অক্ষাংশ আৰু অক্ষৰেশা ভু-পৃষ্ঠত সময় গণনা

 

অক্ষাংশ আৰু অক্ষৰেখা

কোনো গোলাকাৰ অৱয়বৰ উপৰিভাগৰ দুখন ঠায়ে অৱয়বটোৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানক ঠাই দুখনৰ মাজৰ কৌণিক দূৰত্ব বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগৰ কোনো এখন ঠায়ে বিষুৱৰ সৈতে কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মানক ঠাইখনৰ কৌণিক দূৰত্ব বোলা হয়। এই কৌণিক দূৰত্বই হ'ল ঠাইখনৰ অক্ষাংশ। বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হ'ল অক্ষৰেখা।

কাষৰ চিত্ৰত (১.১) A আৰু C ঠাই দুথনৰ মাজৰ দূৰত্ব (কৌণিক দূৰত্ব) হ’ল ঠাই দুখনে পৃথিৱীৰ কেন্দ্ৰ B ত সৃষ্টি কৰা ABC কোণৰ মান (৪৫0)। এতেকে ABC কোণৰ মান ৪৫0 য়েই হ’ল A স্থানৰ অক্ষাংশ।

সমতল পৃষ্ঠত কোনো দুখন ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে মিটাৰ-ছেন্টিমিটাৰ আদি জোখৰ একক ব্যৱহাৰ কৰা হয়। কিন্তু গোলাকাৰ অৱয়বৰ পৃষ্ঠভাগত কৌণিক দূৰত্বৰ মান বুজাবলৈ ডিগ্ৰী একক ব্যৱহাৰ কৰা হয়।   

চিত্ৰ ১.২ ত দেখুৱাৰ দৰে আমি বিষুৱ ৰেখা (A) ৰ পৰা দিশ সলনি নকৰাকৈ BCD বিন্দুৰ ওপৰেৰে যাত্ৰা কৰিলে পুনৰ A স্থানতে উপস্থিত হ'মিহ। এই ভ্ৰমণত আমি মুঠতে চৰিবাৰ  ৯০০ কৌণিক দূৰত্ব অতিক্ৰম কৰিম। অৰ্থাৎ ৩৬০০ অতিক্ৰম কৰিব লাগিব। এই উদাহৰণটিৰ পৰা আমি এই সিন্ধান্তলৈ আহিব পাৰো যে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০০ কোণ কৰে।


Type: Nayan Moni Deka




Post ID : DABP006615