰঃ শুদ্ধ


19. খালি ঠাই পূৰণ কৰাঁ । 

( ক ) বেলুন এটাৰ ভিতৰৰ বেৰত অনুৱে ----- কাৰণে গেছৰ চাপ সৃষ্টি হয় । 

উত্তৰঃ খুন্দিয়াই।

(খ) আবদ্ধ গেছৰ চাপ ---------- আৰু ------- বাঢ়িলে বাঢ়ে ।

উত্তৰঃ ঘনত্ব, উষ্ণতা।

 ( গ ) চাইলে পাৰ পিষ্টন ভিতৰলৈ ঠেলিলে চাইকেলৰ টিউবত গেৰ চাপ -------- । অণুৰ ---- বৃদ্ধি হােৱা কাৰণেও চাপ বাঢ়ে ।

উত্তৰঃ উত্তৰঃ বাঢ়ে, সংখ্যা।


 20. এটা বায়ুপূর্ণ বেলুনত 1000 টা মাখি ভৰােৱাত দেখা গ'ল মাখিয়ে বেলুনৰ বেৰত সঘনাই খুন্দিয়াব ধৰিছে । এতিয়া তলৰ বাক্যটো পূর্ণ কৰাঁ । বেলুনৰ ভিতৰত মুঠ চাপ =গেছখিনিৰ  চাপ + -------খুন্দা মৰাৰ ফলত হোৱা চাপ ।

উত্তৰঃ মাখিয়ে।



 এটা অতি ক্ষুদ্র বেলুনৰ ভিতৰত 1000 কোটি গেৰ অণু আছে । নতুনকৈ 2000 কোটি অণু ভৰােৱা হ'ল । তলৰ বাক্যটো সম্পূর্ণ কৰাঁ । আগতে গেছৰ চাপ P হলে নতুন চাপ হব ------ ।

উত্তৰঃ 3P ।


22.  বাক্যটো পূর্ণ কৰা । 

এটা বেলুন ৰদত থলে ----- বৃদ্ধি হয় কাৰণে -------- বাঢ়ে আৰু বেলুনটো অলপ ডাঙৰ হয়

উত্তৰঃ উষ্ণতা, চাপ।


 23. বাক্যটো পূর্ণ । এটা বায়ুপূর্ণ বেলুন পানীৰ তললৈ নিলে পানীৰ চাপে বেলুনটো হেঁচি ধৰে ; বেলুন বাড়ে । 

উত্তৰঃ নিম্নচাপে, কমে, চাপ।


24. গেছে পাত্ৰৰ বেৰত লম্বভাৱে চাপ দিয়াৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰাঁ । 

উত্তৰঃ

এটা সৰুত প্লাষ্টিকৰ বটলত বেৰত বেজীৰে এটা ফুটা কৰি বটলটোত মুখেৰে জোৰেৰে বায়ু সুমুৱাই দিয়া হয়। সৰু ফুটাটোৱে বায়ু বটলৰ বেৰৰ লম্বভাৱে পোনে পোনে ওলাই আহে। ফুটাটোৰ কাষত থোৱা সৰু মমশিখা ওলাই অহা বায়ুয়ে বেঁকা কৰি দিয়ে। এলানিমমশিখা ৰাখিলে পোনে পোনে থকাটো বেঁকা হ'ব।


25. বায়ুমণ্ডলৰ বায়ু আবদ্ধ নহয় । তথাপি ভূ - পৃষ্ঠত কেনেকৈ চাপ সৃষ্টি হয় ? 

উত্তৰঃ বায়ুত ওজন থকাৰ কাৰণে ভূ-পৃষ্ঠৰ কোনো স্থানৰ পোনে পোনে ওপৰত থকা বায়ুমঅডলে সেই স্থানৰ চাপৰ সৃষ্টি কৰে।


26 , এক বায়ুমণ্ডলীয় চাপ কিমান ? 

