ড° এ.পি.জে আব্দুল কালাম


এ.পি.জে আব্দুল কালাম (১৯৩১-২৭ জুলাই ২০১৫)



চমু পৰিচয়ঃ-

এ.পি.জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ, ১৫ অক্টোবৰ ৰামেশ্বৰম তামিলনাডুত। তেখেতৰ পিতৃ নাম জয়নাল আবেদীন আৰু মাতৃ নাম মালাকেয়াৰ আচিয়াম্মা। 


শিক্ষাঃ-

তেখেতে ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু ৰামনাথপুৰম শ্বাৰ্টজ হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল। কলেজীয়া শিক্ষা লাভ কৰিছিল ছেইন্ট জোচেফ কলেজ  (ত্ৰিচিনপোল্লী) ত। তেখেতে মাদ্ৰাজ এম. আই.টিৰ পৰা বিমান-বিদ্যা বিষয়ত আভিযান্ত্ৰিকৰ ডিপ্লমা আৰু বাঙ্গালোৰ হিন্দুস্তান এৰনেটিকচ লিমিটেডৰ পৰা বিমান-বিদ্যা বিষয়ত আভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।


ৰচিতৰ পুথিসমূহঃ- আব্দুল কালামৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে-চিল্ডৰেণ আস্ক কালাম, মিচন ইগিুয়া, উইংচ অৱ ফায়াৰ আৰু ইগনাইটেড মাইগু। উল্লিখিত গ্ৰন্থকেইখনৰ অসমীয়ালৈ অনূদিত গ্ৰন্থকেইখন হল- আমাৰ সপোন, মিছন ইগিুয়া, অগ্নিৰ ডেউকা আৰু তেজস্বী মন। 

বঁটা আৰু সন্মানঃ- ভাৰতৰ ভালেমান বিশ্ববিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ দ্বাৰা সন্মাসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান। জাতীয় নেহৰু বঁটা, বীৰ ছাভাৰকাৰ বঁটা, ইন্দিয়া গান্ধী জাতীয় সংহতি বঁটা প্ৰভূতি ভালেমান উল্লেখযোগ্য বঁটাৰে সন্মানিত। ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ, আৰু সৰ্বোচ্চ অসামৰিক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হৈছিল।

কৰ্মক্ষেত্ৰঃ- জ্যেষ্ঠ বিজ্ঞানী সহায়ক, পতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰ (1958চন)। এ.ডি.এ বৈমানিক উন্নয়ন প্ৰতিষ্ঠান (1962চন)। সঞ্চালক প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠান (1982চন)। বিজ্ঞান উপদেষ্টা ভাৰত চৰকাৰ (1998চন)। ভাৰতৰ ৰাষ্টপতি (২০০২- ২০০৭ চনলৈ)।


Sumit Pator

(Morigaon Assam)