ভবেন্দ্ৰ নাথ শইকীয়া

 (১৯৩২-২০০৩)

ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২-২০০৩)

চমু পৰিচয়ঃ

ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ জন্ম হৈছিল নগাঁৱৰ ফৌজদাৰী পটিত ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত। তেখেতৰ পিতৃ নাম বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃৰ নাম চম্পাবালা শইকীয়া। 


শিক্ষাঃ

তেওঁ ১৯৪৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫০ চনত কটন কলেজৰ পৰা ইণ্টাৰ মিডিয়েট পৰীক্ষাৰ উত্তীৰ্ণ হয়। পিছত কলকাতাৰ প্ৰেসীডেন্সী কলেজৰ পৰা স্নাত কোত্তৰ ডিগ্ৰী, ১৯৬১ চনত লণ্ডণ বিশ্ব বিদ্যালয়ৰ পৰা পি.এইচ.ডি. আৰু ইম্পেৰিয়েল কলেজ অৱ ছায়েন্স এণ্ড টেকনোল'জীৰ পৰা ডিপ্লমা লাভ কৰে। শিক্ষা সাং কৰি শইকীয়াদেৱে শিৱসাগৰ কলেজত অধ্যাপনা কৰিবলৈ লয়। 


* বিবাহঃ  ১৯৫৫ চনত তেওঁ প্ৰীতি শইকীয়াৰ লগত বিবাহ কৰে।


ৰচনাৰাজিৰ আভাষঃ 

শইকীয়াদেৱে স্কুলীয়া জীৱনৰ পৰাই সাহিত্য ৰচনাত মনোনিৱেশ কৰে। তেওঁৰ কেইবাখনো উপন্যাস, গল্প সংকলন প্ৰকাশ পাইছে। তাৰ ভিতৰত শংখল, সেন্দুৰ, আকাশ, তৰংগ আদি গল্প সংকলন আৰু ৰম্যভূমি, অন্তৰীপ আদি উল্লেখযোগ্য ইয়াৰে শংখল নামৰ গল্প সংকলনখনৰ বাবে তেওঁ ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সকলোৰে উৰ্ধত ড° শইকীয়া দেৱৰ শিশু সাহিত্য সমূহ। 'শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট', মৰমৰ দেউতা, 'তোমালোকৰ ভাল হওক' 'মৰম' আদি তেওঁৰ উল্লেখযোগ্যশিশু গ্ৰন্থ। তদুপৰি মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁৰ 'প্ৰান্তিক' আৰু 'সফুঁৰা' নামৰ শিশু আলোচনী এখনৰ সম্পাদক আছিল। শইকীয়া দেৱ এগৰাকী বিশিষ্ট নাট্যকাৰ আৰু চিত্ৰ নিৰ্মাতাও আছিল।


প্ৰিয় হোৱাৰ কাৰণঃ

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ লিখনিসমূহ খুবেই সহজ সৰল আৰু সৱলীল। তেওঁৰ ভাষাৰ সৰলতা, পৰিৱেশ পৰিস্থিতিৰ নিখুঁত বৰ্ণনাই ৰচনা সমূহক অধিক আকৰ্ষণীয় কৰি তোলে। তেওঁৰ ৰচনাত ফুটি উঠে গভীৰ সামাজিক মূল্যবোধ আৰু দায়বদ্ধতা। সকলো বয়সৰ পাঠকেই তেওঁৰ ৰচনাসমূহ ৰসাস্নাদন কৰিব পাৰে। এনেদৰে ভৱেন্দ্ৰ নাথ শইকীয়া প্ৰিয় হ'ল।


সামৰণিঃ এইজনা মহান সাহিত্যিকৰ ২০০৩ চনৰ ১৩ আগষ্টৰ দিনা পৰলোক প্ৰাপ্তি ঘটে। দুৰাৰোগ্য ব্যাধিকো নেওচি ওৰেটো জীৱন সাহিত্য-কৰ্মত ব্ৰতী থকা শইকীয়া দেৱক ২০০১ চনত 'পদ্মশ্ৰী' সন্মানেৰে বিভূষিত কৰা হয়।


ভবেন্দ্ৰ নাথ শইকীয়াৰ চমু প্ৰশ্ন উত্তৰ


Nayan Moni Deka