উত্তৰঃ ভূ-পৃষ্ঠৰ প্ৰতি বৰ্গ ছেন্টিমিটাৰ ক্ষেত্ৰফলৰ ওপৰত বায়ুৰ প্ৰায় 1 কিগ্ৰামৰ ওজনৰ চাপে ক্ৰিয়া কৰে। এই চাপক বায়ুমণ্ডলীয় চাপ বোলে।


27. বায়ুৰ চাপে জুলীয়া পদাৰ্থৰ স্তম্ভ দাঙি ৰাবি পৰা প্ৰীক্ষা এটা বর্ণনা কৰাঁ ।

উত্তৰঃ 


দুয়োপিনে খোলা মুখৰ এফোটমান দীঘল নলী এডালৰ এটা মূৰ আঙুলিৰে বন্ধ কৰি নলীডাল পানীৰে পূৰোৱা হয়। নলীডাল ওলোটাই এটা পানীৰ পানীৰ পাত্ৰত খোলা মূৰটো সোমোৱাই দিয়া হয়। আঙুলীৰ টিপীাটো থকালৈকে পানীৰ স্তম্ভটো নলীডালত ৰৈ থাকে। কিন্তু আঙুলিটো এৰি দিলে নলীৰ ওপৰত খোলা মূৰতো বায়ুমণ্ডলীয় চাপে ক্ৰিয়া কৰে। ফলত ওজনৰ কাৰমে নলীটোৰ পানীখিনি তললৈ নামি যায়।

 28. বায়ুৰ চাপ 76 ছেমি , পাৰা মানে কি ? 

উত্তৰঃ বায়ুৰ চাপে 76 ছেন্টিমিটাৰ উচ্চতাৰ পৰাক্তম্ভ থিয়কৈ ধৰি ৰাখিব পাৰে। গতিকে এই উচ্চতাক বায়ুমণ্ডলৰ চাপৰ জোখ হিচাপে লোৱা হয় সেইকাৰণে চাপ 76 ছেন্টিমিটাৰ পাৰা বোলে। 


29. শােষক পাম্পৰ লেবেলযুক্ত চিত্র আঁকি বর্ণনা কৰা ।

উত্তৰঃ 



ওখ ঘৰ বা ওখ ঠাইলৈ পানী উঠাবলৈ হাতেৰে চলোৱা সাধাৰণ পাম্প ব্য়ৱহৃত হয়। এনে পাম্পক শোষক পাম্প বোলে। এই পাম্পত মজবুট লোহাৰ নলী, পিষষ্টন, ভালভ্, আগম নলী আৰু নিৰ্গমনলী থাকে। পানী আধাৰৰপৰা ঘআম নলীৰে সোমাই নিৰ্গম নলীৰে ওলাই আহে। আগমনলী মাটিৰ তললৈ পানী পোৱা ঠাইলৈকে যায়। বেৰেলৰ তলপিনে এটা ফুট ভালভ্ V, আৰু ওপৰপিনে পিষ্টন ভালভ্ V2 থাকে। ভাল্ভ দুটা ওপৰপিনে খোল খাব পাৰি। ভাল্ভে সদায় এপিনেহে পানীৰ সোঁত ব'বলৈ দিয়ে।


30. ছাইফ'নৰ লেবেলযুক্ত চিত্র আঁকি বর্ণনা কৰাঁ । 

উত্তৰঃ ছাইফ'ন প্ৰক্ৰিয়াৰে জুলীয়া পদাৰ্থ, যেনে, পানীৰ ওপৰত থকা এটা পাত্ৰ C1 ৰপৰা তলত থকা অন্য় এটা পাত্ৰ C2 লৈ নিয়া হয়। এটা চুটি আৰু আনটো দীঘল বাহুৰ U আকৃতিৰ এডাল কাঁচ বা ৰবৰ বা প্লআষ্টিকৰ নলী লোৱা হয়। নলীডালত পানী সম্পূৰ্ণকৈ ভৰাই লোৱা হয়।


বাহু দুটাৰ মূৰ দুটা আঙুলিৰে বন্ধ কৰি লোৱা হয়। বন্ধ অৱস্থাতে চুটি বাহুৰ মূৰটো ওপৰৰ পাত্ৰটোৰ পানীত ডুব যোৱাকৈ আৰু দীঘল বাহুৰ মূৰটো তলৰ খালি পাত্ৰটোৰ ভিতৰত থোৱা হয়। আঙুলি দুটা আঁতৰালে পানীৰ ওপৰৰপৰা তললৈ আহে।

দীঘল নলীটোৰে পানীখিনি তললৈ নামি আহে। সেই ঠাই পূৰাবলৈ বায়ুৰ চাপ Pএ নলীটোৰে পানী ওপৰলৈ ঠেলি দিয়ে। পানীৰ সোঁতটো স্বয়ংক্ৰিয়ভাৱে চলি থাকে। 


