ভূপেন হাজৰিকা






অসম ৰত্ন ড° ভূপেন হাজৰিকা


    "অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ"- গীতটি বৰ্ণনা কৰা বিশ্ববৰেণ্য ব্যক্তিজনেই হ'ল অসম ৰত্ন ড° ভূপেন হাজৰিকা।

    ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত উজনি অসমৰ শদিয়াত। তেখেতৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল শদিয়াত। তাৰ পিছত কটেন কলেজৰ পৰা ইণ্টাৰমিডিয়েত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে হিন্দু বিশ্ববিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা আৰু খেইখন বিশ্ববিদ্যালয়ৰ পৰাই গণ-সংযোগ ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত ভূপেন হাজৰিকাই গুজৰাট প্ৰিয়ম্বদা পেটেলৰ সৈতে নিউয়ৰ্কত বিবাহ পাশত আৱদ্ধ হয়। তাৰ পাছত ১৯৪৭ চনত ভূপেন হাজৰিকাৰ বি. বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে। 'শকুন্তালা' ছবিৰ বাবে ১৯৬০ চনত, 'প্ৰতিধ্বনি' ছবিৰ বাবে ১৯৬৪ চনত আৰু 'লটি-ঘটি' ছবিৰ বাবে ৰাষ্টীয় বটা লাভ কৰে। ১৯৮৭ চনত 'শংকৰদেৱ' বটা লাভ কৰে। ২০১১ চনৰ ৫ নৱেম্বৰ দিনা এই গৰাকী ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে।

ড° ভূপেন হাজৰিকা সকলো প্ৰশ্ন উত্তৰ



TYPE- PALLAB JYOTI BORA