উদ্ভিদৰ পৰিপুষ্টি


১.৩ উদ্ভিদৰ অন্য়ধৰণৰ পৰিইপুষ্টি পদ্ধতি ঃ

       কিছুমান উদ্ভিদৰ পত্ৰহৰিৎ নাই। সিহঁতে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে। সিহঁতে বাৰু কেনেকৈ জীয়াই থাকে আৰু ক'ৰ পৰা সিহঁতে পৰিপুষ্টি লাভ কৰে? মানুহে আৰু প্ৰাণীৰ দৰে এইবোৰ উদ্ভিদৰ আন কিছুমান খাদ্য় প্ৰস্তুত কৰিব পৰা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। সিহঁতে পৰিপুষ্টী ধৰণেৰে পুষ্টি আহৰণ কৰে। চিত্ৰ ১.৫ লৈ চোৱা। তোমালোকে গছ এজোপাৰ কাণ্ড আৰু ডালসমূহ চাৰিওফালে আৱৰি থকা হালধীয়া নলীসদূশ আকৃতিবোৰ দেখিছানে? এই উদ্ভিদসমূহক আমৰলতা (cuscuta) বোলা হয়। ইহঁতৰ দেহত পত্ৰহৰিৎ। নেথাকে যি উদ্ভিদত বগাই যায় সেই উদ্ভিদজোপাৰপৰা ইহঁতে খাদ্য় শোষন কৰে। যিজোপা উদ্ভিদত বগাই যায় তাক পোষক (host) বোলা হয়। যিহেতুই পোষক উদ্ভিদ জোপাৰ মূল্য়ৱান পুষ্টি দ্ৰব্য়ৰপৰা বঞ্চিত কৰে, সেইবোৰ ইয়াক পৰজীৱী (parasite) বোলা হয়। আমি আৰু আন প্ৰাণীবোৰে বাৰু বাৰু উদ্ভিদসমূহৰ বাবে পৰজীৱী নেকি? তোমালোকে ইয়াৰ বিষয়ে চিন্তা কৰি শিক্ষকৰ লগত আলোচনা কৰিবাচোন।

  তোমালোকে বাৰু কেতিয়াবা দেখিছা বা শুনিছানে যে উদ্ভিদেও প্ৰাণী ভক্ষণ কৰে? কিছুমান উদ্ভিদ আছে যিবোৰ পোক-পতংগৰ ধৰি থব পাৰে আৰু সিহঁতক হজম কৰিব পাৰে। এই কথাটো আশ্চৰ্যজনক নহয়নে বাৰু? এইবোৰ উদ্ভিদ সেউজীয়া বা অন্য় ৰঙৰো হ'ব পাৰে চিত্ৰ ১.৬ ৰ উদ্ভিদ জোপালৈ চোৱা। কলচী বা কলহ সদৃশ আকৃতিৰ পাতৰে ৰূপান্তৰ। পাতৰ আগলি অংশ এখন ঢাকনিৰে আকাৰ লয়, যিখনে কলহটোৰ মুখখন খোলা আৰু বন্ধ কৰিব পাৰে। কলহটোৰ ভিতৰত তলমুৱাকৈ থকা কিছুমান শুং থাকে । যেতিয়া কোনো পোক-পতংগ কলটোত পৰে, তেতিয়া ঢাকনিথন বন্ধ হৈ আৰু পতংগটো শুংবোৰত সাঙোৰ খাই পৰে কলহত থকা পাচক ৰসে পোক বা পতংগটোক হজম কৰে। এনেধৰণৰ পোক-পতংগ খোৱা উদ্ভিদক পতংগভোজী উদ্ভিদ (insectivorous plant) বোলা হয়। 

 এনেধৰণৰ উদ্ভিদে মাটিৰপৰা সকলো লাগতিয়াল পুষ্টি নোপোৱাকৈ সম্ভৱনে বাৰু ? 


Type: Ankur Raj Deka

Class 7 Science SCERT Book



Post ID : DABP006678