31. খালি ঠাই পূৰ কৰাঁ । 

( ক ) পৃথিৱীৰ ওপৰলৈ বায়ুৰ ---------- আৰু ------------ ক্রমে কমি আহে । 

উত্তৰঃ ঘনত্ব, চাপ।

( খ ) ওপৰত বায়ুৰ --------- কম আৰু সেইবাবে ---------- লােৱাত আমাৰ কষ্ট হয় । 

উত্তৰঃ চাপ, উশাহ-নিশাহ।

32. পাস্কেলৰ বিধিটো লিখা । ইয়াক প্রদর্শনৰ এটা সৰল পৰীক্ষা বর্ণোৱা ।

উত্তৰঃ পাস্কেলৰ বিধিটো হৈছে- 'আবদ্ধ জুলীয়া পদাৰ্থৰ কোনো অংশত চাপ প্ৰয়োগ কৰিলে, সেই চাপৰ পৰিৱৰ্তিত নোহোৱাকৈ সকলো দিশতে চলিব পাৰে। সঞ্চালিত চাপে আধাৰৰ বেৰত লম্ব বাৱে ক্ৰিয়া কৰে।

ইয়াক প্ৰদ্ৰশন কৰিবলৈ এটা পৰীক্ষা কৰা হ'ল-

এটা ৰবৰৰ বলত এটা ক্ষুদ্ৰ বিন্ধা কৰি পানীৰে পূৰ্ণ কৰা হ'ল। ফুটাটো আঙুলিৰ দ্বাৰা বন্ধ কৰি বেজিৰে বলটোৰ চাৰিওফালে আন কেইটামান ফুটা কৰা হ'ল। বলটো লাহেকৈ হেচি দিলে বিন্ধা কেইটাৰে পানীৰ প্ৰবাহ বেৰৰ পোনে পোনে চাৰিওপালে জমান জোৰত ওলাই আহে।  

 

33. এটা বেলুনত গেছ ভৰাই থাকিলে কি কি ৰাশি সলনি হ'ব ? চাপৰ সঞ্চালন কেনে হ’ব ? 

উত্তৰঃ বেলুনত গেছ ভৰাই থাকিলে বেলুনৰ আয়তন বৃদ্ধি হয়। বেলুনৰ ভিতৰত গেছৰ ্ণুৰ ঘনত্ব বৃদ্ধি হয় যাৰ বাবে গেছৰ চাপ বাঢ়ে। পাম্প দি থাকিলে বেলুনৰ ভিতৰত বায়ুৰ চাপ সকলো অংশতে সমানে চলে।


34. প্লাৱিতা কাক কয় ? এই বলৰ অস্তিত্ব বুজাবলৈ এটা নিৰীক্ষণ বর্ণনা কৰাঁ । 

উত্তৰঃ তৰল পদাৰ্থত ভাঁহি অহা অথবা ডুবি থকা যিকোনো বস্তুৰ ওপৰত তৰলবিধ সদায় এটা উৰ্ধমুখী বল থাকে। তৰলৰ উৰ্ধমুখী বলক প্লাৱিতা বোলে। 

কাঠৰ টুকুৰা এটা পানীত ওপঙি থকা অৱস্থাত আমি যদি ইয়াক তললৈ ডুবাব বিচাৰো তেনেহ'লে আমি ইয়াক হেঁচিব লাগিব। ইয়াৰ কাৰণ হৈছে কাঠ টুকুৰাৰ ওপৰত তৰলে এটা উৰ্ধমুখী বল প্ৰয়োগ কৰে। এই উৰ্ধমুখী বলে তললৈ যোৱাত বাধা প্ৰদান কৰে। 


35. খালি ঠাই পূর্ণ কৰাঁ ।

 ( ক ) প্লাৱিতাৰ দিশ --------। 

উত্তৰঃ উৰ্ধমুখী।

( খ ) প্লাৱিতাৰ কাৰণে তৰলত নিমগ্ন বস্তুৰ ------- কমে । 

উত্তৰঃ ওজন।

36. আর্কিমিডিছৰ নীতিটো লিখা । ইয়াৰ প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । আর্কিমিডিছৰ নীতিৰ এটা ব্যৱহাৰ লিখা । 

উত্তৰঃআৰ্কিমিডিছৰ নীতিটো হৈছে- তৰল পদাৰ্থত কোনো কঠিন বস্তু আংসিকভাৱে অথবা সম্পূৰ্ণভাৱে ডুবালে ইয়াৰ ওজন কমে আৰু এই হ্ৰাস হোৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।



