লোহিন্দ্ৰ কুমাৰ শইকীয়াৰ গীত


কণমানি সেই ভন্টিজনী

সপোন সপোন লগা

ঠুনুক ঠানাক মাতটি তাইৰ

ইমান মৰম সনা।।


চাওঁ কি নেচাওঁ কৰা তাইৰ সেই চাৱনিটি

হাঁহো কি নেঁহাহো কৰা মধুৰ হাঁহিটি

নীলা নীলা চকু যুৰিত নীলা এসাগৰা।।


মাতো কি নেমাতো বুলি

কতবাৰ যে তাই মাতে

পাতো কি নেপাতো বুলি

কত কথা পাতে

উলাহতে তাই নাচি বাগি

ৰহতেই তাই কেলি খেলি

তাই ভাগৰি ভাগৰিও ভাগৰি নপৰা

নীলা নীলা চকু যুৰিত নীলা এসাগৰা।।




Post ID : DABP006665