কমল হাজৰিকাৰ গীত


 কমল হাজৰিকা


চেনাই মই যাওঁ দেই

বিহুতে আহিম গ’ই

তেতিয়া গাই যাম গীত।।


হাঁহি মুখে থাকিবা

চকুলো নুমুকিবা,

আইৰ মনতে 

 বেজাৰে নো নিদিবা।।


  মোৰ হিয়া থাকিবা 

 তোমাৰে ঐ লগতে

মনে মনে আঁৰ লৈ চকু পানী মচিবা।।


  আইয়ে ভাবিছে আমাৰ ধৰাখনি

  ওখোৰা মোখোৰা বাট।

  আৰু আইয়ে ভাবিছে 

  চকৰী ঘূৰাদি ঘূৰি

  পিছলি পাৰিমে তাত।

বিহুতে আহি দেই ক’ম মই কথা সেই

আইয়ে শুনি হাঁহি ৰ’ব,

আমাৰ কাৰণে আইৰে মৰমে

ফুলাম গামোছা হৈ ৰ’ব।।

সাধু শুনি দেউতাই বুজি পাব তেতিয়াই

    নহয় যে খলা বমা বাট,

আমাৰ শৱনি ধৰা সোণত সুৱগা চৰা

    পিছলি নপৰোগৈ তাত।।




Post ID : DABP006679