এটা 300 গ্ৰামমান ভৰৰ শিল স্প্ৰিং তুলাচনীত বান্ধি জোখ লোৱা হ'ল। ধৰা হ'ল, শিলটোৰ বায়ুত ওজন W1 গ্ৰাম।  এতিয়া পানীত শিলটো সম্পূর্ণ ডুবাই দিলে ই অপসৰণ কৰা পানী নির্গমণ নলীয়েদি ওলাই আহে। পানীখিনি V, পাত্ৰত সংগ্ৰহ কৰা হয়। শিলটোৰ ওজন পানীত কিছু কম হ'ব। ধৰা হ'ল এই ওজন W, গ্রাম। গতিকে শিলটোৱে হেৰুওৱা ওজনৰ পৰিমাণ হ'ব (W - W) গ্রাম।অপসাৰিত পানীখিনি এটা পাতল সৰু পলিথিন বেগত ভৰাই লৈ ইয়াৰ ওজন (W, গ্রাম) জোখা হয়। (W-W) প্রায় W, ৰ সমান পোৱা যায়। পৰীক্ষাটো সাবধানে কৰিলে দুয়োটা ওজন একে পোৱা যায়। অর্থাৎ, বস্তুটোৱে হেৰুওৱা ওজন বস্তুটোৱে অপসাৰিত কৰা পানী (বা তৰলৰ) ওজনৰ সমান।


37. কোনাে এটা বস্তু এবিধ তৰলত ওপঙি থকা , তৰলৰ ভিতৰত ওপঙি থকা আৰু ডুবি যােৱাৰ চৰ্তবােৰ লিখা ।

উত্তৰঃ (ক) প্লাবিতা ওজনতকৈ বেছি হ'লে বস্তুবিধ তৰলত ওপঙি থাকে।

(খ) ওজন আৰু প্লাবিতা সমান হ'লে যিকোনো ঠাইতে বস্তুটো ওপঙি থাকিব পাৰে।

(গ) ওজন প্লাবিত বলতকৈ বেছি হ'লে বস্তুটো তৰলত ডুব খায়। 


 38. বস্তুৰ ঘনত্ব তৰলৰ ঘনত্বতকৈ কম হলে , সমান হলে আৰু বেছি হ'লে কি হ’ব লিখা । 

উত্তৰঃ কোনো বস্তুৰ ঘনত্ব তৰল ঘনত্বতকৈ কম বা সমান হ'লে বস্তুটো তৰলত ওপঙি থাকিব। বস্তুটোৰ ঘনত্ব তৰল ঘনত্বতকৈ অধিক হ'লে ই পানীত ডুব যাব।  


39. কিয় হয় লিখা ।

(ক) বৰফ পানীত ওপঙে

উত্তৰঃ পানী গোট মাৰি বৰফ হ'লে বৰফৰ আয়তন কিছু পৰিমাণে বাঢ়ি যায়। অৰ্থাৎ, একেখিনিপানীৰ আয়তন জুলীয়া অৱস্থাত কম, গোটা অৱস্থাত বেছি। ফলত বৰফৰ ঘনত্ব পানীতকৈ কম হয় আৰু বৰফ পানীত ওপঙি থাকিব পাৰে। 

 ( খ ) জাহাজ পানীত ওপঙে ।

উত্তৰঃ লো পানীত ডুব যায় যদিও লোৰে নিৰ্মিত জাহাজ পানীত ওপঙে। জাহাজখনৰ তলি বৰ ডাঙৰ হোৱা হেতুকে অপসাৰিত কৰা প্ৰাণীৰ ওজন জাহাজখনৰ ওজনতকৈ বেছি হয়। সেইবাবে জাহাজ পানীত ওপঙে।

 ( গ ) পানীত ছাবমেৰিণ ওপৰত , মাজত আৰু তলিত থাকিব পাৰে । 

উত্তৰঃ ছাবমেৰিণত পানীভৰাবলৈ বা উলিয়াবলৈ ব্য়ৱস্থাত থাকে। ভৰোৱা পানীৰ পৰিমাণ কম-বেছি কৰি ছাবমেৰিখন ওপৰত বা পানীৰ ভিতৰত ওপঙাই ৰাখিব পাৰি বা তলত থ'ব পাৰি।

Author: Chinmay Kakati



Post ID : DABP006136